B.DAIRY,assam

B.DAIRY,assam This is a page of information

03/03/2026

বিশ্বনাথৰ শান্তিপুৰত চিলনী চোৰে মহিলাৰ ডিঙিৰ পৰা থপিয়াই লৈ গ'ল আঢ়ৈ লাখ টকাৰ মূল্যৰ সোণৰ চেইন।

ড° মধুমিতা চৌধুৰী নামৰ মহিলা গৰাকী ঘৰলৈ আহি থকাৰ সময়ত বাইকত অহা দুজন যুৱকৰ এজনে ডিঙিৰ পৰা থপিয়াই লৈ যায় চেইন দাল। মহিলা গৰাকীয়ে চিঞৰ বাখৰ কৰাত স্হানীয় লোকে চোৰ দুটাক কৰায়ত্ত কৰিবলৈ চেষ্টা কৰে যদিও সফল নহ'ল।
এজনে হেলমেট পৰিধান কৰি আছিল।
বিশ্বনাথ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

ঘটনাৰ আগতে এখন দোকানৰ পৰা গুটকা লৈছিল চোৰ দুটাই।

24/01/2026

*আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰা অভিযুক্তক পুনৰ শ্বিলংৰ পৰা গ্ৰেপ্তাৰ কৰিলে বিশ্বনাথ আৰক্ষীয়ে*

চতিয়া আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰা ড্ৰাগছ ব্যবসায়ীক পুনৰ আজি বিশ্বনাথ আৰক্ষীয়ে অভিযান চলাই শ্বিলঙৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ হৈছে।উল্লেখ যে ড্ৰাগছ সৰবৰাহৰৰ অভিযোগত চতিয়া আৰক্ষীয়ে চলিত মাহৰ ১৯ তাৰিখে ইটাখোলাৰ পৰা গ্ৰেপ্তাৰ কৰিছিল পত্নী সহ কেজেং নৰোবা থং ডক নামৰ ব্যক্তিজনক।কিন্তু যোৱা ২০ তাৰিখে চতিয়া আৰক্ষীৰ চকুত ধূলি দি আৰক্ষীৰ জিম্মাৰ পৰা পত্নীক এৰি পলায়ন কৰিছিল কেংজেং নৰোবা থং ডকে।তাৰ পিছৰে পৰা বিশ্বনাথ জিলা আৰক্ষীয়ে চতিয়া আৰক্ষী থানাৰ পৰা পলায়ন কৰা ড্ৰাগছ ব্যবসায়ী কেজেং নৰোবা থং ডক বিচাৰি আৰম্ভ কৰিছিল তদন্ত।অবশেষত আজি বিশ্বনাথ জিলা আৰক্ষীয়ে অভিযান চলাই শ্বীলংৰ পৰা পুনৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় কেজেং নৰোবা থং ডক।কেজেং নৰোবা থং ডক অৰুণাচল প্ৰদেশৰ 3rd IRBN ৰ হাৱালদাৰ হোৱাৰ লগতে ধৃত কেজেং নৰোবা থং ডক IRBN ৰ চিজুচাত কৰ্মৰত আছিল বুলি জানিব পৰা গৈছে।আজি কেজেং নৰোবা থং ডক পুনৰ গ্ৰেপ্তাৰ কৰাৰ পিছতে বিশ্বনাথ জিলা জেষ্ঠ আৰক্ষী অধীক্ষক অজাগৌৰণ বসুমতাৰীয়ে এই সন্দৰ্ভত এখন সংবাদ মেলৰ আয়োজন কৰি এই সন্দৰ্ভত সবিশেষ জানিবলৈ দিয়ে।

বিশ্বনাথৰ নিৰুদ্দেশ প্ৰতাপ চাহু নামৰ এজন সত্তৰ উধ্বৰ্ৰ ব্যক্তি।পৰিয়ালৰ মাজত হাহাকাৰ।বিশ্বনাথ চাৰিআলিৰ বুঢ়ীগাঙৰ মাজ বাঘ...
20/01/2026

বিশ্বনাথৰ নিৰুদ্দেশ প্ৰতাপ চাহু নামৰ এজন সত্তৰ উধ্বৰ্ৰ ব্যক্তি।

পৰিয়ালৰ মাজত হাহাকাৰ।

বিশ্বনাথ চাৰিআলিৰ বুঢ়ীগাঙৰ মাজ বাঘ মৰাৰ পৰা নিৰুদ্দেশ এজন সত্তৰ উধ্বৰ্ৰ ব্যক্তি। পৰিয়ালৰ লোকে জনোৱা অনুসৰি প্ৰতাপ চাহু নামৰ সত্তৰ উধ্বৰ্ৰ ব্যক্তি গৰাকী চলিত মাহৰ ১৬ জানুৱাৰী শুকুৰবাৰে দিনৰ প্ৰায় চাৰে এঘাৰ মান বজাত বিশ্বনাথ চাৰিআলিৰ মাজ বাঘ মৰাৰ নিজ বাসগৃহৰ পৰা ঘৰৰ মানুহৰ অজ্ঞাতে ঘৰৰ পৰা ওলাই যায়। সন্ধিয়ালৈ ঘৰলৈ উভতি নহাত পৰিয়ালৰ মাজত বিচাৰ-খোচাৰ আৰম্ভ হয় যদিও আজি পৰ্যন্ত নিৰুদিষ্ট প্ৰতাপ চাহুৰ কোনো সম্ভেদ লাভ কৰা নাই পৰিয়ালৰ লোকে। ইতিমধ্যে বিশ্বনাথ আৰক্ষী,ৰেলৱে' আৰক্ষীক এই বিষয়ে অৱগত কৰিছে যদিও বৰ্তমান পৰ্যন্ত আৰক্ষীয়েও নিৰুদিষ্ট লোকজনৰ কোনো সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই।পেৰালাইছিছ ৰোগত আক্ৰান্ত ব্যক্তি জনৰ পিন্ধনত বগা চেক লংপেন্ট,গ্ৰে(ধূসৰ)ৰঙৰ কোট আৰু হাৱাই চেণ্ডেল পৰিধান কৰা বুলি জানিব দিয়ে পৰিয়ালৰ লোকে। পৰিয়ালৰ লোকৰ আহ্বান, যদিহে কোনো সদাশয় লোকে লোকজনক ক'ৰবাত প্ৰত্যক্ষ কৰে 7002131855 নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ ভাৱে আহ্বান জনায়।

 #বিশ্বনাথৰ প্ৰবীণ বিজেপি কৰ্মী বিজেপি কুল শইকীয়াৰ মৃত্যু। #বিশ্বনাথত শোকৰ ছাঁ বিশ্বনাথ চাৰিআলিৰ কলেজ ৰোডৰ নিবাসী বিশিষ...
20/01/2026

#বিশ্বনাথৰ প্ৰবীণ বিজেপি কৰ্মী বিজেপি কুল শইকীয়াৰ মৃত্যু।

#বিশ্বনাথত শোকৰ ছাঁ

বিশ্বনাথ চাৰিআলিৰ কলেজ ৰোডৰ নিবাসী বিশিষ্ট সমাজকৰ্মী , সৰবৰাহী ব্যক্তি, ব্যৱসায়ী শ্ৰীমন্ত শঙ্কৰদেৱ নাম ধৰ্ম সমাজৰ একনিষ্ঠ সেৱক,বিজেপিৰ প্ৰবীণ কৰ্মী কুল শইকীয়াৰ আজি বিয়লি মৃত্যু ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮১বছৰ। বিশ্বনাথ চাৰিআলিৰ বিভিন্ন অনুষ্ঠানৰ লগত জৰিত শইকীয়াই মৃত্যুৰ সময়ত পত্নীৰ উপৰি দুজন পুত্ৰ বোৱাৰী আৰু বহুতো আত্মীযক ইহ সংসাৰত এৰি থৈ যায়। বিশ্বনাথ চাৰিআলি নগৰৰ বুথৰ প্ৰাক্তন সভাপতি শইকীয়াৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰে। আজি বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিশ্বনাথ জিলা বিজেপিৰ প্ৰাক্তন সভাপতি, অসম পশুধন নিগমৰ উপাধ্যক্ষ পৰেশ বৰকাকতি, বিশ্বনাথ জিলা বিজেপিৰ সভাপতি অসীম কুমাৰ দাস দাস প্ৰমুখ্যে বহু ব্যাক্তি প্ৰতিষ্ঠানে তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।

BREAKINGবিশ্বনাথৰ সাধাৰুত সংঘটিত হল ভয়ংকৰ পথ দুৰ্ঘটনা।তীব্ৰ বেগী AS07Z5110 scorpio বাহন খুন্দাত থিতাতে নিহত হল মটৰ চাইকে...
24/12/2025

BREAKING

বিশ্বনাথৰ সাধাৰুত সংঘটিত হল ভয়ংকৰ পথ দুৰ্ঘটনা।তীব্ৰ বেগী AS07Z5110 scorpio বাহন খুন্দাত থিতাতে নিহত হল মটৰ চাইকেল চালক তথা মাজুলীগৰ চাহ বাগিচাৰ হেড কেৰানী তথা চাহ কৰ্মচাৰী সংঘৰ নদোৱাৰ শাখা বিত্ত সম্পাদক আৰু মাজুলীগৰ প্ৰাথমিক গোটৰ সম্পাদক পাভৈৰ নিবাসী যুগেন বৰকটকী।বিশ্বনাথ আৰক্ষীয়ে ইতিমধ্যে দুৰ্ঘটনা সংঘটিত হোৱা দুয়োখন বাহন জব্দ কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে।অনহাতে দুৰ্ঘটনা সংঘটিত কৰা Scorpio বাহনখনত অসম বিধান সভাৰ পাছ লগোৱা আছে।

অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত গুৱাহাটীৰ উজানবজাৰস্থিত বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰত স্বেচ্ছাসেবী অনুষ্ঠান ইত...
24/12/2025

অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত গুৱাহাটীৰ উজানবজাৰস্থিত বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰত স্বেচ্ছাসেবী অনুষ্ঠান ইত্যাদি উত্তৰ-পূৰ্বাঞ্চল সাংস্কৃতিক মঞ্চৰ উদ্যোগত আৰু আন্তৰাষ্ট্ৰীয় বাঁহীবাদক দীপক শৰ্মাৰ সোঁৱৰণত উৎসর্গিত আয়োজিত দুদিনীয়া শাস্ত্রীয় বাঁহীৰ কৰ্মশালা"প্রতিধ্বনি-২০২৫"অনুষ্ঠানত বিশ্বনাথৰ যুৱ নেতা ভাস্কৰ হাজাৰিকাক বিশেষ ভাৱে সম্বৰ্ধনা জ্ঞাপন।

বিদেশী ন্যায়ধীকৰণৰ বিদেশী ঘোষণা বিশ্বনাথ জিলাৰ দুগৰাকী মহিলাক৷এগৰাকী হেলেম থানাৰ মিছামাৰীৰ আচমুল খাটোন ওৰফে আচমল বেগম,( ...
21/12/2025

বিদেশী ন্যায়ধীকৰণৰ বিদেশী ঘোষণা বিশ্বনাথ জিলাৰ দুগৰাকী মহিলাক৷এগৰাকী হেলেম থানাৰ মিছামাৰীৰ আচমুল খাটোন ওৰফে আচমল বেগম,( স্বামী:মহ: আয়ুফ আলী)৷ আন গৰাকী চতিয়া থানাৰ বকৰাপট্টাৰ আফুজা বেগম ওৰফে আৰফুজা বেগম,( স্বামী:জাবেদ আলী)৷বৰ্তমান গোৱালপাৰাৰ ডিটেনশ্বন কেম্পত থকা বিদেশী মহিলা দুগৰাকীক ভাৰতৰ পৰা বহিষ্কাৰৰ নিৰ্দেশ৷বিশ্বনাথ জিলা আয়ুক্তই জাৰি কৰিছে এই নিৰ্দেশ৷

Address

Biswanath
Biswanath Chariali
784176

Website

Alerts

Be the first to know and let us send you an email when B.DAIRY,assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share