10/09/2026
শিক্ষা হল সমাজ গঢ়াৰ আটাইতকৈ শক্তিশালী আহিলা, আৰু সেই শিক্ষাৰ বন্তি প্ৰজ্বলন কৰি থকা এগৰাকী নীৰৱ সাধক হল আমাৰ হাজিৰহাটৰে সু-সন্তান শ্ৰী দিলৰঞ্জন দাস ডাঙৰীয়া। তেখেত আমাৰ হাজিৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী কৃতি শিক্ষাৰ্থী আছিল, যিটো আমাৰ বাবে অতিকৈ গৌৰৱৰ বিষয়।
তেখেতৰ নিষ্ঠা, ত্যাগ, কষ্ট আৰু সমাজ সেৱাৰ স্বীকৃতি স্বৰূপে যোৱা দুটা বছৰত তেখেতে লাভ কৰা সন্মান সমূহে কেৱল তেখেতকেই নহয়, সমগ্ৰ জিলাবাসী আৰু হাজিৰহাটবাসীকে গৌৰৱান্বিত কৰিছে।
তেখেতে লাভ কৰা উল্লেখযোগ্য বঁটা সমূহ
১. কৃতি শিক্ষক বঁটা (৫ ছেপ্টেম্বৰ, ২০২৪) জিলা প্ৰশাসনৰ পৰা শিক্ষক দিৱসৰ দিনা এই সন্মানীয় বঁটা লাভ কৰে।
২. গৌতম বুদ্ধ ৰাষ্ট্ৰীয় শান্তি বঁটা (২৯ জুন, ২০২৬) সনাতন আখৰা পৰিষদ আৰু গ্লোবেল ইউনিভাৰ্ছিটি, নতুন দিল্লীৰ তৰফৰ পৰা এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা প্ৰদান কৰে৷
৩. ড° শ্যামা প্ৰসাদ মুখাৰ্জী ৰাষ্ট্ৰীয় বঁটা (৯ ছেপ্টেম্বৰ, ২০২৬) দীনদয়াল ফাউণ্ডেশ্যন, নতুন দিল্লীৰ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বঁটা লাভ কৰে। একেটা অনুষ্ঠানতে আমাৰ অঞ্চলৰে আন এগৰাকী কৃতি শিক্ষক ২৫৯ নং হাড্ডিৰ চৰ এল.পি. স্কুলৰ প্ৰধান শিক্ষক শ্ৰী সুৰত জামান মোল্লা ডাঙৰীয়ায়ো একে বঁটা লাভ কৰি আমাক গৌৰৱান্বিত কৰিছে।
বৰ্তমান তেখেত দক্ষিণ শালমাৰা শিক্ষা খণ্ডৰ অন্তৰ্গত ১০৭৮ নং দাৰোগাৰ আলগা জে.বি. স্কুলৰ প্ৰধান শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তেখেতৰ বৰ্তমান ঠিকনা উত্তৰ শালমাৰা, বঙাইগাঁও।
এগৰাকী প্ৰধান শিক্ষক হিচাপে তেখেতে কেৱল ছাত্ৰ-ছাত্ৰীক পাঠদান কৰাই নহয়, এখন পিছপৰা অঞ্চলত শিক্ষাৰ পোহৰ বিলাই সমাজক আগুৱাই নিয়াৰ যি মহান দায়িত্ব পালন কৰিছে, সেয়া সঁচাকৈয়ে প্ৰশংসনীয়।
হাজিৰহাট অঞ্চলৰ তৰফৰ পৰা শ্ৰী দিলৰঞ্জন দাস ডাঙৰীয়ালৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তেখেতৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ, যাতে অনাগত দিনতো তেখেতে এনেদৰেই সমাজ সেৱা কৰি যায়।