Assam Times Post

  • Home
  • Assam Times Post

Assam Times Post Assam Times Post is an Assamese and English news portal from Assam. The portal provides latest news,

দেউবাৰে পুৱা প্ৰায় চাৰি বজাত ডিফুৰ সমীপৰ ৰংখেলান ছয় শ্ব' ৰুমৰ সন্মূখত সংঘটিত হয় এক ভয়ঙ্কৰ পথ দুৰ্ঘটনা ৷ মাঞ্জা দিশৰ পৰা ...
20/07/2025

দেউবাৰে পুৱা প্ৰায় চাৰি বজাত ডিফুৰ সমীপৰ ৰংখেলান ছয় শ্ব' ৰুমৰ সন্মূখত সংঘটিত হয় এক ভয়ঙ্কৰ পথ দুৰ্ঘটনা ৷ মাঞ্জা দিশৰ পৰা ডিফু অভিমুখে আহি থকা এএছ 01 জিএইছ ব্ৰেজা বাহনখনে তীব্ৰ বেগত আহি এটা ৱালত প্ৰচণ্ড জোৰে খুন্দা মাৰি ৰৈ যায় ৷ দুৰ্ঘটনাটো ইমান ভয়াবহ আছিলযে ৱালটো টুকুৰা টুকুৰ হৈ ১০ ফুট দুৰলৈকে সিচৰিত হৈ পৰে ৷ বাহন খনত থকা কিমানজন যাত্ৰী আছিল জানিব পৰা নাই যদিও তিনিজন যাত্ৰী সামান্যভাবে জথম প্ৰাপ্ত হৈ চিকিৎসাধীন হব লগীয়া হয় বুলি জানিব পৰা গৈছে ৷

দুৰ্ঘটনাটো ইমান ভয়াবহ আছিলযে ৱালটো টুকুৰা টুকুৰ হৈ ১০ ফুট দুৰলৈকে সিচৰিত হৈ পৰে ৷ বাহন খনত থকা কিমানজন যাত্ৰী আছি....

স্বামীৰ লগত শাৰীৰিক সম্পৰ্ক স্থাপন কৰিব নোখোজা, বন্ধু-বান্ধৱীৰ সন্মুখত তেওঁক অপমান কৰা, বাৰে বাৰে ব্যভিচাৰৰ অভিযোগ দিয়া...
19/07/2025

স্বামীৰ লগত শাৰীৰিক সম্পৰ্ক স্থাপন কৰিব নোখোজা, বন্ধু-বান্ধৱীৰ সন্মুখত তেওঁক অপমান কৰা, বাৰে বাৰে ব্যভিচাৰৰ অভিযোগ দিয়াটো আচলতে এক প্ৰকাৰৰ নিষ্ঠুৰতা। ইয়াৰ ফলত হিন্দু বিবাহ আইনৰ অধীনত বিবাহ বিচ্ছেদ হ’ব পাৰে। এহাল দম্পতীৰ গোচৰত এই কথা কয় বম্বে উচ্চ ন্যায়ালয়ে (Bombay High Court)। পত্নীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি স্বামীয়ে আদালতত বিবাহ বিচ্ছেদৰ বাবে আবেদন দাখিল কৰে। তেওঁৰ আবেদন গ্ৰহণ কৰা হয়। এই সন্দৰ্ভত পৰিয়াল আদালতে দিয়া নিৰ্দেশক উচ্চ ন্যায়ালয়ে গৃহীত কৰে। দম্পতীহালৰ বিবাহ বিচ্ছেদৰ অনুমোদনৰ লগতে ভৰণ-পোষণৰ বাবে পত্নীৰ আবেদনো নাকচ কৰা হৈছে।...

পত্নীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি স্বামীয়ে আদালতত বিবাহ বিচ্ছেদৰ বাবে আবেদন দাখিল কৰে। তেওঁৰ আবেদন গ্ৰহণ কৰা ....

টোপনিৰ টেবলেট কিমান খালে মৃত্যুৰ কাৰণ হ’ব পাৰে? মৰিবলৈ কিমান সময় লাগে? পত্নীয়ে ইণ্টাৰনেটত চাৰ্চ কৰি স্বামীক কেনেকৈ টোপ...
19/07/2025

টোপনিৰ টেবলেট কিমান খালে মৃত্যুৰ কাৰণ হ’ব পাৰে? মৰিবলৈ কিমান সময় লাগে? পত্নীয়ে ইণ্টাৰনেটত চাৰ্চ কৰি স্বামীক কেনেকৈ টোপনিৰ টেবলেট দিব তাৰ পৰিকল্পনা কৰিছিল। পৰিকল্পনা অনুসৰি দুয়ো একেলগে ৰাতিৰ আহাৰো গ্ৰহণ কৰে। কিন্তু স্বামীয়ে গম পোৱা নাছিল যে তেওঁৰ পত্নীয়ে তেওঁৰ খাদ্যৰ লগত টোপনিৰ টেবলেট মিহলাই দিছিল। খোৱাৰ পাছত দুয়ো শুই পৰে। কিন্তু কেইমুহূৰ্তৰ ভিতৰতে স্বামী অচেতন হৈ পৰে। ইয়াৰ পিছত মহিলাগৰাকীয়ে প্ৰেমিক তথা দেওৰেকক মাতে। স্বামীৰ কেতিয়া মৃত্যু হ’ব বুলি দুয়ো একেলগে ৰৈ থাকে। তেওঁৰ খাদ্যত ১৫টা টোপনিৰ টেবলেট মিহলাই দিয়া হৈছিল। মহিলাগৰাকীয়ে বাৰে বাৰে স্বামীৰ মৃত্যু হৈছে নে নাই পৰীক্ষা কৰি আছিল। কিন্তু তেওঁ অচেতন হৈ পৰি আছিল। …...

পৰিকল্পনা অনুসৰি দুয়ো একেলগে ৰাতিৰ আহাৰো গ্ৰহণ কৰে। কিন্তু স্বামীয়ে গম পোৱা নাছিল যে তেওঁৰ পত্নীয়ে তেওঁৰ খাদ্....

আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ বাবে পাইলটসকল দায়ী বুলি কোৱাৰ লগতে ককপিটত সমস্যাৰ সৃষ্টি হোৱা বুলি প্ৰকাশ কৰা বাতৰিৰ বাবে ফে...
19/07/2025

আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ বাবে পাইলটসকল দায়ী বুলি কোৱাৰ লগতে ককপিটত সমস্যাৰ সৃষ্টি হোৱা বুলি প্ৰকাশ কৰা বাতৰিৰ বাবে ফেডাৰেচন অৱ ইণ্ডিয়ান পাইলটছৰ (Fedaration of Indian Pilots) তীব্ৰ সমালোচনা কৰিছে দ্য ৱাল ষ্ট্ৰীট জাৰ্নেল আৰু ৰয়টাৰক। তেওঁলোকৰ দাবী, ১২ জুনত এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ বাবে কোনো প্ৰমাণ নোহোৱাকৈ পাইলটসকলক জগৰীয়া কৰা হৈছে। পাইলট সংস্থাটোৱে দ্য ৱাল ষ্ট্ৰীট জাৰ্নেল আৰু ৰয়টাৰলৈ আইনী জাননী প্ৰেৰণ কৰি ক্ষমা খুজিবলৈ অনুৰোধ জনাইছে।...

আনহাতে, দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ দুয়োজন পাইলটৰ মাজত হোৱা কথা-বতৰাৰ প্ৰকাশে আহমেদাবাদৰ বিমান দুৰ্ঘটনা ঘটনাটোক এ...

প্ৰায় এমাহ সময় ধৰি কেৰালাৰ তিৰুৱনন্তপুৰম বিমানবন্দৰত (Thiruvananthapuram Airport) ৰখাই থোৱা আছিল ব্ৰিটিছ এফ-৩৫ যুদ্ধ বি...
19/07/2025

প্ৰায় এমাহ সময় ধৰি কেৰালাৰ তিৰুৱনন্তপুৰম বিমানবন্দৰত (Thiruvananthapuram Airport) ৰখাই থোৱা আছিল ব্ৰিটিছ এফ-৩৫ যুদ্ধ বিমান। যান্ত্ৰিক সমস্যাৰ বাবে উৰিব পৰা নাছিল বিমানখন। কিন্তু ইয়াৰ বাবে ব্ৰিটিছ ৰয়েল নেভিয়ে বিমানবন্দৰ কৰ্তৃপক্ষক ধন আদায় দিবলগা হয়। তাৰ পৰিমাণ কিন্তু নগণ্য নহয়। সংবাদ মাধ্যম চিএনবিচি-টিভি ১৮ৰ তথ্য অনুসৰি, ব্ৰিটিছ জেট এয়াৰে বিমানবন্দৰ কৰ্তৃপক্ষক প্ৰতিদিনে ২৬,২৬১ টকাকৈ দিছিল। যোৱা ১৪ জুনৰ পৰা তিৰুৱনন্তপুৰম বিমানবন্দৰত ৰখাই থোৱা ব্ৰিটিছ নৌসেনাৰ এফ-৩৫ যুঁজাৰু বিমানখন ৬ জুলাইত মেৰামতিৰ বাবে বিমানবন্দৰৰ পৰা আঁতৰাই দিয়া হৈছিল। এই ২৩ দিনত ব্ৰিটিছ নৌসেনাই বিমানবন্দৰত ৰখাই থোৱা যুদ্ধ বিমানখন ৰখাৰ ভাড়াৰ বাবে মুঠ ৮.৬ লাখ টকা দিবলগীয়া হৈছিল।...

তাৰ পৰিমাণ কিন্তু নগণ্য নহয়। সংবাদ মাধ্যম চিএনবিচি-টিভি ১৮ৰ তথ্য অনুসৰি, ব্ৰিটিছ জেট এয়াৰে বিমানবন্দৰ কৰ্তৃপক্....

পঞ্জাবৰ স্বৰ্ণ মন্দিৰত (Punjab Golden Temple)  বিস্ফোৰণৰ ভাবুকি দিয়া এজন ছফ্টৱেৰ ইঞ্জিনিয়াৰক গ্ৰেপ্তাৰ। শুকুৰবাৰে তেওঁ...
19/07/2025

পঞ্জাবৰ স্বৰ্ণ মন্দিৰত (Punjab Golden Temple) বিস্ফোৰণৰ ভাবুকি দিয়া এজন ছফ্টৱেৰ ইঞ্জিনিয়াৰক গ্ৰেপ্তাৰ। শুকুৰবাৰে তেওঁক ফৰিদাবাদৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ধৃত ব্যক্তিজনৰ নাম শুভম ডুবে। আৰক্ষীৰ সূত্ৰ অনুসৰি, বিগত কিছুদিনত স্বৰ্ণ মন্দিৰ কৰ্তৃপক্ষলৈ কেইবাটাও ইমেইল প্ৰেৰণ কৰা হৈছে, য’ত স্বৰ্ণ মন্দিৰটো বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দিয়া হৈছে। এই ভাবুকি পোৱাৰ পিছত স্বৰ্ণ মন্দিৰৰ নিৰাপত্তা কটকটীয়া কৰা হয়। অমৃতসৰ আৰক্ষী আয়ুক্ত গুৰপ্ৰীত সিং ভুলাৰে কয় যে এই ভাবুকি ক’ৰ পৰা আহিছে সেই বিষয়ে জানিবলৈ আৰক্ষীৰ চাইবাৰ বিশেষজ্ঞই তদন্ত আৰম্ভ কৰিছে।...

অৱশেষত শুকুৰবাৰে আৰক্ষীয়ে অভিযুক্তক উদ্ধাৰ কৰে। ইয়াৰ পিছত পেছাত ছফ্টৱেৰ ইঞ্জিনিয়াৰ শুভমক ফৰিদাবাদৰ পৰা গ্ৰ....

কালাশনিকোভ ছিৰিজৰ শেহতীয়া অটোমেটিক ৰাইফল AK-203ৰ পিছত এইবাৰ ৰাছিয়াৰ সহায়ত ভাৰতত অত্যাধুনিক কাৰ্বাইন আৰু ছাব মেচিনগান ...
19/07/2025

কালাশনিকোভ ছিৰিজৰ শেহতীয়া অটোমেটিক ৰাইফল AK-203ৰ পিছত এইবাৰ ৰাছিয়াৰ সহায়ত ভাৰতত অত্যাধুনিক কাৰ্বাইন আৰু ছাব মেচিনগান নিৰ্মাণ কৰিবলৈ ওলাইছে। প্ৰাৰম্ভিক আলোচনাত ইতিমধ্যে এই ক্ষেত্ৰত ঐকমত্যত উপনীত হৈছে। ‘দ্য প্ৰিণ্ট’ত প্ৰকাশিত এক প্ৰতিবেদনত দাবী কৰা হৈছে যে ভাৰতীয় সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ প্ৰয়োজনীয়তা পূৰণৰ উপৰি যৌথ উদ্যোগত নিৰ্মিত অস্ত্ৰসমূহ ভাৰতলৈ ৰপ্তানিও কৰা হ’ব। ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়াৰ সৈতে যৌথ উদ্যোগত উত্তৰ প্ৰদেশৰ আমেথিৰ কাৰৱাৰ অৰ্ডানেন্স ফেক্টৰীত ৭.৬২ মিমি এ কে-২০৩ ৰাইফল উৎপাদন প্ৰকল্প উদ্বোধন কৰিছিল। …...

কিন্তু তাৰ আগতেই ইউ পি এৰ যুগত নিৰ্মিত কাৰখানাটোত বিভিন্ন ক্ষুদ্ৰ অস্ত্ৰৰ উৎপাদন আৰম্ভ হৈছিল। পৰম্পৰাগত AK-47ৰ মূল ....

নিশাৰ আকাশত ৰহস্যময় ড্ৰ'ণ (Drone)। যাৰ বাবে উত্তৰ প্ৰদেশৰ মোৰাদাবাদ জিলাৰ চাজলাট গাঁৱৰ বাসিন্দাসকলৰ আতঙ্কত টোপনি হেৰাইছ...
19/07/2025

নিশাৰ আকাশত ৰহস্যময় ড্ৰ'ণ (Drone)। যাৰ বাবে উত্তৰ প্ৰদেশৰ মোৰাদাবাদ জিলাৰ চাজলাট গাঁৱৰ বাসিন্দাসকলৰ আতঙ্কত টোপনি হেৰাইছে। তেওঁলোকৰ আশংকা যে কোনো চোৰৰ দলে তেওঁলোকৰ ঘৰবোৰত চকু ৰাখিবলৈ ড্ৰ'ণ পঠিয়াইছে। তেওঁলোকৰ বিশ্বাস যে অসাৱধানতাৰ যিকোনো মুহূৰ্ততে সকলো হেৰুৱাব পাৰে। সেয়ে নিশা পাল পাতি গাঁওখন পহৰা দিবলৈ কেইজনমান লোকক নিয়োগ কৰা হৈছে। অৱশ্যে কোনে ড্ৰ'ণ প্ৰেৰণ কৰিছে আৰু ইয়াৰ উদ্দেশ্য কি সেয়া এতিয়াও স্পষ্ট হোৱা নাই।...

তেওঁলোকৰ বিশ্বাস যে অসাৱধানতাৰ যিকোনো মুহূৰ্ততে সকলো হেৰুৱাব পাৰে। সেয়ে নিশা পাল পাতি গাঁওখন পহৰা দিবলৈ কেইজন.....

দিল্লীৰ পিছত, বেংগালুৰু (Bomb threat)। শুকুৰবাৰে পুৱাৰে পৰা দুয়োখন চহৰতে তীব্ৰ বোমাতংকৰ সৃষ্টি হয়। উল্লেখযোগ্য যে দুয়ো...
18/07/2025

দিল্লীৰ পিছত, বেংগালুৰু (Bomb threat)। শুকুৰবাৰে পুৱাৰে পৰা দুয়োখন চহৰতে তীব্ৰ বোমাতংকৰ সৃষ্টি হয়। উল্লেখযোগ্য যে দুয়োখন স্থানতে একাধিক বিদ্যালয়লৈ বোমাৰ ভাবুকি দিয়া হৈছে। সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, বেংগালুৰুৰ ৪০ খন ব্যক্তিগত বিদ্যালয়ক ইমেইলযোগে বোমা বিস্ফোৰণৰ ভাবুকি দিয়া হৈছে। জানিব পৰা মতে, শুকুৰবাৰে পুৱা কেংগাৰিৰ ৰাজাৰাজেশ্বৰী নগৰকে ধৰি বিভিন্ন অঞ্চলৰ বিদ্যালয়সমূহত ভাবুকি ইমেইল পাইছে। তেতিয়াৰে পৰাই সমগ্ৰ চহৰখনতে আতংক বিয়পি পৰিছে। এই খবৰ পোৱাৰ পিছত বেংগালুৰু চহৰ আৰক্ষীয়ে বিদ্যালয়সমূহৰ সন্মুখত বৃহৎ আৰক্ষী বাহিনী মোতায়েন কৰিছে। ততাতৈয়াকৈ উক্ত স্থানত উপস্থিত হয় বোমা স্কোৱাডৰ জোৱান। …...

সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, বেংগালুৰুৰ ৪০ খন ব্যক্তিগত বিদ্যালয়ক ইমেইলযোগে বোমা বিস্ফোৰণৰ ভাবুকি দিয়া হৈছে। .....

কেইবছৰমান পূৰ্বে ২০ বছৰীয়া ঋতুপৰ্ণা কে এছ নীট পৰীক্ষাত অৱতীৰ্ণ হৈছিল। কিন্তু পৰীক্ষা কেন্দ্ৰৰ পৰা ওলাই আহি তেওঁৰ চিকিৎস...
18/07/2025

কেইবছৰমান পূৰ্বে ২০ বছৰীয়া ঋতুপৰ্ণা কে এছ নীট পৰীক্ষাত অৱতীৰ্ণ হৈছিল। কিন্তু পৰীক্ষা কেন্দ্ৰৰ পৰা ওলাই আহি তেওঁৰ চিকিৎসক হোৱাৰ সপোন পূৰণ নহ'ব বুলি ভাবিছিল। তাৰ পিছৰ পৰায়ে তেওঁ আন এক সপোনৰ পিছত দৌৰিবলৈ ধৰে। এইবাৰ সেই সপোন পূৰণ হৈছে। মাত্ৰ ২০ বছৰ বয়সতে ঋতুপৰ্ণাই ৰ’লছ ৰয়েচৰ (Rolls Royce) সৰ্বকনিষ্ঠ কৰ্মচাৰী হিচাপে চাকৰি লাভ কৰে। তেওঁ লাভ কৰিব বাৰ্ষিক ৭২.২ লাখ টকা দৰমহা ।ডেকান হেৰাল্ডৰ এক বাতৰি অনুসৰি, আজি তেওঁ বিখ্যাত ব্ৰিটিছ কোম্পানী ৰ’লছ ৰয়েচৰ জেট ইঞ্জিন নিৰ্মাণ ইউনিটত চাকৰি লাভ কৰিছে। তেওঁৰ বাৰ্ষিক দৰমহা ৭২.২ লাখ টকা ।...

মাত্ৰ ২০ বছৰ বয়সতে ঋতুপৰ্ণাই ৰ’লছ ৰয়েচৰ (Rolls Royce) সৰ্বকনিষ্ঠ কৰ্মচাৰী হিচাপে চাকৰি লাভ কৰে। তেওঁ লাভ কৰিব বাৰ্ষিক .....

ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা ভূপেশ বাঘেলৰ পুত্ৰ চৈতন্য বাঘেলক (Chaitanya Baghel) গ্ৰেপ্তাৰ কৰিছে ইড...
18/07/2025

ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা ভূপেশ বাঘেলৰ পুত্ৰ চৈতন্য বাঘেলক (Chaitanya Baghel) গ্ৰেপ্তাৰ কৰিছে ইডিয়ে। আৰ্থিক দুৰ্নীতিৰ অভিযোগত কেন্দ্ৰীয় সংস্থাটোৱে তেওঁৰ ঘৰত তালাচী চলায়। শুকুৰবাৰে পুৱাও অব্যাহত থাকে অনুসন্ধান। ইয়াৰ পিছতে চৈতন্যক গ্ৰেপ্তাৰ কৰা হয়। ভূপেশে অভিযোগ কৰে যে কেন্দ্ৰীয় সংস্থাটোক ৰাজনৈতিক কাৰণত ব্যৱহাৰ কৰা হৈছে। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰিছে।...

ইয়াৰ পিছতে চৈতন্যক গ্ৰেপ্তাৰ কৰা হয়। ভূপেশে অভিযোগ কৰে যে কেন্দ্ৰীয় সংস্থাটোক ৰাজনৈতিক কাৰণত ব্যৱহাৰ কৰা হৈ.....

ইন্দোৰক পুনৰবাৰ দেশৰ আটাইতকৈ পৰিষ্কাৰ চহৰ (Cleanest City) হিচাপে নিৰ্বাচিত কৰা হৈছে। কেন্দ্রীয় চৰকাৰে দেশৰ নগৰৰ পৰিষ্কা...
18/07/2025

ইন্দোৰক পুনৰবাৰ দেশৰ আটাইতকৈ পৰিষ্কাৰ চহৰ (Cleanest City) হিচাপে নিৰ্বাচিত কৰা হৈছে। কেন্দ্রীয় চৰকাৰে দেশৰ নগৰৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ওপৰত বছৰি এক সমীক্ষা কৰে৷ কেন্দ্ৰীয় চৰকাৰৰ ‘স্বচ্ছ সৰ্বেক্ষণ’ত মধ্যপ্ৰদেশৰ ইন্দোৰে অষ্টমবাৰৰ বাবে শীৰ্ষস্থান দখল কৰিছে। দহ লাখ জনসংখ্যাৰ ইন্দোৰ স্বচ্ছতাৰ ক্ষেত্ৰত দেশৰ চহৰসমূহৰ ভিতৰত ‘ছুপাৰ স্বচ্ছ লীগ’ত প্ৰথম স্থান লাভ কৰিছে। দ্বিতীয় স্থানত আছে গুজৰাটৰ চুৰাট। তৃতীয় স্থানত আছে মহাৰাষ্ট্ৰৰ নৱী মুম্বাই।...

দহ লাখ জনসংখ্যাৰ ইন্দোৰ স্বচ্ছতাৰ ক্ষেত্ৰত দেশৰ চহৰসমূহৰ ভিতৰত ‘ছুপাৰ স্বচ্ছ লীগ’ত প্ৰথম স্থান লাভ কৰিছে। দ্বি.....

Address


Alerts

Be the first to know and let us send you an email when Assam Times Post posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Assam Times Post:

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Contact The Business
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share