Kunja Devi upadhya page

Kunja Devi upadhya page Literature page

ভাগ্যৰেখা            কুঞ্জ দেবী উপাধ্যায়              শিৱসাগৰ, ডিমৌনিজৰ স'ৰু সংসাৰত সুখ বিছাৰি ফুৰোতেই দেখোন ৰংবোৰ ফিকা ...
02/08/2026

ভাগ্যৰেখা
কুঞ্জ দেবী উপাধ্যায়
শিৱসাগৰ, ডিমৌ

নিজৰ স'ৰু সংসাৰত সুখ বিছাৰি ফুৰোতেই দেখোন ৰংবোৰ ফিকা হৈ গৈছে! লোহাৰ মাজত মামৰৰ সৈতে সংগ্ৰাম কৰি নিজৰ অস্তিত্ব বিষৰ্জন দিয়া সোণৰ দৰেই ভাগ্যৰেখাই কেতিয়াবা ভাগৰ মাৰিবলৈ অকণমান শান্তিপানী বিছাৰি হাত মেলে!
হাতৰ তলুৱাত লাগি থকা সময়ৰ আঁচোৰবোৰলৈ চালে কেতিয়াবা আচৰিত লাগে। এসময়ত যিবোৰ সপোন ৰঙীন পাটৰ শাৰীৰ দৰে জিলিকি আছিল সময়ৰ পাকচক্ৰত পৰি আজি সেয়া যেন শেঁতা পৰি যোৱা এখন উৱলি যোৱা চাদৰহে। বুকুৰ ভিতৰত গুমৰি থকা হুমুনিয়াহবোৰক শব্দৰ ৰূপ দিবলৈকো আজিকালি ভাষাৰ অভাৱ অনুভৱ হয়। জীৱনে যেতিয়াই বেদনাৰ উপহাৰ দিয়ে তেতিয়া লগ দিয়ে নিৰৱতাই।ই খুলি খুলি খাই জীৱনটোক পঙ্গু কৰি পেলায় পোকে খোৱা কাঠৰ খিৰিকীৰ দৰে।
নৈৰ পাৰৰ সেই নিৰ্জন বেঞ্চখনত অকলশৰে বহি দিগন্তলৈ চাই পঠিয়ালে মনলৈ আহে— সময়ৰ সোঁতত উটি যোৱা সেই ৰংবোৰক আকৌ ঘূৰাই অনাৰ কিবা উপায় আছেনে?
হয়তো নাই। সেয়েহে আজিকালি কেৱল নিস্তব্ধতাই প্ৰকৃত সংগী হৈ পৰিছে। মুকলি ঘাঁহনিডৰাৰ মাজেৰে বৈ অহা বতাহজাকে কঢ়িয়াই অনা সেমেকা গোন্ধটোৱে যেন বুকুৰ কোনোবা এক অজান কোণত জীপ দি যায়।
জীৱনৰ হিচাপ-নিকাচবোৰ মিলাবলৈ গৈ মুখৰ পৰা কৃত্ৰিমতাৰ আৱৰণখন একেবাৰেই খহি পৰিল। আইনাত নিজৰ মুখখন চালে আজিকালি কোনো মিছা বা বলপূৰ্বক হাঁহি দেখা নাযায়, দেখা পাওঁ কেৱল এক ক্লান্ত, অথচ অপৰিৱৰ্তিত প্ৰতিচ্ছবি, য'ত জীৱনৰ কঠিন বাস্তৱৰ সৈতে যুঁজি ভাগৰি পৰা এক নিৰাভৰণ সত্তা ফুটি উঠে। কোঠাৰ এচুকত জ্বলি থকা বাল্বটোৰ শেঁতা পোহৰত নিজৰ ছাঁটোকো আজিকালি অচিনাকি যেন লাগে।
তথাপিও, উশাহবোৰ চলি আছে,হয়তু বহুত দিন চলি থাকিব, নতুবা কোনোবা পলকত স্তব্ধহৈ পৰিব! বৈ থকা নৈখনৰ দৰেই নিৰৱে, নিৰৱচ্ছিন্নভাৱে,আশাতীতকল্পনাৰমাজেৰে। শিলত খুন্দা খাই যিদৰে নৈৰ পানীয়ে নিজৰ বাট বিচাৰি লয়, ঠিক তেনেকৈয়ে এই মামৰ ধৰা লোহাৰ অৰণ্যত নিজৰ হেৰোৱা অস্তিত্বক বিচাৰি পোৱাটো জানো সহজ!জটিল অঙ্কবোৰ সমাধান কৰিব নোৱাৰি বাদ দিব লগা সমীকৰণৰ দৰেই।
আশাও এটা জটিল অঙ্ক।
ৰাতিপুৱাৰ সূৰ্যটোৱে যেতিয়া নতুন পোহৰৰ বতৰা কঢ়িয়াই আনে, তেতিয়া আকৌ এক ক্ষীণ আশা জাগি উঠে। হয়তো এদিন এই মামৰ গুচি সোণৰ প্ৰকৃত জিলিকনি ওলাই পৰিব। সেই অকণমান শান্তিপানীৰ আশাতেই একো সলনি নোহোৱা নিজৰ সেই একেই পৰিচিত সত্তাটো লৈ আকৌ খোজ দিওঁ অহা কালিলৈৰ বুকুত।কোনে জানে সংহাৰী বাণ কিম্বা ভূমিকম্পৰ কঁপনিত কেতিয়া ক'ত হেৰাই যাম!
প্ৰকৃতি যিমান উদাৰ,সিমানেই নিষ্ঠুৰ ।মৰমৰ ভাষা বুজি নাপাই। যেতিয়াই নিজৰ অহংকাৰী চৰিত্ৰ দেখুৱাব বিছাৰে তেতিয়াই তহিলং কৰে একো একোখন অঞ্চল, নিৰপৰাধী জীৱ আৰু দুঠেঙীয়াৰ দম্ভ।
শিৱসাগৰৰ বিহুবৰ নেপালীখুটীৰ সেই নিমাখিত গৰুবোৰ,মানুহ আৰু ঘৰ দুৱাৰ উটুৱাই তাণ্ডৱ ৰচি ৰং পোৱা প্ৰকৃতিক পূজা কৰা আমিবোৰ একো একোটা বহুৱা মাথোন।নিজৰ বুলিবলৈ একোৱেই নাই আমাৰ। আছে কিছু প্ৰবৃত্তি,তাকে লৈ অহৰহ অহংকাৰ কৰোঁ।
ভাগ্য ৰেখা সলাই পেলোৱা পৰিকল্পনাৰ অপৰিপক্ক খেলুৱৈ মানুহ।ৰং কেতিয়া হেৰাই কোনেও নাজানে,তথাপিও সকলোৰে প্ৰিয় জীৱনৰ ৰং।মৃত্যুৰ সুলভ বজাৰত এতিয়া কৃত্ৰিম ৰঙৰ পয়োভৰ,ভাগ্য ৰেখা অঙ্কণ কৰিবলৈ।

কণমনি নৃত্য  দলৰ সৈতে
03/07/2026

কণমনি নৃত্য দলৰ সৈতে

03/07/2026
2July ,Haribhakta katuwal jayanti celebration program  At Sapekhati
03/07/2026

2July ,Haribhakta katuwal jayanti celebration program At Sapekhati

24/06/2026
24/06/2026

जब प्राप्त चिज भी हाथ नहीं लगती तो जो नही मिलने वाला है उसका आशा क्यौ?

24/06/2026

हर तरफ अंधेरा छाया है।उजाले का तलाश करना छोड़ दिया मैने!

19/06/2026

কিশোৰীসকলৰ ওপৰত হোৱা পাশৱিকতা বা নিৰ্যাতন কেৱল এটা বিচ্ছিন্ন ঘটনা নহয়, ই এক গভীৰ সামাজিক ব্যাধি। ইয়াৰ আঁৰত বহুতো জটিল সামাজিক, মানসিক, আইনী আৰু পাৰিপাৰ্শ্বিক কাৰণ নিহিত হৈ থাকে।
সমাজত নৈতিক মূল্যবোধৰ অৱক্ষয় আৰু অপৰাধীৰ বিকৃত মানসিকতা ইয়াৰ অন্যতম প্ৰধান কাৰণ।
লিংগ বৈষম্য, পাৰস্পৰিক সন্মান আৰু যৌন শিক্ষাৰ অভাৱৰ বাবে বহুক্ষেত্ৰত কিশোৰীসকলক ভোগ্যবস্তু হিচাপে চোৱাৰ মানসিকতা গঢ়ি উঠে আৰুप প্ৰলোভনৰ জৰিয়তে সিহঁতৰ ওপৰত পাশৱিক কাৰ্য্যত লিপ্ত হৈ পৰে এচাম নীচ প্ৰকৃতিৰ পিশাচ
সমাজৰ একাংশ লোকৰ মাজত থকা পুৰুষতান্ত্ৰিক অহংবোধ আৰু নাৰীক দুৰ্বল বুলি ভবা মানসিকতাই এই ধৰণৰ অপৰাধক প্ৰশ্ৰয় দিয়ে। শাৰিৰীক গঠনৰ ফালৰ পৰা নাৰী পুৰুষৰ তুলনাত কিছু দুৰ্বল। সেই সুযোগ গ্ৰহণ কৰে এচাম অহৌবলিয়া পুৰুষে। কিশোৰীসকল শাৰীৰিক আৰু মানসিকভাৱে প্ৰাপ্তবয়স্কসকলতকৈ অধিক সংবেদনশীল আৰু সৰল হয়। এই দুৰ্বলতাৰ সুযোগ লৈ অপৰাধীয়ে তেওঁলোকক সহজে লক্ষ্য কৰি লয়।
ডিজিটেল মাধ্যম আৰু ইণ্টাৰনেটৰ অপব্যৱহাৰ কিশোৰী নিৰ্যাতিত হোৱাৰ এটা উল্লেখযোগ্য কাৰণ।
ইণ্টাৰনেটত সহজে উপলব্ধ হোৱা অশ্লীল বা হিংসাত্মক সমলে বিশেষকৈ কিশোৰ আৰু যুৱকসকলৰ মনস্তত্ত্বত বিৰূপ প্ৰভাৱ পেলায়।অপৈণত চিন্তাৰ কবলত সিহঁতে কেতিয়াবা হিতাহিত জ্ঞান হেৰুৱাই বিপথে পৰিচালিত হয়।
চাইবাৰ অপৰাধী বা দুষ্কৃতিকাৰীয়ে ভুৱা পৰিচয়েৰে কিশোৰীসকলক আৱেগিকভাৱে প্ৰলোভিত কৰি পাছত ব্লেকমেইলিং বা নিৰ্যাতনৰ বলি কৰে।
আইনী প্ৰক্ৰিয়াৰ লেহেমীয়া গতি আৰু ভয়ৰ অভাৱো এটা কাৰণ ।
অপৰাধৰ শাস্তি লাভৰ ক্ষেত্ৰত হোৱা বিলম্বই অপৰাধীক অধিক সাহসী কৰি তোলে।
বহু সময়ত সামাজিক মৰ্যাদা বা লোকলজ্জাৰ ভয়ত ভুক্তভোগীৰ পৰিয়ালে গোচৰ তৰিবলৈ কুণ্ঠাবোধ কৰে, যাৰ ফলত অপৰাধী সাৰি যায়।
অভিভাৱকত্বৰ শিথিলতা ব্যস্ততা বা অন্য কাৰণত সন্তানৰ গতি-বিধি, সংগ বা মানসিক পৰিৱৰ্তনৰ ওপৰত চকু ৰাখিব নোৱাৰিলে কিশোৰীসকল বিপদৰ মুখত পৰাৰ সম্ভাৱনা বাঢ়ি যায়।
সুৰক্ষিত যাতায়াত ব্যৱস্থাৰ অভাৱ বা নিৰ্জন ঠাইসমূহত পৰ্যাপ্ত পোহৰ বা চিচিটিভি নথকাৰ সুযোগো অপৰাধীয়ে গ্ৰহণ কৰে।

এই ব্যাধি দূৰ কৰিবলৈ হ’লে কঠোৰ আইনী ব্যৱস্থা ,ক্ষিপ্ৰ বিচাৰ প্ৰক্ৰিয়া, পৰিয়াল আৰু শিক্ষানুষ্ঠানত নৈতিক শিক্ষাৰ প্ৰসাৰ, আৰু কিশোৰীসকলক আত্মৰক্ষাৰ বাবে সজাগ ও শক্তিশালী কৰি তোলাটো অত্যন্ত জৰুৰী।
শেহতীয়াকৈ তেজপুৰৰ ওচৰৰ নাবালিকাক নিৰ্যাতন কৰি মৃত্যুক আকোঁৱালী লবলৈ বাধ্য কৰোৱা দুৰ্বৃত্তই যাতে কোনো কাৰণত সাৰি যাব নোৱাৰে তাৰ ওপৰত গুৰুত্ব দিবলৈ চৰকাৰী পক্ষক অনুৰোধ জনালোঁ

Address

37 National Highway
Sibsagar

Alerts

Be the first to know and let us send you an email when Kunja Devi upadhya page posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Kunja Devi upadhya page:

Shortcuts

Share