08/07/2021
#অসমআন্দোলন
#প্ৰথমসৰ্গ1
সমস্যাবহুল ৰাজ্য অসম৷ স্বাধীনতাৰ পিছৰে পৰা ৰাজ্যখনৰ ৰাজনৈতিক নেতৃত্ব গ্ৰহণ কৰা কংগ্ৰেছ দলে একমাত্ৰ নিজৰ দলীয় ক্ষমতা হস্তগত কৰাৰ বাহিৰে ৰাজ্যখনৰ সৰ্বাংগীণ উন্নতিৰ বাবে একোৱেই নকৰিলে৷ এই দলটোৱে অসমবাসীৰ প্ৰতি কিবা কৰণীয় আছে বুলি নাভাবিলেই৷ ব্যতিক্ৰম আছিল লোকপ্ৰিয় গোপীনাথ বৰদলৈ৷ স্বাধীন অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী লোকপ্ৰিয়ই কিন্তু ৰাজ্যখনক গঢ় দিবলৈ সময় নাপালে৷ ’৪৬ত অসমক ‘গ্ৰnপিঙ’ৰ ভয়াৱহ ষড়যন্ত্ৰৰ পৰা ৰক্ষা কৰা লোকপ্ৰিয়ই চকু মুদিলে স্বাধীনতাৰ মাথোঁ তিনিটা বছৰৰ পিছতেই৷ সেয়ে প্ৰায় প্ৰতিদিনে ৰাজ্যখনৰ সমস্যা বাঢ়ি গ’ল৷ অসমৰ ৰাইজৰ অৰ্থনৈতিক অৱস্থাৰ ক্ৰমে অধোগতি ঘটিল৷ দাৰিদ্ৰ্য সীমাৰেখাৰ তললৈ খৰতকীয়াকৈ আগবাঢ়িল অসমৰ জনগণ৷ চৰকাৰী সকলো আঁচনি ফুটুকাৰ ফেন হ’ল৷ ৰাজ্যখনৰ সুবিধাবাদী ৰাজনীতিকসকলে জনসাধাৰণৰ দৰিদ্ৰতাক সমল হিচাপে লৈ আৰম্ভ কৰিলে প্ৰতাৰণাৰ ৰাজনীতি৷ শাসক গোষ্ঠীয়ে দোহাৰিলে সমাজবাদৰ কথা৷ সমাজবাদ সম্পৰ্কত নিজৰে কোনো স্পষ্ট ধাৰণা নথকা এই ৰাজনীতিবিদসকলে ভুৱা সমাজবাদৰ তত্ত্বৰে কিছুদিনলৈ জনসাধাৰণক মোহিত কৰিছিল যদিও তথাকথিত সমাজবাদে সময়ত অসমৰ ৰাইজৰ মোহভংগ ঘটালে৷ এনে এক সময়তে সদৌ অসম ছাত্ৰ সন্থাই ১৯৭৪ চনত এখন দাবী চনদ যুগুতাই উলিয়ালে৷ সন্থাৰ সেই সময়ৰ নেতৃবৰ্গই বুজি উঠিছিল যে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ নকৰিলে শাসক গোষ্ঠীয়ে অসমৰ ৰাইজৰ দাবীসমূহ সমাধানৰ ক্ষেত্ৰত কোনো যোগাত্মক পদক্ষেপ কোনোদিনেই গ্ৰহণ নকৰিব৷ ছাত্ৰ সন্থাৰ নেতৃবৰ্গৰ এনে ধাৰণাই প্ৰকৃততে সত্য আৰু শুদ্ধ আছিল৷ সেয়ে নেতৃবৰ্গই দাবী চনদ যুগুতাইছিল আৰু আগন্তুক দিনবোৰত অসমৰ স্বাৰ্থৰ হকে এক আন্দোলন গঢ়ি তোলাৰ বাবে নিজকে প্ৰস্তুত কৰি তুলিছিল৷ অসমত ইয়াৰ পূৰ্বেও স্বাধীনতাৰ পিছৰে পৰা কেইবাটাও গণ আন্দোলন সংগঠিত হৈছিল৷ ১৯৫৬ চনৰ তেল শোধনাগাৰ স্থাপনৰ আন্দোলন, ১৯৬০ চনৰ ভাষা আন্দোলন, ১৯৬৬ চনৰ খাদ্য আন্দোলন, ১৯৬৯ চনৰ অসমত দ্বিতীয়টো তেল শোধনাগাৰ স্থাপনৰ আন্দোলন, ১৯৭২ চনৰ মাধ্যম আন্দোলন আৰু ১৯৭৪ চনৰ ২১ দফীয়া দাবী চনদৰ আন্দোলন৷ ’৬০ চনৰ ভাষা আন্দোলনৰ নেতৃত্বত আছিল অসম সাহিত্য সভা৷ ইয়াৰ পিছত ১৯৬৬, ১৯৭২ আৰু ১৯৭৪ চনৰ আন্দোলনৰ নেতৃত্বৰে উজলিছিল সদৌ অসম ছাত্ৰ সন্থা৷ তেল শোধনাগাৰ আন্দোলনৰ নেতৃত্ব লৈছিল বাঁওপন্থী আৰু সমাজবাদী আন্দোলনৰে জড়িত কেইবাজনো জ্যেষ্ঠ নেতাই৷ সেইসকলৰ ভিতৰত আছিল হৰেশ্বৰ গোস্বামী, গোবিন্দ কলিতা, ৰবীন্দ্ৰ নাথ নবীশ, বিশ্ব গোস্বামী, ফণী বৰা, গোলোক গগৈ, অজিত কুমাৰ শৰ্মা, হেম বৰুৱা, গৌৰী শংকৰ ভট্টাচাৰ্য, ফটিক চন্দ্ৰ বৰুৱা, দেৱেশ্বৰ ভট্টাচাৰ্য, লক্ষ্যধৰ চৌধুৰীকে আদি কৰি বহুজন৷ একালত ৰাজ্যখনৰ ৰাজনীতিত দপদপাই থকা এইসকল আটায়ে এতিয়া প্ৰয়াত৷ দ্বিতীয় তেল শোধনাগাৰ আন্দোলনৰ নেতৃত্বত আছিল অসমৰ ৰাইজে গঠন কৰি দিয়া এখন তিনিজনীয়া আহ্বায়ক সমিতি৷ এই তিনি আহ্বায়ক আছিল ক্ৰমে– সমাজবাদী নেতা বিশ্ব গোস্বামী, কমিউনিষ্ট নেতা প্ৰমোদ গগৈ আৰু পিছলৈ ন্যায়াধীশ হোৱা বি এল হান্সাৰিয়া৷ সেয়া অৱশ্যে সুকীয়া বিষয়৷ পূৰ্বে ভিন্ন লেখাত এই বিষয়সমূহ বিস্তাৰিতভাৱে আলোচনা কৰি আহিছো৷
আগলৈ....