
31/08/2025
আপোনাৰ 𝐅𝐫𝐢𝐞𝐧𝐝 𝐂𝐢𝐫𝐜𝐥𝐞ত এই পৰিৱৰ্তন লক্ষ্য কৰিছেনে?
আজিকালি বন্ধু-বান্ধৱীৰ লগত আড্ডা মাৰিলে কেৱল কেৰিয়াৰৰ কাহিনীহে শুনা যায়। অমুকে আমেৰিকাত ডিগ্ৰী ল’লে, অমুকে Fellowship পালে, অমুকে APSC পালে, বহি নাথাকি চাকৰি এটাৰ যোগাৰ কৰিব লাগে - এইবোৰেই মূল কাহিনী। ইফালে কাৰোবাৰ মাক দেউতাক অসুস্থ, কোন ডাক্তৰৰ ওচৰত যাব লাগে, কি চিকিৎসা কৰালে ভাল হব, এইবোৰ হ’ল আন এটা অংশ। কিছুমানে হয়তো আমাৰ অজ্ঞাতে অকলে বুকুৰ মাজত হেজাৰ ধুমুহাও কঢ়িয়াই লৈ ফুৰিছে। আমি সকলোৱে হঠাতে যেন Mature হৈ পৰিলোঁ।
লগৰবোৰলৈ চাওঁ। যোৱা এবছৰত যেন সকলোৰে বয়স একেলগে দহ বছৰমান বাঢ়ি গ’ল। চকুত ভয়, কান্ধত অদৃশ্য বোজা। কেৰিয়াৰৰ পৰিকল্পনা কৰা, টকা উপাৰ্জন কৰা, ঘৰ-সংসাৰ আৰম্ভ কৰিব লাগে, পিতৃ-মাতৃৰ বাবে কিবা এটা কৰিব লাগে ইত্যাদি চিন্তা…
আমাৰ আড্ডাত যৌৱনৰ উত্তেজনা, ঘণ্টাৰ পিছত ঘণ্টা অপ্ৰয়োজনীয় কথা-বতৰা, হাঁহি-ধেমালি আদি কেতিয়া বন্ধ হ’ল গ’মকে নাপালো। সময়ৰ লগে লগে সেয়া হোৱাটো নিশ্চিত আছিল, মই জানো! তথাপিও...
সময়ে মাথোঁ লৈ যায়…
[শ্বাহিদুল ইছলাম] [অনূদিত]