10/05/2026
🙂↕️নাৰ্ছিছিষ্ট জীৱনসংগীৰ ভয়ংকৰ দিশ এনে জীৱনসংগী শত্ৰুৰ জীৱনলৈও যেন নাহক।
কি হ'য় এই #নাৰ্ছিছিষ্ট ?
নাৰ্ছিছিষ্ট (Narcissist) ৰোগত আক্ৰান্ত জীৱনসংগীৰ ভয়ংকৰ দিশটো হ’ল— তেওঁলোকৰ মনত নিজৰ জীৱনসংগীৰ প্ৰতি কোনো দয়া-মমতা নাথাকে।
যদি আপুনি এনে এজন/এজনী জীৱনসংগী পায়, যি নাৰ্ছিছিষ্ট ব্যক্তিত্বৰ অধিকাৰী, তেন্তে জানিব যে তেওঁলোকৰ ভিতৰত আপোনাৰ বাবে কোনো সহানুভূতিয়ে কাম নকৰে।
যেতিয়া আপুনি এনে এজন মানুহক বুজাবলৈ চেষ্টা কৰে, তেওঁৰ যত্ন লয়, #সন্মান কৰে আৰু তেওঁৰ প্ৰতিটো কথা আখৰে আখৰে পালন কৰি তেওঁৰ পিছ নেৰে— তেতিয়া তেওঁলোকে যিহেতু নিজক বহুত বা শ্ৰেষ্ঠ বুলি ভাবে, তেওঁলোকে ভাবে যে আপুনি কৰা এইবোৰ কাম তেওঁলোকৰ প্রাপ্য।
এয়া খুবেই স্বাভাৱিক বুলি তেওঁলোকে ধৰি লয়। তেওঁলোকৰ ভিতৰত এনে এক ভয়ংকৰ আত্মবিশ্বাস থাকে।
সেয়েহে, এনে ধৰণৰ জীৱনসংগীক আপুনি কেতিয়াও সলনি কৰিব নোৱাৰে। তেওঁলোকক সলনি কৰিবলৈ গ’লে ওলোটাই আপুনিহে তেওঁলোকৰ দৰে হৈ পৰিব। আপুনি আপোনাৰ #মানসিক শান্তি হেৰুৱাব, আত্মবিশ্বাস হেৰুৱাই পেলাব আৰু আপোনাৰ সকলো প্ৰেৰণা (motivation) হেৰাই যাব। আপুনি আন মানুহক বিশ্বাস কৰিব নোৱাৰা হৈ পৰিব আৰু নতুন কোনো সম্পৰ্কত সোমাবলৈ ভয় কৰিব। এনে মানুহৰ লগত থাকোঁতে থাকোঁতে আপুনি ভিতৰৰ পৰা সম্পূৰ্ণৰূপে ভাঙি পৰিব।
যদি আপোনাৰ জীৱনত এনে জীৱনসংগী আছে, তেন্তে সময় থাকোঁতেই তেওঁক চিকিৎসকক দেখুৱাবলৈ কওক, নহ’লে নিজৰ মংগলৰ বাবে তেওঁক জীৱনৰ পৰা বিদায় দিয়ক। ২০-২৫ বছৰৰ তলৰ বয়স হ’লে ভাল হোৱাৰ সম্ভাৱনা থাকে; কিন্তু ৩০-৪০ বছৰ পাৰ হৈ গ’লে তেওঁলোকক সুযোগ দিও কোনো লাভ নাই। তেওঁলোক গোটেই জীৱন এনেকুৱাই হৈ থাকিব। তেওঁলোকৰ মনত জীৱনসংগীৰ প্ৰতি কেতিয়াও মায়া-মমতা নাথাকে আৰু তেওঁলোকে আপোনাক কেতিয়াও আন্তৰিকতাৰে ভাল পাব নোৱাৰে। তেওঁলোক নিজৰ দৰেই থাকিব— কাৰণ সলনি হোৱাৰ বাবে যি অনুভূতিৰ প্ৰয়োজন, সেয়া তেওঁলোকৰ মাজত কামেই নকৰে।
সৰু সৰু কথাতে আপোনাক মানসিক,শাৰীৰিক আঘাত কৰিব।
সৰু সৰু কথাতে আপোনাৰ লগত কাজিয়া কৰিব তাতকৈ ডাঙৰ সৰু সৰু কথাতে সন্দেহ কৰিব যদি আপুনি কোনো আত্মীয়ৰ লগতো কথা পাতে তেওঁ আপোনাক শাৰীৰিক,মানসিক অত্যাচাৰ কৰিব।
#নাৰ্ছিছিষ্টিক পাৰ্চনেলিটি ডিছঅৰ্ডাৰ থকা লোকৰ সৈতে সম্পৰ্কত থকাটো সঁচাকৈয়ে অতি যন্ত্ৰণাদায়ক আৰু মানসিকভাৱে ভাগৰুৱা হোৱা কাম।
এনে ক্ষেত্ৰত আপুনি কি কৰিব?
(১)'গ্ৰে ৰক' (Grey Rock) পদ্ধতি ব্যৱহাৰ কৰক-
যদি আপুনি তেওঁৰ সৈতে একেলগে থাকিবলগীয়া হৈছে, তেন্তে আপোনাৰ আৱেগবোৰ তেওঁৰ আগত প্ৰকাশ নকৰিব। তেওঁলোকে আপোনাৰ প্ৰতিক্ৰিয়া (খং বা কান্দোন) দেখি আনন্দ পায়। শিলৰ দৰে নিৰ্জীৱ আৰু নিৰুত্তাপ হৈ থাকিলে তেওঁলোকে আপোনাক আমনি কৰি আমোদ নোপোৱা হ'ব।
(২)সীমা নিৰ্ধাৰণ কৰক (Set Boundaries)
তেওঁক স্পষ্টকৈ জনাওক যে কেনে ধৰণৰ ব্যৱহাৰ আপুনি সহ্য নকৰে। যদিও তেওঁলোকে সীমা উলংঘা কৰিবলৈ চেষ্টা কৰিব, তথাপিও আপুনি নিজৰ সিদ্ধান্তত অটল থকাটো জৰুৰী।
(৩) নিজৰ মানসিক স্বাস্থ্যৰ যত্ন লওক:-
নাৰ্ছিছিষ্ট লোকে প্ৰায়ে 'গ্যাছলাইটিং' (Gaslighting) কৰে, যাৰ ফলত আপুনি নিজৰ ওপৰতে সন্দেহ কৰিবলৈ আৰম্ভ কৰে। সেয়েহে,
এজন মনোবিজ্ঞানী বা কাউন্সিলৰৰ সহায় লওক।
বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ সৈতে যোগাযোগ ৰাখক যাতে আপুনি অকলশৰীয়া অনুভৱ নকৰে।
(৪) তথ্য সংগ্ৰহ কৰক-
তেওঁৰ আচৰণবোৰ ডায়েৰী বা নোটত লিখি ৰাখক। কাৰণ পিছলৈ তেওঁলোকে নিজৰ ভুলবোৰ অস্বীকাৰ কৰিব আৰু আপোনাকহে দোষী সজাব। লিখিত প্ৰমাণ থাকিলে আপুনি মানসিকভাৱে দৃঢ় হৈ থাকিব পাৰিব।
(৫) 'নো কন্টাক্ট' (No Contact) নীতি:-
যদি পৰিস্থিতি অসহ্যকৰ হৈ পৰে, তেন্তে নিজৰ সুৰক্ষা আৰু শান্তিৰ বাবে সম্পৰ্কটো সম্পূৰ্ণৰূপে শেষ কৰাই শ্ৰেষ্ঠ উপায়। তেওঁৰ পৰা আঁতৰি আহক আৰু সকলো যোগাযোগ বন্ধ কৰি দিয়ক।
এনেকুৱা জীৱন সংগী যদি জীৱনত আছে প্ৰেম অথবা বিবাহ আপুনি শেষ হ'ব সোনকালে সাৱধান।
🙏🙏
📌শ্বেয়াৰ কৰিব পাৰিব।
✍️ধ্ৰুৱজ্যোতি দাস!