09/09/2026
ধুবুৰীত চিকিৎসকৰ পৰা ধন দাবী চাৰি সাংবাদিকৰ , আটক তিনিজন কৈ সাংবাদিক , পলাতক এজন সাংবাদিক
নিউজ ডেক্স , ধুবুৰী , ৯ ছেপ্তেম্বৰ: ধুবুৰীত ধনদাবী কৰি আটক ব্যক্তিগত চেটেলাইট চেনেলৰ সাংবাদিক ছাহিল সেখ, নিউজ প'ৰ্টেলৰ দুই সাংবাদিক দেৱান জাহাংগীৰ আলম আৰু আশ্ৰাফুল আলম । সহিদুৰ ৰহমান আন এজন সাংবাদিক বৰ্তমানেও পলাতক হৈ আছে। এগৰাকী চিকিৎসকৰ পৰা তিনিলাখ টকা ধন দাবী কৰি চাৰি সাংবাদিকৰ বিৰুদ্ধে সোমবাৰে ধুবুৰী সদৰ থানাত ৰুজু হয় গোচৰ। দাবী কৰা তিনিলাখৰ অগ্ৰিম ৮৫ হাজাৰ টকা লৈ এইবাৰ আৰক্ষীৰ জালত ব্যক্তিগত চেটেলাইট চেনেলৰ সাংবাদিক ছাহিল সেখ আৰু নিউজ প'ৰ্টেলৰ দুই সাংবাদিক দেৱান জাহাংগীৰ আলম আৰু আশ্ৰাফুল আলম। সহিদুৰ ৰহমান নামৰ সাংবাদিক জন পলাতক হৈ আছে। ছটকা ৰহমান নামৰ এগৰাকী চিকিৎসকৰ পৰা ভয় ভাবুকিৰে দেওবাৰে ধনদাবী কৰিছিল এই চাৰি সাংবাদিকে৷ চিকিৎসকজনে প্ৰাণৰ আশংকাত নগদ ২০ হাজাৰ টকা দিয়াৰ উপৰি ফোন পে'ৰ জৰিয়তে চিকিৎসক জনৰ পৰা চাৰি সাংবাদিকে লৈছিল ৬৫ হাজাৰ টকা। পৰবৰ্তী সময়ত উক্ত চেম্বাৰৰ গৰাকীয়ে চাৰি সাংবাদিকৰ বিৰুদ্ধে ধুবুৰী সদৰ থানাত কালি এজাহাৰ দাখিল কৰে। এজাহাৰ দাখিল কৰাৰ পাছতে তৎপৰ হৈ পৰে আৰক্ষী৷ ধুবুৰী আৰক্ষীয়ে অভিযান চলাই ছাহিল সেখ, দেৱান জাহাংগীৰ আলম আৰু আশ্ৰাফুল আলম নামৰ এই তিনিজন সাংবাদিকক আটক কৰে যদিও সহিদুৰ ৰহমান নামৰ এজন সাংবাদিক পলাতক হৈ আছে বুলি জানিব পৰা গৈছে । ঘটনা সন্দৰ্ভত ধুবুৰী সদৰ থানাত বিএনএছৰ ৬১(২),৩২৯(৪),১২৭ (২),৩০৮(৫), ৩০৯ (৪), ৩৫১(২),৩৫১(৩),৩(৫) ধাৰাৰ অধীনত ৩৫৪/২০২৬ নম্বৰৰ গোচৰ ৰুজু হৈছে। সাংবাদিকে মোস্তফা ফিৰদুছ আহমেদ নামৰ ফোন পেত জৰিয়তে অবৈধভাৱে ধন লোৱা গৰাকী গ্ৰেপ্তাৰ কৰে ৷ ইপিনে , ফোন পেৰ গৰাকী সহ তিনি সাংবাদিকক গ্ৰেপ্তাৰ কৰি ইতিমধ্যে আদালতত হাজিৰ কৰোৱাত আদালতে আৰক্ষীক তিনি দিনৰ বাৱে চাৰিও জনকে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে । আনহাতে , আশ্ৰাফুল আলম নামৰ পৰ্টেল সাংবাদিক গৰাকীয়ে সমাজৰ মাজত সৃষ্টি কৰাৰো মানসিকতা মনোভাৱ থকা জগন্য নামটোৱেই হৈছে আশ্ৰাফুল আলম। আনহাতে , সহিদুৰ ৰহমান নামৰ সাংবাদিক গৰাকীয়ে পলাই ফুৰাই নিজকে দোষী বুলি প্ৰমাণিত কৰিছে । ইতিমধ্যেই সহিদুৰ ৰহমানক আসাম টক্সৰ পৰা অব্যাহতি দিছে । দেৱান জাহাংগীৰকো অব্যাহতি দিয়া হৈছে যদিও সঠিক তথ্যৰ অভাৱত প্ৰকাশ কৰিব নোৱাৰিলোঁ । আজি ইমানেই প্ৰকাশ কৰা হল যদিও পৰৱৰ্তী সময়ত প্ৰকাশ কৰিম আৰু তথ্য ।