Dimpi Deka Page

Dimpi Deka Page মনৰ কথাবোৰ �

17/06/2023

এইযে অকণমান ডাঙৰ হলোঁ খং , অভিমান , ভাললগা , বেয়ালগা বোৰক সামৰিব পৰাকৈ তাতেই হেৰাই পেলাইছোঁ নিজক প্ৰতিদিনে 😊
মাঁ দেউতাই ঘৰৰ সৰু বুলি চিনাকি দি দি যিমানেই মৰমেৰে নকওঁ কিয় যে তাই/ সি এতিয়াও একো বুজা হোৱা নাই বিশ্বাস কৰক কোনোবা এটি ক্ষণত চকুলো নিগৰি আহে নজনাকৈ । সময়তকৈ বহুত বেছিয়ে ডাঙৰ হলোঁ যেন অনুভৱ হয় কেতিয়াবা 🙂

মৰমৰ অভাৱত খঙাল হোৱা মানুহে খং কৰিও অলপ মৰম বিচাৰিব পাৰে আপোনাৰ ওচৰত ❤️
যদি পাৰে দি দিব , ভালে থাকিবলৈ 🌻🤗

আজি ৰিজাল্ট দিয়া কথা নাছিল 😊 যোৱাকালি ১১ মান বজাত মামাই ফোন কৰি ক’লে যে মাজনী " মহা আৰু নাই " মই আচৰিত হৈ বহি গৈছিলোঁ ৷ ...
23/05/2023

আজি ৰিজাল্ট দিয়া কথা নাছিল 😊

যোৱাকালি ১১ মান বজাত মামাই ফোন কৰি ক’লে যে মাজনী " মহা আৰু নাই " মই আচৰিত হৈ বহি গৈছিলোঁ ৷ বেয়া খবৰবোৰ হঠাৎ আহে নভবাকৈয়ে ৷ ৰাতিপুৱাই উঠিয়ে খবৰ ল’বলৈ ওলাইছোঁ , এনেতে গম পালোঁ আজি মেট্ৰিকৰ ৰিজাল্ট দিব ৷ বুকুখন বিষাই গৈছে , মহাই তাইৰ ভাল ৰিজাল্টৰ খবৰটো নোপোৱাকৈ গুচি গ’ল ৷ তাই পৰীক্ষা দি আহিয়ে কৈছিল বাৰু ৫ খন বা ৪ খনত লেটাৰ পাব লাগে ৷ বহুত কষ্ট কৰি পঢ়ে তাই , দুখকষ্টৰ মাজত অকণমান সুখ ❤️

সকলোৱে ৰিজাল্ট লোৱা সময়ত তাই দেউতাকৰ মুখাগ্নি কৰি আছে , এটা সহ্য কৰিব নোৱাৰা দৃশ্য ৷ বেছি দুখবোৰ চাব নোৱাৰোঁ আজিকালি মইও 😊 বহুত বেছি দুখৰ খবৰবোৰ পালে কেতিয়াবা উশাহবোৰ ঘূৰাই আনিব নোৱাৰোঁ ৷

ভগৱান কোনোবাখিনিত সঁচাকৈয়ে নিষ্ঠুৰ , সুখবোৰ কাঢ়ি নিয়ে এনেকৈ 😑

ভালে থাকক তাই , আশীৰ্বাদ কৰিব ❤️🙏

14/05/2023

এটা নিৰ্দিষ্ট সীমালৈ হে মানুহে
মানুহক ভালপায় থাকিব পাৰে ৷
সেই সীমা পাৰ হ’লে তেওঁ দিয়া
দুখবোৰেও আমনি কৰিব এৰি দিয়ে 😊🌼

আপুনি  কৈ যাব মই শুনি যাম ৷ এবুকু মৰমে জীয়াই তুলিব নোৱাৰাকৈ জীয়াই জীয়াই মাতৃক মাৰি পেলোৱা দিনত কেনেকৈ মাঁক শুভেচ্ছা দিওঁ...
14/05/2023

আপুনি কৈ যাব মই শুনি যাম ৷
এবুকু মৰমে জীয়াই তুলিব নোৱাৰাকৈ জীয়াই জীয়াই মাতৃক মাৰি পেলোৱা দিনত কেনেকৈ মাঁক শুভেচ্ছা দিওঁ ?

ক’ব খুজিও থমকি ৰোৱা ওঁঠৰ ভাঁজত কিমানে কিমান সপোন মোহাৰি পেলাই তাৰ হিচাপ কৰিলে মাতৃয়ে উচুপি উঠা দিনত কেনেকৈ মাঁক শুভেচ্ছা জনাও ?

কোমলকৈ বুকুখনিত জুই জ্বলা সময়ত সামৰি থোৱা হাঁহিবোৰৰ জানো ঠিকনা আছে ? কেনেকৈ জনাও শুভেচ্ছা ?

ডাৱৰ হৈ চকুৰ কোণত ৰৈ যোৱা চকুপানীখিনিক আঁতৰাই দি তেওঁ আজিও আশীৰ্বাদ দিয়ে " তোৰ ভাল হ’ব যা " চকুলৈ চাই মই ৰৈ দি আকৌ প্ৰশ্ন কৰোঁ " হ’ব জানো ?"

আমিবোৰ মাঁ হোৱা দিনলৈ জানো আমাক ভালে ৰাখিব ? এই আধুনিকতাৰ মাজত চাগে মাঁ শব্দটো ও হেৰাই হে যাব 😊🍃

" ভালে থাকক সকলো মাতৃ "❤️🌻

28/04/2023

খুব কম সংখ্যক হে এনেকুৱা মানুহ আছে যিয়ে আনৰ সুখত সুখী হ’ব পাৰে বা আনৰ সুখক লৈ নজ্বলে ৷ আচলতে আপুনি কেনেকৈ জীয়াই আছে বা থাকিব সেই কথা আনে জানি কি কৰিব ? আপোনাৰ কেনেকৈ বেয়া কৰিব পাৰে তাৰ বাদে বাকী একো চিন্তা নকৰে ৷ তেনেস্থলতো যদি কোনোবাই আপোনাক ভালে ৰাখিব চেষ্টা কৰে বা কৰিছে নাইবা ক্ষন্তেকৰ বাবে হ’লেও মুখত হাঁহি এটি উপহাৰ দিছে তেন্তে তেওঁ আপোনাৰ বাবে সদায়ে বিশেষ ৷

" তেওঁক হেৰুৱাই নিদিব "❤️🫶

বুকুতে চপোৱা           লিখি থোৱা কথা ভালপোৱা এটি নাম 🌻♥️☺️
27/04/2023

বুকুতে চপোৱা
লিখি থোৱা কথা
ভালপোৱা এটি নাম 🌻♥️☺️

25/04/2023

দুখ অজস্ৰ আছে , এখন দুখৰ বজাৰত ডুবি থাকোঁ দিনৰাতি , হাঁহিটোৱে সামৰিব পৰাকৈ কোনোবাখিনিত খুব সাহসী মই । মৰমৰ অভাৱে মোক প্ৰায়ে কন্দুৱাই থাকে , এখন পৰ্দা আঁৰি নিজৰ লগতে অচিনাকীৰ দৰে জীয়াই থাকিব কিমান কষ্ট সেয়া কোনেও অনুভৱ কৰিব নোৱাৰে ☺️🫂 এইযে মৰম কৰোঁ , ভালপাওঁ , ভালে ৰাখোঁ মানুহক সেয়া এক নিচা , আচলতে যিখিনিৰ পৰা মই বঞ্চিত সেইখিনি মইও আন দহজনক দিব পাৰোঁ , সেইখিনি হৈছে মৰম বা ভালপোৱা । ভাললগা বিলাক আমি কিনিব পাৰো কিন্তু ভালপোৱাক কেতিয়াও টকাৰে চুবও নোৱাৰোঁ ।
ভালে থকাৰ অভিনয়ে জীয়াই ৰাখে মানুহক কিন্তু মইতো মৃত হৈ গৈছোঁ 💔😊

20/04/2023

মানুহ হেৰুৱাৰ ভয়ত
মানুহক আপোন কৰিব এৰি দিছোঁ ☺️

সেই মানুহৰ পৰাও দূৰত আহিছোঁ যাৰ ওচৰত নিজক ভালে ৰাখিব পৰিছিলোঁ ।

মুঠতে হেৰাই থাকিব মন নাই 🤗♥️

19/04/2023

দুখ হ’লে সাৱটি লৈ কান্দিব পৰা কোনোবা এজন লাগে জীৱনত 🤗
কি হৈছেৰ পৰাই আৰম্ভ কৰি একো চিন্তা নকৰিবা বুলি ক’বলৈ বিশেষ মানুহৰ প্ৰয়োজন হয় সময়ত ৷ আপুনি যিয়েই নকৰে কিয় ভালবেয়া সকলোবোৰক হাঁহিৰে সামৰি লৈ আপোনাক সাহস দিয়া কোনোবা এজন লাগে ৷ মূৰটো থয় কথাবোৰ কৈ যোৱাৰ পৰা শুনি বুজি লোৱা মানুহ লাগে মানুহক ☺️

আপোনাক ভালপোৱা মানুহজনে আপোনাক এৰি যাবলৈ বেছি সময় নালাগে সেয়ে আপুনি ভালপোৱা জনক হে নিজৰ কৰিব ৷ কাৰণ ভাললগাবোৰ সময়ত সলনি হৈ থাকে 🍃❤️

15/04/2023

ৰঙালী বিহুৰ ওলগ যাচিলোঁ❤️

14/04/2023

বহাগ মানেই নতুন 💚
সকলোবোৰ আকৌ এবাৰ আৰম্ভ কৰক ♥️

বিহুৰ শুভেচ্ছা জনালোঁ ।

12/04/2023

আজি মনটো ভাললগা নাই বুলি কোৱাৰ লগেলগে সি তাইলৈ ফোনটো লগালে __

: Hyee কি হৈছে ?
: বিশেষ একো নাই ৷
: কোৱাচোন কি হ’ল ?
: মানুহ এজন লাগে জানানে
: কোন মানুহ ?
: আমাক আমাৰ দৰে বুজি লৈ সামৰিব পৰাকৈ এজন মানুহ লাগে ৷
: কি হ’ল ? কিয় মন বেয়া ?
: বিহু আহিলেই দেউতালৈ মনত পৰে 😓
: মই আছো নহয় , দুখ নকৰিবা ৷ ডাঙৰ ছোৱালীয়ে দুখ কৰি নাথাকে ☺️
: ইমানো ডাঙৰ হোৱা নাই নহয় , এতিয়াও নিজক মাঁৰ অবিহনে সামৰিব পৰা হোৱা নাই তুমি জানাই 🤗
: মাঁ দেউতাৰ বাবে আমি সদায়ে সৰু 😊
: হ’লেও ভাল নালাগে কেতিয়াবা , জীৱনলৈ অহা মানুহবোৰ ইমান ক্ষন্তেকীয়া কিয় ?
: মই ৰৈ দিম শেষলৈ ?
: পাৰিবা জানো ?
: যদি তোমাৰ আপত্তি নাই জীৱনৰ বাকী থকা সময়খিনিত দেউতাৰ পৰা পোৱা মৰমৰ অভাৱখিনি পূৰাব বিছাৰোঁ ❤️🍃
: হ’ব এতিয়া চিগাৰেটটো হাততে জ্বলিব চাবা___

“ ভালপাওঁ বুলি কৈয়ে আমি কাকো ধৰি ৰাখিব নোৱাৰোঁ , যি থাকো বুলি আহে বা যিয়ে নিজৰ বুলি আহে তেওঁলোক থাকিয়ে যায় ৷ জীৱনৰ ভুলশুদ্ধ বোৰ দেখাই আপোনাক সামৰিব পৰা মানুহ যদি আপোনাৰ জীৱনত এতিয়াও আছে তেনেহলে আপুনি ভাগ্যৱান ” 🌼♥️

Adres

Assam

Meldingen

Wees de eerste die het weet en laat ons u een e-mail sturen wanneer Dimpi Deka Page nieuws en promoties plaatst. Uw e-mailadres wordt niet voor andere doeleinden gebruikt en u kunt zich op elk gewenst moment afmelden.

Delen