A LIVE ASSAM

A LIVE ASSAM শুদ্ধ খবৰ সঠিক ৰূপত

02/11/2025

🛑হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাইজৰ আগত ধৰা পৰি গৈছে!
🛑 জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত বিজেপি চৰকাৰ সক্ষম হোৱা নাই।

02/11/2025

🛑হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাইজৰ আগত ধৰা পৰি গৈছে!
🛑 জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত বিজেপি চৰকাৰ সক্ষম হোৱা নাই।

02/11/2025

চচিয়েল মিডিয়াত চৰ্চিত ৰাহুল গান্ধীৰ ভিডিঅ’ কিন্তু কিয়?

22/10/2025

🛑১১ বছৰীয়া ছাত্ৰীক ধ**ৰ্ষ***ণৰ গুৰুতৰ অ*ভি* যোগ।
🛑 কয়াকুছি আৰক্ষী চকীত এজাহাৰ দাখিল।

22/10/2025

১১ বছৰীয়া ছাত্ৰীক ধ* ৰ্ষ। ণৰ অভিযোগ এগৰাকী শিক্ষকৰ।

21/10/2025

গৰিমালৈ জুবিনৰ চিঠি...

■ মৃদুল কুমাৰ সন্দিকৈ

মৰমৰ গৰিমা,
সৰগৰ পৰা লিখিছো মৰতত থকা তোমালৈ এই চিঠি। অনুভৱৰ বৰষুণ হৈ পৰিবগৈ তোমাৰ কাষত। আজি মই বিহীন তোমাৰ প্ৰথমটো জন্মদিন। দুখৰ মাজতো এয়া তোমাৰ বাবে সুখৰ সোঁৱৰণি। আলসুৱাকৈ মোক তুমি বেৰি ধৰি আছিলা।

খং- অভিমানবোৰ অতীত হ’ল। অতীত নহ’লো মই কেৱল তোমাৰ বাবে। তোমাৰ কপালঁৰ ৰঙা ফোট হৈ চোৱা মই জ্বিলিকি আছো তোমাৰ লগত। আছে তোমাৰ কাষত মোক ভালপোৱা অজস্ৰজন। মনত পৰিছে, পুৰণি দিনবোৰলৈ।

ৰিণিকি ৰিণিকি পাৰ হৈ গৈছে ৩০বছৰৰ আগৰ কথাবোৰ। মোতকৈ ছাগে তোমাৰ ভালদৰে মনত আছে। ১৯৯৫চনৰ কথা নহয় জানো সেয়া? তুমি পঢ়ি আছিলা মুম্বাইৰ ছফিয়া কলেজত। হোষ্টেলত আছিলা। ডিগ্ৰীৰ প্ৰথম বৰ্ষৰ ছাত্ৰী আছিলা তুমি।

কি হৈছিল তোমাৰ? মই তোমাৰ চিঠিখন পোৱাৰ দিনাই ভাৱিছিলো তোমাক লগ পাম এবাৰ। মোক ভালপোৱাৰ বাবেই হয়তো সেয়াই আছিল আৰম্ভণি। মই জানো, তুমি এটা পুৰণি চখৰ অধিকাৰী। আজৰি সময়ত চিনাকি মানুহলৈ চিঠি লিখি ভাল পোৱা ছোৱালী।

গায়ক, অভিনেতা-অভিনেত্ৰীলৈ চিঠি লিখা তুমি। ক’ব পৰি ইয়াৰ ‘ফেন লেটাৰ’। তেনে এখন চিঠি মোৰ নামত আহিছিল। উত্তৰো দিছিলো মই। লিখিছিলো চিঠিত পৰৱৰ্তী কামত মুম্বাইলৈ গ’লে দেখা হম আমি। সেইমতে মই তোমাক এটা তাৰিখ আৰু ফোন নম্বৰ দিছিলো।

সেইবাৰ আমাৰ দেখা হোৱা নাছিল। ময়ো ভৱা নাছিলো একো। এমাহ মানৰ পাছত নেকি...! নহয়, নহয়, ডেৰমাহ মানৰ পাছত কোনোবা এটা আবেলিত মই গৈছিলো তোমাৰ হোষ্টেললৈ। তুমি দিয়া চিঠিখনত তোমাৰ ঠিকনাটো আছিল । সেই ঠিকনা লিখা চুকটো ফালি মই লগত লৈ গৈছিলো তোমাক বিচাৰি।

ৰৈ আছিলো তোমাৰ বাবে হোষ্টেল ভিজিটিং ৰূমত। তুমি বাৰু সেইদিনা মোৰ মুখলৈ কিয় ইমানকৈ চাইছিলা? মোৰ অবাধ্য দীঘল চুলিবোৰ দেখি তুমি কি ভাৱিছিলা? ভাৱিছিলা ছাগৈ, ক্ষীণ-মীণ এইটো এটা সৰু ল’ৰা। তুমিয়ে আগবাঢ়ি আহিছিলা মোৰ কাষলৈ, কিবা এটা ক’বলৈ।

তোমাৰ বগা গাল দুখন লাজত ৰঙা পৰি গৈছিল সিদিনা। ময়ে সুধিছিলো- এইটো হোষ্টেলত তুমি থাকা? চাৰিওফালে দেখোন শ্লাম এৰিয়া।‘ সেইদিনাৰ চিনাকীয়ে আছিল তোমাৰ মোৰ প্ৰথম দেখা। তাৰ পাছতেই মেলিছিল বন্ধুত্বৰ শিপা। লাহে লাহে আমি ভাল বন্ধু হৈ পৰিছিলো। তুমি কৈছিলা মোক তোমাৰ বহু কথা।

এইবোৰ আজি থাকক দিয়া! পুৰণি সেই প্ৰেমৰ কথাবোৰ নাপাতো নেকি আজি? তুমিয়ে ক’বা সুযোগ পালে এই প্ৰেমৰ কাহিনী। আমাৰ এংগ্ৰেজমেন্ট হৈছিল ২০০০চনৰ ১৯জানুৱাৰীত। মোৰ মা তোমাক লৈ আছিল বহু আগ্ৰহী। তোমাৰ পৰীক্ষাৰ শেষতে বিয়াৰ ডেট লোৱাৰ কথা আছিল।

সেইবোৰ মাৰ কল্পনা আৰু সপোন হেপাঁহ হৈ ৰৈ গ’ল, আশা হৈ মৰহি গ’ল। ২০০০চনৰ ২ছেপ্টম্বৰ তাৰিখটো মোৰ ভালদৰে মনত আছে। মা গুছি গৈছিল সেইদিনা আমাৰ কাষৰ পৰা। মই, মাইনা আৰু মামন ভাগি পৰিছিলো জানা। মা আমাৰ বাবে কি আছিল তুমিতো উপলদ্ধি কৰিছিলা তেতিয়া!

২০০১ত আমাৰ বিয়াৰ কথা চলিছিল। জংকিৰো বিয়া ঠিক হৈ আছিল। তাইয়েতো মোৰ বিয়াৰ তাৰিখ ল’বলৈ তোমালোকৰ গোলাঘাটৰ ঘৰৰ খনলৈ গৈছিল। যোৰহাটৰ পৰাই দৰা যোৱা কথা আছিল গোলাঘাটলৈ। ৪ফেব্ৰুৱাৰী, ২০০২ত ঠিক কৰা হৈছিল বিয়াৰ দিন। মাৰ মৃত্যুৰ পাছত চলিছিল ঘৰখনত আকৌ চলিছিল ভালদিনৰ প্ৰস্তুতি।

আকৌ নিয়তিৰ খেলা। মাৰ পিছত এইবাৰ কাঢ়ি নিলে জংকীক আমাৰ পৰা। মই ভাগি পৰিছিলো একেবাৰে। মাৰ পাছত জংকীক হেৰুৱাই আমাৰ হৈছিল একে অৱস্থা। চতিয়াৰ সেই দুৰ্ঘটনাৰ কথা আৰু নিলিখো দিয়া। কিন্তু মনত পৰিছে মোৰ পৃথিৱীত এৰি অহা সেই ঘটনাবোৰ।

সকলোৰে হেচাঁত মই সেই শূণ্যতা পূৰাবলৈ, অশান্ত মনটোক বুজাবলৈ যেন তোমাক লৈ আহিছিলো কাষলৈ। ২০০২ৰ ৪ফেব্ৰুৱাৰীতে হৈ গৈছিল আমাৰ বিয়া। তাৰ পিছত মই কেৱল পাইছিলো তোমাৰ মৰম আৰু ভালপোৱা। মই নুবুজিলেও, তুমি বুজিছিলা মোক। বুজি পাইছিলা মোৰ খেয়ালি মনটোক।

মইতো স্বাভিমানী। যি কৰো বুলি ভাৱো, তাকেই কৰো। তুমি মোক শাসন কৰিব খুজিলে মই উভতি ধৰো। কেতিয়াবা কৰবালৈ গৈ থাকিলে খং উঠিলে তুমি পিছৰখন গাড়ীত আহি থাকিবা বুলি কৈ তাতেই তোমাক এৰো। মই স্বীকাৰ কৰা নাছিলো তুমি আছিলা মোৰ একমাত্ৰ সাহস আৰু বিশ্বাস।

তুমি জানিছিলা মই উদাসীন মানুহ। মই কৈছিলো- মোৰ কামত তুমি মাথা নামাৰিবা। এটা সৰু ল’ৰাৰ দৰেই বদমাচী কৰি ভালপোৱা মাৰ সেই গল্ডীটো হৈয়ে থাকি গ’লো। মই তোমাক কি দিব পাৰিলো নাজানো, কিন্তু তুমি মোক তোমাৰ জীৱনৰ সৰ্বস্ব মোক উজাৰি দিলা।

সৰু ল’ৰাৰ দৰেই কেতিয়াবা বুকুত সাৱটি ধৰিলা। খং উঠিলে বা আৱেগিক হৈ পৰিলে মোক চম্ভালি লৈছিলা। আনকি মঞ্চত যেতিয়া মই চকুপানী টুকিছিলো হঠাৎ, তুমিয়ে মচি দিছিলা মোৰ চকুৰ সেই শোকৰ মহা নৈ। কি কম আজি মই ভাৱি পোৱা নাই।

কাষত থাকোতে মই তোমাক বুজিবলৈ আজৰিয়েই নাপালো। বুজি বুজিও একো নুবুজাৰ দৰেই থাকি গ’ল সেই সময়। আজি ২১অক্টোবৰ, ২০২৫। বাৰুকৈয়ে মনত পৰিছে তোমালৈ। কুশলে থাকা তুমি। কুশলে থাকক পাপু আৰু মামন। এই ল’ৰাবোৰক ক’বাচোন মোৰ নামত দুষ্টামি নকৰিবলৈ। তোমাৰ কথা শুনিব সিহঁতে।

সিহঁতক তুমিয়ে চম্ভালি ল’ব লাগিব। তুমি খামিডাঠ। এনেদৰেই থাকিবা সদায় মোৰ বাঘিনীজনী হৈ। ঘেন্টা কাকো খাতিৰ নকৰিবা। মোৰ কথা মনত পৰিলে কপাঁলৰ ফোটতো আইনাত চাবা, মোৰ গানবোৰ শুনিবা। মোক তুমি তাতেই চিৰদিন পাবা। তুমি কোৱাৰ দৰেই মৃত্যুৰ সিপাৰৰ দেশত আকৌ লগ পাম তোমাক কেতিয়াবা। কুশলে থাকিবা তুমি গৰিমা...
(ফেচবুকৰ পৰা সংগ্ৰহীত)

21/10/2025

🛑অসমৰ ভিতৰত প্ৰথম স্থান দখল দিক জ্যোতি কোচিং ইনষ্টিটিউটৰ ।
🛑দিক জ্যোতি কোচিং ইনষ্টিটিউটত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীয়ে কিদৰে লাভ কৰে চাকৰি।

18/10/2025

উতপ্ত পৰিস্থিতিৰ মাজতেই কয়াকুছি মহাবিদ্যালয়ৰ অধ্যক্ষৰ সংবাদ মেল। অনিৰ্দিষ্ট সময়লৈ পিছুৱাই দিয়া হ'ল নিৰ্বাচন।

17/10/2025

কয়াকুছি মহাবিদ্যালয়ত হৈছে কি? কিয় উতপ্ত পৰিস্থিতি।

17/10/2025

কয়াকুছি মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত উতপ্ত পৰিস্থিতি।

17/10/2025

কয়াকুছি মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত উতপ্ত পৰিস্থিতি। হতাহতি দুই পক্ষৰ মাজত

15/10/2025

বাতৰি সম্প্ৰচাৰিত কৰিবলৈ যোৱা বহু কেবাগৰাকীও জ্যেষ্ঠ কণিষ্ঠ সাংবাদিক আঘাতপ্ৰাপ্ত।

Address

Barpeta-Kayakuchi-Bhawanipur
Barpeta
781352

Telephone

+919957755593

Website

Alerts

Be the first to know and let us send you an email when A LIVE ASSAM posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to A LIVE ASSAM:

Share