28/11/2025
মিৰ্জাত জিএনআৰচি হস্পিটেলৰ সৌজন্যত মৃগীৰোগ সম্বন্ধীয় সংজাগতা শিবিৰ সম্পন্ন
: সংবাদ মেল সম্বোধন
নিউজ৭: ৰাজ্যৰ আগশাৰীৰ স্বাস্থ্য সেৱা অনুষ্ঠান জিএনআৰচি হস্পিটেলৰ উদ্যোগত আজি মহানগৰীৰ সমীপৱৰ্তী মিৰ্জাত মৃগীৰোগ সম্বন্ধীয় সজাগতা শিবিৰ অনুষ্ঠিত কৰা হয় ।আজিৰ এই শিবিৰত উপস্থিত থাকি চিকিৎসা লয় খনৰ দিছপুৰ শাখাৰ জ্যেষ্ঠ স্নায়ুৰোগ বিশেষজ্ঞ ডাঃ ৰূপজ্যোতি দাসে সাংবাদিকসকলক সম্বোধি জনায় যে, 'বিশ্বত ৫ কোটিতকৈ অধিক ব্যক্তি মৃগীৰোগত আক্রান্ত, আনহাতে ভাৰতত ১ কোটিতকৈ অধিক লোক মৃগীৰোগত আক্রান্ত। সমীক্ষা মতে, উত্তৰ পূৰ্বাঞ্চলত ৭ লাখ আৰু কেবল অসমতে ৩ লক্ষাধিক লোক মৃগীৰোগত আক্রান্ত হৈছে। জিএনআৰচি হাস্পতালত বিগত ৩০ বছৰ ধৰি ৩১ হাজৰৰো অধিক মৃগীৰোগীক চিকিৎসা কৰা হৈছে। ইয়াৰে ভিতৰত কেৱল কামৰূপ (গ্রাম্য) জিলাতেই ৬০০০ জন ব্যক্তিয়ে জিএনআৰচি হাস্পতালত চিকিৎসা গ্রহণ কৰি আছে। মৃগীৰোগৰ ৪০ টাতকৈও অধিক লক্ষণ আছে। এই লক্ষণসমূহৰ ভিতৰত হঠাতে কঁপনি উঠি অজ্ঞান হৈ পৰিব পাৰে, কোনো ধৰণৰ কঁপনি আদি নুঠাকৈ হঠাতে ঠাইতে জথৰ হৈ পৰিব পাৰে, হঠাতে চকুৰ আগত নানা ধৰণৰ পোহৰ আৰু
বিভিন্ন ধৰণৰ ছবি দেখিব পাবে, জিভাত কামোৰ খাব পাৰে, শৌচ প্রস্রাব নির্গত হ'ব পাৰে, হাত ভবি আচাৰি কেইমিনিট মানৰ বাবে সংজ্ঞাহীন হৈ পৰে, চকু থৰ হৈ কেই চেকেণ্ডমানৰ বাবে সংজ্ঞাহীন হৈ পৰে, মুখেৰে গেঙনি বাহিৰ হয়, লেলারতি ওলায়, স্বাস-প্রশ্বাস অস্বাভাবিক হয়, বক্তচাপৰ লগতে হহৃদগতি বাটে, জিভা কামোৰ খাব পাৰে, হঠাতে গাটো জিকাৰ খাই উঠা, একেথৰে ৰ লাগি চাই থকা, কাণেৰে হঠাতে বিভিন্ন ধৰণৰ শব্দ শুনা আদি। প্রাপ্তবয়স্ক লোকৰ তুলনাত মৃগীৰোগত আক্রান্ত শিশু ৰোগীৰ সংখ্যা বেছি। অর্থাৎ অপৈনত অৱস্থাত মস্তিস্কত এই ৰোগৰ পাৰ্দ্ৰভাৱ বেছি। চিকিৎসকৰ লগতে সৰ্বসাধাৰণ ৰাইজে মুগীৰোগৰ লক্ষণবোৰৰ বিষয়ে সহজতে জানিব পাৰিলে ৰোগীৰ চিকিৎসাও সোনকালে সম্ভৱ হ'ব। সাধাৰণতে ই ই জি পৰীক্ষাৰ দ্বাৰা এই ৰোগ চিনাক্ত কৰিব পাৰি যদিও সকলো চিজাব ই ই জি পৰীক্ষাত ধৰা নপৰিবও পাৰে। যথোপযুক্ত পৰীক্ষা নিৰীক্ষা আৰু সঠিক দৰৱৰ দ্বাৰা ৭০ শতাংশ মৃগীৰোগ নিয়ন্ত্ৰণত ৰাখিব পাৰিব পৰা যায়।