21/08/2026
আজিৰ দিনটো মোৰ বাবে এক স্মৰণীয় দিন । সেইদিনা আছিল শুক্ৰবাৰ ভাদমাহৰ ৪তাৰিখ ২০২০চন, ইংৰাজী মাহৰ 21 আগষ্ট, গাটো খুউব বেয়া লাগিছিল । মালৈ ফোন কৰিছিলোঁ -মা মোৰ গাটো বৰ বেয়া লাগিছে । আমাৰ ঘৰত মানুহ ল'ৰা, মানুহজন আৰু মই ।তেতিয়া সম্পূৰ্ণ লক ডাউন আছিল কোনো কাৰো ঘৰলৈ যাব নোৱাৰিছিল ।মোৰ মাক ভাইটিয়ে গাড়ীৰে আমাৰ ঘৰত থৈ গৈছিলহি মোৰ মাৰ ঘৰ যোৰহাটত আমাৰ ইয়াৰ পৰা মাৰ ঘৰলৈ যাওঁতে প্ৰায় 2/3 ঘন্টা সময় লাগিছিল ল'ৰাটোৰ লগত থাকিবলৈ মাক ভাইটিয়ে থৈ গৈছিলহি । আমি লৰালৰিকৈ মেডিকেললৈ ওলাইছো মোৰ লগত ওলাইছিল মোৰ যা মানে ভাই বোৱাৰী আৰু মোৰ মানুহজন । মেডিকেল গৈ পালোগৈ কিন্তু আমাক সোমাবলৈ নিদিয়ে কৰুনা টেষ্ট কৰিহে সোমাবলৈ দিয়ে । মই প্ৰথমৰ পৰাই ডক্টৰ পল্লৱ মহন্ত ছাৰকেই দেখাই আছিলো সেইকাৰণে তেওঁ তালৈকে গৈছিলোঁ কিন্তু আমাক গেটত থকা ল'ৰাজনে সোমাবলৈ নিদিলে কৰুনা টেষ্ট কৰিহে সোমাব পাৰিব বুলি ক'লে । আমি আকৌ সোনাৰি টাউনলৈ উভতি গ'লোগৈ তাত দেখিলোঁ এখন বিদ্যালয়ত কৰুনা টেষ্ট কৰি আছে,তাত গৈ পালো তেওঁলোকে ক'লে কিট শেষ হল , এঘন্টা ৰব লাগিব । মোৰ গা ইমানেই বেয়া লাগিছে মোৰ এনেকুৱা অনুভৱ হৈছে মই যেন আৰু জীয়াই নাথাকিম । এওঁলোকক কলো,বলা আকৌ যাওঁ কনকলতা নাৰ্ছিংহোমলৈ মই ছাৰক নিজেই কম মোক সোমাবলৈ দিয়ক বুলি । আকৌ ঘূৰি গলো তালৈ,লগে লগে পল্লৱ মহন্ত ছাৰলৈ ফোন কৰিলোঁ -"ছাৰ মোক সোমাবলৈ দিবনে নিদিয়ে মই এতিয়া মৰি থাকিম মোৰ গা বহুত বেয়া লাগিছে"তেতিয়া ছাৰে মোক ক'লে গেটৰ ওচৰত থকা ল'ৰাটোক ফোনটো দিয়া আৰু তাক ক'লে বেমাৰী গৰাকীক সোমাবলৈ দিয়া ।মোৰ লগত যোৱা কেইজন অবাক । লৰালৰিকৈ সোমাই গলো ছাৰৰ ওচৰ পালেোগৈ আৰু ছাৰে মোক চাই ক'লে আৰু এঘন্টা সময় থকা হ'লে তোমি জীয়াই নাথাকিলহেঁতেন , লৰালৰিকৈ মোক Admitকৰালে আৰু বহুতো কষ্টৰ ফলত দিনৰ ১১বাজি ৫৫মিনিত যাওতে আমাৰ মাজলৈ এজনী পৰি আহিলে ।ঘৰখনৰ সকলোৰে আনন্দ ছোৱালী হোৱাৰ বাবে,কাৰন এইখন ঘৰত ছোৱালী নাছিল সকলোৰে ল'ৰা। সেইকাৰণে তাইৰ সকলোৰে মৰমৰ ,গালি এটা পাৰিলেও সকলোৱে হুলস্থূল কৰি দিয়ে ।আজিৰ দিনটোতে তাই আমাৰ মাজলৈ আহিছিল ।মোৰ বাবে এই দিনটো কোনোদিনেই পাহৰিব নোৱাৰা দিন ।🙏