Nabadeep Doley

Nabadeep Doley নতুন পৰিকল্পনাৰে �
GENERAL SECRETARY
Dhakuakhana College Students Union 2022-23

মিচিং ভাষা সাহিত্যৰ আৰু লোক সংস্কৃতিৰ গৱেষক, বিশিষ্ট সংগীত শিল্পী, সাহিত্যিক ড৹ পবিত্ৰ কুমাৰ পেগু ছাৰৰ সৈতে আমিবোৰ। ছাৰৰ...
13/02/2025

মিচিং ভাষা সাহিত্যৰ আৰু লোক সংস্কৃতিৰ গৱেষক, বিশিষ্ট সংগীত শিল্পী, সাহিত্যিক ড৹ পবিত্ৰ কুমাৰ পেগু ছাৰৰ সৈতে আমিবোৰ। ছাৰৰ সান্নিধ্যত বহু নজনা কথা জানিবলৈ সক্ষম হ'লো।

ডিব্ৰুগড় বিশ্ববিদ্যালয় মিচিং ছাত্ৰ অধ্যয়ন চক্ৰৰ উদ্যোগত আৰু TMPK, MMK, TMMK আৰু ৰৃক্কং অৱনৰি আঞ্চলিক সমিতি তথা সদৌ বৰ...
14/01/2025

ডিব্ৰুগড় বিশ্ববিদ্যালয় মিচিং ছাত্ৰ অধ্যয়ন চক্ৰৰ উদ্যোগত আৰু TMPK, MMK, TMMK আৰু ৰৃক্কং অৱনৰি আঞ্চলিক সমিতি তথা সদৌ বৰ্ষামুখ উন্নয়ন সমিতিৰ সহযোগত ১০ দিনীয়া শীতকালীন বিনামূলীয়া পাঠদান তথা শিক্ষা সজাগতা শিৱিৰ অনুষ্ঠিত কৰা হৈছিল।DUMSSC ৰ পৰা লখিমপুৰৰ জিলাৰ অন্তৰ্গত অৱনৰি অঞ্চলৰ বৰ্ষা বাঘমৰা উচ্চ মাধ্যমিক বিদ্যালয়ত ইংৰাজী 2 জানুৱাৰীৰ পৰা 13 জানুৱাৰী লৈ এই শিৱিৰ অনুষ্ঠিত কৰা হৈছিল। এই শিবিৰৰ মইও এজন সদস্য হিচাপে নিজকে সৌভাগ্যৱান বুলি অনুভৱ কৰিছোঁ। মোৰ জীৱনৰ আটাইতকৈ ভাল লগা মুহূৰ্ত হিচাপে এই শিবিৰৰ ১০টা দিন সদায় বিশেষ হৈ ৰ'ব। শিবিৰৰ প্ৰথম দিনাৰ পৰা আৰম্ভ কৰি শেষৰ দিনলৈকে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ পৰা যি মৰম, শ্ৰদ্ধা পাইছোঁ সেয়া সচাকৈ মোৰ কাৰণে আজীৱন বুকুত থাকিব। এই অনুষ্ঠানত কেৱল বিদ্যায়তনিক দিশটোতে গুৰুত্ব দিয়া হোৱা নাছিল, সমান্তৰালভাৱে সহ-বিদ্যায়তনিক ক্ষেত্ৰবোৰ যেনে গীত-নৃত্য, খেল-ধেমালি আদিৰ জৰিয়তেও ছাত্র-ছাত্ৰীৰ ভিতৰৰ আনন্দখিনি বাঢ়িৰলৈ উলিয়াই অনাৰ প্ৰয়াস কৰা হৈছিল। লগতে তেওঁলোকৰ ঘৰুৱা পৰিৱেশ জনাৰ উদ্দেশ্যে ছাত্র-ছাত্ৰীৰ ঘৰলৈ গৈও শৈক্ষিক পৰিৱেশৰ উমান লোৱা হৈছিল। অন্তিম দিনটোত শিৱিৰ এৰি অহাৰ পৰত "আপোনালোক আৰু দুদিনমান থাকি যাৱক, নাযাব" বুলি হাতত ধৰি চকুপানী টুকা সৰু-সৰু ল'ৰা-ছোৱালীখিনিৰ আগ্ৰহ আৰু আন্তৰিকতা সদায় মনত ৰৈ যাব। এয়া চিৰসেউজ স্মৃতি।







13/01/2025

সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ 🎉💃🕺

#বিহু
#অসম

Send a message to learn more

নতুন বৰ্ষত মহান লক্ষ্য আগত ৰাখি DUMSSC (ডিব্ৰুগড় বিশ্ববিদ্যালয় মিচিং ছাত্ৰ অধ্যয়ন চক্ৰ)ৰ উদ্যোগত আৰু TMPK, MMK আৰু TM...
07/01/2025

নতুন বৰ্ষত মহান লক্ষ্য আগত ৰাখি DUMSSC (ডিব্ৰুগড় বিশ্ববিদ্যালয় মিচিং ছাত্ৰ অধ্যয়ন চক্ৰ)ৰ উদ্যোগত আৰু TMPK, MMK আৰু TMMK RIKKONG OBONORI ANCHALIK COMMITEE ৰ সহযোগত শীতকালীন বিনামূলীয়া পাঠদান তথা সজাগতা শিৱিৰ অনুষ্ঠিত কৰা হৈছে। এই শিৱিৰৰ মইও এজন সদস্য। DUMSSC ৰ পৰা লখিমপুৰৰ জিলাৰ অন্তৰ্গত অৱনৰি অঞ্চলৰ বৰ্ষা বাঘমৰা উচ্চ মাধ্যমিক বিদ্যালয়ত ইংৰাজী 2 জানুৱাৰীৰ পৰা 13 জানুৱাৰী লৈ এই শিৱিৰ অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ। সেয়েহে এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিবলৈ আমাক অৱনৰি অঞ্চলৰ সদাশয় ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিলোঁ।





বিদ্যা-দ্যা লিভিং স্কুলতাৰিখ : ১৫/১০/২০২৪ইমান ধুনীয়া পাহাৰ আৰু নৈ, প্ৰাকৃতিক শোভাৰে আবৃত ঠাইত কণ-কণ ছাত্ৰ-ছাত্ৰীসকলে পঢ...
07/01/2025

বিদ্যা-দ্যা লিভিং স্কুল
তাৰিখ : ১৫/১০/২০২৪
ইমান ধুনীয়া পাহাৰ আৰু নৈ, প্ৰাকৃতিক শোভাৰে আবৃত ঠাইত কণ-কণ ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনা কৰিছে! সঁচাকৈয়ে বহুত ভাল লাগিল। শ্ৰেণীকোঠা, লাইব্ৰে'ৰী, পাঠদান পদ্ধতি খুব সুন্দৰ। শিক্ষা হৈছে মানুহক প্ৰকৃতিয়ে প্ৰদান কৰা এক অনবদ্য উপহাৰ। আজি তাৰেই এক বৰ ভাল অভিজ্ঞতা হ'ল।

Vidya:The Living School,Subahi বিদ্যা:দ্য লিভিং স্কুল ,সুবাহী
Pranjal Buragohain New

Address

Dhakuakhana

Website

Alerts

Be the first to know and let us send you an email when Nabadeep Doley posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share