JB Gohain New

  • Home
  • JB Gohain New

JB Gohain New Enjoy your Life

27/08/2022
পাপা,,,, birthday gift কি দিবা  মোক ? তাতে new yearও পাৰ্টি এটা কৰিম বুলি ভাবিছোঁ গাওঁৰ friend সকলৰ লগত ।বেটা ,,,তোমালৈ ...
08/07/2022

পাপা,,,, birthday gift কি দিবা মোক ? তাতে new yearও পাৰ্টি এটা কৰিম বুলি ভাবিছোঁ গাওঁৰ friend সকলৰ লগত ।
বেটা ,,,তোমালৈ সেইখন আনি থৈছোঁ ,চোৱা কাপোৰ খন আঁতৰাই।

Waw,,,,, Honda CBR bike . Really Nice. পাপা,,, সঁচাকৈ তুমি এজন উচ্চ পদৰ পুলিচ বিষয়া হৈ একমাত্ৰ সন্তানক যদি এনেকুৱাকৈ গিফ্ট নিদিয়া,,,, কোনে খাব তোমাৰ ৮০ হাজাৰ টকাৰ দৰমহা। ওচৰৰ মানুহ ঘৰকে শুনাই কথাষাৰ চিঞৰি কলো 😃,,,নহলেনো কেনেকৈ জানিব মোৰ পাপাই ৮০হাজাৰ দৰমহা পাই বুলি।এনেকৈয়ে মই নিজকে অলপ গৌৰৱ কৰো আৰু ফুলি যাওঁ😃।

বাৰু যি কি নহওঁক,,,,এইবাৰ ওলালোঁ birthday আৰু new year পাৰ্টি একেলগতে কৰো বুলি নিকাবালি উলমা দলংলৈ,,,,১০ কি:মি: মান হ'ব দূৰ।। sunglass জোৰ লগাই লৈ ,চুলি খিনি জেল লগাই কন্তক্ৰামৰ কাঁইট কেইডালৰ নিচিনা কৰি কলা জাকেট টো পিন্ধি বহিলোঁ বাইক খনৰ ওপৰত। লগৰ কেইটা আহি পদূলিত ৰৈ আছেহি,,। বাইক খনৰ চেল্ফ টো হেঁচি যিমান পাৰোঁ এক্সেল ডাল পকাই দিছোঁ,,,কলা ধোঁৱা ওলাই গৈছে বাপেকে,,,,ওচৰৰ চুবুৰীয়া মানুহ বোৰে টেলেকাকে চাইছে,,,,চাওক দে নহলেনো কেনেকৈ গম পাব মই নতুন বাইক ললোঁ বুলি😎।

গলো ভাৰোং কে ওলাই ঘৰৰ পৰা শ্যামক পাছতে বহাই বাইক খনৰ। শ্যামক মৰম কৰা অলপ অভিনয় কৰো মই কাৰণ সি দুখীয়া ঘৰৰ লৰা,,,মই যদি বেলি পশ্চিম ফালে উদয় হয় বুলি কওঁ সি হয় বুলি কয় যদি মই আম গছত কঠাল লাগে বুলি কওঁ সি হয় বুলি কয়,,,সেইকাৰণে আৰু😃। এইবাৰ চিগাৰেট লোৱাৰ আশাৰে এজনী গাভৰু ছোৱালী থকা সৰু পান দোকান এখনত সোমালো। শ্যামে কলে,,,ভন্টি Flake চিগাৰেট দিয়া পাঁচ টা,,,,। ছোৱালী জনিকে শুনাই মই কলো,,,,আৰে কি বে শ্যাম,,,, Flake চিগাৰেট খাবি ইমান কম দামী চিগাৰেট,,? তহঁত যে একেবাৰে গাওঁৰ মানুহ হৈ আছ ।মই কলো ভন্টি পাঁচ পাকেট classic menthol চিগাৰেট দিয়া। শ্যাম ৰঙা পৰি গৈছিল মুখ খন,,,,,এ পৰক দে,,, মই টো অলপ ছোৱালীজনীৰ আগত ফুলিছোঁ,,,😃।

এইবাৰ গৈ গৈ চৰকাৰী স্বাস্থ্যকেন্দ্ৰ খনৰ সন্মূখৰ পালোঁ গৈ,,,,কোনোবা মানুহ এজনে বুঢ়া ৰোগী এজনক লাহে লাহে ৰাস্তা টু পাৰ কৰিছিল। মই হৰণ টু টি টি টি টি,,,,,,, কে প্ৰায় দুই মিনিট মান বজালোঁ ,যদিও স্বাস্থ্য কেন্দ্ৰ সন্মুখত বেছিকৈ হৰণ বজোৱাৰ নিষেধ,,,,কিন্তু মই বজাইছোঁ,,, আৰে নহলে মোৰ পাপাৰ ষ্টাৰ খিনিৰ অৰ্থ কত থাকিব,,মইয়ে যদি এনেকুৱা কাম নকৰো,,😡। মোক টু কোনো থানাই ভৰাই থব নোৱাৰৱ,,,,বাঃ সকলো কাম মোৰ মতেই কৰিব পাৰো,,,নিজেই নিজেই আৰু ফুলি গৈছো,,😃।

দিনৰ দুই বাজিছে ।খোৱাৰ আৰম্ভ হ'ব এতিয়া,,,, আমাৰ ওচৰলৈ অৰুণাচলৰ ছোৱালী পাঁচ জনী আহি ইহঁত কেইটাৰ লগত কথা পাতিছে,,,দেখিবলৈ বৰ ধুনীয়া সিহঁত,,,মই কিন্তু সিহঁতক ধুনীয়া নিচিনাকৈ চোৱা নাই,,,, চালে সিহঁতে মোক কত পাত্তা দিব,,😃। তেনেতে,,,, শ্যামে মোক মাত লগালে,,, চিকেন হৈ গল,,,খাবলৈ আহ। মই ছোৱালী কেইজনীকে অলপ অকাত দেখাই কলো,,,,,,ছেহঃ,,,,, এইবোৰ কি চিকেন বনালি,,,, খাবৰে মন নাযায়। আগতে মই মুম্বাইত পঢ়ি থাকোতে,,,,, তাত কি চিকেন খাবি তহঁতে,,,,,Tandoori chicken ,chicken curry কি খাবি তহঁতে মজাই বেলেগ বে,,। ছোৱালী কেইজনীকে শুনাই কথাষাৰ কলো,,। 😃অলপ ফুলিছোঁ সিহঁতৰ আগত। আকৌ সুধিলোঁ মই,,, কি বিয়েৰ আনিলি শ্যাম,,? সি কলে Kingfisher. মই আকৌ কলো ছোৱালীকেইজনীকে শুনাই,,,ধেৎ তহঁত বৰ অঁকৰা হৈ আছ দেই এইবোৰ বিয়েৰ খাই নি,,,, Guinness, Blue moon, Corona,,,,,এইবোৰ হে খাই,,,,তহঁতে চাগে চিনি নাপাওঁৱে। আৰু অলপ ফুলিছোঁ সিহঁতক দেখাই মই,,,😃।অহ,,, মোৰ ম'বাইল তোলৈ ফোন এটা আহিছে কাষ্টমাৰ কেয়াৰ পৰা,,,,ছোৱালী কেইজনীকে দেখাই ইংলিছতে দুষাৰ মান কথা কলো আৰু,,,,, hello,,,,,,.hyy darling,, what are you doing now.O.... Ok ok. My sweet heard... I have a lunch, l call back you ten minute after....ok. জনাই নজনাই মাৰি দিছোঁ ইংলিছ ইহঁতৰ আগত,,,,,আৰে নামাৰিম কিয়,,,মই মুম্বাইত পঢ়া হয়,,।নহলেনো মই মুম্বাইত পঢ়াৰ অৰ্থ কত থাকিব,,😃। কিন্তু বেছিকৈ ইংলিছ ত সুধিলে ঘূৰাই কব নোৱাৰো সেইটো এটা বিপদ,,,পিছে ইহঁতে গম নাপায় ,,,গম পালে মোক পাত্তা নিদিব☺। বেয়া বেয়া বুলি বিয়েৰ চিকেন সকলো খালোঁ,,,,নিছা ধৰিছে,,কিন্তু লগৰ কেইটাক কোৱা নাই। শ্যামে সুধিছিল মোক,,,,,ঘৰলৈ বাইক চলাই যাব পৰিবি জানো তই,,,? ধেৎ মই মুম্বাইত বাইক চলোৱা ল'ৰা হয় কি বুলি ভাবিছ। তাক কথাষাৰ কৈ আৰু অলপ ফুলিছোঁ মই,,,😃।

এইবাৰ ঘৰলৈ বুলি উভতি আহিলো,,,,, বাইক ফালি আহিছোঁ,,,,শ্যামে কৈছে মোক তই সচাকৈ বাইক স্পীদ চলাব পাৰ দেই,,,,আৰু অলপ ফুলি গৈছোঁ মই,,😃। তাকে দেখাই বাইক খন বেঁকা বেকি কৈ চলাই ষ্টাইল মাৰোঁতে কেতিয়া চুচৰি গৈ কেতিয়া মেডিকেল পালোঁ কব নোৱাৰো,,,😢।

পিছদিনা মেডিকেলৰ আইনা খনত চাই হে গম পালোঁ মোৰ বাওঁ ফালৰ দাঁত এটা নাই আৰু গাল খন ফুলি আছে। অ,,,,এইটো দেখোন শ্যাম,,,তাৰ গোটেই মুখ খনেই ফুলি আছে। মই বোলো ভাগ্য ভাল, শ্যামৰ নিচিনা নহল যে,,,মোৰ এখন গাল হে ফুলিল। কথা খাৰ কওঁতেই শ্যামৰ মাকে মোক কেতিয়ানো কাণৰ তলত এটা চৰ দিলে,,,একে চৰে মোৰ সোঁ ফালৰ দাঁত এটা সৰি সেইখন গালোঁ ফুলি থাকিল,,😭😭😭। আৰু শ্যামৰ মাকে কলে,,,,,নিজে মূৰ খাইছ খাইছএই মোৰ ল'ৰাটোও মূৰ খাইছ। তেতিয়াহে মই গম পালোঁ সচাকৈ মই ফুলিব লগীয়া কাম কৰিছিলোঁ আৰু সেইকাৰণে আজি ভাল কৈ দুখন গাল ফুলালোঁ😭😭😭😭 ।

(হে হে গল্প হে,,😃😃😃Real নহয় 😝)
✍✍✍
JB GOHAIN

( বিনন্দ ছাৰৰ মৃত্যুৱে গাওঁবাসীক কন্দুৱালে।)পুৱাতে উঠি ,,,,ঠাণ্ডা ভাত কেইটামান খাই, তামোল এখন মুখত সুমুৱাই , পুৰণি চাইকে...
05/07/2022

( বিনন্দ ছাৰৰ মৃত্যুৱে গাওঁবাসীক কন্দুৱালে।)

পুৱাতে উঠি ,,,,ঠাণ্ডা ভাত কেইটামান খাই, তামোল এখন মুখত সুমুৱাই , পুৰণি চাইকেল খন লৈ, বিনন্দ ছাৰে ৯ বাজি ৩০ মিনিটত স্কুললে গলেও হৈছিল যদিও , সদায় কিন্তু তেওঁ পুৱা ৮ বাজোতেই স্কুলললৈ বুলি ওলাই গৈছিল। সকলো সময়তে মুখত এটা মিচিকিয়া হাঁহি লৈ বিনন্দ ছাৰে স্কুললৈ যোৱা সময়ত বাটত লগ পোৱা গাওঁৰ সকলোৱকে খা খবৰ লৈ আৰু কোন কোন ছাত্র ছাত্ৰী স্কুললৈ যোৱা নাই সিহঁতক মৰমেৰে বুজাই স্কুললৈ লৈ গৈছিল। বিনন্দ ছাৰৰ সেই কথাবোৰে গাওঁ বাসীক বৰ আনন্দ দিছিল। ১৯৯৫ চনতে স্থাপিত কৰা এখন ভেন্সাৰ প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক আছিল বিনন্দ ছাৰ। আজি বহু বছৰ হ'ল বিনন্দ ছাৰ ভেন্সাৰ স্কুলত শিক্ষক কৰি থকা কিন্তু আজি লৈকে কোনো চৰকাৰে চকু মেলি চোৱা নাই। আচলতে কান্দিলেহে কেঁচুৱাই গাখীৰ খাবলৈ পায়।,,,, কিন্তু বিনন্দ ছাৰে সেই কথাটো ভাল পোৱা নাছিল,,,তেওঁ মতে কেঁচুৱাই কন্দা আগতে যদি মাকে সময় মতে গাখীৰ খুৱাই কেঁচুৱাটিয়ে বৰ আনন্দ পায়।

সেই দিনা আছিল মঙ্গল বাৰ,বিনন্দ ছাৰে স্কুলত সোমোৱা লগে লগে ছাৰক দেখি কণ কণ ছাত্র ছাত্ৰী সকলে খিল খিল কৈ হাঁহিছিল। কাৰণ চাইকেলখনৰ পৰা ছাৰৰ পেণ্টত জলা মৌবেল লাগি ক'লা হৈ পৰিছিল। সিহঁতক হঁহা দেখি ছাৰেও হাঁহিছিল । ছাৰে কিন্তু পেণ্ট টো ক'লা হোৱা বাবে হঁহা নাছিল , হাঁহিছিল এইকাৰণেই ছাত্ৰ ছাত্ৰী সকলে হাঁহিলে ছাৰে বৰ আনন্দ পাইছিল আৰু সিহঁতৰ লগতে হাঁহিছিল। ছাৰে চকী খনত বহাৰ লগে লগে মৰমী নামৰ ছোৱালী এজনীয়ে ছাৰক উদ্দেশ্যি ক'লে,,,,,,, ছাৰ সকলো স্কুলতে ভাত দিয়ে , আমাক নিদিয়ে কিয়,,,,? তাইৰ কথাষাৰ শুনি ছাৰে ক'লে,এ,,,,, স্কুলত ভাত খালে পেলু হয় অ,,,। আকৌ সকলোৱে খিল খিল কৈ হাঁহিলে কিন্তু এইবাৰ ছাৰে নাহাঁহিলে। সাধাৰণ কে কথাষাৰ কৈ থলেও মনত বৰ দুখ লাগিছিল ছাৰৰ। কিন্তু কি কৰিব চৰকাৰৰ পৰা একো খা খবৰে নাই।প্রদেশিকীকৰণ কৰা কথাটোও সেই ভাগেই ৰৈ গ'ল।

ছাৰে আবেলি চাৰি মান বজাত ঘৰ পালেহি। ছাৰৰ পৰিয়ালত ২০ আৰু ২২ বছৰীয়া দুজন ল'ৰা আৰু পত্নী। বহুদিন ছাৰে ভেন্সাৰ স্কুলত কৰ্ম কৰি থকাৰ বাবে ঘৰখনৰ পৰিস্থিতি বৰ শোচনীয় অৱস্থা আছিল। প্ৰথম অৱস্থাত ছাৰৰ ঘৰৰ মানুহ সকল ঠিকেই আছিল কিন্তু এতিয়া ছাৰৰ ঘৰৰ মানুহ সকল ছাৰৰ নিচিনা সহজ সৰল নহয়। ছাৰৰ উচ্চৰক্তচাপ বেমাৰ টু আছে,,,সেই কাৰণে প্ৰতি দিনে ৩০ টকাৰ এটা টেবলেট প্ৰয়োজন হয়। সেই দিনা ছাৰে ডাঙৰ ল'ৰাজনক সুধিলে, সোন মোলৈ আজি টেবলেট টো আনিলি নেকি,,,,?

ডাঙৰ ল'ৰা:- ক'ত পাওঁ হে পইচা টেবলেট আনিবলৈ , সেই স্কুল খান বাদ দি বেলেগ কাম এটাত ধৰিবলৈ আজি দুবছৰৰ পৰা কৈ আছো, নাই নামানে,,। সেইখনৰ লগত লাগি থাকোতে মাটি খিনিও বিক্ৰী কৰি শেষ। টেবলেট নাই আমাৰ মূৰ তুকে খাওঁক।
আজি ৩০ বছৰে ছাৰে, হাজাৰ হাজাৰ ল'ৰা ছোৱালীক প্ৰশ্নৰ উত্তৰ দি আহিছে কিন্তু আজি নিজ পুত্ৰক এটা উত্তৰ দিব নোৱাৰি তল মূৰ কৰি হুক হুকাই কান্দিছে।
এইবাৰ ছাৰৰ সৰু ল'ৰাটো কৰোৱাৰ পৰা আহি ঘৰ পালেহি,লগত দুজনী ছোৱালী আৰু দুটা ল'ৰা । সিহঁতৰ হাতত বিলাতী মদৰ বটল আৰু কুকুৰাৰ মাংস। সিহঁতে খাই বৈ নাচিবলৈ লৈছে । এটা ডাঙৰ চাউণ্ড থকা , চাউণ্ড চিষ্টেম বজাই লৈ।
ছাৰে সিহঁতৰ কাণ্ড সহিব নোৱাৰি ক'লে,,,,,,,,,,,, কাইলৈ গাঁওখনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীৰ পৰীক্ষা আছে , তোমালোকে যদি এইবোৰ কৰা সিহঁতে কেনেকৈ পঢ়িব। ছাৰৰ কথা শুনি সৰু ল'ৰা জনে ক'লে,,,,,,,,,,,,,,

সৰু লৰা:-- এ,,,,,,,,,,বাদ দে হে তোৰ গাওঁ ,স্কুল, পৰীক্ষা এইবোৰ কথা। এইবোৰ কথাত লাগি থাকোতে থাকোতে আমাৰ জীৱনটো শেষ কৰি দিলি। আমাক জন্ম হে দিলি আৰু একো ঘণ্টা টো নিদিলি। মৰিলে মৰি যা , দৈনিক তোৰ টেবলেটত খৰচ হোৱা ৩০ টকা তুকে বাচিব।

ছাৰে নিজৰ দেহাটোতকৈ ভাল পোৱা সৰু পুত্ৰৰ মুখত আজি গালি আৰু অসভ্য ব্যৱহাৰ। ছাৰে ভাবিলে,,,, আজি ২০ বছৰৰ লৈকে ইহঁতক খুৱালে পিন্ধালো পঢ়ালো ,কি এইবোৰ মই একো দিয়া নহয়,,, অকল ধন সম্পত্তি দিয়া টোহে দিয়া নি এই পৃথিৱীত । ভাবি কোনো উত্তৰ নাপালে ছাৰে। তল মুৰ কৈ বহি আছিল ছাৰ , তেনেতে পত্নীয়ে মন টো সেমেকা কৰি ছাৰৰ কাষতে বহিলে,,,,। পত্নীক দেখি চাৰে কলে,,,,,,,মোৰ মৃত্যুৰ পাছত,,,, তেনেতে পত্নীয়ে ছাৰৰ মুখত হাত খন দি হুক হুকাই কান্দে। কিন্তু ছাৰে আকৌ কবলৈ আৰম্ভ কৰে,,,,,,,,,,,,,,,,,,,,,
মোৰ মৃত্যুৰ পাছত যিখন বগা কাপোৰ দৰকাৰ হ'ব সেইখনো মোৰ পুত্ৰৰ পইচাৰ পৰা নিদিবা। যদি মই এই পৃথিৱীত ভাল কাম কৰিছোঁ , সেইখন মই সেই ভাল কাম কৰিছোঁ বুলি ভবা কেইজনৰ পৰাই পাম। কথা খাৰ কৈ ছাৰে বিছনাত শুই থাকিল।

পিছদিনা পুৱা ছাৰৰ ঘৰৰ সকলো শুই উঠিল । সদায় পাঁচ বাজোতেই শুই উঠা চাৰে আজি ৯ বজালৈকে কিয় নাই উঠা বুলি ভাবি পত্নীয়ে ছাৰৰ কোঠাটোত সোমাই দেখে ছাৰে শেষ নিশ্বাস ত্যাগ কৰিলে। বুকু ধকীয়াই হিয়া উজাৰি কান্দিছিল পত্নীয়ে,,,, কিন্তু ল'ৰা দুজনৰ চকুত চকুপানী নাই । ছাৰক সকলো গাওঁৰ মানুহে ধৰি বাহিৰলৈ উলিয়ালে। ছাৰক বগা কাপোৰখনে ঢাকিব লওঁতেই বগা পোছাক পিন্ধা স্কুলৰ সকলো ছাত্র ছাত্ৰীয়ে ছাৰৰ মৃত দেহটোক সাৱটি ধৰি কান্দিবলৈ ধৰিলে,,,,আৰু কৈছিল সিহঁতে,,,,,,,,ছাৰ আমাক কিয় এৰি থৈ গৈছে। আমাক কোনে পঢ়ুৱাব সেই মিচিকিয়া হাঁহি মাৰি মিঠা মিঠা কথা কৈ। পত্নীয়ে ভাবিলে সঁচাকৈয়ে ছাৰৰ বগা কাপোৰৰ অভাৱ নাই।
লাহে লাহে ছাৰৰ ঘৰত হাজাৰ হাজাৰ মানুহে পৰিপূৰ্ণ হ'লগৈ । এনেতে আমেৰিকাৰ পৰা ছাৰৰ প্ৰাক্তন ছাত্র এজনৰ ফোন আহিল,,,, ৰিচিভ কৰাৰ পাছত আনটো মূৰৰ পৰা হুক শুকাই কান্দি কান্দি কবলৈ ধৰিলে ,,,,,,,,ছাৰ আপোনাৰ অকাল মৃত্যুত মই বৰ দুখ পাইছোঁ ছাৰ । আপোনাক এবাৰ লগ কৰাৰ মোৰ বৰ হেঁপাহ আছিল । কিয় মই লগ নাপালোঁ,,,,,মই কি পাপ কৰিছিলোঁ ছাৰ,,, সেই মিচিকিয়া হাঁহি হাঁহি জ্ঞানৰ পোহৰ দিয়া পৃথিৱীৰ সকলো জীৱকে ভাল পাবলৈ শিকোৱা মানুজনক মই কিয় জীৱিত অৱস্থাত এবাৰ লগ নাপালোঁ। কোনে লৈ আছে,,,ম'বাইলটো ছাৰৰ চৰণত এবাৰ লগাই দিওক,,,,ছাৰৰ চৰণত সেৱা কৰি যাওঁ,,,,,, আপোনাৰ জ্ঞানৰ পোহৰেৰে মই আজি আমেৰিকাত এজন সফল ব্যক্তি ছাৰ,,,আৰু যে কিমান ছাত্র ছাত্ৰীয়ে আপোনাৰ জ্ঞানৰ পোহৰেৰে সফলতাৰ পথত খোজ কাঢ়িবলৈ লৈছে। ছাৰৰ হাজাৰ হাজাৰ প্ৰেমিকক দেখি ল'ৰা দুজনৰো চকুত চকুলো নিগৰিল।

ছাৰ মৃত্যু হোৱা আজি ২০ দিন হ'ল। হাজাৰ হাজাৰ মানুহে হাজাৰ হাজাৰ টকা ছাৰৰ নামত দান কৰিলে। সেইদিনা সৰু পুত্ৰই মাকক কলে,,,,,,,,, মা দেউতাৰ নামত ২ লাখ টকা জমা হ'ল ভাবিছোঁ দেউতাৰ মৰিশালী টোকে ভালকৈ টাইলছ লগাই বনাই দিওঁ।

মাক:------ জীৱিত কালতে যদি পুত্ৰই পিতৃক এষাৰ ভাল কথা কৈ সন্মান কৰিব নোৱাৰে আৰু পিতৃৰ চৰণ চুই পোৱা নাই , সেই পুত্ৰই পিতৃৰ মৃত্যু ৰ পাছত মৰিশালীত টাইলছ লগাই সুন্দৰ কৰাৰ কোনো প্ৰয়োজন নাই। তেখেতৰ স্বৰ্গীয় আত্মাই কষ্ট পাব।

https://www.facebook.com/Jyotikhyan1991/

👆ওপৰৰ লিংক টু ক্লিক কৰি পেজ টু Like আৰু Follow কৰি আপুনি মোক আৰু এখোজ আগ বাঢ়ি যাবলৈ সুযোগ সুবিধা দিব বুলি অতি আগ্ৰহেৰে বাট চাই থাকিলোঁ। ধন্যবাদ।
সমাপ্ত
✍✍✍✍
JB GOHAIN

😢দুখীয়াৰ দুখ😢           মা,,,, আজি বজাৰত ঢেকীয়া কেইমুঠি ভালদৰে বিক্ৰী নহল, বজাৰ বন্ধ আছিল ,কোনোবা সংগঠনে বন্ধ দিছে , সেই...
02/07/2022

😢দুখীয়াৰ দুখ😢

মা,,,, আজি বজাৰত ঢেকীয়া কেইমুঠি ভালদৰে বিক্ৰী নহল, বজাৰ বন্ধ আছিল ,কোনোবা সংগঠনে বন্ধ দিছে , সেইকাৰণে চাউল ২ কেজি হে আনিব পাৰিলোঁ। কাইলৈ লৈকে এইখিনিয়ে খাব লাগিব। সোনটোৱে মাকক কথাখিনি কলে।
বন্ধ দিয়াই বন্ধ দিয়ে , পালন কৰাই পালন কৰে , আমাৰ নিচিনা দুখীয়া মানুহ বোৰেহে ভুক্তভোগী হব লাগে অ,,,,। মাকে সোনটোক কথাখিনি কলে।

সেয়া আছিল বানে ধুই নিয়া গাঁও খনৰ সোনটো আৰু মাকৰ কথোপকথন। সোনটোৰ বাপেক হ'ল,মস্ত মদাহী। বাপেকে ঘৰৰ খ্যাল নকৰাৰ বাবেই সোনটোৱে সপ্তম শ্ৰেণীত পঢ়ি থকাৰ পৰাই ঘৰ চলাব লগীয়া হৈছিল।

সোনটোৱে বজাৰৰ পৰা আহি ,ভৰি হাত ধুই , কিতাপ মেলুটে প্রায় সন্ধ্যা ৭ মানেই বাজিছিল। সেই সময়তে বাপেকে কৰোবাৰ পৰা মদ খাই আহি চোতাল পালেহি,,,,,,,,

ঐ,,,,,,,,,,,,সোনটোৰ মাক দুৱাৰ খোল , ইমান সোনকালে মৰিলিয়ে নি। দুৱাৰ খোলোতে ইমান সময় লগাইছ যে , তোৰ তেল বহিছে মই গম পাইছোঁ , চাহাবৰ জী যে বুলি কৈ ,বাপেকে দুৱাৰত গুৰিয়াবলৈ ধৰে। তেনেতে মাকে মাত লগাই,,, ৰৱ চোন ৰৱ , খুলিছোঁ নহয় দুৱাৰ খন বুলি মাকে দুৱাৰ খন খুলি দিয়ে। ঘৰৰ ভিতৰত সোমাই বাপেকে মাকক কয়,,, ভাত দে । বাপেকৰ কথা শুনি মাকে কবলৈ আৰম্ভ কৰে,,,,,, লৰাটোৱে ইমান কষ্ট কৰি দিনটো চাউল কেইটা আনিছে , কমচেকম তাক তো শোধক ভাত খালি নাই , দিনটো কামৰ নামত একোডাল নাই , এতিয়া ভাত লাগে,,,,? পাগল চব ,,। মাকৰ কথা শুনি বাপেকে , ফলাখৰী এডাল আনি মাকক পিটিবলৈ আৰম্ভ কৰে।
এনেতে সোনটোৱে আহি বাপেকৰ ভৰিত ধৰি কবলৈ আৰম্ভ কৰে,,,,,,দেউতা তুমি মাক নামাৰিবা , দেউতা তুমি মাক নামাৰিবা । মাক মৰাতকৈ মোকে মৰা চোন তুমি, সৌৱা চোৱা মায়ে কান্দিছে , খুব জোৰকৈ দুখ পালে সপাই , তুমি মাক কিয় মৰা,,? মা তুমি নাকান্দিব তুমি কান্দিলে মই মৰি যাম যেন লাগে। দেউতা তোমাক মই যি লাগে দি সন্তুষ্ট কৰিম,,,,,অকল তুমি মাক নামৰিবা , মাক মৰাটো মই অলপো হহিব নোৱাৰো দেউতা , মাক,,,,,,, নাকান্দিবলৈ কোৱা দেউতা মাক নাকান্দিবলৈ কোৱা বুলি সোনটোৱে চিঞৰি চিঞৰি কান্দিবলৈ আৰম্ভ কৰে। সিহঁতৰ কাজিয়া খন, ওচৰৰ চুবুৰীয়াই চাইহে থাকিল কিন্তু এৰুৱাই দিবলৈ কোনো নাহিল।

এনেকৈয়ে দুখ কষ্টৰ মাজেৰে দিনবোৰ পাৰ কৰি সোনটোৱে দশম শ্ৰেণী পাই, হাইস্কুল শিক্ষান্ত পৰীক্ষা দিলেগৈ। সেইদিনা পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব।কিন্তু সোনটোৰ গা টো ভাল নহয় , অতিপাত জৰ তাৰ। বাপেক সেইদিনা মদ নোখোৱাকৈ আছে যদিও যাব নোৱাৰে চকুৱে জিল মিল দেখে। মাকে তাৰ পৰীক্ষাৰ ফলাফল চাবলৈ ঘৰৰ পৰিয়াল , গাওঁৰ মানুহ বহুতকে কাবৌ কাকতি কৰিলে , কিন্তু কোনো নোলাল তাৰ ফলাফল চাবলৈ। গাঁওৰ বেলেগ পৰীক্ষাৰ্থী বহুতে ইন্টাৰনেটতে ফলাফল চাই ভোজ ভাতৰ আয়োজন কৰিছে কিন্তু সোনটোৰ ফলাফল চাবলৈ মানুহ বোৰৰ নেট পেক নাই বুলি কলে। এনেকৈয়ে ঘন্টাৰ পাছত ঘন্টা পাৰ হৈ দিনৰ ২ মানেই বাজিলগৈ। মাকে অশিক্ষিত একো নাজানে কাৰণে যোৱা নাছিল ,অৱশেষত একো উপায় নাপাই মাকে যাবলৈ ওলাই । এনেতে মাকে পদূলি মুখত কেইখন মান গাড়ী এজুম মান মানুহ দেখি অবাক দৃষ্টিৰে চাই ৰল,,,,,,,,,,,,,। গাড়ী কেইখন আৰু মানুহ জুম টো আহি চোতাল পাই, দুই তিনিজন মানুহে আহি মাকক কয়,,,,,,,

নমস্কাৰ মই নিউজ লাইভ ৰ ( news live ) পৰা আহিছোঁ। আন এজনে আকৌ,,, নমস্কাৰ মই দি ৱাই ৰ ( DY 365 ) পৰা আহিছোঁ।সোনটো গগৈ ঘৰত আছেনে,,,আপুনি সোনটো গগৈ কি হয়,,? মই তাৰ মাক ,সি ঘৰত আছে,, কিন্তু,,,,,?? মানুহ কেইজনে আকৌ কবলৈ আৰম্ভ কৰে,,, আপোনাৰ লৰা জনে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৫৮০ নাম্বাৰ পাই অসমৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰি স্কুল খনৰ লগতে গাঁওখনৰ আৰু জিলাখনৰ নাম কঢ়িয়াই আনিছে। তেখেতক অভিনন্দন জনাবলৈ আমি ইয়াৰ পালোহি। আপোনালোকে তেখেতক কেনেদৰে সহায় সহযোগিতা কৰিছিল আমাৰ লগতে অসম বাসী ৰাইজক জনালে ভাল পাম,,,,।মাকে সুখৰ আনন্দত চকুলোবোৱাই একোৱেই কব নোৱাৰিলে বাতৰি বিভাগৰ মানুহ কেইজনক। এইবাৰ বাপেকৰ ওচৰলৈ গ'ল মানুহ কেইজন আৰু সোধে,,,আপুনি পিতৃ হিচাপে কেনেদৰে সহায় সহযোগিতা কৰি আপোনাৰ পুত্ৰক সফলতাৰ পথত উপনিত কৰালে,,,,,,,,,,?
বাপেকে কান্দি কান্দি কবলৈ আৰম্ভ,,,,, মই মদৰ বাহিৰে আৰু একো চিনি নাপাইছিলোঁ এই পৃথিৱীত , সি মোৰ পুত্ৰ বুলি কবলৈ আজি লাজ লাগিছে আপোনা- লোকৰ আগত। মই তাক একো সহায় কৰিব নোৱাৰিলোঁ। কিন্তু আজিৰ পৰা মই প্ৰতিশ্ৰুতি দিছোঁ , মই মদ নাখাওঁ আৰু প্ৰতি খোজত তাক সহায় কৰি যাম।এইখিনিতে আৰু এটা কথা কলো মই,,, মোৰ নিচিনা যিমান মদাহী আছে কেতিয়াও নিজৰ পুত্ৰক সৰু নাভাবে আৰু মোৰ নিচিনা ব্যৱহাৰ নকৰে যেন। এইবাৰ বাতৰি বিভাগৰ মানুহ কেইজন সোনটোৰ ওচৰ পালেগৈ আৰু সোনটোক কয়,,,, আপুনি বহুত কষ্টৰে আৰু পিতৃ মাতৃৰ পৰা বিশেষ সহায় নোপোৱাকৈ অসমৰ এজন সফল ব্যক্তি হৈছে । আপুনি কি কব বিচাৰে এইবিষয়ে,,,,,,,,,,

সোনটোৱে কবলৈ আৰম্ভ কৰে,,,,,,,মানুহে কয় মোৰ পিতৃ মাতৃ এ মোক একো নিদিলে ,একো নিদিলেও কিন্তু মোৰ পিতৃ মাতৃক লৈ মই বহুত ধন্য , কাৰণ এইখন সুন্দৰ পৃথিৱীত মোক জন্ম টো দিলে দুখন হাত দুটা ভৰি আৰু এটা সুস্থ শৰীৰ তাৰ উপৰিও আৰু কি দিব লাগিছে।

আকৌ সোনটোৱে কয়,,,, এই মধুৰ ক্ষণত মই মোৰ শিক্ষাগুৰু সকললৈ সেৱা জনাইছো। শিক্ষাগুৰু হৈছে এক পবিত্ৰ আত্মা,,,,যত নাই উচ্চ- নিঃস্ব , জাতি ভেদাভেদ , আৰু নাই তাত কোনো স্বাৰ্থ।

বাতৰি বিভাগৰ মানুহ কেইজনে আৰু বহুত কিবা কিবি সোধে,,,, সোনটোক । সেই সময়তে কেমেৰাৰ সন্মুখত কিমান যে মানুহ ,তাৰ পৰিয়ালৰে হয় বুলি চিনাকি দিয়া,,। কোনোৱে কয় মই তাৰ পেহী কোনোৱে কয় মই সোনটোৰ নিচায়েকৰ পুতেক ককায়েক হৈছোঁ আৰু যে এলেকৰ পেলেক কিমান ওলাইছে পাত্তা নাই। চিনাকি দিয়া মানুহ বোৰক দেখি মাকে ভাবিলে,,,,,,,,,,,,,,,,
,,,,,,,,,,,,,,,,
আধা ঘণ্টা আগলৈকে তাৰ ফলাফল চাবলৈ কোনো এটা নোলালে । বাপ ৰে বাপ এতিয়া কি চাব,,, কেমেৰাৰ সন্মুখত তাৰ পৰিয়ালৰ বুলি, গাওঁৰ বুলি চিনাকি দিবলৈ মানুহৰ জুম টো।
মানুহ জাতিটো যে আৰু,,,,,,,,??

https://www.facebook.com/Jyotikhyan1991/

🙏💐নমস্কাৰ গ্ৰহণ কৰিব💐🙏
আপোনাৰ সুন্দৰ সুন্দৰ কোমেণ্ট বোৰে মোক বৰ আনন্দ আৰু অনুপ্ৰেৰণা দিয়ে।
আৰু এনেকুৱা গল্প পঢ়িবলৈ 👆ওপৰৰ লিংকটো ক্লিক কৰি মোক Like আৰু follow কৰিব বুলি বিনম্ৰতাৰে আশা ককৰিলোঁ আৰু সুন্দৰ সুন্দৰ কোমেণ্ট কৰি আপুনি মোক আৰু অলপ অনুপ্ৰেৰণা যোগাব বুলি আশা থাকিল।
ধন্যবাদ।

সমাপ্ত
JB GOHAIN

সোন অ,,, তই বিয়াখন পাতিলেই মই শুখেৰে  মৰিব পাৰিম অ বোপাই।  মাকে ভাত খোৱাৰ মজিয়াতে মইনাক কথাষাৰ কলে,,,।               এ,,...
01/07/2022

সোন অ,,, তই বিয়াখন পাতিলেই মই শুখেৰে মৰিব পাৰিম অ বোপাই। মাকে ভাত খোৱাৰ মজিয়াতে মইনাক কথাষাৰ কলে,,,।

এ,,,,,, মাইনো কি কথাবোৰ কৈ থাক অ। মোৰ সমান তোক বোৱাৰীয়ে মৰম কৰিব জানো,,,?মইনাই কথাষাৰ হাঁহি হাঁহি কলে যদিও ইমান কথাটো মিচাও নহয়,, মাকৰ কিবা দুখ হয় বুলিয়ে বিয়া পাতিবলৈ বৰ ভয় কৰে।

সৰুতেই বাপেক ঢুকাইছিল মইনাৰ । মাকে বৰ কষ্টৰে তুলি তালি ডাঙৰ কৰিছিল । মাকৰ হিয়াৰ আমঠু সি ,বৰ মৰম কৰে মাকে তাক। সি ঘৰত নহলে মাকৰ চকুত টোপনি নাহিছিল পেটত ভাত নোহোমইছিল । মইনাই ও মাকৰ সকলো মৰমৰ কথা গম পাইছিল।

ৰাতিপুৱা মাকে তাক চাহৰ গিলাচ তো আগ বঢ়াই কলে,,,,, সোন অৰুণ ঠিকাদাৰ ওচৰৰ পৰা আহিবিছোন আজি কিবা,,, কম্বল দিব বোলে ।মাকৰ কথা শুনি সি কলে এ,,, আজি কালি ঠিকাদাৰ ওচৰলৈ যাব মন নোযোৱা হল যি দম দম কথা কাম কৰোৱা সময়ত মিঠা মিঠা ভাষণ, চৰকাৰৰ কিবাএটা বিতৰণ কৰিব আহিলে তাৰ দম চাবা। তাৰ কথা শুনি মাকে কলে সোন আমি হৈছোঁ সৰু মানুহ অলপ কথা শুনিবই লাগিব দে,,,।

মাকে কোৱা মতেই দিনৰ ন মান বজাত ঠিকাদাৰ ঘৰ পালেগৈ। ভিতৰৰ পৰা লৰা এটা ওলাই আহি তোলা এখন দিলে তাক বাৰাণ্ডাতে, আৰু লৰাটো সোমাই গল যি গল আধা ঘণ্টা মান মানুহৰ খা খবৰ নাই। সি কি কৰো কি নকৰো ভাবি থাকোতেই ভিতৰৰ পৰা ওলাই আহি থকা দেখা পাই ঠিকাদাৰক।

ছাৰ মই আপোনাৰ ওচৰলৈ আহিছিলো,,,, মইনাই তুলখনৰ পৰা উঠি মাত লগালে ঠিকাদাৰক।

হয় কওক কিয় আহিলে,,,,ঠিকাদাৰ চিগাৰেট জ্বলাই জ্বলাই কথাষাৰ কলে,,,,।

মানে চৰকাৰী কম্বল আহিছিলে বুলি,,,,,,কথাষাৰ শেষ নহওঁতেই ঠিকাদাৰ মাত লগালে,,,,, আপোনালোকৰ আৰু বেলেগ কাম নাই নি হে,, কোনে কয় এইবোৰ কথা আপোনালোকক ।অকল চৰকাৰৰ বস্তু লে আশা কৰি থাকিব হাত ভৰি নাই নি আপোনালোকৰ,,,,,,,
মইনাক গুৱাল গালি দি থাকোতেই পুলিচৰ গাড়ী এখন আহি সোমাই ঠিকাদাৰ ঘৰত। গাড়ীৰ পৰা নামি আহি oc এ কয়,,,,,
মিষ্টাৰ অৰুণ ,আপোনাৰ লৰাই বাইক বহুত স্পীদত চলাই অঞ্চল বাসীয়ে আমাক কম্পিলেন কৰিছে।

চাওক oc মিষ্টাৰ ৰাহুল,,,,ঠিকাদাৰে কবলৈ আৰম্ভ কৰিলে------মোৰ লৰাই নিজেই বাইকৰ গীয়াৰবক্স বনাই বাইক ইস্পীদ চলোৱা নাই,কোম্পানীয়ে যিমান স্পীদৰ কেপাৰ্ছিটি দিছে সিমান হে চলাইছে, আজিৰ পৰা যদি কিবা কবলগীয়া থাকে বাইক স্পীদৰ বিষয়ে বাইক কোম্পানীক কবগৈ।
oc ৰ মুখৰ মাত নোহোৱা কৰিলে অহংকাৰী ঠিকাদাৰে। m l a ৰ লগত হাত থকাৰ কাৰনে অহংকাৰ বেছি হব ধৰিলে ঠিকাদাৰৰ। শেষত পুলিচৰ গাড়ীখন থানা লৈ আৰু মইনা ঘৰলৈ ঘূৰি আহিল।

সোন,,,, ইমান সময় লগালি আহোঁতে,,, ভাত খাব ৰৈ ৰৈ মোৰ আমনি লাগি গৈছে। মইনা,,,, আহি চোতালৰ পাওঁতেই মাকে কথাষাৰ কলে। এ,,, মাই নো মোলৈ কিয় ৰৈ থাক অ,,, খাব লাগে মোৰ কত কিমান সময় হব তই বুজি নাপাবি নহয়,,,মইনাই কলে। ,,,, ৰমেই,, কিয় নৰম ঘৰ খনত মানুহ দুটা তাতে এটা নোহোৱাকৈ ভাত খাব পাৰি নি মাকে চকু জলজলীয়া কৰি কথাষাৰ কলে। মিচিকিয়া হাঁহি মাৰি মইনাই মাকক বুকুৰ মাজত সাবটি লৈ কলে,,,,,, মা তই মোক কিয় ইমান মৰম কৰ। মাকে কলে,,,,মোৰ নো আছে কোন তই সৰুতেই বাপেৰে ঢুকালে, তোক লৈ এ মোৰ আশা ভৰসা জীৱন সকলো, তই যদি মোৰ ওচৰত নাথাক মোৰ বুকুখন বৰ জ্বলে অ উঁচুপি উঁচুপি কথাবোৰ কলে। মা তোৰ লগত মই সদায় আছোঁ তই কিয় কান্দিছ অ,,, মাকৰ গালৰ চকুপানী মোহাৰি মোহাৰি মইনাই কথাষাৰ কলে। মিচিকাই হাঁহি থাকিলেও মাকৰ চকুৰ পানীয়ে মইনাৰ বুকুত জোৰকৈ অবুজ বেদনাই খুন্দা মাৰিছিল।

সেইদিনা আছিল দেওবাৰ। পোৱাৰ কোমল ৰদালিয়ে দিনটো বৰ সুন্দৰ কৈ আৰম্ভ কৰিছিল।চাইকেল খনৰ পাম মাৰি থাকোতেই মাকে মইনাক কলে,,,,,
সোন বজাৰলৈ যাবি যদি কমলা দুটামান মোলৈ লৈ আহিবি চোন, বৰককৈ খাবলৈ মন গৈছে। হব দে মা মই লৈ আহিম বুলি কৈ মইনা ওলাই যায়।

,,,, সময় আবেলি ,,,,

মাকে পদূলি মোৰলৈ চাই চাই চকু বিষাই গৈছে,,,ইমান সময় মইনা অহা নাই। আগতে বজাৰলৈ গলে সি আধা ঘন্টাত ঘূৰি আহে আজিনো কিয় ইমান সময় লগাইছে।
অলপ সময়ৰ পাছত দুজন মানুহে পদূলিৰ জপনা খন খোলা দেখা পাই মাকে,,,,মানুহকেইজন মাকৰ অচিনিকী ব্যক্তি।

এইটো মইনা বৰুৱা ঘৰ হয়নে,,,,? অচিনাকি মানুহ দুজনৰ এজনে কলে,,,,। হয় বাহক চোন বুলি মূহা দুটা উলিয়াই আগবঢ়াই দিলে মাকে।

আইতা আপোনাক কথা এটা কবলেহে আহিলো।আপুনি ভাগি নপৰিব,,,,,তাৰে এজনে কবলৈ আৰম্ভ কৰিলে -----মানুহ মৰণশীল আইতা, কেতিয়া কাৰ ভাগ্য ওপৰলৈ যোৱাৰ কোনেও কব নোৱাৰে। আজি মই কাইলে আপুনি থিক তেনেদৰেই আপোনাৰ লৰাই ও নিজৰ জীৱন তোক হেৰুৱাই পেলাইছে। সি আৰু এইখন পৃথিৱীত নাই আইতা।তীব্ৰ বেগৰৰে অহা ঠিকাদাৰ পিটেকৰ বাইক খনে মইনা জীৱনতো শেষ কৰি দিলে,,,।

উঠি যা,,,,, নবহিব তহঁতি মোৰ ঘৰত ।ধেমালি কৰিছ বুলি মোৰ ,,,মোৰ ,,,,হিয়াৰ আমাথোক লৈ কিয় ধেমালি কৰিছ। সি মোক এৰিথৈ কলৈকো নাযায়। ৰাতিপুৱা তাৰ মুখ নেদেখিলে মোৰ কাৰণে সূৰ্যউদয় নহয়, মাকৰ মমতা তহঁতি বুজি নাপাওঁ নি,নিলাজৰ জাত জ্ঞান নাইকিয়া অসুৰৰ পুতেক ,,,,,,,,কিমানজে কি গালি পাৰিলে সিহঁতক। অচিনাকি ব্যক্তি এজনে আকৌ কলে,,,,আইতা আপোনাৰ কথাটো আমি বুজিছোঁ কিন্ত যিটো সত্য সি লুকাই নাথাকে সৌৱা চাওক আপোনাৰ লৰাৰ মৃতদেহ গাড়ীখনত।

গাড়ীখন দেখি মাক আগ বাঢ়ি যায়। গাড়ীত অহা এজনে বগা কাপোৰখন মুখখনৰ ফালে অলপ আঁতৰাই দি কয় আইতা এয়া আপোনাৰেই লৰা।
মৃতদেহ তো দেখি মাকৰ বুকুত যেন ব্ৰজ্যপাতহে মাৰিছে। কিন্তু মাকে মানি নলয় সেইটো মইনা হয় বুলি। মোৰ মাইনা মুখ খন দেখিব ভাল আছিল । এইজনৰ দেখোন চকু দাঁত একো নাই।

ঐ তহঁতে এই মৃতদেহ তো কৰ পৰা আনিছ ঘূৰাই দেগৈ মোৰ লগত ধেমালি নকৰিবি অ।তহঁতে ভাবি চা চোন সি নহলে বাৰু মই কেনেকৈ জীয়াই থাকিম। ,,,,,,যিমান বুজাব চেষ্টা কৰিলেও মাকে মানি নললে।কিন্তু মাকে মানি নললেও কথাটো সত্য।

বাৰীৰ চুক এটাতে মইনাৰ মৃতদেহ তো গাঁওৰ মানুহে লাগি যুঁজি পুতি থয়। কিন্তু আজি 10 দিন হৈ গল মইনাৰ মাকে আজিও সি আহিব বুলি আখৰে বাট চাই থাকে। কেতিয়াবা কয়,,,,,,,,,,,,,,,,,,,,,
মইনা মই কমলা নাখাওঁ দে , তই ঘৰলৈ কে আহ চোন। কমলা আনিব কওঁতেই বেয়া পাই ঘৰলৈ নাহিবি বুলি জনা হলে মই তোক কমলা আনিব নপঠালো হয়। মোক তই মৰম কৰো বুলি মিছাকে কৈ থাক ,আজি 10 দিন কান্দি কান্দি ৰৈ আছোঁ তোৰ এবাৰো মনত নপৰেনে বাৰু মোলৈ।,😢😢
সমাপ্ত

আপুনিও গাড়ী তীব্ৰ বেগেৰে চলাই নি,,,,চাব আপোনাৰ জীৱন তো মূল্যবান নহলেও কাৰোবাৰ কাৰনে কাৰোবাৰ জীৱন বহুত মূল্য বান l ধন্যবাদ।

https://www.facebook.com/Jyotikhyan1991/

(গল্প টু কেনে পালে,,,? আপোনি পেজ টোত এটা like কৰি মোক আৰু এখোজ আগুৱাই যাবলৈ সুযোগ সুবিধা দিব বুলি অতি আগ্ৰহেৰে বাট চাই থাকিলোঁ,,,ওপৰৰ লিংকটোত ক্লিক কৰিব)

😢😢😢😢 JB GOHAIN😢😢😢😢

😢এটা নষ্ট ল'ৰা 😢   ""”""""""""""''''''"'''''''''''' (প্ৰথম খণ্ড )দিগন্ত :--- তুমি দুচকুত দুচকু থ'লে ,মোৰ মনত সাগৰ নীলা স...
29/06/2022

😢এটা নষ্ট ল'ৰা 😢
""”""""""""""''''''"'''''''''''' (প্ৰথম খণ্ড )
দিগন্ত :--- তুমি দুচকুত দুচকু থ'লে ,মোৰ মনত সাগৰ নীলা সপোন ভাঁহে ! !
মাজনী :--- হিঃ হিঃ,,,,, কল্পনা কৰিবলৈ এৰা , বাস্তবলৈ আহাঁ আৰু কামত ধৰা , নহলে সাগৰ নীলা সপোন, সপোন হৈয়ে ৰৱ।
দিগন্ত :--- কিন্তু মোৰ কলিজা , অসমত কাম কৰি যি কেইটকা উপাৰ্জন কৰিছোঁ , মোৰ নিজলৈকেই নোজোৰা হৈছে দেখোন।
মাজনী :- সেইকাৰণে কৈছোঁ মই,,,,অসমৰ বাহিৰত গৈ কিবা কাম এটা বিচৰা, ইয়াত যি উপাৰ্জন কৰিছা তোমাৰ কাৰণেই নোজোৰে।মোক বিয়াপাতি নি কেনেকৈ ঘৰ সংসাৰ কৰিবা।
দিগন্ত:--- তাকেহে,,,,কিন্তু আমি ঘৰত মানুহ দুটাহে ,মই গলেগৈ মা একেবাৰেই অকলশৰীয়া হৈ পৰিব, পাৰিব জানো তেওঁ অকলশৰে জীৱন কতাৱ,,,? আৰু তোমাৰ ধুনীয়া মুখ খনৰ অবিহনে মই দূৰত গৈ কেনেকৈ জীয়াই থাকিম কোৱা,,?
মাজনী:- কিন্তু মোৰ ধুনীয়া মুখ খন চায়েই তোমাৰ জীৱনৰ সকলো কাম সমাধান হোৱা হলে মইও নকলোঁ হেতেন বাহিৰলৈ যাবলৈ, আৰু একেবাৰে তুমি মাক এৰি যাব নালাগে নহয়।সকলো কথা মাক বুজাই কলে নিশ্চয় বুজিব।

আজি দু'মাহেই হ'ল দিগন্ত আৰু তাৰ বন্ধু ৰাজীৱ সৈতে কামৰ সূত্ৰে ঘৰৰ পৰা মুম্বাইলৈ অহা। কাম বিচাৰি বিচাৰি আপেল কোম্পানীত সিহঁতে কাম পালে কিন্তু চুক্তি কৰি লব লগা হ'ল একেৰাহে দুবছৰ থাকিবলৈ ।কাৰণ চুক্তি কৰিলেহে সিহঁতৰ দৰমহা পোন্ধৰ হাজাৰ কৈ পাব।নহলে দহ হাজাৰকৈহে পাব।

এনেকৈয়ে দিনৰ পাছত দিন গৈ গৈ সিহঁত পাঁচ মাহত ভৰি দিলে। সেইদিনাও সদায় আহি থকাৰ দৰে তাৰ ম'বাইলটোত মাজনীৰ মিছকল এটা আহিল। সি ঘূৰাই মাজনী নম্বৰটোলৈ ফোন কৰিলে,,,,,,,,,,,,
মাজনী:--- হেল্ল,,, কোৱা,,?
দিগন্ত:---- কি কম,,,?
মাজনী:--- কবলৈ একো নাই যদি,,, গান গোৱা।
দিগন্ত:--- হাঃ হাঃ জুবিন, পাপনৰ ,পেট মাৰিব বিচাৰিচা।
মাজনী:--- ইছ,,,,বৰ একেবাৰে গান গোৱাটো।
দিগন্ত:---নাগাওঁ বুলিহে , গাবলৈ হলে গোটেই অসমৰ ছোৱালীবোৰে কঁকাল ভাঙি মেডিকেলত চিত লবগৈ।
মাজনী:--- ইছ,,, ৰাম, হ'ব হ'ব তোমাৰ ফালটো কথা শুনিবলৈ মই মিছকল মৰা নাই,,,,,। মোৰ ম'বাইলটো বেয়া হ'ল। মামাৰ ম'বাইলটোৰ পৰা ফোন কৰি আছিলোঁ এইকেইদিন , মামাক ম'বাইলটো লাগে বোলে, সেইকাৰণে তোমাক আজিৰ পৰা ফোন কৰিব নোৱাৰো।
দিগন্ত:-- মই এটা কিনি দিওঁ নহলে,,,,?
মাজনী:-- নালাগে,,,,,তুমি তাৰ পৰা আহি, ভাল কাম এটাত ধৰি, মোক ম'বাইল কিনি দিয়া গাড়ী কিনি দিয়া দিবা , এতিয়া নালাগে।
দিগন্ত:---মোক তুমি ইমানকৈ বুজি পোৱাৰ বাৱেই , মই তোমাৰ কাৰণে পাগল হৈ যাওঁ।
মাজনী:---হ'ব দিয়া, পাগল হ'ব নালাগে ভাল হৈয়ে থাকা।এতিয়া,,,, বাই ,,,, মোৰ কাম অলপ আছে কৰিবলৈ।

এনেকৈয়ে দিগন্তৰ দিন বোৰ গৈ গৈ মুম্বাইত দহ মাহত ভৰি দিলেগৈ ।আজি-কালি আগৰ দৰে মাজনী ফোনো নহা হ'ল। সেইদিনা দিগন্তই গা ধুই থকা অৱস্থাত, ভিতৰত বহি টিভি চাই থকা ৰাজীৱে বাক চিঞৰ মাৰিলে,,,,,,,,,,
ৰাজীৱ:--- ঐ,,,,,,, দিগন্ত চা চা নিউজ লাইভত আমাৰ গাওঁ খন দেখাইছে। ( দিগন্তয়ো দৌৰ মাৰি আহে চাবলৈ)
দিগন্ত:---বাঃ,,,, আমাৰ গাওঁ খন দেখাইছে , কিন্তু ইমান খিনি গাওঁৰ মানুহে একেলগে কলৈ দৌৰ মাৰিছে,,,?
ৰাজীৱ:---ঐ ঐ চা চা,,,,,,,,গাওঁৰ মানুহে লাঠি লৈ কোনোবা গাওঁৰ মানুহ এজনীক খেদী গৈছে,,,,,
দিগন্ত:---অ,,,,, ইমানকৈ মাৰিছে মানুজনীক গাওঁৰ মানুহে,,,,কোন নো চা চোন চা ,মানুজনী, ভালকৈ ধৰিবই পৰা নাই মই,,,,
ৰাজীৱ:--- আৰে,আৰে,,,,,, মানুজনী দেখোন তোৰ মা হয় দিগন্ত,,,,,!
দিগন্ত:--- আৰে,,,, সচাকৈ মোৰ মা দেখোন,,,! ঐ ৰাজীৱ কি হৈছে এইবোৰ । উসঃ,,,,, ফোন কৰচোন কৰ গাওঁলৈ মই কি দেখিছোঁ এইবোৰ। আৰে ৰাজীৱ ফোন কৰ না,,,,
এনেতে,,,,, নিউজ লাইভত বাতৰি পঢ়ি থকা মানুজনে কলে,,,,,,,,,,,,, এইয়াই আছিল উদয়পূৰ গাওঁৰ ডাইনী বুলি এগৰাকী নিৰীহ বিধ্যাক সত্য কৰা কাণ্ড,,,, আৰু কিছুসময়ৰ আগত এজন গাওঁৰ লৰাৰ ম'বাইলত বন্দী হৈছিল এই ভিডিও টি।
বাতৰিৰ কথাষাৰ শুনি দিগন্তই মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছিল। কেইদিনমান মেডিকেলত থোৱাত সি লাহে লাহে ভাল হ'লগৈ কিন্তু মাকৰ কথা মনত পৰিলেই সি খঙতে জ্বলি পকি উঠে। মাকক মৰা আচল ৰহস্য জানিবলৈ ঘৰলৈ যাবলৈ ওলাল, কিন্তু দুবছৰ কাম কৰিম বুলি চুক্তি কৰাৰ বাবে সি দুবচৰ থাকিবলগীয়া হ'ল।
দুবচৰৰ মূৰত সি সেইদিনা ঘৰ পালেগৈ। কিন্তু মাক নোহোৱা অবুজ বেদনাই তাক হেঁচা মাৰি ধৰিছে। সি বহুত ভাবি চিন্তি মাজনীক এবাৰ লগ কৰাৰ কথা ভাবিলে।আজি এবচৰেই হ'ল সি তাইক ফোন নকৰা আৰু খবৰ নোপোৱা। সি সন্ধ্যা সময়ত মাজনী ঘৰৰ ফালে ৰাওনা হ'ল। অলপ দূৰ গৈ সি মাজনীক দেখি অবাক দৃষ্টিৰে চাই ৰ'ল..... তাইৰ হিৰত সেন্দুৰ কোলাত এটি কেঁচুৱা, সি বুজিবলৈ আৰু বাকী নাথাকিল। তাইক দেখি তাৰ জলা জুইত ঘিউ দিয়াৰ নিচিনা অৱস্থা হ'ল। মুহূৰ্ততে সি ঘৰলৈ ঘূৰি যাবলৈ ল'লে। তেনেতে মাজনীয়ে তাক পাছফালৰ পৰা মাত লগালে,,,,,,,,,,,,,,,,,,,,,

মাজনী:-- ৰবা চোন ৰবা , এবাৰ মোৰ কথা শুনা দিগন্ত দা,,,,?
দিগন্ত:--তোমাৰ কথা আৰু মোৰ শুনা ধৈৰ্য নাই। ইমান দিন ৰৈ ৰৈ মই যি ফল পালোঁ তাতে বহুত সন্তুষ্ট। তোমাৰ যদি কাৰোবাক ইমান আপোন কৰাৰ মনে আছিল মোক কিয় মিছা আশা দি ৰাখিছিলা,,,? খুলি কোৱা হলেই হয় মই হাঁহি মুখে তোমাক বিদায় দিলোঁ হেতেন, কিন্তু তোমাক মই এতিয়া ঘিণ কৰো। মোক আৰু তোমাৰ চালাহী কথা কৈ পাগল কৰিব নিবিচাৰিবা।
মাজনী:-- হুক হুকাই কান্দি কয়,,, মোৰ কথা এবাৰ শুনা দিগন্ত দা,,,। তোমাৰ জানিব মন নাযায় নে মোৰ ক'ত ভুল হৈ গ'ল?
দিগন্ত:-- কোৱা,,,,,,! কিন্তু চাবা,,,,, এয়াই তোমাৰ আৰু মোৰ শেষ বাৰৰ বাবে কথাপতা , শেষ বাৰৰ বাবে দেখা দেখি আৰু কোনো জনমত তুমি মোৰ লগ হোৱাটো মই নিবিচাৰো।
মাজনী:----শুনা তেন্তে,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,

https://www.facebook.com/Jyotikhyan1991/

(মাজনীয়ে কি কলে পঢ়িবলৈ মন নাযায় নে,,,,? আগতীয়াকৈ পঢ়িবলৈ ওপৰৰ লিংক টোত গৈ পেজ টু like আৰু Follow কৰিব বুলি আশা থাকিল। অন্যথা,,, দ্বিতীয় তথা শেষ খণ্ড অহা দেওবাৰে গ্ৰুপ বোৰত দিয়া হব। )

✍✍✍
JB GOHAIN

(আইতাক নিনিবা পাপা বৃদ্ধাআশ্ৰমলৈ । )  গুৱাহাটীৰ বিবেকানন্দ ফ্লেটৰ দহ নাম্বাৰ ৰুমত থকা অভিজিৎ আৰু তাৰ পত্নী প্ৰিয়াৰ মাজত ...
27/06/2022

(আইতাক নিনিবা পাপা বৃদ্ধাআশ্ৰমলৈ । )

গুৱাহাটীৰ বিবেকানন্দ ফ্লেটৰ দহ নাম্বাৰ ৰুমত থকা অভিজিৎ আৰু তাৰ পত্নী প্ৰিয়াৰ মাজত তৰ্ক বিতৰ্ক প্ৰায়ে চলি থাকে বুঢ়ী আইতা অৰ্থাৎ ,,অভিজিৎৰ মাকৰ বাবে। বৃদ্ধা মাকক আপদাল কৰাৰ অসুবিধা হৈছে প্ৰিয়াৰ , সময়ৰ অভাৱ কাৰণে। সেইদিনা প্ৰিয়াই মিঠা সুৰেৰে অভিজিৎক কলে,,,,,,,,
প্ৰিয়া::--- হেৰা শুনিছানে,,,? তুমি ছফ্টৱেৰ কোম্পানীৰ চাকৰিৰ কৰাৰ বাবে দিনটো দেখুন ওলাই যোৱাগৈ,, মই ও যাওঁগৈ নাৰ্ছ কৰাৰ বাবে। তাকে মাক সময় মতে খোৱা বোৱা দিবলৈ মানুহেই নাইকিয়া হৈছে। তাকে মই কথা এটা ভাবিছোঁ কেনে হয়,,,, যদি মাক বৃদ্ধা আশ্ৰম এখনত ৰাখোঁ,,,,,কাৰো জেমেলা নহব ন,,,,?
অভিজিৎ:--- ধেৎ কি কথা কোৱা হে,,,, মাক বৃদ্ধা আশ্ৰমত ৰাখিলে মানুহে কি কব,,,?
প্ৰিয়া:--- তেতিয়া হলে এই বুঢ়ী মানুহবোৰক খোৱা বোৱা যোগাৰ দি থাকিবলৈ মোক চাকৰণি হে অনিছিলা তুমি। মানুহে হাঁহিব বুলি কবলৈ আহিছা,,,, ৰুমত কিবা এটা পাৰ্টি হলে তোমাৰ বুঢ়ী মাই যে আলটো ফালটো বকি আমাৰ মান মৰ্যাদা শেষ কৰে তুমি কিবা বুজা নে,,,? যদি তুমি কিবা সিদ্ধান্ত নোলোৱা মইয়ে গুচি যাম মাৰ ঘৰলৈ।
এনেকৈয়ে তৰ্ক বিতৰ্ক হোৱাৰ পিছত সেইদিনা অভিজিৎতে মাকক বৃদ্ধা আশ্ৰমলৈ নিয়াৰ সিদ্ধান্ত কৰিলে আৰু মাকক কৈছিল ,,,,,,,
অভিজিৎ:---- মা,,,, তোমাক চোৱা চিতা কৰিবলৈ প্ৰিয়াও ঘৰত নাথাকে ,, তাকে ভাবিছোঁ বৃদ্ধা অশ্ৰাম এখনতে যদি তুমি থাকা তেতিয়া তোমৰো অসুবিধা নহয় আমাৰো অসুবিধা নহয়।
মা:----কিন্তু মই পাৰিম জানো তহঁতৰ মুখন নেদেখাকৈ থাকিব,,? তহঁতৰ এই কনমানি অংকুৰে মোক ৰাতিপুৱাই কোৱা কথাবোৰলৈ বৰকৈ মনত পৰি থাকিব চাগে,,, আইতা উঠা না,,,, মোক সাধু এটা কোৱা,,, আইতা মোক চুম এটি দিয়া,,, আইতা চোৱা চোৱা তুমি চুম খাওঁতে তোমাৰ তামোলৰ পিকে মোৰ গালখন ৰং সানি দিলে,, হা হা কিযে মজা ন,,?
তাৰ এইবোৰ কথাই মোক বৰ আনন্দ দিয়ে অ,,। তাকে তহঁতৰ কথা যি কৰিব বিছাৰ,, তহঁতৰ সুখৰ বাবে মই জীৱনত সকলো কৰিবলৈ সাজু আছোঁ।

অভিজিৎ:----- মা,,,, তুমি তাত প্ৰথম কেইদিন মান হে অসুবিধা পাবা,,। তাৰ পিছত তাত সকলোকে লগ পায় তোমাৰ ভালেই লাগিব। আমি টো গৈয়ে থাকিম ন মাজে মাজে,,,,,,
এনেতে ১২ বছৰীয়া অংকুৰ স্কুলৰ পৰা আহি ৰুমত সোমাই দেউতাকক ফালে চাই কলে,,,, পাপা আইতাক কলৈ লৈ যোৱা কথা কৈছা,,,, পাপা আইতাক নিনিবা বৃদ্ধা আশ্ৰমলৈ। কিন্তু দেউতাকে তাৰ কথা কান নিদি বাহিৰলৈ ওলাই যায়। এইবাৰ অংকুৰে আইতাকক কলে,,,, আইতা তুমি জানো পাৰিবা আমাক এৰি থৈ থাকিব,,, ।
আইতা:------ (অংকুৰক বুকুৰ মাজত সাৱটি লৈ আইটাকে কলে),,,, সোণ,,, এইয়া আজি কালি এক প্ৰথা হৈ পৰিছে। ধন আৰু লাহ বিলাহে পৃথিৱী খন ভৰি পৰিব ধৰিছে ,সঁচা অন্তৰ আৰু কোমল হৃদয়ৰ মৰ্য্যদা লাহে লাহে কমি আহিছে। মোৰ তোমালোকলৈ বহুত মনত পৰিব জানানে,,,? যেতিয়া তোমালোকলৈ মনত পৰিব ন,, মই খুব কান্দিম,,, কিন্তু পাপাক নকবা ,, মই কান্দিম বুলি কলে পাপাই দুখ কৰিব ন,,, পাপাই দুখ হোৱাটো মই অলপো নিবিচাৰো ,,, তোমাৰ নিচিনাকৈ পাপাক মই সৰুতে বৰ মৰম কৰিছিলোঁ অ।
কথাষাৰ কৈ আইৰ চকুৱে চকুলো নিগৰি আহিছিল। অংকুৰে তাৰ ৰুমাল খনেৰে আইতাকৰ চকুলো মোহাৰি মোহাৰি কৈছিল,,,, আইতা তোমাক মই যাবলৈ নিদিওঁ।মই তোমাক ঘৰত ৰাখিবলৈ চেষ্টা কৰিম,,কিন্তু আইটাকে কৈছিল,,,,সৰুৰে পৰা বহু কষ্টৰে পঢ়াই শুনাই ডাঙৰ মানুহ কৰা তোৰ দেউতাই মোক ঘৰত ৰাখিব পৰা জ্ঞান নাই ,,,তুমি কনমানি হৈ মোক কিনো ঘৰত ৰাখিবলৈ চেষ্টা কৰিবা,,,,? একোনাই দিয়া মই তালৈকে যামগৈ,,,, তুমি কিন্তু মোলৈ মনত পেলাই নাকান্দিব দেই তুমি কান্দিলে যে মই তাতো জীয়াই নাথাকিম আৰু,,,,,,।

সেইদিনা মঙ্গল বাৰ । আইতাক লৈ যাব বৃদ্ধা আশ্ৰমলৈ অভিজিৎৰ পৰিয়ালটোৱে। আইতাৰ বুকুখনে হিয়া উজাৰি কান্দিছে আজি। আইতাৰ কবলৈ মন গৈছে আজি অভিজিৎ হেতক ,,,,, মোক তহঁতৰ লগতে ৰাখা চোন ,,,,সময় মতে মোক খোৱা নালাগে বাৰু তহঁতৰ মুখন দেখি থাকিলেই মোৰ ভোক নাইকিয়া হব,, তহঁতৰ কথাবোৰ শুনি থাকিলেই মোৰ পিয়াহ মৰিব অংকুৰৰ লগত ধেমালি কৰিব পালেই মোৰ জীৱনটো সুখী হব। কিন্তু শেষত আইতাই ভাবিছে,,,,মই এইষাৰ কথা কলে বুজি পোৱা হলে মোক বৃদ্ধা আশ্ৰমলৈ নিয়াৰ কথাই নাভাৱিলে চাগে।
অৱশেষত বৃদ্ধা আশ্ৰমলৈ বুলি সকলো car খনত বহিল। আইতাই যেন কাৰো মুখলৈ চাব পৰা নাই ,,,দুখত ভাগি পৰিছিল। তেনেতে অভিজিৎ তে car খন ষ্টাৰ্ট দি আশ্ৰমৰ ফালে গতি কৰিছে। তাকে দেখি অংকুৰে সুধিলে,,,,,,,,,
অংকুৰ:------ পাপা ,,,আশ্ৰমলৈ কিমান দূৰ,,,,,?
অভিজিৎ:----৩৫ কি:মি: হব।
অংকুৰ:----অ,,,,,বহুত দূৰ দেখোন।পাপা মই কথা এটা ভাবিছোঁ ,,মই পঢ়া শুনা কৰি যেতিয়া ডাঙৰ মানুহ হৈ বিয়া পাতিম,,,তেতিয়া আমাৰ ফ্লেটৰ কাষতে এখন বৃদ্ধা আশ্ৰম বনাম । কাৰণ তেতিয়া তোমালোকক মই আশ্ৰমত ৰাখিব লাগিব ন,,,, তোমালোকে টো মোক বহুত মৰম কৰা ন, মোৰ মুখ নেদেখিলে তোমালোকে থাকিব নোৱাৰা সেইকাৰণে ভাবিছোঁ বহুত দূৰৰ বৃদ্ধা আশ্ৰমত ৰাখিলে তোমালোকৰ বৰ কষ্ট হব ,,,।
অংকুৰৰ কথা শুনি সকলো মৌন হৈ পৰিল।অভিজিৎৰ বুকুত যেন বৰ্জ্যপাত মাৰিলে কথাষাৰে,,,,সি ভাবিছিল মাকক ঘূৰাই ঘৰলৈ লৈ যাব নেকি কিন্তু প্ৰিয়াৰ মুখত মাত নাই, শেষত ভাবিলে যি আহিলোঁ আহিলোঁ কাম সম্পূৰ্ণ কৰিয়েই যাম।
দিনৰ ২ মান বজাত আইতাক আশ্ৰমত থৈ আহি ,,,,অংকুৰক car খনতে বহাই অভিজিৎ আৰু তাৰ পত্নী প্ৰিয়াই বজাৰ কৰাৰ উদ্দেশ্যে দোকানৰ ফালে ৰাওনা হয়। ১০-১৫ মিনিট মান বজাৰ কৰি আহি দেখে গাড়ীখনত অংকুৰ নাই,,,,। ইফালে সিফালে প্ৰায় আধা ঘন্টা মান বিচাৰিছে কতো তাক বিচাৰি পোৱা নাই। প্ৰিয়াই অভিজিৎৰ বুকুত সোমাই কান্দি কান্দি কবলৈ ধৰিছে,,,,কত গল অংকুৰ ,,,? মোক বিচাৰি দিয়া তাক। সি নহলে মই কেনেকৈ জীয়াই থাকিম ,,,প্লিজ,,,,মোক বিচাৰি দিয়া অংকুৰক।
হঠাৎ এনেতে অংকুৰে আহি car খনৰ কাষতে থিয় হয়। প্ৰিয়াই তাক দেখি দৌৰ মাৰি গৈ অংকুৰক সাৱটি ধৰি তাৰ মূৰ টো মোহাৰি মোহাৰি কয়,,,কত গৈছিলা তুমি ,,মোক কিয় ইমান কষ্ট দিয়া, তুমি যদি মোৰ লগত নথকা নহয়,,,,মই এই পৃথিৱীত জীয়াই থকাৰ অৰ্থ নাই। তেতিয়া অংকুৰে কয়,,,,,,,,,,
অংকুৰ:-----মা,,,,,,মই এই আধা ঘন্টা হেৰাই যাওঁতেই তুমি কান্দি কান্দি পগলা হৈ গৈছা,, তেন্তে চোৱা,,আইতাই পাপাক বহুদিনৰ বাবে হেৰুৱাই পেলাইছে, আইতাৰ অৱস্থা কি হৈছে এবাৰ ভাবি চাইছানে,,,? মা তুমি যেনেকৈ মোক বহুত মৰম কৰা,,,ঠিক সেইদৰে আইতাইও পাপাক বৰ মৰম কৰিছিল। মা এই পৃথিৱীত মা বুলি তোমাৰে অকল মৰম নহয়,,,,,,সকলো মাকৰে নিজৰ সন্তানলৈ বুজাব নোৱাৰা মৰম থাকে।
অংকুৰৰ কথাবোৰ অভিজিৎ আৰু প্ৰিয়াই থৰ লাগি চাই থাকে,,,, দুয়োৰে চকুত অশ্ৰু নধৰা হৈ পৰিছে। অলপো পলম নকৰি সিহঁতে আইতাক ঘৰলৈ ঘূৰাই আনিবলৈ আশ্ৰমৰ পালেগৈ,,,গেটত থকা চকীদাৰ জনক সুধিলে অলপ আগতে এগৰাকী আইতাক থৈ যোৱা হৈছিল কত আছে কব পাৰিবনে,,,,,
চকীদাৰ:------ সৌ,,,,ৰুমটোত চাওঁগৈ ,,,,,, দিনৰ দিনটো কান্দিয়ে আছে আইতাই খোৱা বোৱা কৰা নাই,,,বৰ মৰম কৰিছিল চাগে পৰিয়ালৰ মানুহ বোৰক। আজি কালি দেশ কিযে হল,,,,,নিজৰ মাকক চাবলৈও সময় নোহোৱা হল মানুবুৰৰ। পিছে আপুনি আইতাৰ কোন হয় নো,,,,।
অভিজিৎতে চকীদাৰ কথাষাৰ উত্তৰ দিবলৈ ৰঙা চিঙা পৰি গল। তেনেতে অংকুৰে আইতা থকা ৰুমটো পালেগৈ । আইতাই অংকুৰক দেখি বৰ হেঁপাহেৰে আহি কান্দি কান্দি অংকুৰক সাৱটি ধৰি কৈছিল ,,,,,মোক তোমালোকে এনেকৈ এৰি গুচি যোৱাত কৈ ,,,, মোক মাৰি থৈ যোৱাগৈ , বৰ কষ্ট হয় অ,,,,তহঁত বোৰ কাষত নাথাকিলে,,,।
অংকুৰ:----আইতা তোমাক আমি লৈ যাবলৈ আহিছোঁ । তুমি খোৱা চুমাটোৰ তামোলৰ পিকে মোৰ অকল গালতে ৰং নাহানে ,,,,,গোটেই জীৱনটোত বৰ আনন্দৰ ৰং সানে আইতা।
(আইতাৰ মূখত যেন মিচিকিয়া হাঁহি বিৰিঙি উঠিল)

https://www.facebook.com/Jyotikhyan1991/
সমাপ্ত
✍✍✍✍
J B GOHAIN

(এনে ধৰণৰ গল্প সমূহ পঢ়ি থাকিবলৈ ওপৰৰ লিংক টু ক্লিক কৰি মোক Like আৰু follow কৰিব বুলি আশা কৰিলোঁ।ধন্যবাদ।)

Address


Alerts

Be the first to know and let us send you an email when JB Gohain New posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to JB Gohain New:

  • Want your business to be the top-listed Media Company?

Share