I Love Manikpur

I Love Manikpur I Love Manikpur

31/08/2026

শিক্ষক দিৱস উপলক্ষে নিন্টু ৰায়ৰ কথাৰে আৰু ধীৰু জুহিৰ কণ্ঠ আৰু সুৰেৰে .."তুমি গুৰু " শীৰ্ষক গীতটো শুভ মুক্তি লাভ কৰিব


# assam Nintu Ray Hemanta Medhi

29/08/2026

📌কোন এইগৰাকী পাকিস্তানৰ প্রেয়সী ??
📌চিলাৰায় গ্ৰাফিক থিয়েটাৰৰ ৰূপালী জয়ন্তী বর্ষৰ মহাআয়োজন
📌যোৱাকালি নাটকৰ আখৰাৰ শুভাৰাম্ভ কৰা হয়

29/08/2026

মাণিকপুৰৰ যুৱ লিখক নিশান্ত বৰ্মনৰ সুন্দৰ ভাষণ -----

সাহিত্যে অকাডেমী আৰু মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত আয়োজন কৰা মুলাকাত অনুষ্ঠানত মাণিকপুৰ ত্যাগৰ ভূমি বুলি নিশান্ত বৰ্মনে উল্লেখ কৰি কয় " মাণিকপুৰ অসমৰ পঞ্চমজনা মহাপুৰুষ হিচাপে খ্যাত কৃষ্ণানন্দদেৱৰ ভূমি, যিয়ে সমগ্ৰ জীৱন মানুহৰ বাবে, সমাজৰ হিতৰ বাবে ত্যাগ কৰিছে, গতিকে মাণিকপুৰৰ মাটিৰ প্ৰতিটো কোণত ত্যাগৰ ইতিহাস লুকাই আছে। "

29/08/2026

🤪সাহিত্য অকাডেমী আৰু মাণিকপুৰ আঞ্চলিক মহাবিদ্যাসয়ৰ অসমীয়া বিভাগৰ উদ্যোগত আয়োজন কৰা হয় "নাৰী চেতনা " আৰু "মুলাকাত " নামৰ দুটি সাহিত্য পাঠ অনুষ্ঠানৰ।

মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি বিশিষ্ট সাহিত্যিক কৰুণাকান্ত ৰায়ে বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে।

অসমৰ বিশিষ্ট লিখক ভৱেশ দাস, বি. এইচ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ভূষণ চন্দ্ৰ পাঠক, আৰু মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ৰবীন জ্যোতি খাটনিয়াৰ শুভ উদ্বোধন অনুষ্ঠানটোত উপস্থিত থাকে।

দুয়োটা অনুষ্ঠানতে অসমৰ যুৱ লিখক সকলে অংশগ্ৰহণ কৰে।
"মুলাকাত অনুষ্ঠানটোত যুৱ লিখক নিশান্ত বৰ্মনে সাহিত্যৰ সৈতে মাণিকপুৰ অঞ্চলৰ সু সম্পৰ্ক ৰ বিষয়ে উপস্থাপন কৰি য় যে, মাণিকপুৰ কৃষ্ণানন্দদেৱৰ ভূমি । যিয়ে গোটেই জীৱন সমাজৰ বাবে ত্যাগ কৰিছে। গতিকে মাণিকপুৰ ত্যাগৰ ভূমি বুলি উল্লেখ কৰে ।

উল্লেখযোগ্য যে, নাৰী চেতনা অনুষ্ঠানটোৰ সঞ্চালনা কৰে বি. এইচ মহাবিদ্যালয়ৰ অধ্যাপিকা ড০ উষা দাস আৰু "মুলাকাত " অনুষ্ঠানটোৰ সঞ্চালনা কৰে ড০ কল্পজ্যোতি ৰায়ে।

অংশগ্ৰহণ কৰে ড০ বনলতা দাস, প্ৰীতিষা গোস্বামী, অনামিকা ৰায়, গীতুমনি তালুকডাৰ, প্ৰতিভা শইকীয়া, নিশান্ত বৰ্মন,নিচিন্ত নাথ , নিৰূপজ্যোতি বৰুৱা, ড০ নৱজিৎ মজুমদাৰ আৰু ধীমান বৰ্মনে।

মাণিকপুৰত বৃদ্ধা মহিলা নিৰুদ্দেশ: সন্ধান পালে যোগাযোগৰ আহ্বান​মাণিকপুৰ, ২৪ আগষ্ট: বঙাইগাঁও জিলাৰ মাণিকপুৰ থানাৰ অন্তৰ্গত...
24/08/2026

মাণিকপুৰত বৃদ্ধা মহিলা নিৰুদ্দেশ: সন্ধান পালে যোগাযোগৰ আহ্বান
​মাণিকপুৰ, ২৪ আগষ্ট: বঙাইগাঁও জিলাৰ মাণিকপুৰ থানাৰ অন্তৰ্গত চকিহালী গোঁসাইপাৰাৰ এগৰাকী বৃদ্ধা মহিলা যোৱা ২৩ আগষ্টৰ পৰা নিৰুদ্দেশ হৈ থকা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিৰুদ্দেশ হোৱা মহিলাগৰাকীৰ নাম পদুমী নাথ (৬১)।
​পৰিয়ালৰ লোকে জনোৱা মতে, ২৩ আগষ্টৰ পৰা মহিলাগৰাকী সন্ধানহীন হৈ আছে আৰু সম্ভাৱ্য সকলো স্থানত বিচাৰ-খোচাৰ কৰাৰ পাছতো বৰ্তমানলৈকে তেওঁৰ কোনো শুংসূত্ৰ পোৱা নাই।
​নিৰুদ্দেশ হোৱা মহিলাগৰাকীৰ বিৱৰণ:
​নাম: পদুমী নাথ
​বয়স: ৬১ বছৰ
​ঠিকনা: চকিহালী গোঁসাইপাৰা, থানা— মাণিকপুৰ
​কোনো সহৃদয় ব্যক্তিয়ে চিত্ৰত দেখা মহিলাগৰাকীৰ সন্ধান পালে নাইবা দেখা পালে ওচৰৰ আৰক্ষী থানা অথবা পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
​যোগাযোগৰ নম্বৰ: 6000855190

20/08/2026

📌হুকহুকাই কান্দিছে গৰিমা গাৰ্গে 😥
📌এখন নাটকে কন্দুৱাইছে জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গক
📌হেঙুল থিয়েটাৰৰ কি এইখন বিশেষ নাটক ??


14/08/2026

মাণিকপুৰত স্বাধীনতা দিৱস উপলক্ষে ত্ৰিৰংগা যাত্ৰা

👉 শিৱসাগৰৰ শিমলুগুৰি অঞ্চলৰ বিভিন্ন গাওঁত Exploricaa society ৰ সদস্য সকলৰ বান সাহায্য বিতৰণ। 👉 সৰু লৰা ছোৱালীৰ কাপোৰ, চা...
11/08/2026

👉 শিৱসাগৰৰ শিমলুগুৰি অঞ্চলৰ বিভিন্ন গাওঁত Exploricaa society ৰ সদস্য সকলৰ বান সাহায্য বিতৰণ।

👉 সৰু লৰা ছোৱালীৰ কাপোৰ, চাদৰ মেখেলা, টিৰপাল, বিস্কুত আদি বিভিন্ন বস্তুৰ সাহায্য বিতৰণ কৰা হয়।

👉 সম্পাদক গুণজিৎ বসুমতাৰী আৰু সদস্য দ্বীপ তালুকডাৰৰ নেতৃত্বত যোৱা দলটিৱে যোৱা কালি সাহায্য বিতৰণ কৰে।

👉 প্ৰয়োজন হলে পুনৰ সহায়ৰ হাত আগবঢ়াব বুলি অনুস্থানটোৰ সঞ্চালক নিশান্ত বৰ্মনে জানিবলৈ দিয়ে।

মাণিকপুৰত থকা AB Dance Studio ৰ উদ্যোগত নৃত্যৰ কৰ্মশালা ত উপস্থিত থাকিব ৰাকেশ কলিতা (গুৱাহাটী ) ।যোগাযোগ কৰক আৰু বুকিং ক...
29/06/2026

মাণিকপুৰত থকা AB Dance Studio ৰ উদ্যোগত নৃত্যৰ কৰ্মশালা ত উপস্থিত থাকিব ৰাকেশ কলিতা (গুৱাহাটী ) ।যোগাযোগ কৰক আৰু বুকিং কৰক ,পাব বিশেষ ৰেহাই ।

28/06/2026

ঢোল বজাই ভাল পোৱা নবদ্বীপ ৰায় আৰু নাই ।মাত্ৰ ১৭ বছৰ বয়সতে ঘটিল অঘটন ।সকলো আজি মৰ্মাহত ।

Address

Manikpur
Bongaigaon
783392

Website

Alerts

Be the first to know and let us send you an email when I Love Manikpur posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share