Brahmaputratimes Assam

Brahmaputratimes Assam Digitized version of RNI registered Fortnightly- PASEKIA BRAHMAPUTRA edited by Author Biswajit Barooah

চাহ জনগোষ্ঠীৰ পাছত ৰাজ্যৰ দ্বিতীয় ৰাজধানী ডিব্ৰুগড় মহানগৰ কঁপাই তুলিবলৈ ১ নৱেম্বৰত সাজু  আহোম জাতীয় সংগঠন #ব্ৰহ্মপুত্...
14/10/2025

চাহ জনগোষ্ঠীৰ পাছত ৰাজ্যৰ দ্বিতীয় ৰাজধানী ডিব্ৰুগড় মহানগৰ কঁপাই তুলিবলৈ ১ নৱেম্বৰত সাজু আহোম জাতীয় সংগঠন
#ব্ৰহ্মপুত্ৰ_প্ৰতিৱেদক
অহা ১ নবেম্বৰত ৫০ হাজাৰ আহোম জনগোষ্ঠী লোকৰ উপস্থিতিৰে জোঁৰ সমদল বাহিৰ কৰাৰ হুংকাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে।

২০২৬ চনত বিধান সভাৰ নিৰ্বাচনৰ আগতে আহোম জনগোষ্ঠীলোকক জনজাতি প্ৰদান নকৰিলে- গাহৰি মাংসৰে ভাত খাই বিজেপিক বৰলুইতত উটুৱাই দিব বুলি ডিব্ৰুগড়ত একত্ৰিত নেতাসকলে একেমুখে হুংকাৰ দিয়ে৷

আজি ১৪-১০-২৫ আবেলি ৩ বজাত ডিব্ৰুগড়স্থিত হোটেল ইনসুৰিয়াত অনুষ্ঠিত এক সংবাদ মেলযোগে জনজাতিকৰণ সন্দৰ্ভত বিতৰ্কিত মন্তব্য আগবঢ়োৱা আদিত্য খাকলাৰীৰ বিৰুদ্ধে সৰৱ হৈ উঠে সংগঠন কেইটাৰ বিষয় ববীয়া সকলে ।

টাইপাৰ কেন্দ্ৰীয় সমিতি সাংগঠনিক সম্পাদক চাও কেশৱ ফুকন, কেন্দ্ৰীয় কাৰ্যনিবাহক প্ৰাঞ্জল সন্দিকৈ, ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি বিকাশ বৰুৱা, কাৰ্যকৰী সভাপতি-দিপাংকৰ দুৱৰা, পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ মানচাও দুৰ্গা বৰগোঁহাই-আৰু কনকচন্দ্ৰ নেওঁগ, আটাছুৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদকদ্বয় অমিতৰণী গগৈ,অমৰজ্যোতি সন্দিকে,ধনজিৎ সন্দিকৈ,জিণ্টু দিহিঙ্গীয়া,জিতু চেতিয়া, টাই আহোম মহিলা পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহ:সম্পাদিকা পাপৰী বৰগোঁহাই আৰু ইৰুমণী গগৈ সন্দিকৈয়ে -টাই আহোম জনগোষ্ঠীৰ জনজাতিকৰণ আৰু স্বায়ত্ব শাসনৰ দাবীত সকলো দল সংগঠন একত্ৰিত হৈ আজি এই সংবাদমেলৰ যোগেদি জানিবলৈ দিছে।

সংবাদমেলত টাইপা- ডিব্ৰুগড় জিলা সভাপতি বিকাশ বৰুৱা আৰু কাৰ্যকৰী সভাপতি দিপাংকৰ দুৱৰাই অস্তিত্ব ৰক্ষাৰ দাবীত ঘোষণা কৰা এই গণ আন্দোলনত সকলো শ্ৰেণীৰ ৰাইজক সহায় সহযোগ কৰিবলৈ আহ্বান জনোৱাৰ লগতে জনগোষ্ঠীলোকসকল নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ নকৰিলে ভৱিষ্যত দিনবোৰত অধিক ভয়াবহ পৰিৱেশ সূচনা হব বুলি স্পষ্ট কৰি দিয়ে।

ডিব্ৰুগড়ৰ বৰবৰুৱা নিবাসী প্ৰাক্তন সংখ্যালঘু কোষৰ সভানেত্ৰী আলহাজিন লিলি বেগমৰ পৰলোক   #ব্ৰহ্মপুত্ৰ_প্ৰতিৱেদক ডিব্ৰুগড় জ...
13/10/2025

ডিব্ৰুগড়ৰ বৰবৰুৱা নিবাসী প্ৰাক্তন সংখ্যালঘু কোষৰ সভানেত্ৰী আলহাজিন লিলি বেগমৰ পৰলোক
#ব্ৰহ্মপুত্ৰ_প্ৰতিৱেদক
ডিব্ৰুগড় জিলাৰ বৰবৰুৱা নিবাসী আলহাজিন লিলি বেগম কিছুদিন ধৰি অসুখত ভুগি যোৱা নিশা ৭৩ বছৰ বয়সত মৃত্যু হয়।

১৯৫১ চনত লেপেটকটাত জন্মগ্ৰহণ কৰা লিলি বেগম বৰবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়া শুনা কৰি সেই বিদ্যালয়খনতে কিছুদিন হিন্দী শিক্ষয়িত্ৰী হিচাপে চাকৰি কৰে।

অসম সাহিত্য সভাৰ আজীৱন সদস্য, ডিব্ৰুগড় জিলা কংগ্ৰেছ কমিটিৰ সংখ্যালঘূ মহিলাকোষৰ অধ্যক্ষ, বৰবৰুৱা গাওঁৰক্ষী বাহিনীৰ সভানেত্ৰী, গাওঁ পঞ্চায়তৰ সভানেত্ৰী, ডিব্ৰুগড় জিলাৰ মুছলিম কল্যাণ পৰিষদৰ কাৰ্য্যকৰী সভানেত্ৰী, বৰবৰুৱা উপস্বাস্থ্য কেন্দ্ৰৰ কাৰ্য্যকৰী সদস্য আদি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত তেওঁ জড়িত হৈ আছিল।

লিলি বেগমৰ মৃত্যুত ডিব্ৰুগড় চেন্টাৰ ফৰ ইছলামিক ষ্টাডিজৰ সভাপতি-সম্পাদক, ডিব্ৰুগড় জাতীয় ঐক্য পৰিষদৰ সভাপতি- সম্পাদক-উপদেষ্টা, ডিব্ৰুগড় জিলা জমিয়ত উলেমাৰ সভাপতি সম্পাদক আদিয়ে শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে।

মৃত্যুৰ সময়ত তেখেতে তিনি পুত্ৰ, দুই কন্যা, বোৱাৰী, জোৱাঁই আৰু নাতি-নাতিনীসহ পৰিয়ালৰ অনেক আত্মীয়ক ইহ সংসাৰত এৰি যায়। আজি স্থানীয় বৰবৰুৱা কবৰস্থানত অনেক গুণমুগ্ধৰ উপস্থিতিত লিলি বেগমৰ জানাজা সম্পন্ন কৰা হয়।

অনুসূচিত জনজাতিৰ মৰ্য্যদা প্ৰদানৰ দাবীত ডিব্ৰুগড়  কঁপালে ডেৰ দুই লাখ আছাই   #ব্ৰহ্মপুত্ৰ_বাৰ্তা অসমৰ চাহ বাগিচা আৰু  ৰাজ...
13/10/2025

অনুসূচিত জনজাতিৰ মৰ্য্যদা প্ৰদানৰ দাবীত ডিব্ৰুগড় কঁপালে ডেৰ দুই লাখ আছাই
#ব্ৰহ্মপুত্ৰ_বাৰ্তা
অসমৰ চাহ বাগিচা আৰু ৰাজ্যখনৰ চুকে-কোণে বসবাস কৰা চাহ জনগোষ্ঠীয় লোকসকলক অনুসূচীত জনজাতিৰ মর্যাদা প্রদানৰ দাবীক লৈ ১৯৪৭ চনৰ পৰাই চাহ শ্রমিকসকলে ৰাজপথত সংগ্ৰাম কৰি আহিছে যদিও কোনো এখন চৰকাৰে চাহ জনগোষ্ঠীৰ এই দাবীটোৰ প্ৰতি ন্যাৰ্য্যতা প্রদান নকৰিলে।

আনহাতে, উত্তৰ- পূৰ্বালৰ সকলো ৰাজ্যতে খিলঞ্জীয়া লোকসকলে ভূমি অধিকাৰ পাইছে যদিও যুগ যুগ ধৰি অসমৰ চাহ বাগিচাত বসবাস কৰা লাখ লাখ চাহ শ্রমিক পৰিয়ালে আজি পর্যন্ত নেপালে ভূমি অধিকাৰ। শাসনৰ বাঘজৰী দখল কৰিয়ে বিজেপি চৰকাৰে চাহ জনগোষ্ঠীয় লোকসকলক জনজাতিৰ মর্যাদা প্রদান, ভাৰত চৰকাৰৰ নিম্নতম মজুৰি আইনৰ অধীনত চাহ শ্রমিকৰ মজুৰি বৃদ্ধি আৰু চাহ জনগোষ্ঠীয় লোকসকলক ভূমি অধিকাৰ প্ৰদান কৰাৰ প্রতিশ্রুতি দিছিল বিজেপি চৰকাৰে।

কিন্তু বিজেপি চৰকাৰৰ প্রতিশ্রুতি আজিও প্রতিশ্রুতি হৈ ৰ'ল। বিজেপি শাসনকালত বিভিন্ন ৰাজপথ, পঞ্চতাৰকা হোটেল, উদ্যোগ, বিমানবন্দৰ আদিৰ বাবে চাহ বাগিচাৰ হাজাৰ হাজাৰ বিঘা ভূমি উচ্ছেদ কৰাৰ লগতে চাহ বাগিচাৰ ১০ শতাংশ ভূমি অন্য কামত ব্যৱহাৰ কৰাৰ বাবে নতুন আইন প্রণয়ন কৰি খাটিখোৱা চাহ শ্রমিকৰ জীৱনলৈ বিজেপি চৰকাৰেই চৰম সংকট নমাই আনিছে।

অসমৰ চাহ জনগোষ্ঠীয় লোকসকলক শীঘ্রে অনুসূচীত জনজাতিৰ মর্যাদা প্রদান কৰা, চাহ শ্রমিক পৰিয়ালক মাটি পট্টাসহ ভূমি অধিকাৰ প্ৰদান কৰা আৰু ভাৰত চৰকাৰৰ নিম্নতম মজুৰি আইনৰ আধাৰত চাহ শ্রমিকৰ দৈনিক মজুৰি ৫৫১ টকালৈ বৃদ্ধি কৰাৰ মূল দাবীক লৈ অসম চাহ জনজাতি ছাত্র সন্থা, অসম চাহ মজদুৰ সংঘ, অসম চাহ জনগোষ্ঠী জাতীয় মহাসভা, ৩৬ জনজাতি পৰিষদ আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত ডিব্ৰুগড়ত আজি (১৩-১০-২৫) বিশাল গণ আন্দোলন কৰি ডিব্ৰুগড় কঁপাই তোলে ।

যৌথ সংগঠনসমূহৰ অন্যতম আহ্বায়ক আছা ডিব্রুগড় জিলা সমিতিৰ উপদেষ্টা লখিন্দৰ কুর্মি, সভাপতি বিমল বাঘ আৰু সম্পাদক চনু উৰা নেতৃত্ব আজি চহৰখনৰ পাঁচটা দিশৰ পৰা ডিব্ৰুগড় জিলাৰ সকলো চাহ বাগিচা বন্ধ কৰি শ্রমিক ৰাইজ একত্ৰিত হয় ডিব্ৰুগড় চৌকিডিঙ্গীত।

চাহ শ্রমিকৰ অস্তিত্ব ৰক্ষাৰ দাবীত ঘোষণা কৰা এই গণ আন্দোলনত সকলো শ্ৰেণীৰ ৰাইজক সহযোগ কৰিবলৈ আছা নেতৃত্বই আহ্বান জনোৱা আজি প্ৰায় ডেৰ-দুই লাখৰো অধিক লোক সমবেত হয়। জনজাতিকৰণ আৰু ভূমি পট্ৰা প্ৰদানকে মুখ্য দাবী লৈ ডিব্ৰুগড়ত চাহ জনগোষ্ঠীয় লোকসকলে তীব্ৰ প্ৰতিবাদ কৰে ।অসম চাহ জনজাতি ছাত্ৰ সন্থা, অসম চাহ মজদুৰ সংঘকে ধৰি ১৩৬ টা চাহ জনগোষ্ঠীৰ জাতীয় সংগঠনৰ উদ্যোগত ডিব্ৰুগড়ত অনুষ্ঠিত হয় বিশাল গণ সমাবেশ।

ডিব্ৰুগড় চৌকিডিঙ্গি ৰাজপথ অচল হৈ পৰিছে। প্ৰায় এক ডেৰ লাখ চাহ জনগোষ্ঠীলোকে ডিব্ৰুগড় ৰাজপথত সমবেত হৈ প্ৰতিবাদ সাব্যস্ত কৰে ।আমাক জনজাতিকৰণ কৰিব লাগিবই, ভূমি পট্ৰা প্ৰদান কৰিব লাগিব , চাহ শ্ৰমিকৰ দিন মজুৰি বৃদ্ধি কৰিব লাগিব আদি সংগ্ৰামী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে চাহ জনগোষ্ঠীলোকসকলে ।নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ নকৰিলে ভৱিষ্যত দিনবোৰত অধিক ভয়াবহ পৰিৱেশ সূচনা হব বুলি স্পষ্ট কৰি দিয়ে প্ৰতিবাদকাৰীসকলে।

ডিব্ৰুগড়ত গ্ৰন্থ অধ্যয়নৰ পৰিৱেশ গঠনৰ প্ৰচেষ্টা ‘আনয়ন- দি হেবিট’- লায়ন্স ক্লাবৰ: চাৰিখন গাঁৱৰ শতাধিক শিক্ষাৰ্থীক দুখনকৈ ...
13/10/2025

ডিব্ৰুগড়ত গ্ৰন্থ অধ্যয়নৰ পৰিৱেশ গঠনৰ প্ৰচেষ্টা ‘আনয়ন- দি হেবিট’- লায়ন্স ক্লাবৰ: চাৰিখন গাঁৱৰ শতাধিক শিক্ষাৰ্থীক দুখনকৈ গ্ৰন্থ প্ৰদান
#ব্ৰহ্মপুত্ৰ_প্ৰতিৱেদক
ডিব্ৰুগড় জিলাৰ জামিৰা অঞ্চলৰ চাৰিখন গাঁৱৰ অসমীয়া মাধ্যমত অধ্যয়নৰত শতাধিক শিক্ষাৰ্থীক গাইপতি দুখনকৈ অসমীয়া ভাষাৰ গ্ৰন্থ প্ৰদান কৰাৰ লগতে পথ সুৰক্ষা সম্পৰ্কীয় যাৱতীয় সজাগতা আৰু গ্ৰন্থ অধ্যয়নৰ প্ৰয়োজন সম্পৰ্কতো এক সজাগতা সভা অনুষ্ঠিত হয়৷ ডিব্ৰুগড় তথা উজনি অসমৰে পথ সুৰক্ষা আৰু গ্ৰন্থ অধ্যয়নৰ পৰিৱেশ¸ গঠনৰ কামত নিয়োজিত সংগঠন ‘আনয়ন-দি হেবিট’ আৰু ডিব্ৰুগড় লায়ন্স ক্লাবৰ যৌথ উদ্যোগত লগতে জামিৰা ধমল গাঁও যুৱক সংঘৰ সহযোগত অনুুষ্ঠিত হয় এই সজাগতা সভাখনি৷

স্থানীয় ধমল গাঁও ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত সজাগতা সভাত স্থানীয় জামিৰা অঞ্চলৰ ধমল গাঁও, টেপৰ গাঁও, গজাই আৰু চুতীয়াকাৰী গাঁৱৰ পঞ্চমৰ পৰা দশম শ্ৰেণীত অধ্যয়নৰত শতাধিক শিক্ষাৰ্থী আৰু অভিভাৱক তথা দ্বিশতাধিক বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত সজাগতা সভাৰ আদৰণি ভাষণ প্ৰদান কৰে চন্দ্ৰ হাজৰিকাই৷

সভাত ‘আনয়ন’ৰ সাধাৰণ সম্পাদক তথা পথ সুৰক্ষা কৰ্মী , জ্যেষ্ঠ সাংবাদিক ৰতন হাজৰিকাই অনুষ্ঠানৰ আৰম্ভণিতে পথ সুৰক্ষা সম্পৰ্কত ছাত্ৰ-ছাত্ৰী সকলে কিদৰে দায়িত্ব পালন কৰিব তাৰ সম্পৰ্কত ব্যাখ্যা দাঙি ধৰি পথ সুৰক্ষাৰ অৰ্থে দ্ৰুত গতিত যান-বাহন নচলোৱা, হেলমেট পিন্ধা, চিটবেল্ট মৰা, সুৰাপান কৰি গাড়ী নচলোৱা আৰু যান-বাহন চলাই থকা অৱস্থাত ম’বাইল ফোনৰ ব্যৱহাৰ নকৰা এই ‘পঞ্চসূত্ৰ’ মানি চলিবলৈ আহ্বান জনায়৷ তদুপৰি ডিব্ৰুগড় জিলাৰ অৱসৰী পৰিৱহণ বিষয়া তথা লেখক সদানন্দ গগৈয়েও বিষয়টোৰ চমু বক্তব্য আগবঢ়ায়৷

শিক্ষাৰ্থীসকলৰ হৈ জিম্পী হাজৰিকা আৰু তনুশ্ৰী বাগলাৰীয়েও নিজা অনুভৱ ব্যক্ত কৰে৷ অনুষ্ঠানৰ স’তে সংগতি ৰাখি ‘গ্ৰন্থ অধ্যয়নৰ উপযোগিতা, ইয়াৰ সুফল আৰু অভিভাৱকৰ দায়িত্ব’ -শীৰ্ষক বিষয়ক সাৰগৰ্ভ বক্তৃতা প্ৰদান কৰে বিশিষ্ট চিকিৎসক, লেখক, আই.এম.এৰ ডিব্ৰুগড় শাখাৰ সভাপতি ডাঃ জি এছ. বৰগোহাঁই আৰু বিশিষ্ট সমাজকৰ্মী, ডিব্ৰু কলেজৰ অৱসৰী অধ্যাপক ড॰ ৰুণুমা শৰ্মাই৷

সভাত ডিব্ৰুগড় জিলাৰ লায়ন্স নেচনেলৰ জ’নৰ চেয়াৰপাৰ্চন ৰক্তিম গগৈ, ডিব্ৰুগড় লায়ন্স ক্লাবৰ সভাপতি মলয় চক্ৰৱৰ্তী, সদস্যা জ্যোৎস্না চেটাৰ্জী, ‘আনয়ন’ৰ উপসভাপতি অনিমা চেতিয়া, বিশিষ্ট সমাজকৰ্মী মহানন্দ বাগলাৰী, দীপক শইকীয়া, ধমল গাঁও যুৱক সংঘৰ সভাপতি কমল বাগলাৰীয়ে শিক্ষাৰ্থী সকলক উদ্দেশ্যি গ্ৰন্থ অধ্যয়নৰ প্ৰয়োজন আৰু নিয়মিত পাঠ গ্ৰহণৰ উপৰিও সাম্প্ৰতিক পৰিৱেশত ছাত্ৰ-ছাত্ৰী সকলৰ কৰণীয় সম্পৰ্কত সাৰুৱা বক্তব্য আগবঢ়ায়৷

সভাত গ্ৰন্থ অধ্যয়নৰ সম্পৰ্কত শিক্ষাৰ্থী সকলৰ হৈ পংখী বাগলাৰীয়ে অনুভৱ ব্যক্ত কৰে৷ কাৰ্যসূচীত শিক্ষাৰ্থীসকলক সংগঠনটোৰ হৈ প্ৰদান কৰা গ্ৰন্থসমূহ ক্ৰয়ত সহযোগিতা কৰে লায়ন্স ক্লাবৰ সদস্য-বিষববীয়া ত্ৰিবেনী গগৈ বৰদলৈ, ড॰ ৰুণুমা শৰ্মা, মনোৰমা আগৰৱালা, জ্যোৎস্না চেটাৰ্জী, সঞ্জীৱ চেটাৰ্জী, মলয় চক্ৰৱৰ্তী, আৰু লনী গগৈয়ে৷

সভাত ছাত্ৰ-ছাত্ৰী সকলৰ বাবে লেখক সদানন্দ গগৈয়ে স্বৰচিত ২৫ খন গ্ৰন্থ আৰু ড॰ ৰুণুমা শৰ্মাই তেওঁৰ সম্পাদিত এশখন গ্ৰন্থ প্ৰদান কৰে৷ লায়ন্স ক্লাবৰ সম্পাদক সঞ্জীৱ চেটাৰ্জী, ধমল গাঁও প্ৰথামিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী দীপাঞ্জলি গগৈ, সংঘৰ সম্পাদক প্ৰণৱ ডেকাবৰুৱাকে ধৰি বিষয়ববীয়াবৃন্দ,‘আনয়ন’ৰ উপসভাপতি ড॰ ৰঞ্জন চাংমাই, সহকাৰী সম্পাদক ড॰ বিজু মৰাণ, সদস্য-সদস্যা ক্ৰমে ভদ্ৰ দাধৰা, ৰাজেন মিৰ্ধা, দীপমালা শইকীয়া উপস্থিত থাকে৷

ডিব্ৰুগড় ৰাজ্যিক চিকিৎসালয়ত উপ-ৰাষ্ট্ৰীয় প্রতিষেধক দিবস উদ্বোধন ::জিলা খনৰ ৫ বছৰ অনুৰ্ধ্বৰ ১,৯২,৭১৬ গৰাকী শিশুক দুটোপা...
13/10/2025

ডিব্ৰুগড় ৰাজ্যিক চিকিৎসালয়ত উপ-ৰাষ্ট্ৰীয় প্রতিষেধক দিবস উদ্বোধন ::জিলা খনৰ ৫ বছৰ অনুৰ্ধ্বৰ ১,৯২,৭১৬ গৰাকী শিশুক দুটোপাল পলিঅ' ভেকচিন প্ৰদানৰ লক্ষ্য
#ব্ৰহ্মপুত্ৰ_প্ৰতিৱেদক
ডিব্ৰুগড় জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত, ডিব্ৰুগড় ৰাজ্যিক চিকিৎসালয় চৌহদত উপ-ৰাষ্ট্ৰীয় প্রতিষেধক দিবসৰ (প'লিঅ' দিৱস) শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হয় । আজীৱন পক্ষাঘাতৰ সৃষ্টি কৰিব পৰা পলিঅ'মাইলাইটিছ ৰোগৰ পৰা শিশুসকলক সম্পূৰ্ণ সুৰক্ষা প্ৰদান কৰাৰ উদ্দেশ্যেৰে এই অভিযানৰ অধীনত জিলা খনৰ সকলো খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ অঞ্চল আৰু নগৰ অঞ্চলৰ ৫ বছৰ অনুৰ্ধ্বৰ ১,৯২,৭১৬ গৰাকী শিশুক দুটোপাল পলিঅ' ভেকচিন প্রদান কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ।

এই বিশেষ কাৰ্যসূচীৰ মূল লক্ষ্য হ'ল 'প্রতিটো শিশুক প্রতিষেধকৰ আওতালৈ অনা', যাতে দেশখনৰ পলিঅ'- মুক্তস্থিতি নিৰৱচ্ছিন্নভাবে বজাই ৰাখিব পৰা যায়। ইয়াৰ বাবে সমগ্ৰ জিলাখনত মুঠ ৯৫৪টা পলিঅ' বুথ স্থাপন কৰা হৈছে। একেদৰে সমগ্ৰ কাৰ্যসূচী সফলভাৱে সম্পাদন কৰিবলৈ মুঠ ৩,৭১০ গৰাকী স্বাস্থ্যকর্মী নিয়োজিত কৰাৰ লগতে প্রতিটো বুথত প্রশিক্ষিত স্বাস্থ্যকর্মী, আশা, অংগনৱাড়ী কর্মী আৰু স্বেচ্ছাসেৱক নিযুক্ত কৰা হৈছে।

একেদৰে, ট্রেনজিট পইন্ট, বাছ ষ্টেও ৰে'লৱে ষ্টেচন, বজাৰ আৰু অন্যান্য জনবহুল স্থানসমূহত যাতায়াতকাৰী শিশুসকলক সুৰক্ষিতভাৱে দুটোপাল প'লিঅ' খোৱাবলৈ বিশেষ ব্যৱস্থা গ্রহণ কৰা হৈছে। আনহাতে যিসকল শিশুয়ে কোনো কাৰণ বশত: বুথত উপস্থিত হৈ প'লিঅ' প্ৰতিষেধক সেৱন কৰিব নোৱাৰিলে তেওঁলোককো প্রতিষেধকৰ আওতালৈ আনিবলৈ ১২ অক্টোবৰৰ বুথ দিৱসৰ পিছত ১৩ আৰু ১৪ অক্টোবৰত ঘৰে ঘৰে প্ৰতিষেধক স্বাস্থ্য কৰ্মী য়ে প্ৰদান কৰিব ।

এই অভিযানৰ সফল ৰূপায়ণৰ বাবে ইতিমধ্যে ডিব্ৰুগড় জিলাৰ স্বাস্থ্য বিভাগ আৰু জিলা প্রশাসনে ডব্লিউ এইচ অ', ৰটাৰী ক্লাব, আৰু অন্যান্য স্থানীয় সংগঠনসমূহৰ সহযোগত ব্যাপক প্রস্তুতি গ্ৰহণ কৰিছে। জিলা স্বাস্থ্য বিভাগে, সেয়েহে সকলো পিতৃ-মাতৃ আৰু অভিভাৱক সকলক তেওঁলোকৰ পাঁচ বছৰৰ তলৰ সন্তানক এই জীৱন ৰক্ষাকাৰী দুটোপাল পলিঅ' ভেকচিন সেৱন কৰাটো নিশ্চিত কৰিবলৈ আহ্বান জনাইছে ।

উল্লেখযোগ্য যে আজিৰ এই উদ্বোধনী অনুষ্ঠানত ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাঃ চৈকত পাত্ৰ, যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ তৃষ্ণা বৰা, অতিৰিক্ত মুখ্য স্বাস্থ্য আৰু চিকিৎসা বিষয়া ডাঃ বিশ্বজিৎ বৰুৱা, ভাৰপ্ৰাপ্ত টীকাকৰণ বিষয়া ডাঃ ৰাণী চুতীয়া হুছেইন, ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ উৎপলা বৰুৱা, এ বি পি এম বসন্ত বৰদলৈ প‌্ৰমুখ্যে চিকিৎসালয়ৰ সমূহ কৰ্মচাৰী -স্বাস্থ্য কৰ্মী আৰু অতিৰিক্ত মুখ্য স্বাস্থ্য আৰু চিকিৎসা বিষয়াৰ কাৰ্য্যালয় তথা টীকাকৰণ বিষয়াৰ কাৰ্য্যালয়ৰ কৰ্মী বৃন্দ, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, ডিব্ৰুগড়ৰ কৰ্মচাৰী সকল উপস্হিত থাকে।

জনজাতিকৰণৰ দাবীত ১৩ অক্টোবৰত ডিব্ৰুগড় কঁপাব কেবাটাও চাহ জনগোষ্ঠীয়ে #ব্ৰহ্মপুত্ৰ_প্ৰতিৱেদক অসমৰ চাহ বাগিচা আৰু অসমৰ চুকে...
12/10/2025

জনজাতিকৰণৰ দাবীত ১৩ অক্টোবৰত ডিব্ৰুগড় কঁপাব কেবাটাও চাহ জনগোষ্ঠীয়ে
#ব্ৰহ্মপুত্ৰ_প্ৰতিৱেদক
অসমৰ চাহ বাগিচা আৰু অসমৰ চুকে-কোণে বসবাস কৰা চাহ জনগোষ্ঠীয় লোকসকলক অনুসূচীত জনজাতিৰ মর্যাদা প্রদানৰ দাবীকলৈ ১৯৪৭ চনৰ পৰাই চাহ শ্রমিকসকলে ৰাজপথত সংগ্ৰাম কৰি আহিছে যদিও কোনো এখন চৰকাৰে জনগোষ্ঠীটোৰ দাবীৰ প্ৰতি ন্যাৰ্য্যতা প্রদান নকৰিলে।

আনহাতে, উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যতে খিলঞ্জীয়া লোকসকলে ভূমি অধিকাৰ পাইছে যদিও যুগ যুগ ধৰি অসমৰ চাহ বাগিচাত বসবাস কৰা লাখ লাখ চাহ শ্রমিক পৰিয়ালে আজি পর্যন্ত নেপালে ভূমি অধিকাৰ। শাসনৰ বাঘজৰী দখল কৰিয়ে বিজেপি চৰকাৰে চাহ জনগোষ্ঠীয় লোকসকলক জনজাতিৰ মর্যাদা প্রদান, ভাৰত চৰকাৰৰ নিম্নতম মজুৰি আইনৰ অধীনত চাহ শ্রমিকৰ মজুৰি বৃদ্ধি আৰু চাহ জনগোষ্ঠীয় লোকসকলক ভূমি অধিকাৰ প্ৰদান কৰাৰ প্রতিশ্রুতি দিছিল বিজেপি চৰকাৰ।

কিন্তু বিজেপি চৰকাৰৰ প্রতিশ্রুতি আজিও প্রতিশ্রুতি হৈ ৰ'ল। বিজেপিৰ শাসনকালত বিভিন্ন ৰাজপথ, পঞ্চতাৰকা হোটেল, উদ্যোগ, বিমানবন্দৰ আদিৰ বাবে চাহ বাগিচাৰ হাজাৰ হাজাৰ বিঘা ভূমি উচ্ছেদ কৰাৰ লগতে চাহ বাগিচাৰ ১০ শতাংশ ভূমি অন্য কামত ব্যৱহাৰ কৰাৰ বাবে নতুন আইন প্রণয়ন কৰি খাটিখোৱা চাহ শ্রমিকৰ জীৱনলৈ বিজেপি চৰকাৰে চৰম সংকট নমাই আনিছে।

আনহাতে ১০ শতাংশ চাহ বাগিচাৰ ভূমি অন্য কামত ব্যৱহাৰ কৰাব নতুন আইন প্রণয়ন হোৱাৰ লগে লগে চাহ নগৰী ডিব্ৰুগড় জিলাৰ লগতে ৰাজ্যৰ বিভিন্ন প্রান্তত ব্যক্তিগত খণ্ডৰ বাগিচাৰ মালিকসকলে চাহ শ্রমিকৰ অধিকাৰপ্ৰদত্ত বাগিচাৰ মাটি খণ্ড খণ্ড কৈ বিক্ৰী কৰি শ্ৰমিকৰ অস্তিত্বৰ প্রতি নমাই আনিছে চৰম ভাবুকি। গতিকে অসমৰ চাহ জনগোষ্ঠীয় লোকসকলক শীঘ্রে অনুসূচীত জনজাতিৰ মর্যাদা প্রদান কৰা, চাহ শ্রমিক পৰিয়ালক পট্টাসহ ভূমি অধিকাৰ প্ৰদান কৰা আৰু ভাৰত চৰকাৰৰ নিম্নতম মজুৰি আইনৰ আধাৰত চাহ শ্রমিকৰ দৈনিক মজুৰি ৫৫১ টকালৈ বৃদ্ধি কৰাৰ মূল দাবীক লৈ অসম চাহ জনজাতি ছাত্র সন্থা, অসম চাহ মজদুৰ সংঘ, অসম চাহ জনগোষ্ঠী জাতীয় মহাসভা, ৩৬ জনজাতি পৰিষদ আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত অহা ১৩ অক্টোবৰত ডিব্ৰুগড়ত হ'ব বিশাল গণ আন্দোলন।

যৌথ সংগঠনসমূহৰ অন্যতম আহ্বায়ক আছা ডিব্রুগড় জিলা সমিতিৰ উপদেষ্টা লখিন্দৰ কুর্মি, সভাপতি বিমল বাঘ আৰু সম্পাদক চনু উৰাঙে জানিবলৈ দিয়া মতে ১৩ অক্টোবৰৰ দিনা পাঁচটা দিশৰ পৰা ডিব্ৰুগড় জিলাৰ সকলো চাহ বাগিচা বন্ধ কৰি প্রায় দুই লাখৰ পৰা তিনি লাখ চাহ শ্রমিক ৰাইজ গোট খাব বুলি সদৰি কৰে। সেয়েহে চাহ শ্রমিকৰ অস্তিত্ব ৰক্ষাৰ দাবীত ঘোষণা কৰা এই গণ আন্দোলনত সকলো শ্ৰেণীৰ ৰাইজক সহযোগ কৰিবলৈ আছা নেতৃত্বই আহ্বান জনাইছে।

 #ছপা_আখৰ বনাম  #ডিজিটেল_দুনিয়াসামাজিক মাধ্যম ব্যৱহাৰকাৰী নিজে প্ৰচলিত আইনৰ জ্ঞানসম্পন্ন সম্পাদক হোৱাৰ বাদে গত্যন্তৰ নাই...
11/10/2025

#ছপা_আখৰ বনাম #ডিজিটেল_দুনিয়া
সামাজিক মাধ্যম ব্যৱহাৰকাৰী নিজে প্ৰচলিত আইনৰ জ্ঞানসম্পন্ন সম্পাদক হোৱাৰ বাদে গত্যন্তৰ নাই
#বিশ্বজিৎ_বৰুৱা
মাত্ৰ কেইটামান বছৰ৷ চকুৰ সন্মুখতে দেখিবলৈ পাইছো এইখন পৃথিৱীলৈ ক্ষিপ্রগতিত নামি অহা পৰিবর্তন। ইন্টাৰনেটৰ পৃথিৱীখনৰ কথাই খুজিছো।

সহজলভ্য সংযোগে কেনেকৈ আমাৰ চকুৰ সম্মুখতে এখন পৃথিৱী নাইকিয়া কৰি আনিছে আৰু ক্রমান্বয়ে হেৰাই যোৱা সেইখন মৃত পৃথিৱীৰ বুকুতে গজি উঠিছে অন্য এখন পৃথিৱী, ভাবিলে সঁচাকৈয়ে আচৰিত লাগে। এখন পৃথিৱী সঁচাকৈয়ে মৰি গৈছে সেই পৃথিৱীখনৰ ওপৰত সৃষ্টি হৈছে এখন নতুন পৃথিৱী। নতুনকৈ জন্ম হোৱা এই পৃথিৱীখনত বাৰু ছপা কৰা ক'লীয়া আখৰৰ প্রয়োজনীয়তা নি:শেষ হৈ যাবগৈ নেকি সেই ভাৱ বহুতৰে মনলৈ নহাকৈ থকা নাই। প্রিন্ট মিডিয়া ক্রমান্নয়ে নাইকিয়া যাব নেকি অথবা নৱ প্রজন্মই ইয়াক দৈনন্দিন প্রয়োজনীয়তাৰ তালিকাৰ পৰা অপসাৰিত কৰিব নেকি বিশ্বজুৰি আজি সেইবিষয়ে আলোচনাৰ আৰম্ভ হোৱা দেখিবলৈ পোৱা গৈছে৷ ডিজিটেল টেকনলজী ইমান ক্ষিপ্ৰতাৰে আগুৱাইছে যে প্রিন্ট মিডিয়া বাদেই টেলিভিছনৰো প্রয়োজনীয়তা আমাৰ জীৱনত স্তিমিত পৰিছে। হাতৰ টিপতে থকা মাত্র পাঁচ বা ছয় ইঞ্চি স্ক্ৰীণৰ মাত্ৰ কেইহাজাৰমান টকাৰ এনড্রইড ম'বাইল ফোনটোৱে কিদৰে বিশ্বৰ প্ৰিন্ট আৰু টেলিভিছন মিডিয়াৰ উশাহ বন্ধ পেলোৱাৰ উপক্রম কৰিছে সেয়া সাম্প্ৰতিক সময়ৰ অতি লক্ষ্যণীয় কথা হৈ পৰিছে। সৌ সিদিনালৈকে বিশ্বৰ বাতৰিৰ বাবে মানুহে বাতৰি কাকতখনলৈ ঘণ্টাৰ পাছত ঘণ্টা অপেক্ষা কৰিছিল, তাৰ পৰৱৰ্তী সময়ছোৱাত ব্রেকিং নিউজৰ বাবে অপেক্ষা কৰা হৈছিল টেলিভিছনৰ বাতৰিলৈ আৰু বৰ্তমানে একমুহূর্ত ৰ'বলৈয়ো প্রয়োজন নাই৷ আপোনাৰ হাতৰ তলুৱাত থকা এনড্রইড ম'বাইল ফোনটোৱেই বিশ্বৰ ইমূৰৰ পৰা সিমুৰলৈ আনকি আপোনাৰ ঘৰৰ কাষৰ চুবুৰিটোৰ কোনোবা প্ৰতিৱেশীৰ শোৱনী কোঠাৰ এটি মুখৰোচক ঘটনাটোও ব্রেকিং বা বিগ ব্রেকিঙৰ ৰূপত আপোনাৰ কাষলৈ নিমিষতে কঢ়িয়াই লৈ আনিছে। বা-বাতৰিৰ বাবে সেয়েহে আজিকালি বাট চাব নালাগে বাতৰি কাকতলৈ, বাট চাব নালাগে টেলিভিছনলৈ।

নিজৰ কথাকে কওঁ: আজি কিছুদিনৰ পৰা বা বাতৰিবোৰ হাততে থকা ম'বাইল ফোনটোতে পঢ়িবলৈ আৰম্ভ কৰিছো আৰু মুহূর্ততে তাৰ প্রতিক্রিয়াও প্রকাশ কৰিব পাৰিছো নিজাববীয়া কমেন্ট দি অথবা ফেচবুক টুইটাৰত নিজৰ মন্তব্য প্রকাশ কৰি। প্রতিবেদক, ৰিপৰ্টাৰ, সম্পাদক কালৈকো বাট চাব লগীয়া হোৱা নাই মোৰ নিজৰ প্রতিক্রিয়া প্রকাশ কৰিবলৈ৷ নিজৰ প্ৰতিক্ৰিয়া কলমটোৰে শুকুলা কাকতত লিখি পষ্ট কৰি অধীৰ অপেক্ষাৰে বাট চাইছিলো দুৰু দুৰু অন্তৰেৰে চিন্তিত মনেৰে এই লেখা প্ৰকাশ পাবনে? অন্যৰ কথা নকও, এই কাৰণটোৰ বাবেই অৰ্থাৎ নিজৰ মনোভাৱ প্ৰকাশ কৰাৰ সুবিধা থকাৰ বাবেই বাতৰিকাকতখন হৈ আছিল মোৰ সৰ্বোত্তম বন্ধু, যেন নিজ পিতৃ মাতৃ বা সন্তানৰ দৰেই আপোন৷ মোৰ দৰে নিশ্চয় বহুজনৰে এই অভিজ্ঞতা আছিল৷ মানুহক মানুহৰ সৈতে চিনাকি কৰি দিছিল বাতৰি কাকতখনেই৷ সম্পাদকলৈ চিঠি লিখি মনোভাব প্রকাশ কৰা ছাত্র শিক্ষক অথবা কোনো অখ্যাত ব্যক্তি এজনেই লাহে লাহে হৈ পৰিছিল বিশিষ্ট লেখক।

অমৰ সাহিত্যৰ পাতনি তৰিছিল বাতৰি কাকতেই। গান্ধীজীৰ পৰা বাল গংগাধৰ তিলক, মালব্য, আম্বেদকাৰ সকলোৰেই লেখক জীৱনৰ আৰম্ভনি হৈছিল সম্পাদকলৈ চিঠি লিখি৷ এসময়ত বাতৰি কাকত প্রকাশৰ প্রয়োজনীয়তা উপলব্ধি কৰি নিজেই সম্পাদনা কৰিছিল বাতৰি কাকত। ভাৰতবর্ষৰ স্বাধীনতা আন্দোলনত বাতৰি কাকতৰ আছিল উল্লেখনীয় অৱদান৷ কিন্তু আজিৰ দুনিয়াত কেৱল অসমতে নহয় বিশ্বব্যাপী ধ্বনিত হৈছে এই বাক্য- The print media is facing the grave threat of becoming extinct. এই বিষয়ত গৱেষণা কৰা অধ্যাপক ডাভেই প্ৰকাশ কৰিছে কেইবাটিও আশংকা। বাতৰি কাকত ভিক্টিম হৈছেই, ইয়াৰ লগে লগে গৱেষক মিনহাজ মার্চেন্টে কৈছে- Broadcast television could be the next victim. Millennials don't watch much television. They get their news real time from social media and news website. সঁচা কথা সিদিনালৈকে বাতৰি কাকত আৰু টেলিভিছনৰ নিউজৰ ওপৰত ভিত্তি কৰি ছচিয়েল মিডিয়া চলিছিল; কিন্তু মাত্র দুই তিনি বছৰৰ ভিতৰতে লক্ষ্য কৰিলো আমূল পৰিৱৰ্তন৷আঞ্চলিক ভাষাৰ কথাটো বাদেই সৰ্বভাৰতীয় মেইনষ্ট্ৰিম মিডিয়াইয়ো ছচিয়েল মিডিয়াক উপেক্ষা কৰিব নোৱাৰা অৱস্থা এটি আহি পৰিছে৷

ছচিয়েল মিডিয়াই সৃষ্টি কৰা ইছ্যুবোৰহে মেইনষ্ট্ৰিম মিডিয়াৰ ইছ্যু হৈছে৷ সকলোৱে দেখিছে সামাজিক মাধ্যম সমূহৰ ঢৌৱে ভাৰতীয় সংসদ আৰু বিধানসভাসমূহকো স্পৰ্শ কৰিছে ভালদৰেই৷ কোনো কোনো ক্ষেত্ৰত চৰকাৰৰ বৰঘৰতো ধুমুহাৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে৷ শেহতীয়াকৈ অসম চৰকাৰে জনসংযোগ বিভাগৰ জৰিয়তে একলাখ বা ততোধিক অনুগামী থকা ইউটিউবাৰ সকলৰ তথ্য সংগ্ৰহ কৰা কাম আৰম্ভ কৰিছে আৰু তেওঁলোকলৈ চৰকাৰী বিজ্ঞাপন আৰু আৰ্থিক সাহায্য আগবঢ়োৱাৰ বাবেও চিন্তা চৰ্চা কৰিছে৷ ইয়াৰ অৰ্থ এইটোৱেই যে ইউটিউবাৰ সকল সামাজিক মাধ্যমৰ যে একোজন ভাল ইনফ্লুৱেন্সাৰ হয় বা হব পাৰে সেয়া চৰকাৰীভাৱেও স্বীকৃত হোৱাৰ পথত৷ কি যে আশ্চৰ্যজনক পৰিৱৰ্তন৷

পশ্চিমীয়া জগতত ইতিমধ্যে প্রিন্ট মিডিয়াই গা বাগৰা কামটো আৰম্ভ কৰিছেই। দ্য নিউয়র্ক টাইমছে লিখিছে- In the west, the carnage has begun. প্রিন্ট মিডিয়াই বাগৰ সলাইছে ডিজিটেল মিডিয়ালৈ। এই বিশ্ববিখ্যাত বাতৰি কাকতখনে তেওঁলোকৰ বিষয়া-কর্মচাৰীসকলক ডিজিটেল পৃথিৱীখনৰ স'তে পৰিকল্পিতভাবে চিনাকি কৰি দিয়াৰ পৰ্ব গুৰুত্ব সহকাৰে আৰম্ভ কৰি এলাইবাদুসকলক বিদায় দিছে। ৰূপার্ট মার্ডোকৰ বিখ্যাত দা টাইমছ আৰু দ্য ছাইনডে টাইমছো পিছ পৰি থকা নাই। আমেৰিকাৰ দ্য নিউয়র্ক টাইমছ আৰু দ্য ৱাল ষ্ট্ৰীট জাৰ্নেলৰ পৰিচালকসকলে প্রিন্ট কপি সীমিত কৰি আনি ডিজিটেল দুনিয়াত শক্তিশালীভাৱে প্রৱেশ কৰি ডিজিটেল এডভাৰটাইজিং ৰেভিনিউ কাকতখনৰ প্রিন্ট ভার্জনতকৈও বেচি আহৰণ কৰিবলৈ সক্ষম হোৱাত একে পথেৰে বাট বুলিছে ব্ৰিটেইনৰ দ্য টাইম আৰু চানডে টাইমছৰ লেখিয়া কাকত আলোচনীও৷ এই পথেৰে বাট বুলি ব্রিটেইনৰ এই দুয়োখন কাকতে ডিজিটেল দুনিয়াত সফলতাৰ পিনে ধাৱমান হৈছে। প্রিন্ট ভার্চনতকৈ ডিজিটেল ভাৰ্চনে ৪৭ শতাংশ অধিক বিজ্ঞাপন ৰাজহ জেনেৰেট কৰিবলৈ সক্ষম হোৱা কথাটো নিশ্চয় সাধাৰণ কথা নহয়।

২০০৭ৰ তথ্য মতে ডিজিটেল মিডিয়াই ভাৰতত সৃষ্টি কৰিছিল ৪০০ কোটি টকাৰ বিজ্ঞাপন ৰাজহ। ২০১৭ৰ মাৰ্চ মাহৰ তথ্য অনুযায়ী এই জগতখনত সৃষ্টি হ'ল ৮,৪০০ কোটি টকাৰ ৰাজহ। সেই বাবেই টাইমছ অব ইণ্ডিয়া, আনন্দ বাজাৰ পত্রিকা আদিৰ উপৰি এন ডি টি ভিকে আদি কৰি বহু টেলিভিছন চেনেল আহি ডিজিটেল দুনিয়াত শাৰী পূৰাই বহিছেহি।২০২১ত এই ৰাজহৰ ধনৰ পৰিমাণ কমপক্ষেও ২৯,৫০০ কোটি টকা পর্যন্ত বৃদ্ধি পাব বুলি আশা কৰা হৈছে। গুগুল আৰু ফেচবুকৰ স'তে প্রতিযোগিতাত নামিবলগীয়া হোৱা বাবে স্বাভাবিকতে অন্যবিলাক প্রতিষ্ঠানৰ বাবে বিষয়টো সহজসাধ্য হৈ থকা নাই যদিও পাঠকৰ বাবে সুখবৰ এইটোহে যে এই প্রতিযোগিতাই পাঠকৰ মনোজগতক অধিক সঞ্চাৰিত কৰিবলৈ সক্ষম হ'ব৷ অৱশ্যে ভুৱা বাতৰিৰ বন্যা সৃষ্টি হ'ব পাৰে বুলিও আশংকা নথকা নহয়।

পাঠকে অৱশ্যে ডিজিটেল মিডিয়াক ভগৱানৰ আশীর্বাদ বুলিয়ে গণ্য কৰিব। কিয়নো অতাধিক ১৫-২০ হেজাৰ টকা এবাৰ খৰচ কৰি আধুনিক সুবিধা সংম্পন্ন এটা এনড্রইড মোবাইল চেট ক্রয় কৰি লোৱাৰ পাছত আৰু একো চিন্তা নাথাকিব৷ সামৰ্থ্যবান সকলে যদি লাখটকীয়া হেন্ডচেট ক্ৰয় কৰি লব পাৰে তেন্তে সোনত সুৱগা বুলিয়ে কব পাৰি৷ আজিকালি ইন্টাৰনেটৰ খৰচ ইমানেই কম হৈ গৈছে যে হয়তো কেইটামান দিনৰ পাছত চাৰিআলিৰ চুকে-কোণেও ৱাই-ফাই ছিষ্টেম বিনামূলীয়া হৈ পৰিব। বর্ল্ড ৱাইড বেভ তাহানিৰ ট্রেনজিষ্টৰটোৰ দৰেই হৈ পৰিছে। ইউ টিউবৰ যোগেদি লাভ কৰা তথ্য আলোড়নকাৰী বুলিয়ে ক'ব লাগিব। ইউ টিউবৰ তথ্য অনুযায়ী পৃথিবী জুৰি প্রতিমিনিটত ইউ টিউবত ২৪,০০০ মিনিটৰ ভিডিঅ আপলোড কৰা হয়। হয়তো এই লেখা প্রকাশ হোৱাৰ সময়ত এয়া অধিক বৃদ্ধি পাব। বিশ্ববিখ্যাত মিলিয়নিয়াৰ সংগীতজ্ঞৰ পৰা আমাৰ জকাইচুকীয়া শিল্পীৰ ভিডিঅ আজি ইউ টিউবত উপলব্দ্ধ। ভাৰতৰ বিখ্যাত লেখক সাংবাদিকসকলে দুদিনৰ পাছত তেওঁলোকৰ লিখনি কি প্রকাশ পাব বা টেলিভিছনত কি কব তাৰ ট্রেইলাৰ দুদিনমানৰ আগৰ পৰাই ফেচবুক আৰু টুইটাৰৰ যোগেদি প্রকাশ কৰি বৃহৎ পাঠক সমাজ সৃষ্টি কৰা দেখি আজিকালি যথেষ্ট সংখ্যক লেখক-সাংবাদিকে এই বাট বুলি যথেষ্ট সফলতা লাভ কৰা দেখিবলৈ পোৱা গৈছে। বহুকেইজন অসমীয়া কাকতৰ সম্পাদকো পিচ পৰি ৰোৱা নাই৷ ইয়াৰ পৰা অৱশ্যে এইটোও প্রমাণ হৈছে যে ছপা আখৰৰ যি মোহ সেয়া মানুহে ইমান সহজে ত্যাগ নকৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীয়ে ছচিয়েল মিডিয়াৰ যোগেদি ৰাজনৈতিক ক্ষেত্রখনত আজিৰ পৰা ছয় বছৰৰ পূৰ্বৰ পৰাই কি চমক সৃষ্টি কৰিলে সেয়া লক্ষ্য কৰি ৰাহুল গান্ধীকে আদি কৰি প্রায়সংখ্যক বিয়াগোম নেতাই দিনটোৰ বহুখিনি সময় ডিজিটেল দুনিয়াত ভাগ-বতৰা কৰা লক্ষ্য কৰা গৈছে। ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু অন্যান্য জনপ্ৰতিনিধি সকলো আজিৰ তাৰিখত সামাজিক মাধ্যমত সক্ৰিয়৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীয়ে আজিৰ তাৰিখতো প্ৰেছ কনফাৰেন্সৰ পৰিবর্তে ডিজিটেল মিডিয়াৰ যোগেদিহে দেশবাসীৰ সতে সম্পর্ক ৰখাটো অধিক গুৰুত্ব সহকাৰে গ্রহণ কৰি আহিছে। সেইখিনিলৈকে ঠিকেই আছে কিন্তু ইয়াৰ বিপৰীতে ডিজিটেল মিডিয়াত সম্পাদনাৰ অৱকাশ খুবেই কম বাবে ৰাষ্ট্রনেতা বা ৰাজনীতিবিদসকলৰ জনপ্রিয়তা তাচপাতৰ দৰে খহি পৰিবলৈও মুঠেও সময়ৰ প্ৰয়োজন নহ'ব বুলি আশংকা কৰা হৈছে। ভুৱা বাতৰিৰ দ্বাৰাও কেনেদৰে 'নন-ইছ্যু' থাউকতে ’ইছ্যু’ৰ ৰূপ পৰিগ্রহ কৰি চৌদিশ থানবান কৰি পেলাবলৈ সক্ষম হৈছে, সেয়া শেহতীয়া কেইদিনমানত লক্ষ্য কৰা হৈছে। বাতৰি কাকত এখনৰ ডিজিটেল ভাৰ্চনত শুদ্ধৰূপে পৰিবেশিত বাতৰি এটাও এহেজাৰ মন্তব্যদাতাই পৰিকল্পিতভাবে অন্য দিশলৈ লৈ গৈ সামাজিক বাতাবৰণ কলুষিত কৰি পেলোৱাৰ আশংকাও নথকা নহয়। সেয়েহে সম্পাদকৰ আইভৰি টাৱাৰতো উদ্দেশ্য প্রণোদিত মন্তব্যদাতাই ভূমিকম্পৰ সৃষ্টি কৰিব পাৰে বুলি আশংকা কৰা হৈছে আৰু ক্ৰমে সেয়া সত্যও হৈছে৷ কিন্তু সামাজিক মাধ্যম ব্যৱহাৰকাৰী সকলৰ একাংশৰ প্ৰচলিত আইনৰ জ্ঞান শুন্যতাৰ বাবে কাৰাগাৰৰ আলহী হব লগা হৈছে৷ এনে পৰিপ্ৰেক্ষিতত প্রতিজন ডিজিটেল মিডিয়া ব্যৱহাৰকাৰী নিজে একোজন প্ৰচলিত আইনৰ জ্ঞানসম্পন্ন সম্পাদক হোৱাৰ বাদে গত্যন্তৰ নাই।

ডিব্ৰুগড়ত স্বাস্থ্যমন্ত্ৰী অশোক সিংঘালৰ উপস্হিতিত "শুশ্ৰূষা সেতু"ৰ উদ্বোধন মন্ত্ৰী প্ৰশান্ত ফুকনৰ::প্ৰায় দুই সহস্ৰাধিক...
09/10/2025

ডিব্ৰুগড়ত স্বাস্থ্যমন্ত্ৰী অশোক সিংঘালৰ উপস্হিতিত "শুশ্ৰূষা সেতু"ৰ উদ্বোধন মন্ত্ৰী প্ৰশান্ত ফুকনৰ::প্ৰায় দুই সহস্ৰাধিক শিশু, কিশোৰ -কিশোৰীৰ‌ স্বাস্হ্য পৰীক্ষা সম্পন্ন
#ব্ৰহ্মপুত্ৰ_প্ৰতিৱেদক
ডিব্ৰুগড়ত আজি স্বাস্থ্যমন্ত্ৰী অশোক সিংঘাল আৰু অসম চৰকাৰৰ মেডিকেল শিক্ষা,শক্তি ইত্যাদি বিভাগ‌ৰ মন্ত্ৰী তথা ডিব্ৰুগড় বিধানসভা সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনৰৰ উপস্হিতিত ডিব্ৰুগড় বিধানসভা সমষ্টিৰ অন্তৰ্গত চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ত
"শুশ্ৰূষা সেতু" শীৰ্ষক বিধানসভা সভা সমষ্টি ভিত্তিক মেগা স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয় ।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী চিন্তাধাৰা তথা নেতৃত্বত আৰু স্বাস্থ্যমন্ত্রী অশোক সিংঘালৰ নির্দেশনাত অসম চৰকাৰৰ স্বাস্থ্য বিভাগে ছেপ্টেম্বৰ মাহৰ পৰা সমগ্ৰ ৰাজ্যজুৰি বিধানসভা সমষ্টি ভিত্তিক মেগা স্বাস্থ্যশিবিৰ আৰম্ভ কৰিবলৈ লোৱা পদক্ষেপৰ অংশ‌ হিচাপে ডিব্ৰুগ়ৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ত জিলাখনৰ দ‌্বিতীয়টো মেগা স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয় ।

মন্ত্ৰীদ্বয়ৰ উপস্হিতিত সফলতাৰে‌ অনুষ্ঠিত হোৱা মেগা স্বাস্থ্য শিবিৰত সমষ্টিটোৰ প্ৰায় ৫১খনৰো অধিক বিদ্যালয় আৰু ১২৩ টা অংগনবাদীৰ‌পৰা অহা ১৮ বছৰৰ তলৰ প্ৰায় দুই সহস্ৰাধিক শিশু আৰু‌ কিশোৰ - কিশোৰীক বিস্তৃত স্বাস্থ্যসেৱা কৰণৰ লগতে ৫০টা জটিল ৰোগ/অৱস্থা চিনাক্তকৰণ,ৰোগ/অৱস্থা অনুযায়ী ৰেফাৰেলৰ লগতে পৰবর্তী পর্যায়ত যথোপযুক্ত চিকিৎসা প্রদান আৰু ৰোগ অনুসৰি পৰ্য্যায়ক্ৰমে উন্নত তথা বিনামূলীয়া পুনৰীক্ষণ আৰু‌ চিকিৎসাৰ ব্যবস্থা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় ।

এই মেগা স্বাস্থ্য সেৱাৰ এক শৃংখল আগবঢ়াইছে য’ত ৫০+ পূৰ্ব চিনাক্তকৃত স্বাস্থ্যজনিত অৱস্থা (জন্মগত হৃদৰোগ, স্নায়ুজনিত বিকাৰ, ওঁঠ আৰু তালু ফটা, স্বাস্থ্য, ৰক্ত বিকাৰ আদি) , যকৃত, বৃক্ক, বংশগত ৰোগ , হাওঁফাওঁ ইত্যাদি ৰোগৰ নিৰ্ণায়ক পৰীক্ষা আৰু চিকিৎসাৰ প্ৰট’কল অনুসৰি ৰোগীৰ চিকিৎসা ব্যৱস্থাপনা কৰাৰ ব্যৱস্থা কৰা হৈছে। ডি ডি আৰ মহাবিদ্যালয়ত অনুষ্ঠিত প্ৰথমটো স্বাস্থ্য শিবিৰত ১৫ টা অ'পিডি য'ত শিশু চিকিৎসক,হৃদৰোগ বিশেষজ্ঞ,চকুৰ চিকিৎসক,অৰ্থপেডিক্স বা হাড়ৰ বিশেষজ্ঞ, চৰ্মৰোগ বিশেষজ্ঞ, ই এন টি বিশেষজ্ঞ,জেনেৰেল চাৰ্জন,স্নায়ুচাৰ্জন, স্ত্ৰী আৰু প্ৰসূতি বিশেষজ্ঞ , ৩ জন সাধাৰণ, ১ জন ডেন্টাল, আৰু ১ জন আয়ুস চিকিৎসকে স্বাস্থ্য সেৱা আগবঢ়ায়।

একেদৰে,ৰোগ নিৰ্ধাৰণৰ বাবে হিম'গ্লবিন পৰীক্ষা, কেপিলাৰী ব্লাড গ্লুক’জ, চিকেল চেল স্ক্ৰীনিং, HBsAg, এইচিপি বি আৰু এইচ চি ভি পৰীক্ষা,চিবিচি, তেজৰ গ্ৰুপিং, ছিৰাম ইলেক্ট্ৰলাইট, ৰেনাল ফাংচন টেষ্ট, লিভাৰৰ ফাংচন টেষ্ট, লিপিড প্ৰফাইল, আৰু ইচিজিকে ধৰি বিভিন্ন পৰীক্ষাৰ ব্যৱস্থা কৰা হয় এই মেগা স্বাস্থ্য শিবিৰত ।

এই মেগা স্বাস্থ্য শিবিৰত ফাৰ্মাচী সেৱা ,মোবাইল মেডিকেল ইউনিট (এমএমইউ) সেৱা, স্বাস্থ্য সম্পৰ্কীয় তথ্য আৰু‌ শিক্ষা আৰু কাউন্সেলিং, আয়ুষ্মান ভাৰত কাৰ্ডৰ ই কে ৱাই চি, স্বাস্থ্য সজাগতা কক্ষ, স্বাস্থ্য সম্পৰ্কীয় সজাগতা মূলক দৃশ্য-শ্ৰৱ্যৰ প্ৰদৰ্শন, আভা আই ডি খোলাৰ সুবিধাও উপলব্ধ কৰোৱা হয় । তদুপৰি চিকিৎসা মহাবিদ্যালয়লৈ ৰেফাৰেলৰ প্ৰয়োজন হোৱা ৰোগীসকলক পথ প্ৰদৰ্শনৰ বাবে চিকিৎসা প্ৰতিষ্ঠান ( চিকিৎসা মহাবিদ্যালয়) তথা ৰেফাৰেল‌ কেম্পৰ তাৰিখ নিৰ্ধাৰণ কৰি‌ দিয়া হয় আজিৰ এই মেগা স্বাস্থ্য শিবিৰত ।

প্ৰণিধানযোগ্য যে, "শুশ্ৰূষা সেতু" তিনিটা পৰ্যায়ত বিভক্ত। প্ৰথম পৰ্যায়ত ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত প্রতিটো বিধান সভা সমষ্টিত বৃহৎ স্বাস্থ্য শিবিৰৰ জৰিয়তে ৰোগ নিৰ্ণায়ক পৰীক্ষাৰ দ্বাৰা স্বাস্থ্যজনিত সমস্যাসমূহ চিনাক্তকৰণ আৰু‌ প্ৰয়োজন সাপেক্ষ চিকিৎসা মহাবিদ্যালয়লৈ ৰেফাৰেল , দ্বিতীয় পৰ্যায়ত নবেম্বৰ মাহত চিকিৎসা মহাবিদ্যালয়ত বিশেষ শিবিৰ অনুষ্ঠিত কৰি সেই সকল ল'ৰা - ছোৱালীৰ ৰোগ নিশ্চিতকৰণ আৰু তৃতীয় পৰ্যায়ত ডিচেম্বৰৰ‌ পৰা প্রয়োজন অনুসৰি উন্নত চিকিৎসা আৰু‌ আন প্ৰয়োজনীয় কাৰ্যব্যৱস্থা গ্ৰহণ‌কৰা হ'ব ।

এই মেগা স্বাস্থ্য শিবিৰত ডিব্ৰুগড় জিলা আয়ুক্ত বিক্ৰম কৈৰী, অসম চৰকাৰৰ যুটীয়া সচিব তথা ডিব্ৰুগড় জিলাৰ স্বাস্থ্য বিভাগৰ অভিভাৱক বিষয়া ড: প্ৰণতি গগৈ, ডিব্ৰুগড় পৌৰনিগমৰ মেয়ৰ ডাঃ সৈকত পাত্ৰ, স্বাস্থ্য বিভাগৰ অতিৰিক্ত আয়ুক্ত প্ৰাঞ্জল বৰুৱাপ্ৰমুখ্যে জিলা প্ৰশাসনৰ শীৰ্ষ বিষয় ববীয়া , স্বাস্থ্য বিভাগৰ জিলা আৰু ব্লক পৰ্যায়ৰ বিষয়া কৰ্মচাৰী, ডিব্ৰুগড় চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ লগতে আন বিদ্যালয় সমূহৰ শিক্ষক-শিক্ষয়িত্ৰী- কৰ্মচাৰী তথা ছাত্ৰ - ছাত্ৰী, স্হানীয় গণ্য মান‌্য ব্যক্তি আৰু সমষ্টিবাসী ৰাইজ‌ উপস্হিত থাকে।

ডিব্ৰুগড় জিলাত অহা ১৫ অক্টোবৰত নাহৰকটীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত পি এম শ্ৰী নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত তৃতীয় খন আৰু ১৬ অক্টোবৰত খোৱাং বিধানসভা সমষ্টিৰ অন্তৰ্গত কুটুহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চতুৰ্থ খন মেগা স্বাস্থ্য শিবিৰ অনুষ্ঠিত হ'ব । ডিব্ৰুগড় জিলাৰ স্বাস্থ্য বিভাগে প্ৰতিজন পিতৃ- মাতৃ, অভিভাৱক, পৰিয়ালৰ সদস্য আক শিক্ষক-শিক্ষয়িত্রীসকলক প্রতিগৰাকী শিশু, কিশোৰ-কিশোৰীক এই বৃহৎ স্বাস্থ্য শিবিৰলৈ আনি স্বাস্থ্য পৰীক্ষা কৰোৱাই নিজৰ সক্ৰিয় অংশগ্ৰহণেৰে এই শিবিৰ সমূহ সাফল্য মণ্ডিত কৰিবলৈ আহ্বান জনাইছে।

ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ প্ৰবল খহনীয়া  পৰিদৰ্শন মন্ত্ৰী  পীযুষ হাজৰিকাৰ :: জিঅ' বেগৰ অধিকাংশ সোঁতত উটি যায়  #ব্ৰহ্মপুত্ৰ_...
09/10/2025

ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ প্ৰবল খহনীয়া পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ :: জিঅ' বেগৰ অধিকাংশ সোঁতত উটি যায়
#ব্ৰহ্মপুত্ৰ_বাৰ্তা
ডিব্ৰুগড়ৰ কাছাৰীঘাটত হোৱা ভয়াবহ গড়াখহনীয়া পৰিদৰ্শন কৰে জলসম্পদ মন্ত্ৰী পীয়ুজ হাজৰিকাই। মহানগৰৰ কাষেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ নদীয়ে প্ৰতিটো বাৰিষাতে তীব্ৰ খহনীয়াৰ সৃষ্টি কৰি ডিব্ৰুগড়বাসীক আতংকিত কৰি আহিছে। আজি (৯-১০-২৫) জলসম্পদ মন্ত্ৰী হাজৰিকাই ব্ৰহ্মপুত্ৰ নদীৰ দৰে খৰস্ৰতা নদীক ভেটা দিয়াটো কঠিন আৰু এশ শতাংশ খহনীয়া প্ৰতিৰোধ কৰাটো কেতিয়াও সম্ভৱ নহয় বুলি মন্তব্য কৰে ।

অৱশ্যে ডিব্ৰুগড়ৰ খহনীয়া প্ৰতিৰোধৰ বাবে প্ৰায় তিনি শ কোটি টকাৰ প্ৰতিৰোধ আঁচনি ৰূপায়ণ হৈ থকা বুলি কয়। মন্ত্ৰী গৰাকীয়ে লগতে ডিব্ৰুগড় বাবে প্ৰায় ৩২ হেজাৰ চি টাইপ জিঅ'বেগৰ প্ৰয়োজন হ'ব বুলি কৈ ইতিমধ্যে বেগৰ ব্যৱস্থা কৰা আৰু যুদ্ধকালীন প্ৰচেষ্টাৰে খহনীয়া প্ৰতিৰোধৰ কাম হৈ থকা বুলি কয়।

উল্লেখযোগ্য যে, ডিব্ৰুগড় মহানগৰলৈ আহি পৰা এক প্ৰবল ভাবুকিত নিদ্ৰাহৰণ হৈছে মহানগৰবাসীৰ।চকুৰ পলকতে চপৰা চপৰকৈ খহি পৰিছে নৈৰ পাৰত থকা মাটি। মহানগৰখনক সুৰক্ষা দি থকা বান্ধটো অতি পুৰণি। প্ৰবাদ সোঁতত নিমিষতে ব্ৰহ্মপুত্ৰ নদীত উটি গল শ-শ জিঅ' বেগ।এখন উদ্যান, বিশাল খেলপথাৰ,এটা যোগাসনৰ পকী কেন্দ্ৰ আৰু পূজা বিসৰ্জ্জন দিয়া স্থলী,মাত্ৰ প্ৰায় ১৫ মিনিটৰ ভিতৰতেই প্ৰায় এশ মিটাৰ ভূমি জাহ যায়। মহানগৰৰ কাছাৰীঘাটত অৰ্থাৎ ডিব্ৰুগড়ৰ পুৰণি কৰ্টৰ ঠিক পিছফালে ভয়ানক ব্ৰহ্মপুত্ৰৰ গৰা খহনীয়াত ৰাইজ আতঙ্কিত হৈছে।

আহিনৰ ব্ৰহ্মপুত্ৰই কালৰূপ ধাৰণ কৰি প্ৰায় এশ মিটাৰ মূল সুৰক্ষা মথাউৰিৰ পৰা খহনীয়া হৈছে। জলসম্পদ বিভাগে খহনীয়া ৰোধৰ বাবে সাজু কৰি ৰখা জিঅ' বেগ সমূহৰ অধিকাংশ উটুৱাই নিয়াৰ লগতে যোগাসনৰ এটা কেম্প আৰু বহুত জিঅ' বেগ সমূহ ভূমিকম্প অহাৰ দৰেই বৃহৎ অঞ্চল বহি গল। ডিব্ৰুগড় মহানগৰৰ অন্যতম সুৰক্ষা কৱচ,ডিব্ৰুগড় সুৰক্ষা বান্ধ প্ৰায় স্পৰ্শ কৰিছে বৰলুইতে। বিগত দিন কেইটাত মহানগৰৰ উপকন্ঠ অঞ্চল মাইজান ঠাকুৰাবাৰীত হৈ থকা ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত কেইবাশ মিটাৰ ভূমি জাহ যোৱাৰ লগতে নামনি অংশতো আৰম্ভ হৈছে ব্ৰহ্মপুত্ৰৰ প্ৰৱল খহনীয়া। মাইজানৰ উজনিৰ অংশত ৭.৪ স্পাৰটো ভঙাৰ পাছতেই নামনি অংশত ভয়াৱহ ৰূপ লৈছে খহনীয়াই।

সময়মতে ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধত গুৰুত্ব নিদিয়াৰ বাবেই বৰলুইতৰ এতিয়া এনেদৰে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বুলি স্হানীয় ৰাইজে জানিবলৈ দিয়ে।ইয়াৰ মাজতে জলসম্পদ মন্ত্ৰী গৰাকীয়ে ডিব্ৰুগড়ৰ গড়াখহনীয়াক লৈ গুৰুত্ব দিয়াৰ লগতে প্ৰতিৰোধৰ প্ৰচেষ্টা অব্যাহত ৰখা বুলি কয়। মন্ত্ৰী হাজৰিকাৰ সৈতে মন্ত্ৰী প্ৰশান্ত ফুকনসহ বিভাগীয় বিষয়ববীয়া পৰিদৰ্শন কালত উপস্থিত থাকে।

07/10/2025

ডিব্ৰুগড়ত "বিশ্ব নদী দিৱস" লগতে 'নদী আৰু নাৰী'ৰ পূৰ্ণাংগ সমিতি গঠনৰ ৰাজহুৱা সভা আয়োজন
#ব্ৰহ্মপুত্ৰ_বাৰ্তা
নদী আৰু নাৰী হৈছে জার্মানীৰ কহিনূৰ বৰ্ল্ড বুকছ অব ৰেকৰ্ডছৰ স্বীকৃতি প্রাপ্ত জনপ্রিয় কাব্যিক, বৌদ্ধিক তথা মানৱদৰদী অনুষ্ঠান। নদী আৰু নাৰী এই অনুষ্ঠানৰ উদ্যোগত অহা ১২ অক্টোবৰ দেওবাৰে "বিশ্ব নদী দিৱস"ৰ উদযাপন কৰা হব।

এই দিৱসৰ লগত সংগতি ৰাখি "নদীৰ সংৰক্ষণ, সংবর্ধন আৰু সুৰক্ষা"-শীর্ষক এখনি আলোচনাচক্র অনুষ্ঠিত হব। ডিব্ৰুগড়ৰ ডি.এইচ.এছ. কে. কানৈ মহাবিদ্যালয়ৰ শঙ্কৰদেৱ প্রেক্ষাগৃহত অনুষ্ঠিত হ'ব লগা সভাতে "নদী আৰু নাৰী" (River and Women) ডিব্ৰুগড় নগৰৰ পূৰ্ণাংগ সমিতিখন গঠন কৰা বুলি উদ্যোক্তাৰ পৰা জানিব পৰা গৈছে আৰু বিশ্ব নদী দিৱসৰ লগত সংগতি ৰাখি- নদী আৰু নাৰী, (River and Women) ডিব্ৰুগড় নগৰ সমিতি উদ্যোগত প্রকাশিত "ডিব্ৰু তৰঙ্গিণী” স্মৃতি গ্রন্থখন উন্মোচন কা হব। সভাত নদী আৰু নাৰী প্রতিষ্ঠাপক তথা মুখ্য কার্যবাহী-ৰোনাল্ডো টাইদ,
প্রতিষ্ঠাপক মুখ্য উপদেষ্টা, উৎপল দলে, নদী আৰু নাৰীৰ কেন্দ্রীয় মুখ্য সাংগঠনিক সম্পাদক তথা মুখ্য ব্যবস্থাপক-মধুমিতা শৰ্মাকে প্ৰমূখ্যে ভালে সংখ্যক সংশ্লিষ্ট বিষয়ববীয়া সকল উপস্থিত থাকিব লগা অনুষ্ঠানলৈ কাব্যিক তথা সাহিত্য অনুৰাগী সকলৰ উপস্থিতি কামনা কৰিছে অনুষ্ঠানৰ আহ্বায়ক মণ্ডলী
নিলীমা বৰা, ৰাজশ্রী সেনাপতি গগৈ, উর্বশী মৰাণ, পূর্ণিমা দিহিঙ্গীয়া, ৰুমী ফুকন বুঢ়াগোহাঁই আদিয়ে।

ডিব্ৰুগড়ত চাহ বাগিচাৰ মাটি বিক্ৰী বিক্ৰী বন্ধ কৰি-আৰবান ফৰেষ্ট প্ৰজেক্ট অধীনত সংৰক্ষণ কৰিবলৈ পুনৰ -দাবী জনালে চাচটেইনেবল...
07/10/2025

ডিব্ৰুগড়ত চাহ বাগিচাৰ মাটি বিক্ৰী বিক্ৰী বন্ধ কৰি-আৰবান ফৰেষ্ট প্ৰজেক্ট অধীনত সংৰক্ষণ কৰিবলৈ পুনৰ -দাবী জনালে চাচটেইনেবল গ্ৰীণ সংগঠনে
#ব্ৰহ্মপুত্ৰ_প্ৰতিৱেদক
'সেউজীয়া পৃথিৱী আমাৰ অধিকাৰ' এই বানীৰে ৰাজপথলৈ লাই আহিল প্ৰকৃতি ৰক্ষাৰ অভিযান কেন্দ্ৰিক অৰাজনৈতিক সংগঠন 'চাচটেইনেবল গ্ৰীণ সংগঠন',ডিব্ৰুগড়ৰ কৰ্মী সকল।

চাহ নগৰ হিচাপেখ্যাত তথা অসমৰ দ্বিতীয় মহানগৰ ডিব্ৰুগড়ৰ মাজমজিয়াত থকা সেউজীয়া চাহ বাগিচাবোৰে, নগৰখনৰ সৌন্দৰ্য্য বৰ্ধন আৰু প্ৰকৃতি ৰক্ষা কৰাৰ উপৰিও প্রাকৃতিক ভাৰসাম্যতা ৰক্ষা কৰাত সহায় কৰি আহিছে। কিন্তু শেহতীয়াকৈ এই অঞ্চলৰ বাসিন্দাবোৰক অংশ অংশকৈ উঠাই দি তাত আবাসিক বৃহৎ বৃহৎ অট্টালিকা, হোটেল, ধর্মীয় গৃহ, বাণিজ্যিক ক্ষেত্র আদি গঢ়ি তোলা পৰিলক্ষিত হৈছে।

ডিব্ৰুগডৰ চাহ বাগিচা সমূহ এনেকৈ বিক্ৰী নকৰি 'আৰবান ফৰেষ্ট প্রজেক্ট' (নগৰীয়া বনাঞ্চল প্ৰকল্প) ৰ আধীনত সংৰক্ষণ কৰি ৰাইজৰ বাবে উচৰ্গা কৰিবলৈ চৰকাৰক অনুৰোধ জনোৱাৰ লগতে স্থানীয় জনগণক সচেতন কৰাৰ প্ৰয়াস কৰি আহিছে। এই বিষয়ত , বন ধ্বংসকৰণৰ বিৰুদ্ধে প্রতিবাদী সমদল, গছপুলি ৰোপণৰ কাৰ্য্যসূচী কৰি গণতান্ত্রিক আন্দোলন অব্যাহত ৰখা সংগঠনৰ ফালৰপৰা জালান বাগিচাৰ কর্তৃপক্ষক লগ কৰি এই বিষয়ে আলোচনা কৰাৰ লগতে অসম চৰকাৰৰ বন বিভাগলৈও গছ কটাৰ তথ্য বিচাৰি পত্ৰ প্ৰেৰণ কৰা হৈছে। তদস্বত্বেও বাগিচা কর্তৃপক্ষই গছ কটা আৰু বাগান উঠোৱা বন্ধ নকৰাত উদ্বিগ্ন হৈ পৰিছে এই সংগঠনৰ লগত জড়িত ব্যক্তিসকল তথা প্রকৃতিপ্রেমী ৰাইজ।

এই সংগঠনৰ এটা সঁজাতি দলে যোৱা ১৪ জুন ২০২৫ তাৰিখে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক লগ কৰি সমগ্র বিষয়টো অবগত কৰাত তেখেতে অতি সোনকালে এই ক্ষেত্রত বিহিত ব্যৱস্থা লোৱা হ'ব বুলি মত প্রকাশ কৰিছিল। তেওঁ জিলা আায়ুক্তক এশ (১০০) বিঘা মাটিৰ 'আৰবান ফৰেষ্ট'ৰ বিষয়টো চাবলৈ অনুৰোধ জনাই মত প্রকাশ কৰা পৰিলক্ষিত হয়। লগে লগেই বিষয়টো সদস্যসকলৰ বাবে অধিক চিন্তাৰ কাৰণ হৈ পৰিছে। 'চাচটেইনেবল গ্রীণ সংগঠন' ডিব্ৰুগড় নামৰ অৰাজনৈতিক সংগঠনটোৰ সদস্যসকলে আৰ টি আই কৰি পোৱা তথ্য মতে পুৰণি চৰকাৰী আদেশৰ সালসলনি ঘটাই নতুন নীতিমতে চাহ বাগিচাৰ মাটিৰ মূল্য প্রতি বিঘাত দুই লাখ কৰা হৈছে আৰু সেই হিচাপত এশ (১০০) বিঘা মাটিৰ মূল্য দুই কোটি টকাৰ হ'ব পাৰে।

গতিকে সমগ্র ডিব্ৰুগড়বাসীৰ কল্যানৰ বাবে তথা সেউজ পৃথিবী এখন ৰক্ষাৰ স্বাৰ্থত চৰকাৰে ডিব্ৰুগড় মহানগৰৰ মাজত থকা চাহ বাগিচাবিলাকৰ মালিকপক্ষক মূল্য আদায় দি সেই সেউজ অংশ ৰক্ষা কৰি ৰাইজৰ বাবে উচর্গা কৰিবলৈ 'চাচটেইনেবল গ্রীণ ডিব্রুগড়'-এ কৈ আহিছে। দক্ষিণ ভাৰতৰ বাংগালোৰ, হায়দৰাবাদ আদি বৃহৎ মহানগৰৰ মাজ ভাগত মানুহৰ সু স্বাস্থ্য, পশু-পক্ষী তথা জীৱকুলৰ সুৰক্ষাৰ ডাঙৰ ডাঙৰ এলেকা চৰকাৰে সংৰক্ষণ কৰি সেই মহানগৰবিলাকৰ সৌন্দৰ্যৰ লগতে জলবায়ু প্ৰদূষণ ৰোধ কৰাৰ ব্যৱস্থা কৰিছে। তেনে ধৰণেই ডিব্ৰুগড় মহানগৰখনকো জুবিন গাৰ্গৰ নামত এখন আৰবান ফৰেষ্ট গঢ়ি তোলাৰ বাবে 'চাচটেইনেবল গ্রীণ ডিব্রুগড়'-এ প্রচেষ্টা চলায় আছে।

গতিকে সংবাদ মেলৰ যোগেদি পুনৰ জনসাধাৰণক বিষয়টো সজাগ কৰাৰ লগতে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক ১৪ জুন ২০২৫ তাৰিখে ব্যক্ত কৰা কথাখিনি বাস্তৱত ৰূপায়ন কৰি এক যোগাত্মক দিশৰ সূচনা ডিব্ৰুগড়ত কৰিব বুলি 'চাচটেইনেবল গ্রীণ ডিব্রুগড়' বিশ্বাসী। 'চাচটেইনেবল গ্রীণ ডিব্ৰুগড়'-এ 'সেউজীযা পৃথিৱী আমাৰ অধিকাৰ'ৰ বাবে সক্রিয় ভাবে সদায় মত পোষণ কৰি যাব। সংবাদমেলত চাচটেইনেবল গ্রীণ ডিব্ৰুগড়'ৰ ড০ পৰমানন্দ মহন্ত, ডা: ৰাম হাজৰিকা,জুৰী বৰা বৰগোহাঞি,অর্পনা বৰা,
দুর্গা বৰঠাকুৰ, সুব্রত বর্মন,বিশ্ববিজয় ফুকন আৰু শম্ভু তাঁতী উপস্থিত থাকে।

Address

2B, Nizarapar, Guwahati, & Brahmaputra House, Boiragimoth, Dibrugarh, 786003
Dibrugarh
781003

Alerts

Be the first to know and let us send you an email when Brahmaputratimes Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Brahmaputratimes Assam:

Share

Category