06/11/2025
আচ্ছালামু আলাইকুম ওয়া ৰহমাতুল্লাহি ওয়া বাৰাকাতুহ।
( আলহামদুলিল্লাহ সু সংবাদ সু সংবাদ)
সমগ্র অসমবাসী লগতে ধর্মপ্রাণ ৰাইজ আপোনালোকক জনাবলৈ সূখী অনুভব কৰিছোঁ যে আমাৰ চাউলীয়াবড়ী ৰহমানীয়া হাফিজীয়া মাদ্রাছাৰ পৰা অতি কম বয়সত অতি কম সময়ৰ (২ বছৰৰ) ভিতৰত এই জন ছাত্রয়ে সম্পুর্ণ কোৰআন মুখস্থ কৰি হাফিজ হৈ আমাৰ মাদ্রাছাৰ লগতে সমগ্র অঞ্চলবাসীক গৌৰবান্বিত কৰিছে। তেওঁৰ এই কোৰআনৰ জাত্রা আছিল অধ্যৱসায়, ত্যাগ আৰু আল্লাহৰ তৌফিকৰ একটি উজ্জ্বল নিদর্শন।
এই পবিত্র কোৰআনেই হব তেওঁৰ জীবনৰ পোহৰ, অন্তৰৰ শান্তি আৰু কবৰৰ নূৰ।
দুআ কৰিছোঁ-
আল্লাহ তায়ালা যেন কোৰআনৰ নূৰে তেওঁৰ জীবন আলোকিত কৰে,
তেওঁৰ কন্ঠত কোৰআনৰ মাধূর্য্য চিৰস্থায়ী কৰে ৰাখে,
তেওঁক আমলদাৰ, খালিছ আৰু দ্বীনদাৰ আলিম হিচাপে গঢ়ি তোলে,
আৰু তেওঁৰ মাধ্যমেদি দ্বীনৰ খিদমত কবূল কৰে।
আমি সকলোৱে দুআ কৰোঁ-
যেন এই হিফজৰ সৌভাগ্য তেওঁৰ দুনীয়া আৰু আখেৰাতৰ সফলতাৰ উপায় হয় ।
তেওঁৰ জীবন যেন সদায় কোৰআনৰ লগত কাটি যায়,
আৰু তেওঁ যেন কোৰআনৰ এজন সফল খাদিম হিচাপে আল্লাহৰ ওচৰত কবূল হয় ।(আমীন)
ছাত্র জনৰ নাম - নূৰনবী
দেউতাকৰ নাম- মুহাম্মদ আলী
গাঁও - কাঠেলা
বয়স - ১২
শিক্ষা গুৰু - হাফিজ ৰফিকুল ইছলাম চাহাব