News-G

News-G This page is only news purpose

08/09/2026

কাদং বজাৰৰ মাছ বজাৰৰ পৰা চবজি বজাৰলৈ ২০২০-২১ বৰ্ষৰ পঞ্চাদশ বিত্তীয় আয়োগৰ ৭ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মীয়মান ব্ৰিক ড্ৰেইনৰ কাম নিম্ন মানৰ হোৱা বুলি অভিযোগ তুলিছে স্থানীয় সচেতন মহলে।

02/09/2026

ধিঙৰ টুকটুকীয়াত AIUDF দলৰ সা‌ম্ভব্য প্ৰাৰ্থী ৰেজাউল কৰিম চৰকাৰৰ নীৰ্বাচনী প্ৰচাৰ।

30/08/2026

শৃংখল চলিহাক জধামূৰ্খ, ভণ্ড আৰু দালাল বুলি তীব্ৰ সমালোচনা ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক আশ্ৰাফুল ইছলামৰ

29/08/2026

অস্বাভাৱিক মূল্যবৃদ্ধিয়ে কোঙা কৰিছে সাধাৰণ মানুহৰ জীৱনক।
কিন্তু চৰকাৰ আৰু যোগান বিভাগ লোৱা নাই কোনো ব্যৱস্থা।
মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে চৰকাৰ আৰু যোগান বিভাগক অতি শীঘ্ৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক তথা মুখপাত্ৰ আশ্ৰাফুল ইছলামে।

24/08/2026

অসম ভিত্তিত ই-ৰিক্সা ইউনিয়ন জন্ম দিয়াৰ উদ্দেশ্যে জনীয়াত চালক সন্থাৰ সাধাৰণ সভা অনুষ্ঠিত।

বৰপেটা প্ৰগতিশীল ই-ৰিক্সা চালক সন্থাৰ সহযোগত, ধুবুৰী, কোকৰাঝাৰ আদি কৰি পাঁচ জিলাৰ তৎপৰতাত অসম ভিত্তিত সংগঠন জন্ম দিয়াৰ উদ্দেশ্যে এই সভাৰ আয়োজন কৰা হয়।

অসম চৰকাৰৰ পৰিবহন বিভাগে ৰাষ্ট্ৰীয়/ৰাজ্যিক ঘাইপথেদি ই-ৰিক্সাৰ বন্ধ কৰি দিয়াৰ ফলত সাধাৰণ খাটি খোৱা শ্ৰমিক সকলৰ পৰিয়াললৈ ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে।

ই-ৰিক্সা চালকসকলে পৰিয়ালৰ ভৰণ পোষণৰ লগতে লৰা ছোৱালী উচ্চ শিক্ষাত শিক্ষিত কৰি গঢ়ি তোলাৰ বাবে বাছি লৈছিল এই পথ।

কিন্তু চৰকাৰী বিষয়া সকলে ই-ৰিক্সাৰ বন্ধ কৰি দিয়াৰ ফলত পৰিয়ালৰ পোহপাল দিবলৈ খুবেই কষ্টকৰ হৈ পৰিছে জানিবলৈ দিয়ে চালক সকলে।

22/08/2026

কৰাৰকুৰ বেকী বৃজ উদ্ধোধনীক লৈ প্ৰাক্তন সভাপতি জনতা গাওঁ পঞ্চায়ত হাবিল খানৰ গুৰুত্বপূৰ্ণ মন্তব্য।

21/08/2026

৫ বছৰীয়া নাবালক ছোৱালীক ধৰ্ষণ কাদং গাওঁত সংঘটিত হৈছে এই ঘটনা। ছোৱালী জনীৰ চিকিৎসাৰ বুজ লবলৈ বৰপেটা চিকিৎসা মহাবিদ্যালয় আৰু হস্পিতালত উপস্থিত হৈ অসম আৰক্ষী আৰু বৰপেটা জিলা প্ৰশাসনক দাবী জনাইছোঁ অতি শীঘ্ৰে কঠোৰ শাস্তি প্ৰদান কৰিবলৈ।।

20/08/2026

জনীয়াৰ গাগল মাৰীত বোৱাৰী নিৰুদ্দেশ।
গাগল মাৰী গাৱৰ লোকমান হুছেইনৰ পত্নী মৰ্জিনা খাতুন দুই সন্তানৰ মাতৃ যোৱা সোমবাৰে আনুমানিক ১০ বজাত নিজৰ ঘৰৰ পৰা নিৰুদ্দেশ হয়।
পৰিয়ালৰ মানুহে আত্মীয়ৰ ঘৰত বিচাৰ খোজাৰ কৰাৰ পিছত উপায়ন্তৰ হৈ সাংবাদিকৰ কাষ চাপিবলৈ বাধ্য হৈছে। স্কৃণত ফটো দিয়া এই মহিলা গৰাকীক যদি কোনো ব্যক্তিয়ে দেখা পায় তেতিয়া হ'লে স্কৃণত দিয়া এই নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে কাতৰ আহ্বান জনাইছে।

16/08/2026

আমি মুছলিম, আমি ভাৰতীয়, আমি অসমীয়া, আমি হাড়েহিমজুৱে অসমীয়া, আমি কাৰো দয়াৰ ওপৰত কাৰো হুকুমৰ ওপৰত অসমীয়া নহয়।
অসমত দুটা বেমাৰ আছে তাৰে এটা হল সাম্প্রদায়িকতা আৰু এটা হল দূর্নীতি- আব্দুল জলিল তালুকদাৰ, সভাপতি ঐক্য আৰু শান্তি মঞ্চ অসম।।

Address

Gajia Kadong Road
Barpeta
781314

Alerts

Be the first to know and let us send you an email when News-G posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share