Janatar Axom24

Janatar Axom24 নিৰ্ভুল আৰু নিশ্চিত বাতৰি চাবলৈ আমাৰ pageটো Follow কৰক
সকলো সময়ত দূৰ্নীতিৰ বিৰুদ্ধে ৰাইজৰ কাষত জনতাৰ অসম২৪

09/11/2025

📌📌📌উত্তৰ বঙাইগাঁও ষ্টেডিয়ামত সদৌ কোঁচ ৰাজবংশী ছাত্ৰ সন্থা, কোঁচ ৰাজবংশী সন্মিলনীসহ বিভিন্ন দল-সংগঠনৰ উদ্যোগত অনুষ্ঠিত হয় এক বিশাল প্ৰতিবাদী গণ সমাবেশ।

📌📌📌ঐতিহাসিক কমতাপুৰ ৰাজ্য পুনৰ গঠন, কোঁচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ, লগতে KLOৰ সৈতে শান্তি চুক্তি স্বাক্ষৰৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

06/11/2025

📌অসমৰ মুখ্যমন্ত্ৰী বিফল মূখ্যমন্ত্ৰী এই মন্তব্য অসম সংগ্ৰাম পৰিষদৰ সভাপতিৰ।

05/11/2025

পি এম শ্ৰী ছাটা আঞ্চলিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিজ্ঞানাগাৰ আৰু পুথিভঁৰাল নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন

চেঙাৰ বিধায়ক আশ্ৰাফুল হুছেইনে আজি পি এম শ্ৰী ছাটা আঞ্চলিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিজ্ঞানাগাৰ আৰু পুথিভঁৰাল নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰে।

01/06/2025

গৰিয়া-মৰিয়া দেশী লোককো বাংলাদেশী সজাই ন' মেনছ্ লেণ্ডত থৈ আহে ।

চিৰাং জিলাৰ পৰা বাংলাদেশলৈ বিতাড়ণ কৰা লোকৰ পৰিয়ালৰ বুজ লৈ এবিএমছুৰ কেন্দ্ৰীয় সভাপতি টাইছন হুছেইনে কয়---

28/05/2025

* সদৌ বিটিচি সংখ্যালঘু ছাত্র সন্থা (ABMSU) আৰু বিটিচি ধর্মীয় সংখ্যালঘু পৰিষদ (RMC) ৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমর্মে চিৰাং জিলা এবিএমছু আৰু আৰএমচিৰ যৌথ উদ্যোগত আজি বৰতালোৱাস্থিত জিলা আৰএমচিৰ কাৰ্যালয়ৰ সন্মুখত ২ ঘণ্টীয়া বিক্ষোভ প্রদর্শন।*

অসমত বিদেশীৰ সন্দেহত প্ৰকৃত ভাৰতীয় নাগৰিকৰ ওপৰত প্ৰশাসনে চলাই থকা হাৰাশাস্তি অতিশীঘ্ৰেই বন্ধ কৰাৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰা হয়।

24/05/2025

🔴 টকাৰে চৰকাৰী চাকৰি কিনিব পাৰিনে?
🔴 টকাৰ মূল্য এজন ল'ৰাই কিমান বুজি পাই?
🔴 টকা বিহীন জীৱন কিমান সুখৰ হ'ব পাৰে?
🔴টকাৰে সন্মান কঢ়িয়াই আনিব পাৰে নে?
আজিৰ প্ৰতিবেদনত "টকা বিহীন জীৱন "

24/05/2025

# আকৌ বিটিআৰ অশান্ত হৱ নেকি? #

# কিয় অশান্ত কৰিছে একাংশ উদন্ত হিন্দত্ববাদী যুৱকে মৰেল পুলিচিংৰ ঘটনা? #

# কিয় বৃদ্ধি পাইছে মৰেল পুলিচিং? #

চিৰাং জিলাৰ কাজলগাওঁ আৰক্ষী চকীৰ অৰ্ন্তগত হাশ্ৰাওঁবাৰীত ২২/০৫/২০২৫ ইং তাৰিখে সংগঠিত হয় মৰেল পুলিচৰ ঘটনা।

ছাইদুল আলী আৰু মফিদুল আলী ভন্টিৰ সৈতে নিজ ঘৰ অভিমুখে বেংতল লৈ গৈ থকা অৱস্থাত হাশ্ৰাওঁবাৰীৰ চিলাৰায় ভৱনৰ সম্মুখত কেইজনমান উদণ্ড হিন্দুত্ববাদী যুবকে আগভেটী ধৰি যুৱক দুজনৰ লগতে কণমানি ছোৱালীজনীক নির্মমভাৱে প্ৰহাৰ কৰে।

যোৱা কালি যুৱক দুজনৰ নিজ ঘৰ বেংতলত কানিপুৰ অঞ্চলবাসীৰ লগতে আৰ এম চিৰ চিৰাং জিলাৰ সভাপতি গাজিবৰ ৰহমান নেতৃত্বত দল এটা উপস্থিত হৈ ভূক্তভূগি যুৱক দুজনৰ স্বাস্থ্যৰ বুজ লয়।

বেংতলৰ কানিপুৰ গাঁওৰ সমাজসেৱক জয়নাল আলী আৰু বুলবুল আলী সংবাদ মাধ্যমৰ আগত অভিযোগ উত্থাপিত কৰি কৰি কয় যে হাশ্ৰাওঁবাৰীৰ উদণ্ড যুৱকৰ দলটোৱে ইয়াৰ আগতে এজন যুৱক আৰু এজন মহিলাক হাশ্ৰাওঁবাৰীত আগভেটী ধৰি মটৰ চাইকেল জলোৱাৰ নিচিনা ভয়ংকৰ ঘটনা সংঘটিত কৰি আহিছে।

বেংতলৰ কানিপুৰ গাঁওৰ সমাজসেৱক আৰু আৰ এম চিৰ চিৰাং জিলা সমিতিৰ সভাপতি গাজিবৰ ৰহমান প্ৰশাসনৰ ওচৰত দাবী জনায় কয় যে দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগে।

18/05/2025

*চিৰাঙৰ বৰতালোৱা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।*

২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বাগৰি পৰিল কয়লা ভৰ্তি কন্টেনাৰ।

কথমপি প্ৰাণ ৰক্ষা গাড়ী চালকৰ।

গুৱাহাটী পৰা বিহাৰ অভিমুখে গৈ থকা অৱস্থাত চিৰাঙৰ বৰতালোৱা
২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পৰা বাগৰি পৰিল কয়লা ভৰ্তি কন্টেনাৰ।

চালক জন তথাতিয়াকৈ চিকিৎসালয়ত প্ৰেৰণ কৰে স্থানীয় লোকে।

দুৰ্ঘটনাৰ ফলত জামতলাৰ পৰা বৰপথাৰ লৈ চলাচল কৰা উপ পথ সম্পুৰ্ণ বন্ধ হৈ পৰে।

18/05/2025

ই এম অৰূপ কুমাৰ দেৰ বিৰুদ্ধে কৰা মন্তব্যৰ প্ৰতিবাদ ফকিৰাগ্ৰাম সমষ্টিৰ সংখ্যালঘু ৰাইজৰ ।

ফকিৰাগ্ৰামত বিজেপি'ৰ সংখ্যালঘু মৰ্চাৰ সংবাদমেল ৷

নেমছু'ৰ সভাপতি বদৰুল ইছলামক সকিয়ণী ৷

ফকিৰাগ্ৰাম পৰিষদীয় সমষ্টিৰ প্ৰতিনিধি তথা বিটিআৰৰ ই এম অৰূপ কুমাৰ দেৰ বিৰুদ্ধে নেমছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বদৰুল ইছলামে কৰা মন্তব্যৰ প্ৰতিবাদ জনাইছে ফকিৰাগ্ৰাম পৰিষদীয় ধৰ্মীয় সংখ্যালঘু ৰাইজে। আজি ফকিৰাগ্ৰাম পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বিজেপিৰ সংখ্যালঘু কোষে কয় যে নেমছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বদৰুল ইছলামৰ কথাত সংখ্যালঘু ৰাইজ নচলে। তেওঁ ই এম অৰূপ কুমাৰ দেৰ বিৰুদ্ধে যি মন্তব্য কৰিছে আমি গৰিহণা দিছো।

17/05/2025

বড়োলেণ্ড বিশ্ববিদ্যালয় প্ৰসংগ।
এবিএমছুৰ সভাপতি টাইছন হুছেইনৰ প্ৰতিক্ৰিয়া।

Address

Chirang
Bongaigaon

Website

Alerts

Be the first to know and let us send you an email when Janatar Axom24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share