B LIVE

B LIVE বৃহত্তৰ বালিপৰা অঞ্চলৰ বা-বাতৰিৰ বাবে
……

কিয় এনেকুৱা হ'ল জুবিনদা………
19/09/2025

কিয় এনেকুৱা হ'ল জুবিনদা………

18/09/2025

আজি পুৱা তেজপুৰৰ নিজন ফুডৰ ফেক্টৰীত সংঘটিত ভয়ংকৰ অগ্নি কাণ্ড। অগ্নি কাণ্ডৰ ফলত ফেক্টৰীৰ গুডামত থকা কাৰ্টুন, ভূজিয়াৰ পেকট,মেচিন সম্পূৰ্ণৰূপে জুইত জাহ যায়। অগ্নিকাণ্ডৰ খবৰ পোৱাৰ লগে লগে তেজপুৰ অগ্নি আৰু আপদকালীন সেৱাৰ আঠখনকৈ অগ্নি নিৰ্বাপন গাড়ীৰ লগতে ভাৰতীয় বায়ু সেনা বাহিনীৰ এখন অগ্নি নিৰ্বাপক গাড়ী ঘটনাস্থলীত উপস্থিতহৈ প্ৰায় তিনিঘন্টাৰ পিছত জুইঁ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। অগ্নি কাণ্ডৰ কাৰণ বৈদ্যুতিক বিজুতি বুলি আশংকা কৰা হৈছে। অগ্নি কাণ্ডৰ ফলত কেইবালক্ষাধিক টকাৰ সা সম্পত্তি জুইঁত জাহ যোৱাৰ আশংকা হৈছে...

16/09/2025

👉চাৰিদুৱাৰত চোৰাং কাঠভৰ্তি ট্ৰাক দূৰ্ঘটনাগ্ৰস্ত
👉 চাৰিদুৱাৰ ফৰেষ্টগেটত সংঘটিত হৈছে এই দূৰ্ঘটনা
👉 অৰুণাচলৰ পৰা চোৰাংকৈ অনা কাঠভৰ্তি ট্ৰাকখন এখন দোকানৰ ওপৰত বাগৰি পৰাৰ লগতে পথৰ কাষত ৰৈ থকা এখন বাহনত খুন্দিয়াই ক্ষতিগ্ৰস্ত কৰে ।
👉 দূৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ নম্বৰ এ আৰ ০৫/ ৮০৫৮
👉 চাৰিদুৱাৰ বন বিভাগে ইতিমধ্যেই জব্দ কৰিছে কাঠখিনি।

16/09/2025

বালিপৰাৰ বামগাঁও চাহ বাগিচাত অপৰিবৰ্তিত হৈ আছে বানপানী ৷ বাগিচাখনৰ প্ৰতিটো লাইনত এতিয়া পানীৰ তলত ৷ জৰাসৰ আৰু মানশিৰী নৈৰ বাঢ়নি পানীয়ে প্লাৱিত কৰিছে বালিপৰাৰ বামগাঁৱ চাহ বাগিচাৰ বাসগৃহৰ ভিতৰত এতিয়া কেৱল পানী আৰু পানী ৷ ৰাইজে সা- সামগ্ৰী লৈ বিচনাত আশ্ৰয় লবলগীয়া হৈছে ৷ খোৱাপানীৰ আৰু খাদ্য অভাৱত ভুগিছে ৰাইজ ৷ বানপিড়িত ৰাইজক বাগিচাৰ ফালৰ পৰা চিৰা আৰু খোৱা পানীৰ ব্যৱস্থা কৰিছে ৷ বাগিচা খনৰ কেইবা হেক্টৰ চাহ ভুমি এতিয়া পানীৰ তলত ....

16/09/2025

বালিপৰা উন্নয়ন সমিতিৰ আৰু বালিপৰা স্মৃতি সৌধ নিৰ্মান সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এখনি সংবাদমেল ।।অহা ২১ চেপ্তেম্বৰত ১৯৪২ৰ শ্বহীদক সোঁৱৰি নিৰ্মান কৰি উলিওৱা এটি "স্মৃতি সৌধ" আনুষ্ঠানিক ভাবে উন্মোচন কৰা হব।লগতে ২১ চেপ্তেম্বৰ দিনটো উদযাপন কৰা হব "বালিপৰা দিন" হিচাপে…....

15/09/2025

জৰাসৰ নৈৰ বাঢ়নী পানীৰ কবলত বালিপৰাৰ উদমাৰী গাঁও ,দীঘলীকে আদি কৰি কেইবাখনো গাঁও………

15/09/2025

SDRF ৰ ৰাবাৰ বটত উঠি উদ্ধাৰ অভিযানত নামিল বিধায়কপদ্ম হাজৰিকা ৷ চাৰিদুৱাৰত বানাক্ৰান্তৰ মাজত বিধায়ক পদ্ম হাজৰিকা ……

15/09/2025

বানপিড়িতৰ খবৰ লবলৈ উপস্থিত হৈছেহি নদুৱাৰৰ বিধায়ক পদ্ম হাজৰিকা। একাঠু পানীত নামি ৰাইজৰ ওচৰত বিধায়ক পদ্ম হাজৰিকা...

15/09/2025

শোণিতপুৰৰ চাৰিদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁও জলমগ্ন।
যোৱা নিশাৰে পৰা অহা নেৰানেপেৰা বৰষুণৰ ফলত নদুৱাৰ সমষ্টিৰ চাৰিদুৱাৰৰ ৰাজহ চক্ৰৰ অন্তৰ্গত মৰিসুতি ,চপালগা,দোৱাঙনি,দক্ষিনখিলা ,গামানি, বগিজুলিকে আদি কৰি কেইবাখনো গাঁও পাহাৰৰ পৰা নামি অহা পানীত জলমগ্ন হৈ পৰিছে....

14/09/2025

শোণিতপুৰৰ ৰঙাপৰাত ভূমিকম্পত ক্ষতিক্ষাধন এটি গুদামঘৰৰ।আজি ৪.৪১ বজাত অহা ভূমিকম্পৰ ফলত ৰঙাপৰা দেবেন্দ্ৰ কুমাৰ নামৰ এজন ব্যক্তিৰ গুদাম ঘৰৰ পকিৰ বেৰ ভাঙি পৰি ক্ষতিক্ষাধন হয়...

11/09/2025

আজি বালিপৰা সমবায় সমিতিৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত কৰা হয়।উক্ত সভাত উপস্থিত থাকে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা………

Address

Balipara
784101

Telephone

+917002632699

Website

Alerts

Be the first to know and let us send you an email when B LIVE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share