02/08/2026
ভাগ্যৰেখা
কুঞ্জ দেবী উপাধ্যায়
শিৱসাগৰ, ডিমৌ
নিজৰ স'ৰু সংসাৰত সুখ বিছাৰি ফুৰোতেই দেখোন ৰংবোৰ ফিকা হৈ গৈছে! লোহাৰ মাজত মামৰৰ সৈতে সংগ্ৰাম কৰি নিজৰ অস্তিত্ব বিষৰ্জন দিয়া সোণৰ দৰেই ভাগ্যৰেখাই কেতিয়াবা ভাগৰ মাৰিবলৈ অকণমান শান্তিপানী বিছাৰি হাত মেলে!
হাতৰ তলুৱাত লাগি থকা সময়ৰ আঁচোৰবোৰলৈ চালে কেতিয়াবা আচৰিত লাগে। এসময়ত যিবোৰ সপোন ৰঙীন পাটৰ শাৰীৰ দৰে জিলিকি আছিল সময়ৰ পাকচক্ৰত পৰি আজি সেয়া যেন শেঁতা পৰি যোৱা এখন উৱলি যোৱা চাদৰহে। বুকুৰ ভিতৰত গুমৰি থকা হুমুনিয়াহবোৰক শব্দৰ ৰূপ দিবলৈকো আজিকালি ভাষাৰ অভাৱ অনুভৱ হয়। জীৱনে যেতিয়াই বেদনাৰ উপহাৰ দিয়ে তেতিয়া লগ দিয়ে নিৰৱতাই।ই খুলি খুলি খাই জীৱনটোক পঙ্গু কৰি পেলায় পোকে খোৱা কাঠৰ খিৰিকীৰ দৰে।
নৈৰ পাৰৰ সেই নিৰ্জন বেঞ্চখনত অকলশৰে বহি দিগন্তলৈ চাই পঠিয়ালে মনলৈ আহে— সময়ৰ সোঁতত উটি যোৱা সেই ৰংবোৰক আকৌ ঘূৰাই অনাৰ কিবা উপায় আছেনে?
হয়তো নাই। সেয়েহে আজিকালি কেৱল নিস্তব্ধতাই প্ৰকৃত সংগী হৈ পৰিছে। মুকলি ঘাঁহনিডৰাৰ মাজেৰে বৈ অহা বতাহজাকে কঢ়িয়াই অনা সেমেকা গোন্ধটোৱে যেন বুকুৰ কোনোবা এক অজান কোণত জীপ দি যায়।
জীৱনৰ হিচাপ-নিকাচবোৰ মিলাবলৈ গৈ মুখৰ পৰা কৃত্ৰিমতাৰ আৱৰণখন একেবাৰেই খহি পৰিল। আইনাত নিজৰ মুখখন চালে আজিকালি কোনো মিছা বা বলপূৰ্বক হাঁহি দেখা নাযায়, দেখা পাওঁ কেৱল এক ক্লান্ত, অথচ অপৰিৱৰ্তিত প্ৰতিচ্ছবি, য'ত জীৱনৰ কঠিন বাস্তৱৰ সৈতে যুঁজি ভাগৰি পৰা এক নিৰাভৰণ সত্তা ফুটি উঠে। কোঠাৰ এচুকত জ্বলি থকা বাল্বটোৰ শেঁতা পোহৰত নিজৰ ছাঁটোকো আজিকালি অচিনাকি যেন লাগে।
তথাপিও, উশাহবোৰ চলি আছে,হয়তু বহুত দিন চলি থাকিব, নতুবা কোনোবা পলকত স্তব্ধহৈ পৰিব! বৈ থকা নৈখনৰ দৰেই নিৰৱে, নিৰৱচ্ছিন্নভাৱে,আশাতীতকল্পনাৰমাজেৰে। শিলত খুন্দা খাই যিদৰে নৈৰ পানীয়ে নিজৰ বাট বিচাৰি লয়, ঠিক তেনেকৈয়ে এই মামৰ ধৰা লোহাৰ অৰণ্যত নিজৰ হেৰোৱা অস্তিত্বক বিচাৰি পোৱাটো জানো সহজ!জটিল অঙ্কবোৰ সমাধান কৰিব নোৱাৰি বাদ দিব লগা সমীকৰণৰ দৰেই।
আশাও এটা জটিল অঙ্ক।
ৰাতিপুৱাৰ সূৰ্যটোৱে যেতিয়া নতুন পোহৰৰ বতৰা কঢ়িয়াই আনে, তেতিয়া আকৌ এক ক্ষীণ আশা জাগি উঠে। হয়তো এদিন এই মামৰ গুচি সোণৰ প্ৰকৃত জিলিকনি ওলাই পৰিব। সেই অকণমান শান্তিপানীৰ আশাতেই একো সলনি নোহোৱা নিজৰ সেই একেই পৰিচিত সত্তাটো লৈ আকৌ খোজ দিওঁ অহা কালিলৈৰ বুকুত।কোনে জানে সংহাৰী বাণ কিম্বা ভূমিকম্পৰ কঁপনিত কেতিয়া ক'ত হেৰাই যাম!
প্ৰকৃতি যিমান উদাৰ,সিমানেই নিষ্ঠুৰ ।মৰমৰ ভাষা বুজি নাপাই। যেতিয়াই নিজৰ অহংকাৰী চৰিত্ৰ দেখুৱাব বিছাৰে তেতিয়াই তহিলং কৰে একো একোখন অঞ্চল, নিৰপৰাধী জীৱ আৰু দুঠেঙীয়াৰ দম্ভ।
শিৱসাগৰৰ বিহুবৰ নেপালীখুটীৰ সেই নিমাখিত গৰুবোৰ,মানুহ আৰু ঘৰ দুৱাৰ উটুৱাই তাণ্ডৱ ৰচি ৰং পোৱা প্ৰকৃতিক পূজা কৰা আমিবোৰ একো একোটা বহুৱা মাথোন।নিজৰ বুলিবলৈ একোৱেই নাই আমাৰ। আছে কিছু প্ৰবৃত্তি,তাকে লৈ অহৰহ অহংকাৰ কৰোঁ।
ভাগ্য ৰেখা সলাই পেলোৱা পৰিকল্পনাৰ অপৰিপক্ক খেলুৱৈ মানুহ।ৰং কেতিয়া হেৰাই কোনেও নাজানে,তথাপিও সকলোৰে প্ৰিয় জীৱনৰ ৰং।মৃত্যুৰ সুলভ বজাৰত এতিয়া কৃত্ৰিম ৰঙৰ পয়োভৰ,ভাগ্য ৰেখা অঙ্কণ কৰিবলৈ।