24/10/2025
কিছুদিনৰ পূৰ্বে শ্বাস - প্রশ্বাসৰ সমস্যাত ভুগি চিকিৎসাৰ নামত ভালেখিনি টকা খৰছ কৰি আহিছোঁ !
যিহেতু, মই অতি দৰিদ্ৰ পৰিয়ালৰ এজন যুৱক! উপাৰ্জনৰ পথ বুলিবলৈ স্থায়ীকৈ একোৱেই নাই !
ঘৰৰ সমস্ত দ্বায়িত্বভাৰ এতিয়া মোৰ বিধৱা মায়ে অকলেই মূৰ পাতি লৈছে ! কিয়নো, আজি কিছুদিনৰ আগৰপৰা মই একোৱেই কৰিব পৰা নাই .... বেমাৰ বেমাৰ বুলি যুঁজি থাকোঁতেই আকৌ এক পথ দুৰ্ঘটনাগ্ৰস্ত হৈ মুখণ্ডল, দাঁত, ভৰি, ওঁঠ আদিত বাৰুকৈয়ে আঘাতপ্ৰাপ্ত হ'লো!
এতিয়াও চিকিৎসাৰ বাবদ নিজৰ গাঁঠিৰ ধন খৰছ কৰি একেবাৰেই অসহায় হৈ পৰিছোঁ... কাৰোবাৰ ওচৰত হাত পাতিবলৈও একো ৰাস্তা / উপায় নাই !
এতিয়া দাঁতৰ চিকিৎসা চলি আছে লগতে আগন্তুক সপ্তাহত ওঁঠৰো প্লাষ্টিক ছাৰ্জাৰী ( অপাৰেচন) কৰাৰ কথা ডাক্তৰে জনাইছে ! যিহেতু, আগৰ নিচিনাকৈ ওঁঠেৰে একো কৰিব পৰা নাই ... মেলিব পৰা নাই ,
ভালদৰে খাৱ পৰা নাই আৰু ওঁঠৰ তলৰ অংশ বেঁকা হৈ পৰিছে !
সেয়ে , উক্ত চিকিৎসাৰ বাবদ আৰু ২০/২৫ হাজাৰোধিক টকাৰ প্ৰয়োজন আছে (?)...(এইয়া আনুমানিক, সঠিককৈ ক'ব পৰা নাযাব ইয়াৰ মূল্য... কিয়নো অপাৰেশ্যনৰ পূৰ্বে ভালেকেইটা টেষ্ট কৰিব লাগিব আৰু ১ সপ্তাহ / ১০ দিনলৈ মেডিকেলত ভৰ্তি হৈ থাকিব লাগিব )
সেয়ে , নিজকে বৰ অসহায় আৰু নিৰুপায় যেন অনুভৱ কৰিছোঁ... কিয়নো ঘৰখনত তেনেকৈ উপাৰ্জনকাৰীও নাই আৰু সদস্যও নাই!
যি পাৰিছে ইটো সিটো কৰি মায়ে সাধ্যানুসৰি পাৰে মানে চিকিৎসাৰ নামত গাঁঠিৰ ধন খৰছ কৰি আহিছে!
এতিয়া আৰু কোনো বিকল্প নোহোৱা হৈছে !
সেয়ে , মই আপোনালোকৰ ওচৰত কাতৰ অনুৰোধ জনাইছোঁ, মানৱতাৰ খাতিৰত কোনো হৃদয়ৱান লোকে সাধ্য অনুসৰি যি পাৰে মোক তলত দিয়া QR ত আৰ্থিকভাৱে সহায় কৰক !
আৰু যদি আৰ্থিকভাৱে সহায় কৰিব নোৱাৰে তেন্তে পোষ্টটো share কৰক.....যাতে আন দহজনে মোৰ এই প'ষ্টটো পায়গৈ !
কিয়নো একেবাৰে অসহায় অনুভৱ কৰিছোঁ... আপোনালোকৰ এই সহযোগিতাই মোৰ পৰৱৰ্তী চিকিৎসাৰ বাবে যথেষ্টখিনি উপকৃত কৰিব !
( বি: দ্ৰ - এনেকৈয়ে মোৰ চিকিৎসাৰ সেৱাৰ্থে যিখিনি টকা সংগ্ৰহ কৰা হ'ব ..... যদিহে কি'বা কাৰণত বা ধনৰ অভাৱত মোৰ সম্পূৰ্ণ চিকিৎসা সম্ভৱ হৈ নুঠে আৰু অতিৰিক্ত ধন সংগ্ৰহ কৰিলেও সেই বৰঙণি যিসকল হৃদয়ৱান লোকে অনলাইন যোগে আগবঢ়াইছে তেওঁলোকৰ নামতেই অন্য এজন অসহায় ৰোগীৰ চিকিৎসাৰ সেৱাৰ্থে ব্যয় কৰা হ'ব)
Homoy
🙏🙏🙏🙏🙏