Asom Prakashan Bharati

Asom Prakashan Bharati অসম প্ৰকাশন ভাৰতী

অসম প্ৰকাশন ভাৰতীৰ বার্ষিক সাধাৰণ সভা সম্পন্নগুৱাহাটী, ৪ ছেপ্তেম্বৰ,২০২৫অসম প্ৰকাশন ভাৰতীৰ ২০২৪-২৫ বৰ্ষৰ বার্ষিক সাধাৰণ ...
04/09/2025

অসম প্ৰকাশন ভাৰতীৰ বার্ষিক সাধাৰণ সভা সম্পন্ন
গুৱাহাটী, ৪ ছেপ্তেম্বৰ,২০২৫
অসম প্ৰকাশন ভাৰতীৰ ২০২৪-২৫ বৰ্ষৰ বার্ষিক সাধাৰণ সভাখন আজি অসম প্ৰকাশন ভাৰতীৰ সভাগৃহত অনুষ্ঠিত হয়। সভাখনত সভাপতিত্বত কৰে স্থায়ী সভাপতি ড° সুশীল কুমাৰ শৰ্মাই।

বন্তি প্ৰজ্জ্বলনৰ পিছত অসম প্ৰকাশন ভাৰতীৰ সচিব শ্রী দীপাংকৰ বৰা দ্বাৰা ২০২৪-২৫ বৰ্ষৰ বার্ষিক প্ৰতিবেদন পাঠ কৰাৰ পিছত কোষাধ্যক্ষ শ্ৰী মন্নু কেচলিৱালে বিগত বৰ্ষৰ আয়-ব্যয়ৰ হিচাপ আৰু আগন্তুক বৰ্ষৰ বাবে বাজেট দাখিল কৰে। সভাত বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ সংগঠন মন্ত্রী ড° পৱন তিৱাৰীয়ে বিশেষ সাংগঠনিক দৃষ্টিভংগীৰে বক্তব্য আগবঢ়াই অসম প্ৰকাশন ভাৰতীৰ দায়িত্ব আৰু কৰ্মপদ্ধতিৰ পৰ্যালোচনা কৰে। তেওঁ শিশু শিক্ষা সমিতি, অসমৰ অধীনত বিশেষ উপ-সমিতি হিচাপে অসম প্ৰকাশন ভাৰতীৰ ভূমিকা, শঙ্কৰদেৱ শিশু বিদ্যা নিকেতন সমূহৰ পাঠ্যপুথি প্ৰস্তুতিকৰণ, প্ৰকাশন আৰু বিতৰণ আদিৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

এই সভাত বিদ্যা ভাৰতীৰ পূৰ্বোত্তৰ ক্ষেত্ৰৰ মন্ত্ৰী ড° জগদীন্দ্ৰ ৰায় চৌধুৰী, শিশু শিক্ষা সমিতিৰ সভাপতি শ্রী কুলেন্দ্র কুমাৰ ভাগৱতী, সাধাৰণ সম্পাদক শ্রী জগন্নাথ ৰাজবংশী, অসমৰ বিভিন্ন মহাবিদ্যালয়ৰ অধ্যক্ষ, অধ্যাপক-অধ্যাপিকা, শিক্ষাবিদ আৰু পূৰ্ণকালীন কার্যকৰ্তাসকল উপস্থিত থাকে।

সভাপতি ড° সুশীল কুমাৰ শৰ্মাই সংগঠনৰ কাম-কাজৰ গতি বৃদ্ধি কৰাৰ বাবে সকলোৰে পৰামৰ্শক আদৰি লোৱাৰ কথা ব্যক্ত কৰে। অসম প্ৰকাশন ভাৰতীৰ কাৰ্যালয়ৰ সচিব শ্ৰী হিতেন গোস্বামীয়ে সভাত উপস্থিত সকললৈ কৃতজ্ঞতা জ্ঞাপন কৰে। কল্যাণ মন্ত্ৰৰ দ্বাৰা সভাৰ সামগ্ৰিক কাৰ্যসূচীৰ অন্ত পৰে.

22/05/2025

Address

NAMGHAR PATH, R. G. B. Road (infront Of Shradhhanjali Kanan)
Gauhati
781005

Opening Hours

Monday 10am - 5pm
Tuesday 10am - 5pm
Wednesday 10am - 5pm
Thursday 10am - 5pm
Friday 10am - 5pm
Saturday 10am - 5pm

Telephone

+913612911034

Website

Alerts

Be the first to know and let us send you an email when Asom Prakashan Bharati posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category