16/10/2025
*নাজিৰাত অসমৰ হিয়াৰ আমঠু - যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ সমাধি ভূমিৰ প্ৰতিকৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু সৰ্বধৰ্ম প্ৰাৰ্থনাৰ বৃহৎ আয়োজন*
👉অসমীয়া জাতিৰ প্ৰাণৰ স্পন্দন - অসমৰ হিয়াৰ আমঠু - যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ সমাধি ভূমিৰ প্ৰতিকৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু সৰ্বধৰ্ম প্ৰাৰ্থনা জনোৱাৰ বৃহৎ আয়োজন কৰা হৈছে । জুবিন গাৰ্গ ফেন ক্লাৱ, নাজিৰা , শিমলুগুৰিৰ উদ্যোগত বৃহত্তৰ নাজিৰা সমজিলাৰ ৰাইজৰ সহযোগত অহা ১৮ আৰু ১৯ অক্টোবৰত নাজিৰা নগৰৰ মাজমজিয়াস্থ এম চি ক্লাৱত অনুষ্ঠিত হ'ব লগা অনুষ্ঠানৰ কাৰ্যক্ৰমণিকা অনুসৰি প্ৰথম দিনা পুৱা ৯ বজাত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত পুষ্পমাল্য অৰ্পণ আৰু বন্তি প্ৰজ্বলন, ১০ বজাত মৌন সমদল, বিয়লি ২ বজাত সমাধি ভূমি প্ৰতিকৃতি অস্থায়ী সংস্থাপন আৰু ৰাজহুৱা শ্ৰদ্ধাঞ্জলি, সন্ধিয়া ৬ বজাৰ পৰা জুবিন গাৰ্গ কেন্দ্ৰিক অনুষ্ঠান অনুষ্ঠিত হ'ব । ১৯ অক্টোবৰত পুৱা ১০ বজাত সৰ্বধৰ্ম প্ৰাৰ্থনা আৰু অন্যান্য ধৰ্মীয় অনুষ্ঠান , বিয়লি ৩ বজাত সমাধি ভূমি সহ নাজিৰাৰ পৰা শিমলুগুৰি নগৰলৈ মৌন সমদল কৰি বশিষ্ঠ গংগা খ্যাত দিখৌনদীত ( শিমলুগুৰি দিখৌ নদীৰ ঘাট ) আনুষ্ঠানিক ভাৱে বিসৰ্জন দিয়া হ'ব । উক্ত দুয়োদিনাৰ কাৰ্যসূচীতে নাজিৰা সমজিলা বাসী ৰাইজৰ উপস্থিতি তথা দল - সংগঠন নিৰ্বিশেষে সহযোগিতা আগবঢ়াবৰ বাবে আয়োজক সমিতিৰ হৈ সভাপতি দিপাংকৰ সন্দিকৈ আৰু সম্পাদক পৰশমণি কলিতাই অনুৰোধ জনাইছে ।
*নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ ৰিপ'ৰ্ট*