লুইত

লুইত wellcome to our page
এইটো পেজত বিভিন্ন ধৰণৰ ৰাজনৈতিক,ঐতিহাসিক ঘটনা পঢ়িবলৈ পাব গতিকে পেজতো follow আৰু like কৰি দিব 🙏�

   পদ্মশ্ৰী পাৰ্বতী বৰুৱা, ভাৰতবৰ্ষৰ প্ৰথম গৰাকী মহিলা মাউত।ভাৰতবৰ্ষৰ প্ৰথম গৰাকী গৰাকী মহিলা মাউত ৰূপে পৰিচিত পাৰ্বতী ব...
04/08/2025




পদ্মশ্ৰী পাৰ্বতী বৰুৱা, ভাৰতবৰ্ষৰ প্ৰথম গৰাকী মহিলা মাউত।

ভাৰতবৰ্ষৰ প্ৰথম গৰাকী গৰাকী মহিলা মাউত ৰূপে পৰিচিত পাৰ্বতী বৰুৱা আছিল এগৰাকী ৰাজবংশৰ কন্যা। পিতৃ আছিল গৌৰীপুৰ ৰাজপৰিয়ালৰ অন্তিম জন ৰজা প্ৰকৃতিশ চন্দ্ৰ বৰুৱা।ৰাজ পৰিয়ালৰ কন্যা হিচাপে পাৰ্বতী বৰুৱাই এক বিলাসী জীৱন যাপন কৰিব পাৰিলেহেঁতেন কিন্তু তাৰ বিপৰীতে তেওঁ বাছি লৈছিল এক বিশেষ পথ । তেওঁ ঠিক কৰিছিল তেওঁ হাতীৰ মাউত হ'ব।
(কৰ্ম জীৱন)
পাৰ্বতী বৰুৱাৰ পিতৃৰ হাতীশালত আছিল ৪০ টা হাতী । দেউতাকৰ উত্তৰাধিকাৰী হিচাপে পাৰ্বতী বৰুৱাই দেউতাকৰ পৰা হাতীৰ বিষয়ে অসাধাৰণ জ্ঞান লাভ কৰিছিল।১৯৭০ চনত ভাৰতৰ বিভিন্ন অঞ্চলৰ ৰাজবংশ সমূহৰ ব্যয় নিৰ্বাহাৰ্থক ভাত্তা বিলুপ্ত কৰা কাৰ্যই বিভিন্ন ৰাজপৰিয়ালৰ বিশেষাধিকাৰ আৰু ক্ষমতা নিৰ্মূল কৰা হয়। ফলত পাৰ্বতী বৰুৱাহতৰো একে দশাই হৈছিল।
পিছত পাৰ্বতী বৰুৱা আৰু তেওঁৰ পিতৃয়ে বনৰীয়া হাতী ধৰি আৰু বশ কৰি গংগা নদীৰ কাষৰ সোনপুৰ মেলাত বিক্ৰী কৰাৰ ব্যৱসায়ত নামি পৰিছিল। পাৰ্বতী বৰুৱা আৰু তেওঁৰ পিতৃয়ে ধৰা হাতী আজিও বিভিন্ন হিন্দু মন্দিৰ,ৰাজ প্ৰসাদ তথা বিভিন্ন অভয়াৰণ্যত পৰ্যটকৰ বাবে ব্যৱহাৰ কৰা দেখা যায়। এনেকৈয়ে পিতৃৰ লগত হাতী ধৰা কাম আৰম্ভ কৰি হাতী ধৰা এটা কৌশল ' মেলা চিকাৰ ' পদ্ধতি আয়ত্ব কৰিছিল। আৰু ইয়াৰ পৰাই পাৰ্বতী বৰুৱাই কৰ্ম জীৱনৰ আৰম্ভনি কৰি পৰৱৰ্তী সময়ত বনৰীয়া হাতী ধৰা আৰু প্ৰশিক্ষণ দিয়া কাৰ্য কৰিছিল। ইয়াৰ উপৰিও পাৰ্বতী বৰুৱাই হাতী সম্পৰ্কীয় বিভিন্ন কাৰ্য অব্যাহত ৰাখিছিল। উল্লেখযোগ্য যে পাৰ্বতী বৰুৱাই ১৪ বছৰ বয়সতেই জীৱনৰ প্ৰথমটো হাতী ধৰিছিল। 'ডিছক'ভাৰী ' চেনেলে পাৰ্বতী বৰুৱাৰ ওপৰত তথ্য চিত্ৰ নিৰ্মান কৰি তেওঁক ' কুইন আৱ দ্যা এলিফেন্টছ ' আখ্যা দিয়ে। ইয়াৰ উপৰিও ৰাষ্ট্ৰসংঘই তেওঁলৈ ' গ্লোবেল ৫০০' বঁটা আগবঢ়ায়। ইয়াৰ উপৰিও তেওঁৰ কাৰ্য আৰু সাধনাৰ বাবে ভাৰত চৰকাৰে অসমৰ গৌৰৱ পাৰ্বতী বৰুৱালৈ পদ্মশ্ৰী সন্মান আগবঢ়ায়। ইয়াৰ উপৰিও পাৰ্বতী বৰুৱাৰ ওপৰত বিভিন্ন তথ্য চিত্ৰ নিৰ্মান কৰা হৈছে।

 #ৰেজিয়াচুলতানা #ভাৰতীয়ইতিহাস #ভীৰতৰপ্ৰথমগৰাকীমহিলাশাসক*ভাৰতৰ প্ৰথম গৰাকী মহিলা শাসক ৰেজিয়া চুলতানা           ভাৰতবৰ্...
21/07/2025

#ৰেজিয়াচুলতানা
#ভাৰতীয়ইতিহাস
#ভীৰতৰপ্ৰথমগৰাকীমহিলাশাসক
*ভাৰতৰ প্ৰথম গৰাকী মহিলা শাসক ৰেজিয়া চুলতানা

ভাৰতবৰ্ষত শাসন কৰা প্ৰথমটো মুছলিম ৰাজবংশ আছিল দাস ( মামলুক) বংশ। মহম্মদ ঘোৰীয়ে দ্বিতীয় বাৰ ভাৰত আক্ৰমণ কৰি তৰাইনৰ দ্বিতীয় যুদ্ধত প জয়লাভ লাভ কৰি ভাৰতৰ এটা বৃহৎ অঞ্চল জয় লাভ কৰি ভাৰতবৰ্ষত ইছলামিক সাম্ৰাজ্যৰ পাতনি মেলিছিল আৰু তেওঁ ভাৰতবৰ্ষৰ জয়ী কৰা অঞ্চলতো তেওঁৰ এগৰাকী দাস কুতুবুদ্দীন আইবাকৰ অধীনত ৰাখি শাসন কৰিছিল আৰু মহম্মদ ঘোৰীৰ মৃত্যুৰ পিছত কুতুবুদ্দীন আইবাকে ভাৰতবৰ্ষত 'দাস ' বংশৰ প্ৰতিষ্ঠা কৰিছিল আৰু এই দাস বংশৰে এগৰাকী সাহসী ৰাজকুমাৰী তথা ভাৰতৰ প্ৰথম গৰাকী মহিলা শাসক আছিল ৰেজিয়া চুলতানা।
ৰেজিয়া চুলতানাৰ পিতৃ আছিল দাস বংশৰ আটাইতকৈ শ্ৰেষ্ঠ ৰজা ইলতুতমিশৰ জীয়ৰী। সেইটো সময়ত মহিলা সকলৰ স্বাধীনতা যঠেষ্ট সীমিত আছিল আৰু মহিলা সকলক কেৱল ঘৰুৱা কামৰ কাৰণেহে বুলি ভবা হৈছিল। ৰাজনীতি বা সামাজিক কামত মহিলা সকলৰ কোনো অধিকাৰ নাছিল কিন্তু ইয়াৰ বিপৰীত আছিল ৰেজিয়া চুলতানা যিয়ে পুৰুষৰ সাজ পৰিধান কৰিছিল আৰু ঘোঁৰাত উঠি চিকাৰ কৰিছিল আৰু মুকলিকৈ ঘূৰি ফুৰিছিল। আৰু ৰেজিয়াই নিজৰ দূৰদৰ্শীতা আৰু সাহসৰ বলতেই ১২৩৬ খৃষ্টাব্দত 'দাস ' বংশৰ তৃতীয় গৰাকী শাসক হৈছিল।
ৰেজিয়া এগৰাকী নিৰপেক্ষ শাসক আছিল কিন্তু ৰেজিয়াৰ ব্যক্তিগত জীৱন সুখৰ নাছিল। ৰেজিয়া ই জামালুদ্দীন ইয়াকূট নামৰ এগৰাকী বিষয়াৰ লগত প্ৰেমৰ সম্পৰ্ক আছিল কিন্তু ৰেজিয়া আৰু ইয়াকূটৰ সম্পৰ্কক মুছলিম বিদ্যান সকল আৰু ভাটিণ্ডাৰ গৱৰ্ণৰ আল্টুনীয়ৰ পচন্দ হোৱা নাছিল কাৰণ আল্টুনীয়ই ৰেজিয়াক বিবাহ কৰাই দিল্লীৰ শাসক হ'ব খুজিছিল কিন্তু ইয়াত সফল নোহোৱা কাৰণে আল্টুনীয়ই দিল্লী আক্ৰমণ কৰে যাৰ ফলত ৰেজিয়া পলাই গৈছিল আৰু জামালুদ্দীন ইয়াকূটৰ মৃত্যু হৈছিল।
ইয়াকূটৰ মৃত্যুৰ পিছত উপায়ন্তৰ হৈ ৰেজিয়াই আল্টুনীয়ৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল কিন্তু ইয়াৰ পিছতো সমস্যাই ৰেজিয়াক এৰি দিয়া নাছিল কাৰণ ৰেজিয়াই যেতিয়া দিল্লীৰ পৰা পলাই গৈছিল তেতিয়া ৰেজিয়াৰ ভাতৃ 'বহৰাম শ্বাহ' ই দিল্লীৰ সিংহাসন অধিকাৰ কৰি লৈছিল কিন্তু ৰেজিয়াই ইয়াৰ বিৰোধ কৰিছিল যদিও বহৰাম শ্বাহৰ সৈন্য বাহিনীয়ে ৰেজিয়াক পৰাষ্ট কৰিছিল আৰু ১২৪০ খৃষ্টাব্দত ৰেজিয়াক ৰাজকীয় বাহিনীয়ে হত্যা কৰিছিল আৰু এনেকৈয়ে ৰেজিয়াৰ জীৱনৰ কাহিনীৰ অন্ত পৰিছিল।

Address

Barpeta

Website

Alerts

Be the first to know and let us send you an email when লুইত posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share