
14/01/2025
উৰুকাৰ দিনাই সুগায়ক ৰাজীৱ শদিয়াৰ অকাল মৃত্যুৰ বাতৰিয়ে মন সেমেকাই তুলিলে। বিশেষকৈ যেতিয়া জানিব পাৰিলো যে গুণী শিল্পীজন বিভিন্ন ধৰণে আৰ্থিক সংকটত ভোগায়েই নহয় বিভিন্ন মহলৰ দ্বাৰা শোষিত আৰু বঞ্চিতও হৈছিল। অথচ ৰাজীৱ শদিয়াৰ গানৰ সুৰৰ আৰু কথাত মাটিৰ গোন্ধ আৰু শ্ৰমজীৱী মানুহৰ আশা আকাংক্ষা দুখ বেদনা সুন্দৰ ভাৱে ফুটি উঠিছে। সেয়া অসমৰ সংগীতৰ বাবেই সম্পদ। কিন্তু সাংস্কৃতিক জগতখনৰ বাহিৰৰ জল-মলনিৰ আৰঁত আন এখন আন্ধাৰ আৰু বিষাদময় জগতো আছে।
ব্যক্তিগতভাৱে মই ৰাজীৱ শদিয়াক কেতিয়াও লগ পোৱা নাছিলো। চচিয়েল মিডিয়াত বিভিন্নজনৰ মন্তব্য আৰু আবেগিক উক্তিৰ পৰা বুজিব পাৰিছো কি শূণ্যতা এৰি গল নবীন শিল্পীজনে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও ৰাজীৱ শদিয়াৰ অকাল মৃত্যুত শোকপ্ৰকাশ কৰি এটা পোষ্ট দিয়া দেখিলো। আজি পুৱা ভোগালী বিহুৰ শুভেচ্ছা দিয়াৰ লগতে সৰ্বানন্দ সোণোৱালক অনুৰোধ জনালো ৰাজীৱ শদিয়াৰ মৃত্যুৱে নিঃস্ব কৰি যোৱা সৰু পৰিয়ালটোৰ সংস্থানৰ ব্যৱস্থা কৰি দিবলৈ, তেওঁ খুব আন্তৰিকতাৰে সঁহাৰিও দিলে।
মোৰ ফালৰ পৰা মই ৰাজীৱ শদিয়াৰ পৰিয়ালৰ অনুমতি সাপেক্ষে সদ্য পিতৃহাৰা ধৃতিৰাজ (শদিয়া) গগৈৰ পঢ়া-শুনাৰ সকলো দায়িত্ব ল'বলৈ সাজু। স্কুল খুলিলেই মোৰ মানুহে গৈ স্কুল কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিব। কোনে জানে ৰাজীৱ শদিয়াৰ সাত বছৰীয়া সন্তান ধৃতিৰাজ এদিন পিতৃয়ে খোজ দিয়াৰ পথেৰে এগৰাকী সফল শিল্পীও হ'বগৈ। হয়তো পূৰ্ণ কৰিব শিল্পী পিতৃৰ বহু অসম্পূৰ্ণ সপোন, উত্তৰ দিব পিতৃয়ে সন্মুখীন হোৱা বহু বঞ্চনা আৰু যাতনাৰ ।