S S Live

S S Live ..

গণেশৰটিকা গাঁৱত প্ৰকাণ্ড এডাল অজগৰ উদ্ধাৰ
30/07/2026

গণেশৰটিকা গাঁৱত প্ৰকাণ্ড এডাল অজগৰ উদ্ধাৰ

এক হৃদয় বিদাৰক দৃশ্যই আপোনাৰো চকু সেমেকাই তুলিব । এক হৃদয় বিদাৰক দৃশ্য , যি দৃশ্যই আপোনাৰো চকু সেমেকাই তুলিব । বানৰ মাজত...
30/07/2026

এক হৃদয় বিদাৰক দৃশ্যই আপোনাৰো চকু সেমেকাই তুলিব ।

এক হৃদয় বিদাৰক দৃশ্য , যি দৃশ্যই আপোনাৰো চকু সেমেকাই তুলিব । বানৰ মাজত যেতিয়া সকলোৱে কক বকাই থকা হয়, নিজৰ নিজৰ জীৱন বচাবলৈ চিন্তা হয় সেই সময়ত যেতিয়া কোনো লোকৰ পৰগামী হয় তেতিয়া কি পৰিস্থিতি হয় আমি নিজে ভাবিলেই বুকু কঁপি উঠিব । হয় এতিয়া তেনে এক ঘটনা সংঘটিত হৈছে উত্তৰ পশ্চিম যোৰহাটৰ এলেং মৰাত । শতায়ু গৰকা আইটিকৌ তামুলি যাক সকলোৱে চিনি পাই ন খুড়ী বুলি সেইগৰাকী আইতাই বানপানীৰ মাজতেই যোৱা মঙ্গল বাৰে শেষ নিশ্বাস ত্যাগ কৰে । বানৰ এই দুৰ্যোগৰ মাজত আকাশী সৰগ ভাগি পৰিল পৰিয়াল আৰু স্থানীয় ৰাইজৰ মূৰত। কতো সামান্যতমো মাটি ওলাই থকা নাই । পানী পানী পানী কেৱল কেউফালে পানী ।নিৰুপায় পৰিয়ালৰ লোক, নিৰুপায় স্থানীয় লোক । ঘৰৰ পৰা কিছু নিলগত এটা পুখুৰীৰ পাৰত সামান্যতম মাটি ওলাই থকা পানীত ৰাইজ ৰৈ অন্তোস্তি ক্ৰিয়া কৰা হল । কিন্তু অন্তোস্তি ক্ৰিয়াৰ বাবে আইতাক এই জল প্ৰলয়ৰ মাজত পৰিয়ালৰ লোকে নিৱ নোৱাৰিলে চাৰি কান্ধত । কলৰ ভূৰত তুলি লৈ যোৱা হ'ল । কৰিব নোৱাৰিলে নীতিগত আধ্যাত্মিক কৰ্ম । এনে দৰেই এতিয়া জীৱন কটাইছে বন্যাৰ্তই । এই ক্ষেত্ৰত চৰকাৰ তথা জিলা প্ৰশাসনৰ কৰণীয় একো নাই নেকি ? বন্যাৰ্তক কেইটামান চাউল ,দাইল ,আলু , নিমখ, মিঠাতেল দিয়া মানেই দায়িত্ব শেষ নেকি ? এনে ভয়ঙ্কৰ দুৰ্যোগৰ সময়ত দুৰ্যোগ ব্যৱস্থাপনাৰ দৰে বিয়াগোম বিভাগটোৱে এখন নাও দি উদ্ধাৰ কৰিব নোৱাৰিলে হেতেন নে ? এখন মৰা শৱ কঢ়িওৱা গাড়ীৰে শৰীৰটো নি কোনো এখন শ্মশানত শান্তিৰে অন্তোষ্টি ক্ৰিয়া কৰিব নোৱাৰিলে হেতেন নে ? সেয়া কিন্তু এক চিন্তনীয় বিষয়। আজি তিলানী। এনেদৰে পানীৰ মাজতেই কৰিবলগীয়া হৈছে মৃতকৰ কাজ কৰ্ম।

29/07/2026

তীৰ্থবনৰ উদ্যোগত বালিগাওঁ মিলন মন্দিৰত প্ৰথমবাৰলৈ ৪ জুলাই২০২৬ তাৰিখৰ পৰা অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন নাট্য কৰ্মশালাখনি ২২জুলাই ২০২৬ তাৰিখে অন্ত পৰে । নৱকান্ত বৰুৱাৰ ৰচনাৰে ,মৃণাল কুমাৰ বৰাৰ নাট্যৰূপ মই টুনিয়ে টুন টুনালো নাটক খনি পৰিচালনা কৰে প্ৰাণজিৎ কাশ্যপৰ পৰিচালনাত মঞ্চস্থ হয় । উক্ত অনুষ্ঠানত প্ৰশিক্ষক শান্তনু প্ৰতীম বৰদলৈ উপস্থিত থাকি শিশুসকলক উদেশ্যি সাৰুৱা বক্তব্য প্ৰদান কৰে । বালিগাঁও সন্মলনী নাট্য মন্দিৰৰ সভাপতি নিপুল চন্দ্ৰ বৰাই এগচী বন্তী প্ৰজ্বলনেৰে অনুস্থানটি শুভ উদ্বোধনী কৰা হয় । বালিগাঁও অঞ্চলৰ লগতে যোৰহাটৰ বিভিন্ন অঞ্চলৰ পৰা ছাত্ৰ ছাত্ৰী সকলে অংশ গ্ৰহণ কৰে । ৰৈ ৰৈ বিনালে চলচিত্ৰ খনত শিশু চৰিত্ৰত অংশগ্ৰহণ কৰা আমাৰ ভাগিন স্নেহাংশ প্ৰতীম বৰুৱা (ৰাজদীপ)ই ৰজা চৰিত্ৰত অংশ গ্ৰহণ কৰা লগতে আমাৰ ডাঙৰ মাইনা স্বীকৃতি কলিতাই সুত্ৰধাৰত অংশ গ্ৰহণ কৰে । খুৱ কম সময়তে কণ কণ সকলো ছাত্ৰছাত্ৰীৰ অভিনয়ে দৰ্শকক আপ্লুত কৰে । লাইট মিউজিক সকলো সুন্দৰ ভাবে পৰিচালিত হয় ।

নিজ বালিগাৱৰ পথাৰত অপৰিবৰ্তিত বান পৰিস্থিতি 😭😭😭😭
29/07/2026

নিজ বালিগাৱৰ পথাৰত অপৰিবৰ্তিত বান পৰিস্থিতি 😭😭😭😭

১৯৮৮ চনত ব্ৰহ্মপুত্ৰ পানিয়ে উত্তৰ পশ্চিম যোৰহাটৰ সৰ্বস্ব শেষ কৰা পিছত লাহে লাহে  ৰাইজে অকনমান সকাহ পাইছিল যদিও ২০২৬ চনত ...
29/07/2026

১৯৮৮ চনত ব্ৰহ্মপুত্ৰ পানিয়ে উত্তৰ পশ্চিম যোৰহাটৰ সৰ্বস্ব শেষ কৰা পিছত লাহে লাহে ৰাইজে অকনমান সকাহ পাইছিল যদিও ২০২৬ চনত ভোগদৈৰ বাঢ়নিী পানীয়ে উত্তৰ পশ্চিম যোৰহাটৰ ৪ টা অংশত মাথাউৰি ভাঙিলে ।যোৰহাট নগৰ খনৰ কৃষিৰে চাহিদা পুৰণ কৰা উত্তৰ পশ্চিম যোৰহাটৰ ৰাইজৰ এই বাৰ সৰ্বস্ব শেষ । সেউজীয়া নহব পথাৰ। পৰা কঠিয়া শেষ , সজাল ধৰা ৰোৱা এতিয়াও পানীৰ তলত ।জীৱ কূলৰ খাদ্যৰ অভাৱ , জীৱ কূল আক্ৰান্ত হৈছে বিভিন্ন ৰোগত । ৰাইজ হৈছে খৰ খজুৱতিত আক্ৰান্ত ।সেয়েহে স্বাস্থ্য বিভাগ আৰু পশুপালন বিভাগলৈ কৰপুতে অনুৰোধ জনাও উত্তৰ পশ্চিম যোৰহাটৰ গাঁৱে গাঁৱে চিকিৎসা শিবিৰ দিয়া ব্যৱস্থা কৰক । দুই এক শিবিৰ হৈছে যদিও সিমানেই যথেষ্ট নহয় । লগতে মাথাউৰিৰ যি ভগ্ন অংশ সেয়াও সোনকালে মেৰামতি নকৰিলে ৰাইজে নাপাব এই সমস্যা সমূহৰ পৰা পৰিত্ৰাণ।

27/07/2026

Address

Bangaon

Website

Alerts

Be the first to know and let us send you an email when S S Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share