Talsibari gaon

Talsibari gaon জিলা : গোলাঘাট, থানা: দেৰগাঁও , ডাক: নাককাটি (বাদুলিপাৰ) ব্ৰহ্মপুত্ৰ

আমাৰ অসম , অসম আদিত্য আৰু খবৰ‌ কাকতত আমাৰ প্ৰতিযোগিতা খনৰ বাতৰি প্ৰকাশ।
02/04/2026

আমাৰ অসম , অসম আদিত্য আৰু খবৰ‌ কাকতত আমাৰ প্ৰতিযোগিতা খনৰ বাতৰি প্ৰকাশ।

নাককাটি ত্ৰিৱেণী যুৱক সংঘৰ আন্তৰিক উদ্যোগত আৰু  তালচীবাৰী ও বাহাদুৰ ভেটি ৰাইজৰ সহযোগত এখনি তিনি দিনীয়া কাৰ্যসূচীৰে  অনু...
01/04/2026

নাককাটি ত্ৰিৱেণী যুৱক সংঘৰ আন্তৰিক উদ্যোগত আৰু তালচীবাৰী ও বাহাদুৰ ভেটি ৰাইজৰ সহযোগত এখনি তিনি দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা প্ৰাণৰ‌ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণি প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতা সামৰণি পৰে। বৃহত্তৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ অতি ভিতৰুৱা বানে গৰকা এটা অঞ্চলত এনে এখন প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে উপস্হিত ৰাইজে ত্ৰিৱেণী যুৱক সংঘৰ‌ এনে প্ৰচেষ্টাক সমৰ্থন আৰু শলাগ জনাই । ৰাইজৰ অভূতপূৰ্ব সঁহাৰিয়ে খেল খন অধিক আকৰ্ষণীয় হয় । খেল খনত প্ৰায় ২৫ তাত কৈয়ো অধিক দলে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতা খনৰ চূড়ান্ত খেলখন থাৰ্ণ্ডৰচ একাদশ বনাম নিতু একাদশৰ মাজত হয় । থাৰ্ণ্ডৰচ একাদশে ৫ অভাৰত ১৩২ ৰাণৰ লক্ষ্য বান্ধি দিয়ে য'ত ‌নিতু‌ একাদশে মাত্ৰ ৮৯ ৰাণতে থমকি ৰয় ।‌ খেলখনত ধাৰাভাষ্যকাৰ হিচাপে ৰাহুল দাসে (দাদা) অধিক আকৰ্ষণীয় কৰি তোলে।‌




Talsibari gaon
তালচিবাৰী গাওঁ

নাককাটি ত্ৰিৱেণী যুৱ সংঘৰ উদ্যোগত আৰু নাককাটি তালচীবাৰী ও বাহাদুৰ ভেটি গাঁৱৰ ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা প্ৰাইজমানি ক্ৰিক...
28/03/2026

নাককাটি ত্ৰিৱেণী যুৱ সংঘৰ উদ্যোগত আৰু নাককাটি তালচীবাৰী ও বাহাদুৰ ভেটি গাঁৱৰ ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতা আজি প্ৰথমটো দিন । প্ৰথম দিনটোত আমাৰ মাজৰ পৰা অকালতে হেৰাই যোৱা প্ৰাণৰ শিল্পী গৰাকীৰ শ্ৰদ্ধাঞ্জলি জনোৱা হয় লগতে গাৱৰ বহু কেইজন বয়োজ্যেষ্ঠ ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় । প্ৰতিযোগিতা খনৰ শুভাৰম্ভণি খেল খন‌ গাঁৱৰে দুটা টিমৰ দ্বাৰা খেলোৱা হয় । লগতে অঞ্চলটোৰ বহু কেইটা ক্ৰিকেট টিমে আজিৰ দিনটোত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰে।
কালিলৈ পুৱা ১০ বজাৰ পৰা পুনৰ খেল আৰম্ভ হ'ব। সকলোৰে উপস্থিতি কামনা কৰিলোঁ ।
জয়তু নাককাটি ত্ৰিৱেণী যুৱ সংঘ‌🙏🏻❤️
জয়তু তালচীবাৰী গাঁও ❤️🙏🏻
জয়তু বাহাদুৰ ভেটি ❤️🙏🏻


Talsibari gaon
তালচিবাৰী গাওঁ

নাককাটি ত্ৰিৱেণী যুৱ সংঘৰ উদ্যোগত আৰু নাককাটি তালচীবাৰী ও বাহাদুৰ ভেটি গাঁৱৰ ৰাইজৰ সহযোগত হিয়াৰ আমঠু জুবিন গাৰ্গৰ সোঁৱৰ...
13/03/2026

নাককাটি ত্ৰিৱেণী যুৱ সংঘৰ উদ্যোগত আৰু নাককাটি তালচীবাৰী ও বাহাদুৰ ভেটি গাঁৱৰ ৰাইজৰ সহযোগত হিয়াৰ আমঠু জুবিন গাৰ্গৰ সোঁৱৰণত এখনি প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে । সকলোৰে উপস্থিতি কামনা কৰিলোঁ লগতে আপোনাৰ ক্ৰিকেট দলটিক আমন্ত্ৰণ জনালোঁ।
সহান: নাককাটি তালচীবাৰী গাঁও
( ২৬ নং নাককাটি প্ৰাথমিক বিদ্যালয়ৰ সমীপত) ।
দিনাংক: ২৮/২৯/৩০ মাৰ্চ , ২০২৬ চন ।

Talsibari gaon
তালচিবাৰী গাওঁ
❤️✊🏻

05/03/2026

ফল্গূৎসৱ বিশেষ ❤️🫟
Talsibari gaon
তালচিবাৰী গাওঁ

ভোগালী বিহুৰ উপলক্ষে ভাগ্য পৰীক্ষাৰ ফলাফল  ১ম পুৰস্কাৰ:  দিলীপ দাস ( কুৰুৱাবাহী)২য় পুৰস্কাৰ: ৰিনা বৰুৱা (‌তালচীবাৰী গাও...
16/01/2026

ভোগালী বিহুৰ উপলক্ষে ভাগ্য পৰীক্ষাৰ ফলাফল
১ম পুৰস্কাৰ: দিলীপ দাস ( কুৰুৱাবাহী)
২য় পুৰস্কাৰ: ৰিনা বৰুৱা (‌তালচীবাৰী গাওঁ)
৩য় পুৰস্কাৰ: হীৰ বৰুৱা (‌তালচীবাৰী গাওঁ)
৪ ৰ্থ পুৰস্কাৰ: দ্বীপেন বৰা ( বকুলি গাঁও)
৫ম পুৰস্কাৰ: চুইটি ফুকন ( খকন্দগুৰি গাঁও)
৬ ষ্ঠ পুৰস্কাৰ: অমৃত সেনাপতি ( নাচনীপাৰ গাঁও)

ভোগালী বিহুৰ উপলক্ষে ভাগ্য পৰীক্ষা ❤️🤩( অনলাইন টিকট উপলব্ধ যোগাযোগ কৰিব পাৰে )  Talsibari gaon তালচিবাৰী গাওঁ
27/12/2025

ভোগালী বিহুৰ উপলক্ষে ভাগ্য পৰীক্ষা ❤️🤩
( অনলাইন টিকট উপলব্ধ যোগাযোগ কৰিব পাৰে )

Talsibari gaon
তালচিবাৰী গাওঁ

ত্ৰিৱেণী যুৱ সংঘৰ উদ্যোগত নাক কাটি তালচিবাৰী আৰু বাহাদুৰ ভেটি গাঁৱৰ সহযোগত ২৬ নং নাক- কাটি প্ৰাথমিক বিদ্যালয়ৰ প্ৰাঙ্গনত...
19/11/2025

ত্ৰিৱেণী যুৱ সংঘৰ উদ্যোগত
নাক কাটি তালচিবাৰী আৰু বাহাদুৰ ভেটি গাঁৱৰ সহযোগত ২৬ নং নাক- কাটি প্ৰাথমিক বিদ্যালয়ৰ প্ৰাঙ্গনত জুবিন গাৰ্গ দেৱৰ ৫৩ সংখ্যক উপজা দিন পালন কৰা হয়। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি নাহৰ ৰোপন কাৰ্যসূচী লোৱা হয়। নাহৰ ৰোপণ কাৰ্যসূচীত ভাগ লয় গোলাঘাট জিলাৰ প্ৰকৃতি কন্যা ৰূপে খ্যাত তামান্না সাণ্ডিল্য ( খুচী ) য়ে । লগতে প্ৰায় ২০০ ৰো অধিক ছাত্ৰ - ছাত্ৰীয়ে চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ উপৰিও স্হানীয় কেইবাগৰাকীও শিল্পীয়ে প্ৰদৰ্শনীমূলক নৃত্য - গীত অনুষ্ঠানত অংশগ্ৰহণ কৰে । প্ৰতিযোগিতাৰ‌ স্হানপ্ৰাপ্ত সকলক মানপত্ৰ,কিতাপ,বহী,কলম, লগতে একোটাকৈ নাহৰ পুলি প্ৰদান কৰা ওপৰিও অংশগ্ৰহণ কৰা প্ৰতিগৰাকীকে একোটাকৈ কলম আৰু প্ৰসংশা পত্ৰ প্ৰদান কৰা হয়। এই অনুষ্ঠানতে আমন্ত্ৰিত শিল্পী অৰ্ণৱ বৰপূজাৰী, ভাস্কৰ প্ৰিয়ম আৰু কৰিশ্মা বৰায়ে জুবিন দাৰ গীত আৰু নৃত্য পৰিৱেশন কৰে । অনুষ্ঠানত উপস্থিত থাকে । নাক - কাটি তিনি চুকি মধ্য ইংৰাজী বিদ্যালয়ৰ শ্ৰীযুত ভবেন বৰপূজাৰী উপৰিও বিদ্যালয়ৰ সহ শিক্ষকসকল , ২৬ নং নাককাটি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰাজীৱ লইং , সহ শিক্ষয়িত্ৰী প্ৰণামী হাজৰিকা, অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক যতীন্দ্ৰ নাথ পূজাৰী , গাওঁ প্ৰধান পুতুল সেনাপতি, আদি ভালে কেইগৰাকী বিশিষ্ট ব্যক্তি। অনুষ্ঠানৰ শেষত সকলোৱে মায়াবিনি গীতেৰে অনুষ্ঠান ভাগ সমাৰণি কৰে ।
Talsibari gaon
তালচিবাৰী গাওঁ
Diganta Sarma

এইখনি গাঁও বুকুৰ আপোন ইয়াতে দেখোঁ নতুন সপোন... ❤️Talsibari gaon তালচিবাৰী গাওঁ
09/11/2025

এইখনি গাঁও বুকুৰ আপোন
ইয়াতে দেখোঁ নতুন সপোন... ❤️

Talsibari gaon
তালচিবাৰী গাওঁ

নাহৰ ৰোপণ কাৰ্যসূচী বিশেষ 🌱💚Talsibari gaon তালচিবাৰী গাওঁ Diganta Sarma
08/11/2025

নাহৰ ৰোপণ কাৰ্যসূচী বিশেষ 🌱💚
Talsibari gaon
তালচিবাৰী গাওঁ
Diganta Sarma

06/11/2025
জুবিন অনুৰাগীৰ উপস্হিতি কামনাৰে...Talsibari gaonতালচিবাৰী গাওঁ
04/11/2025

জুবিন অনুৰাগীৰ উপস্হিতি কামনাৰে...
Talsibari gaon
তালচিবাৰী গাওঁ

Address

Talsibari Gaon
Dergaon
785611

Alerts

Be the first to know and let us send you an email when Talsibari gaon posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Talsibari gaon:

Share