Naba Axom

Naba Axom "Naba Axom: Stay informed, stay ahead with our latest news and updates"

নাম -শুকুৰ আলী। দেখাত ক্ষীণকায় চুটি- চাপৰ মানুহ। মূলতঃ বঙালী মুছলমান জনগোষ্ঠীৰ সন্তান।   মাজে -সময়ে নিজকে ৰাজনৈতিক ক্ষ...
09/08/2026

নাম -শুকুৰ আলী।
দেখাত ক্ষীণকায় চুটি- চাপৰ মানুহ। মূলতঃ বঙালী মুছলমান জনগোষ্ঠীৰ সন্তান।
মাজে -সময়ে নিজকে ৰাজনৈতিক ক্ষেত্ৰখনতো আৰ্বিভাৱ ঘটা দেখা যায়।
কেতিয়াবা সংসদীয় নিৰ্বাচন!
কেতিয়াবা পঞ্চায়তত !
আৰু কেতিয়াবা মেলে-মিটিঙে তথা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ মুখ্য অতিথি অথবা নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰা দেখা যায়।
দেখা যায় ৰীল ভিডিঅ' চুটিং ,মাছ বেপাৰী আৰু পদপথৰ ব্যৱসায়ীৰ ৰূপত।
বিভিন্নজনে বিভিন্ন ধৰণৰ কটূ মন্তব্য তথা হাঁহিয়াতৰ পাত্ৰ হৈ পৰে।
কিন্তু শেহতীয়াকৈ সংঘটিত হোৱা আকস্মিক বানপানীৰ কবলত পৰি তচনচ হোৱা শিৱসাগৰ জিলাৰ বন্যাৰ্তৰ কাষত এজোপা বটবৃক্ষৰ দৰে থিয় দি সহায়ৰ হাত আগবঢ়াইছে " শুকুৰ আলী"য়ে।

টকাৰ সামৰ্থ নাথাকিব পাৰে কিন্তু মানসিক সামৰ্থ আছে। আৰু প্ৰমাণ স্বৰূপে প্ৰায় ১৫০ গৰাকী শ্ৰমিক বন্ধুক লগত লৈ বাহৰ পাতি দিনে -নিশাই আৰ্তজনক সহায় কৰি আছে।

বিনিময়ত নি:সন্দেহে একো বিচৰা নাই চাগৈ।
কাৰোবাৰ মাটি বিচৰা নাই ।
বিচৰা নাই টকা,ধন -সম্পত্তি।
বিচৰা নাই সোণৰ চকী।

কিন্তু যি শ্ৰমদান কৰিছে!যি শ্ৰমদানক সৰ্বোচ্চ আসন দিয়া হয়।


এয়া মানৱতাৰ এক উৎকৃষ্ট নিৰ্দশন ।
আনক বেয়া বুলি ক'বলৈ নাযাওঁ।
কোন ভাল!?
কোন বেয়া!?
সেইটো বিচাৰ কৰাৰ ক্ষমতা মনুষ্যৰ হাতত নাথাকে।
সেই বিচাৰ কেৱলমাত্ৰ মালিকৰ হাতত আছে।

শুকুৰ আলীয়ে যিমানখিনি কৰিছে! সেয়া কাৰোবাৰ কাৰণে নগণ্য হ'ব পাৰে।
কিন্তু আমাৰ কাৰণে বহুত।
কাৰণ আমি সেইখন স্থিতিৰ সামান্য ওচৰতো যাব পৰা নাই।
ধন্যবাদ শুকুৰ আলী ভাই 🙏🙏।
মালিকে ভালেই ৰাখক।
মানুহে ঘিণ কৰিলেও ওপৰৱালাই ঘিণ নকৰিলেই হ'ল।
কাৰণ ওপৰৱালাই হৈছে সৰ্বশক্তিমান।
তুমি সঁচাই ধন্যবাদৰ পাত্ৰ।
কৰযোৰে প্ৰণাম জনাইছোঁ।🙏🙏🙏
দহটা আঙুলিত দহটা আঙুঠি পিন্ধি ক'লা চশমা লগাই ধুমপেচ মাৰি ফোঁপোলা দেহাৰে আঙুলিয়াই দিয়া শুকুৰ আলী নহয়।
শুকান দেহাৰে কাৰোবাৰ জীৱন -সংসাৰ জীপাল কৰিব শুকুৰ আলীয়ে।🤜🤛🤜🤛
Musalmaan ka imaan
Hindustan ki shaan


" মানৱতা সাগৰৰ সমান।সাগৰৰ কেইটোপালমান পানী লেতেৰা হ'ব পাৰে কিন্তু গোটেই সাগৰৰ পানী কেতিয়াও লেতেৰা নহয়"
ঠিক তেনেকৈ কেইজনমান মিঞা বেয়া হ'ব পাৰে কিন্তু গোটেই মিঞা কেতিয়াও বেয়া হ'ব নোৱাৰে।
কেইজনমান মিছিং,বড়ো, তিৱা,ৰাভা, ৰাজবংশী, আহোম জাতি -জনগোষ্ঠীৰ মানুহ বেয়া হ'ব পাৰে কিন্তু গোটেই জাতিটোৰ মানুহ বেয়া হ'ব নোৱাৰে।

কাজেই আমি মানু্হ হিচাপে জীয়াই থাকোঁ।
আমি চিন্তাধাৰাবোৰ সলনি কৰি জাপানী সকলৰ দৰে জীয়াই থাকোঁ।
আমি এইখন পৃথিৱী ফালি অন্য এটা পৃথিৱীৰ বাসিন্দা হ'ব নোৱাৰোঁ।
এইখন সমাজক মানুহ জীয়াই থকাৰ উপযুক্ত কৰি তোলাটো আমাৰেই দায়িত্ব।
আমি নিজেই বেয়া কাৰণেই সমাজ খনক বেয়া দেখোঁ।

গতিকে মানুহ হিচাপে সৰ্বাংগ সুন্দৰ সমাজ এখন গঢ় দিয়াটো সকলোৰে দায়িত্ব।🤛🤛
য'ত সকলো ধৰ্মৰ মানুহে এক হৈ থাকিব পাৰে।

আৰু কেতিয়াও জন মানসৰ প্ৰাসংগিক ধাৰাত নহা শুকুৰ আলীয়ে ইংগিত দি গৈছে যে "মই বঙালী মুছলমান কিন্তু মোৰ জাতি অসমীয়া।
আৰু মোৰ নিজৰ জাতিটোৰ বিপদৰ সময়ত আগবাঢ়ি অহাটো নৈতিক দায়িত্ব।
মই একো ডাঙৰ কাম কৰা নাই।
"শিৱৰ গংগাও পানী
আবে জম জমো পানী
মৌলানাও খাব
পণ্ডিতো খাব।
তেনে হ'লে পানীৰ ধৰ্ম কি?
মানৱতাৰ জয় হওঁক 🙏🙏

Cr- Banikanta Das

আৰু কিমান ‍কান্দোন আৰু কিমান দু্ৰ্দশা আৰু কিমান মৃতদেহ আৰু কিমান ধ্বংসস্তূপ দেখিলে তেঁওলোকৰ অৱহেলাৰ অন্তপৰিব??  Modi ji ...
30/07/2026

আৰু কিমান ‍কান্দোন
আৰু কিমান দু্ৰ্দশা
আৰু কিমান মৃতদেহ
আৰু কিমান ধ্বংসস্তূপ
দেখিলে তেঁওলোকৰ অৱহেলাৰ অন্তপৰিব??

Modi ji ,Assam will remember this neglect..

We demand present flood situation of upper Assam to be declared as National Disaster…

We want action
not your silence ..



Note ::::: Credit to Neelim Mahanta

25/07/2026

পদত‍্যাগ

(প্ৰতিবাদকাৰী প্ৰতিজন শিক্ষাৰ্থীৰ জয়)

মৃতদেহ উটি যোৱাৰ পৰা ধৰি ৰাখিবলৈ গছত ৰছী বান্ধি থৈছে! জীৱিত সময়ত উদ্ধাৰ কৰিব নোৱাৰিলে মৰি যোৱা পিছতো উদ্ধাৰ কৰিবলৈ চৰকা...
21/07/2026

মৃতদেহ উটি যোৱাৰ পৰা ধৰি ৰাখিবলৈ গছত ৰছী বান্ধি থৈছে! জীৱিত সময়ত উদ্ধাৰ কৰিব নোৱাৰিলে মৰি যোৱা পিছতো উদ্ধাৰ কৰিবলৈ চৰকাৰ,প্ৰশাসন লগতে বিধায়ক জনে কান সাৰ নাই।চৰকাৰ প্ৰশাসনৰ ফোপোলা স্বৰূপ উদঙাই দিছে এই ছৱিখনে...
ছবিখন নাজিৰা শিমলুগুৰি

Himanta Biswa Sarma

📌অখিল গগৈৰ অভিনৱ প্ৰতিবাদ
09/07/2026

📌অখিল গগৈৰ অভিনৱ প্ৰতিবাদ


08/07/2026
😢 এজনী ১৩ বছৰীয়া কিশোৰীৰ কান্দোনে সমগ্ৰ সমাজক প্ৰশ্ন কৰিছে... এনে নৃশংসতাৰ কোনো ক্ষমা নাই। দোষী যিয়েই নহওক, আইন অনুসৰি...
07/07/2026

😢 এজনী ১৩ বছৰীয়া কিশোৰীৰ কান্দোনে সমগ্ৰ সমাজক প্ৰশ্ন কৰিছে... এনে নৃশংসতাৰ কোনো ক্ষমা নাই। দোষী যিয়েই নহওক, আইন অনুসৰি কঠোৰ শাস্তি হ'বই লাগিব। নাৰী আৰু কন্যা শিশুৰ সুৰক্ষা নিশ্চিত কৰাটো কেৱল চৰকাৰৰ নহয়, আমাৰ সকলোৰে দায়িত্ব।
🙏 ন্যায় হওক। কন্যাসকল সুৰক্ষিত হওক।


#অসমীয়া #ন্যায়_লাগিব #নাৰী_সুৰক্ষা

মামাৰ ঘৰলে যোৱাৰ প্লেনিঙেই যদি নাই, কিহৰ গৰমবন্ধ!পিৰালিৰ কাষেৰে বৈ যোৱা পানীত যদি কাগজৰ নাও চলোৱা নাই, কিহৰ গৰমবন্ধ!টেবু...
02/07/2026

মামাৰ ঘৰলে যোৱাৰ প্লেনিঙেই যদি নাই, কিহৰ গৰমবন্ধ!
পিৰালিৰ কাষেৰে বৈ যোৱা পানীত যদি কাগজৰ নাও চলোৱা নাই, কিহৰ গৰমবন্ধ!

টেবুল, বিছনাত যদি মৌচাক-অকণিৰ অগ্ৰদূত নায়েই, কিহৰ গৰমবন্ধ !
বৰষুণত তিতি-তিতি খেলি থকাৰ বাবে যদি চেকনিৰ কোব খোৱাই নাই, কিহৰ গৰমবন্ধ !

পথাৰলৈ গৈ যদি মৈখনত উঠাই নাই, কিহৰ গৰমবন্ধ !
বোকা-পানী ফালি যদি হাতত চাহ-জলপানৰ টোপোলা লৈ যোৱাই নাই, কিহৰ গৰমবন্ধ !
সৌ সিদিনা ৰোৱা ভূঁইৰ মাজে-মাজে যদি লাঙিজাল পতা নাই, কিহৰ গৰমবন্ধ !
পথাৰৰ কেঁচাআলি গচকাৰ বাবে যদি গালি শুনা নাই, কিহৰ গৰমবন্ধ !

বাৰীয়ে-বাৰীয়ে যদি আম-কঁঠাল বিচাৰি ফুৰাই নাই, কিহৰ গৰমবন্ধ !
মাহঁত ঘৰত নাথাকিলে যদি নকৰিবলগীয়া কামবোৰ কৰাই নাই, কিহৰ গৰমবন্ধ !
চোতালত পিচলি পৰিলে ৰ'দ দিব বুলি ওপৰলৈ চাই যদি হাঁহি দিয়া নাই, কিহৰ বন্ধহে !

বি:দ্ৰ : পোষ্ট টো ফেচবুকৰ পৰা সংগ্ৰহ কৰা হৈছে )

#গৰমবন্ধ #শৈশৱ #স্মৃতি

📌সাংবাদিক অতনু ভূঞাৰ ফেচবুক পোষ্ট ।📌 কাক উদ্দেশি লিখিলে এনে পোষ্ট
01/07/2026

📌সাংবাদিক অতনু ভূঞাৰ ফেচবুক পোষ্ট ।
📌 কাক উদ্দেশি লিখিলে এনে পোষ্ট


‘মাৰ্চেল সৰু ল’ৰা, দায়-দোষ নধৰি চৰকাৰে মাফ কৰি দিয়ে যেন’ বুলি ক’লেই হৈ যায়। কিন্তু নিজকে ৰাজাধিৰাজ বুজাবলৈ গৈ মুখ্যমন্ত্...
24/06/2026

‘মাৰ্চেল সৰু ল’ৰা, দায়-দোষ নধৰি চৰকাৰে মাফ কৰি দিয়ে যেন’ বুলি ক’লেই হৈ যায়। কিন্তু নিজকে ৰাজাধিৰাজ বুজাবলৈ গৈ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাব নালাগে কোনেও - পংকজ পাঠক




Address

Bongaigaon
783380

Alerts

Be the first to know and let us send you an email when Naba Axom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share