01/02/2024
World is Stage,
Life is Drama.
Man is Actor;
And God is Director.
ওপৰত উল্লেখিত ইংৰাজীৰ এই চাৰিশাৰী বাক্য হয়তো আমি সকলোৱে শুনিছোঁ। এতিয়া কথাটো হ'ল যদি আমাৰ জীৱনটো এখন নাটকৰ নিচিনা হয়, আৰু আমিবোৰ যদি একোজন অভিনেতা/অভিনেত্ৰী হও , আৰু মই যদি নিজকে প্ৰশ্ন সুধো যে মই আচলতে কেনেকুৱা এখন নাটকত অভিনয় কৰিব বিচাৰিম !!
তেতিয়া মই বিনা দ্বিধাই কম যে, প্ৰথমে নাটকখনৰ কাহিনীভাগ ভাল হ'ব লাগিব,তথা কাহিনীত থাকিব লাগিব হাহি -কান্দোনৰ সমাহাৰ, লগতে অভিনেতা জনৰ জীবনত যদি বহুত বেছি সংগ্ৰাম থাকে আৰু শেষত যেন তেওঁ সেই সকলো বিলাক সংগ্ৰাম নেওচি জয়ী হয় ।
ধাৰণা হয় যে, তেনেকুৱা এখন নাটক প্ৰায় সকলো মানুহে চাব, আৰু সেই নাটকখন চুপাৰহিট হব তথা সেই কাহিনী সদায় দৰ্শকৰ মনত থাকি যাব। আনহাতে, এনেকুৱা এখন নাটকত অভিনয় কৰি মোৰ কেতিয়াও ভাল নালাগিব যিখন নাটকৰ কাহিনীটো একদম বোৰিং, যত অভিনেতা জনৰ কোনো বিশেষ সংগ্ৰাম নাই, অভিনেতা জনে যি বিচাৰিচে তাকেই পাইছে, মুঠতে কষ্ট কৰিব লগা হোৱা নাই, আৰু তেনেকুৱা এখন এখন নাটক হয়তো দৰ্শকেও চাই ভাল নাপাব।
গতিকে, নাটক এখন চুপাৰহিট হবলৈ হ'লে যিদৰে এটা ভাল কাহিনীৰ প্ৰয়োজন, ঠিক একেদৰে "জীৱন" নামৰ নাটকখন চুপাৰহিট কৰিবলৈ হ'লে হাহি- কান্দোনৰ মাজেৰে সকলো সমস্যা নেওচি জয়ী হব লাগিব, আৰু তেতিয়া হয়তো সকলোৰে মুখে মুখে এটাই নাম হ'ব সেয়া হৈছে "জীৱন নামৰ নাটকখন"