31/07/2025
বিশিষ্ট অভিনেতা-পৰিচালক অৰুণ নাথক প্ৰদান কৰা হ'ব ২০২৫ বৰ্ষৰ ভবেন বৰুৱা বঁটা , ৩ ছেপ্তেম্বৰত যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে প্ৰদান কৰিব এই বঁটা , সংবাদমেল যোগে আনুষ্ঠানিক ঘোষণা
প্ৰণৱজ্যোতি কলিতা,নলবাৰীঃ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে প্ৰতিবছৰে প্ৰদান কৰি অহা ভবেন বৰুৱা বঁটা এই বৰ্ষত প্ৰদান কৰা হ'ব বিশিষ্ট অভিনেতা পৰিচালক অৰুণ নাথক৷ যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত অহা ১ ছেপ্তেম্বৰৰ পৰা চাৰি দিনীয়াকৈ নলবাৰী নাট্য মন্দিৰত অনুষ্ঠিত হ'বলগীয়া সপ্তদশ বাৰ্ষিক সদৌ অসম ভবেন বৰুৱা শিশু নাট প্ৰতিযোগিতাৰ সৈতে সংগতি ৰাখি ৩ ছেপ্তেম্বৰত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট অভিনেতা-পৰিচালক অৰুণ নাথক এই বঁটা প্ৰদান কৰা হ'ব৷অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ নলবাৰী জিলা সমিতিৰ কাৰ্যালয়ত আজি আয়োজিত এক সংবাদমেল যোগে এই ঘোষণা কৰে।সংবাদমেলত উপস্থিত থাকি পৰিষদৰ জিলা সমিতিৰ সভাপতি আচিক আহমেদ,ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক সুনীল দাস, শিল্পী-সাহিত্যিক কল্যাণ ন্যাসৰ নলবাৰী জিলা সমিতিৰ সভাপতি জয়ন্ত হাজৰিকা, সাধাৰণ সম্পাদক প্ৰণৱজ্যোতি কলিতা, যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক পাৰ্থপ্ৰতীম শৰ্মা,নাট প্ৰতিযোগিতা পৰিচালনা সমিতিৰ সভাপতি তথা জেষ্ঠ সাংবাদিক এম মহিবৰ ৰহমান,কাৰ্যকৰী সভাপতি বিশ্বজিৎ বৰুৱা,সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাই এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে। উল্লেখ্য, যুৱ-ছাত্ৰ পৰিষদে ২০০৯ চনৰ পৰা প্ৰদান কৰি আহিছে এই বঁটা। উল্লেখ্য যে অসমৰ প্ৰতিজন নাট্যৰসিক, পেছাদাৰী,অপেছাদাৰী নাট্যক্ষেত্ৰৰ স’তে জড়িত শিল্পী, কলা-কুশলীৰ দৰ্শকৰ হৃদয়ত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা স্বনামধন্য শিল্পী ভবেন বৰুৱাৰ স্মৃতি যুগমীয়া কৰাৰ হেঁপাহেৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে ২০০৯ বৰ্ষৰ পৰা নলবাৰীত ভবেন বৰুৱা সদৌ অসম শিশু নাট প্ৰতিযোগিতা অনুষ্ঠিত কৰি অহাৰ লগতে অসমৰ সাংস্কৃতিক ক্ষেত্ৰত বিশিষ্ট বৰঙণি আগবঢ়োৱা একোগৰাকী নাট্য শিল্পীক ভবেন বৰুৱা বঁটা প্ৰদান কৰি আহিছে। শিল্পীজনাৰ নাট্য প্ৰতিভাক চিৰস্মৰণীয় কৰি ৰখাৰ প্ৰয়াসেৰে যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে ২০০৯ বৰ্ষত বিশিষ্ট নাট পৰিচালক, সুদক্ষ অভিনেতা দুলাল ৰয়, ২০১০ বৰ্ষত গুৰুজী আদ্য শৰ্মা, ২০১১ বৰ্ষত বিশিষ্ট অভিনেতা বিজু ফুকন, ২০১২ বৰ্ষত বিশিষ্ট অভিনেতা নীলু চক্ৰৱৰ্তী, ২০১৩ বৰ্ষত বিশিষ্ট অভিনেতা মহানন্দ শৰ্মা, ২০১৪ বৰ্ষত বিশিষ্ট অভিনেতা জীৱেশ্বৰ ডেকা, ২০১৫ বৰ্ষত ভ্ৰাম্যমাণৰ মহীৰূহ অচ্যুত লহকৰ, ২০১৬ বৰ্ষত মঞ্চসূৰ্য, সংগীত নাটক অকাডেমী বঁটা প্ৰাপ্ত ধৰণী বৰ্মন, ২০১৭ বৰ্ষত ভ্ৰাম্যমাণ নাট্য জগতৰ বিশিষ্ট নাট্যকাৰ,অভিনেতা,পৰিচালক,গীতিকাৰ হেমন্ত দত্ত, ২০১৮ বৰ্ষত বিশিষ্ট অভিনেত্ৰী বিদ্যা ৰাও, ২০১৯ বৰ্ষত বিশিষ্ট নাট্যকাৰ, পৰিচালক দাৰা আহমেদ, ২০২০ বৰ্ষত বিশিষ্ট অভিনেতা পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্য, ২০২১ বৰ্ষত বিশিষ্ট অভিনেতা নিপন গোস্বামীক, ২০২২ বৰ্ষত প্ৰবীন অভিনেতা দীনেশ দাসক, ২০২৩ বৰ্ষত বিশিষ্ট অভিনেতা ভৱেশ বৰুৱাক আৰু ২০২৪ বৰ্ষত বিশিষ্ট অভিনেত্ৰী ৰীণা বৰাক 'ভবেন বৰুৱা বঁটা' প্ৰদান কৰা হৈছে। উল্লেখ্য যে, এই বঁটাত থাকিব নগদ ১৫,০০০ টকা, ফুলাম গামোচা, চেলেং চাদৰ,স্মাৰক, শৰাই ইত্যাদি। উল্লেখ্য যে ভবেন বৰুৱা সদৌ অসম শিশু নাট প্ৰতিযোগিতাৰ সৈতে সংগতি ৰাখি প্ৰথমবাৰৰ বাবে গ্ৰন্থমেলাৰো আয়োজন কৰা হৈছে৷ এক ছেপ্টেম্বৰত নলবাৰী নাট্য মন্দিৰ বাকৰিত গ্ৰন্থমেলা আনুষ্ঠানিকভাবে মুকলি কৰা হ'ব।