Sadin

Sadin Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Sadin, Newspaper, .

২৫ জুনৰ ভিতৰত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল…অহা ২৫ জুনৰ ভিতৰত উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ঘোষণা কৰিব কলা, বি...
03/05/2020

২৫ জুনৰ ভিতৰত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল…

অহা ২৫ জুনৰ ভিতৰত উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ঘোষণা কৰিব কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ ফলাফল।

এই কথা সদৰি কৰিছে শিক্ষা সংসদৰ সচিব মনোৰঞ্জন কাকতিয়ে। লকডাউনৰ মাজতে শিক্ষা সংসদে ৯০% উত্তৰ বহী চোৱাৰ কাম সম্পূৰ্ণ কৰিছে। ইতিমধ্যে ৰাজ্যৰ ৬টা জ’নে শিক্ষা সংসদলৈ প্ৰেৰণ কৰিছে উত্তৰ বহী। তদুপৰি ১৪টা জ’নে উত্তৰ বহী চোৱাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ উপৰি আন ২৮টাকৈ জ’নত সম্পূৰ্ণ হৈছে ৯৫% শতাংশ উত্তৰ বহী চোৱাৰ কাম।

কোৰোনা যোদ্ধা সকললৈ কৃতজ্ঞতাঃ দেশৰ কেইবাস্থানতো আকাশমাৰ্গৰ পৰা পুষ্পবৃষ্টি কোৰোনাৰ বিভীষিকাৰ এই সময়ত নিজৰ জীৱনক বাজি লগা...
03/05/2020

কোৰোনা যোদ্ধা সকললৈ কৃতজ্ঞতাঃ দেশৰ কেইবাস্থানতো আকাশমাৰ্গৰ পৰা পুষ্পবৃষ্টি
কোৰোনাৰ বিভীষিকাৰ এই সময়ত নিজৰ জীৱনক বাজি লগাই ৰোগীক চোৱা-চিতা কৰা চিকিৎসক-চিকিৎসা কৰ্মীৰ লগতে এনে জটিল সময়টো নিজৰ কৰ্তব্য সম্পাদন কৰা সকলো লোকক কৃতজ্ঞতা জ্ঞাপন কৰি দেওবাৰে দেশৰ বহুকেইটা স্থানত ভাৰতীয় স্থল, নৌ আৰু বায়ুসেনাৰ বাহিনীৰ হেলিকপ্টাৰেৰে কৰা হৈছে পুষ্পবৃষ্টি। দেওবাৰৰ পুৱাৰে পৰা দেশৰ বিভিন্ন স্থানত কৰা হৈছে এই পুষ্পবৃষ্টি।


সুৰাৰ বিপণী খোলাৰ ক্ষেত্ৰত কি নিৰ্দেশ দিলে আবকাৰী বিভাগে…অসমত ২ মে’ৰ পৰা খুলিব সুৰাৰ বিপণী। এই সন্দৰ্ভত ইতিমধ্যে আবকাৰী ...
02/05/2020

সুৰাৰ বিপণী খোলাৰ ক্ষেত্ৰত কি নিৰ্দেশ দিলে আবকাৰী বিভাগে…

অসমত ২ মে’ৰ পৰা খুলিব সুৰাৰ বিপণী। এই সন্দৰ্ভত ইতিমধ্যে আবকাৰী বিভাগে জাৰি কৰিছে নিৰ্দেশনা। গ্ৰীণ জ’নসমূহত থকা সুৰাৰ বিপণী খুলিব পাৰিব।

সুৰাৰ বিপণীসমূহ কেতিয়া খুলিব পাৰিব উপায়ুক্তই সময় নিৰ্ধাৰণ কৰি দিব।

ৰেড আৰু অৰেঞ্জ জ’নসমূহ বন্ধ থাকিব সুৰাৰ বিপণী।


লকডাউনৰ সময়ত অসমত কি কি কৰিব পাৰিব… .অসমৰ অৰেঞ্জ আৰু গ্ৰীণ জ’ন সমূহত লকডাউনৰ সময়ত কি কি বাধা থাকিব সেই সন্দৰ্ভত ৰাজ্য চৰ...
02/05/2020

লকডাউনৰ সময়ত অসমত কি কি কৰিব পাৰিব… .
অসমৰ অৰেঞ্জ আৰু গ্ৰীণ জ’ন সমূহত লকডাউনৰ সময়ত কি কি বাধা থাকিব সেই সন্দৰ্ভত ৰাজ্য চৰকাৰে নীতি-নিৰ্দেশনা জাৰি কৰিব। কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা নিৰ্দেশনাৰ আধাৰত পূৰ্বতকৈ অসমত লকডাউনৰ নীতি-নিয়ম যথেষ্ট শিথিল কৰি দিয়াৰ সম্ভাৱনা আছে। স্কুল-কলেজ, শৈক্ষিক প্ৰতিষ্ঠান সমূহ এই সময়চোৱাত সকলো জ’নতে বন্ধ ৰাখিব লাগিব। চিনেমা হল, ৰেষ্টুৰেন্ট-হোটেল আদিও বন্ধ ৰখা হ’ব এই সময়চোৱাত। অৱশ্যে গ্ৰীণ জ’নসমূহত চাইকেল, অট’, টেক্সী আদি চলাচলত পূৰ্বতে থকা বাধা আঁতৰ হ’ব।

এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে জাৰি কৰা নীতি-নিৰ্দেশনাতহে সকলো কথা স্পষ্ট হ’ব। চৰকাৰী কাৰ্যালয়ৰ দৰে বেচৰকাৰী কাৰ্যালয়সমূহতো পুনৰ কাম-কাজ আৰম্ভ হ’ব এই লকডাউনৰ সময়চোৱাত। কৃষি কৰ্মৰ, সাধাৰণ লোকৰ চলন-ফুৰনৰ ক্ষেত্ৰতো গ্ৰীণ জ’ন সমূহত বিশেষ বাধ্য-বাধকতা থাকিব নালাগে। ৪ মে’ৰ পৰা ১৭ মে’লৈ বৃদ্ধি কৰা এই লকডাউনৰ সময়চোৱাত কোনো ৰাজহুৱা সভা, সাংস্কৃতিক অনুষ্ঠান, ধৰ্মীয় সভা আদি অনুষ্ঠিত কৰিব নোৱাৰিব। সন্ধিয়া ৭ বজাৰ পৰা পুৱা ৭ বজালৈকে কোনো লোক ঘৰৰ বাহিৰলৈ ওলাব নোৱাৰিব।

জিলাসমূহত এই সময়চোৱাত ১৪৪ধাৰা জাৰি কৰিব জিলা প্ৰশাসনে। ৬৫ বছৰ উৰ্ধৰ লোকসকল বাহিৰ ওলাব নোৱাৰিব লকডাউনৰ সময়ত। কি কি কৰিব পাৰিব বা কি কি কৰিব নোৱাৰিব সেই সন্দৰ্ভত ৰাজ্য প্রশাসনে জাৰি কৰা নীতি-নিৰ্দেশনাতহে স্পষ্ট হ’ব।



ৰামায়ণে ভংগ কৰিলে সকলো ৰেকৰ্ড:গঢ়িলে বিশ্বৰ সবাতোতকৈ অধিক দৰ্শকে চোৱাৰ অভিলেখলকডাউনৰ সময়ছোৱাত  সকলো দৰ্শকক মনোৰঞ্জন দি...
01/05/2020

ৰামায়ণে ভংগ কৰিলে সকলো ৰেকৰ্ড:গঢ়িলে বিশ্বৰ সবাতোতকৈ অধিক দৰ্শকে চোৱাৰ অভিলেখ
লকডাউনৰ সময়ছোৱাত সকলো দৰ্শকক মনোৰঞ্জন দিবৰ বাবে দূৰদৰ্শনত পুনৰ প্ৰচাৰিত কৰা হৈছিল ৰামায়ণ।ৰামানন্দ সাগৰৰ জনপ্ৰিয় ধাৰাবাহিক খনে পুনৰবাৰ দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে।লকডাউনৰ বাবে ধাৰাবাহিকখন পুন: সম্প্ৰচাৰত প্ৰায় ৭.৭ কোটি দৰ্শকে উপভোগ কৰি বিশ্বৰ ভিতৰতে বেছি দৰ্শকে উপভোগ কৰা ধাৰাবাহিক হিচাপে অভিলেখ ৰচিছে।এই কথা দূৰদৰ্শন কেন্দ্ৰ ই টুইটাৰ যোগে প্ৰকাশ কৰিছে ।

আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস উপলক্ষে ৰাজ্যৰ সকলো শ্ৰমিকলৈ আন্তৰিক শুভকামনা।
01/05/2020

আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস উপলক্ষে ৰাজ্যৰ সকলো শ্ৰমিকলৈ আন্তৰিক শুভকামনা।

৪মে’ৰ পৰা কেবাখনো জিলাত শিথিল হ’ব লকডাউন, বিভিন্ন ক্ষেত্ৰক দিয়া হ’ব ৰেহাই… .৪ মে’ৰ পৰা শিথিল হ’ব লকডাউন। কেবাখনো জিলাত ৪...
30/04/2020

৪মে’ৰ পৰা কেবাখনো জিলাত শিথিল হ’ব লকডাউন, বিভিন্ন ক্ষেত্ৰক দিয়া হ’ব ৰেহাই… .
৪ মে’ৰ পৰা শিথিল হ’ব লকডাউন। কেবাখনো জিলাত ৪ মে’ৰ পৰা বিভিন্ন ক্ষেত্ৰত ৰেহাই দিয়াৰ বাবে কেন্দ্ৰই গ্ৰহণ কৰিছে সিদ্ধান্ত। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ মুখপাত্ৰই এটা টুইটযোগে এই কথা সদৰি কৰিছে। লগতে আগন্তুক দিনত এই সম্পৰ্কে সৱিশেষ খবৰ সদৰি কৰিব বুলিও কেন্দ্ৰই সদৰি কৰিছে। ইফালে লকডাউন বৃদ্ধি হোৱাটো এক প্ৰকাৰৰ নিশ্চিত বুলিও প্ৰকাশ পাইছে টুইটত। উল্লেখ্য যে, বুধবাৰে দেশত অব্যাহত থকা কোৰোনাৰ সংক্ৰমণ সম্পৰ্কে এক পৰ্যালোচনা বৈঠকত বহে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়। লগতে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ মুখপাত্ৰৰ টুইটত উল্লেখ কৰা অনুসৰি লকডাউনৰ সময়ত কোৰোনাৰ সামগ্ৰিক পৰিৱেশ পূৰ্বৰ তুলনাত উন্নত হৈছে।



বিশিষ্ট অভিনেতা ৠষি কাপুৰ আৰু নাই, অমিতাভ বচ্চনে সদৰি কৰিলে এই খবৰ…অভিনেতা ৠষি কাপুৰ আৰু নাই।বিশিষ্ট অভিনেতা অমিতাভ বচ্চ...
30/04/2020

বিশিষ্ট অভিনেতা ৠষি কাপুৰ আৰু নাই, অমিতাভ বচ্চনে সদৰি কৰিলে এই খবৰ…

অভিনেতা ৠষি কাপুৰ আৰু নাই।

বিশিষ্ট অভিনেতা অমিতাভ বচ্চনে এই কথা সদৰি কৰিছে। মুম্বাইৰ এইচ ডি ৰিলায়েন্স ফাউণ্ডেচন হস্পিতালত নিশা তেওঁক ভৰ্তি কৰা হৈছিল।

অমিতাভ বচ্চনে টুইটাৰযোগে তেওঁৰ মৃত্যুৰ কথা সদৰি কৰিছে। উল্লেখ্য যে, কেন্সাৰত আক্ৰান্ত অভিনেতাজন বিগত বৰ্ষৰ ছেপ্টেম্বৰত আমেৰিকাত চিকিৎসা কৰি উভতিছিল দেশলৈ।


মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৭ টা ডাঙৰ ঘোষণা...১. আগন্তুক সময়ত বাজেটত ধাৰ্য কৰা পুজিঁ প্ৰথম পৰ্যায়ত মুকলি কৰা হ’ব ১০ শতাং...
29/04/2020

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৭ টা ডাঙৰ ঘোষণা...

১. আগন্তুক সময়ত বাজেটত ধাৰ্য কৰা পুজিঁ প্ৰথম পৰ্যায়ত মুকলি কৰা হ’ব ১০ শতাংশ। পূৰ্বে এই ধনৰ পৰিমাণ আছিল ২৫ শতাংশ।

২. প্ৰত্যক্ষ অনুমোদন অবিহনে কোনো বিভাগে বাহন ক্ৰয় কৰাৰ ক্ষেত্ৰতো বাধা আৰোপ কৰা হৈছে। লগতে ৰাজ্য চৰকাৰে বিত্ত বিভাগৰ অনুমতি নোহোৱাকৈ কোনো আচনি ৰূপায়ন কৰা নহব।

৩.আগন্তুক সময়ত পৰিৱেশ সুস্থিৰ নোহোৱালৈকে অসম চৰকাৰে কোনো ধৰণৰ চেমিনাৰ বা অনুষ্ঠান আয়োজন নকৰে পঞ্চতাৰকা হোটেলত।

৪. কাৰ্যালয়ৰ কামত বহিঃৰাজ্য বা বিদেশলৈ গৈ কোনো বিষয়া-কৰ্মচাৰীয়ে পঞ্চতাৰকা হোটেলৰ পৰিৱৰ্তে সাধাৰণ হোটেলতে থাকিব লাগিব।
৫. ৰাজ্য চৰকাৰৰ কোনো বিষয়াই বৈদেশিক ভ্ৰমণত যাব নোৱাৰিব। ৰাজহুৱা স্বাৰ্থজনিত হলে বিবেচনা কৰা হব।

৬. সকলো পৰিষদ- নিগম নিকায় বৰ্ডৰ চেয়াৰমেন, ভাইচ চেয়াৰমেনৰ দৰমহা ২৫ শতাংশ কৰ্তন।

৭. আগন্তুক ৪ মাহৰ বাবে বিধায়কৰ পুঁজি আৱন্টন দিয়া নহ’ব।

কোভিড-১৯ক লৈ অসমত গাঁৱে গাঁৱে কৰা হ’ব স্বাস্থ্য পৰীক্ষা…কোভিড-১৯ ক লৈ অসমত গাঁৱে গাঁৱে স্ক্ৰীনিং কৰা হ’ব, ২৩ হাজাৰ ৰাজহ ...
29/04/2020

কোভিড-১৯ক লৈ অসমত গাঁৱে গাঁৱে কৰা হ’ব স্বাস্থ্য পৰীক্ষা…

কোভিড-১৯ ক লৈ অসমত গাঁৱে গাঁৱে স্ক্ৰীনিং কৰা হ’ব, ২৩ হাজাৰ ৰাজহ গাঁৱলৈ প্ৰেৰণ কৰা হ’ব চিকিত্সকৰ দল।

যোৱা মঙলবাৰে উপায়ুক্ত আৰু বিভিন্ন চিকিত্সা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৈঠকত এই সিদ্ধান্ত লোৱা লয়।

ভিডিঅ’ কনফাৰেন্সযোগে এই বৈঠক অনুষ্ঠিত হৈছিল।

স্বাস্থ্যমন্ত্ৰীয়গৰাকীয়ে বৈঠকৰ অন্তত ৰাজহুৱা কৰে যে, চিকিত্সকৰ দলে স্ক্ৰীনিং কৰিব Covid-19ৰ লক্ষণ।

গাঁৱে গাঁৱে স্ক্ৰীনিং সন্দৰ্ভত ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়াৰ কথা ছ’চিয়েল মিডিয়াৰ যোগে অৱগত কৰে স্বাস্থ্যমন্ত্ৰীয়ে। এই বৈঠকত অংশ লৈছিল মন্ত্ৰী পিয়ুষ হাজৰিকাইও।



২৯ অৰ্থনীতিবিদৰ পৰা পৰামৰ্শ ল’লে মুখ্যমন্ত্ৰীয়ে…ৰাজ্যৰ বিশিষ্ট অৰ্থনীতিবিদৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বৈঠক। ৰাইজে...
28/04/2020

২৯ অৰ্থনীতিবিদৰ পৰা পৰামৰ্শ ল’লে মুখ্যমন্ত্ৰীয়ে…
ৰাজ্যৰ বিশিষ্ট অৰ্থনীতিবিদৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বৈঠক। ৰাইজে বিগত কেইদিনত সন্মুখীন হোৱা অৰ্থনৈতিক সমস্যাক লৈ অৰ্থনীতিবিদৰে আলোচনাত মিলিত হ’ল মুখ্যমন্ত্ৰী। ২৯গৰাকী অৰ্থনীতিবিদে পৰামৰ্শ আগবঢ়াইছে ৰাজ্য চৰকাৰক৷ ৩ ঘন্টাধৰি হোৱা আলোচনাত অৰ্থনীতিবিদ সকলে বিভিন্ন পৰামৰ্শ আগবঢ়ায়। কৃষি, উদ্যোগ, বেংক, বজাৰ ইত্যাদি বিষয়ৰ হ্ৰস্ব আৰু দীৰ্ঘম্যাদী আঁচনি লোৱাৰ পৰামৰ্শ অৰ্থনীতিবিদসকলে মুখ্যমন্ত্ৰীক দিয়ে। তেওঁলোকৰ পৰামৰ্শৰ দ্বাৰা যাতে অসম স্বাৱলম্বী হ’ব পাৰে সেই বিষয়ত ৰাজ্য চৰকাৰে প্ৰশংসা ল’ব বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে। সামাজিক দুৰত্ব বৰ্তাই ৰাখি অৰ্থনৈতিক কাম কাজ আৰম্ভ কৰাৰ পৰামৰ্শ দিয়ে অৰ্থনীতিবিদসকলে। টাস্ক ফ’ৰ্চ গঠন কৰাৰ লগতে ১০০ দিনীয়া কৰ্মসূচী লোৱাৰ দিছে পৰামৰ্শ অৰ্থনীতিবিদসকলে দিছে৷ কৃষক, শ্ৰমিক, শিপিনী, যুৱক-যুৱতীসকলক সংস্থাপিত কৰাৰ বাবে কেনে পদক্ষেপ চৰকাৰে ল’ব পাৰে সেই সম্পৰ্কেও পৰামৰ্শ দিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি উৎপাদন শক্তি বঢ়াই স্বাৱলম্বী হৈ অৰ্থনৈতিক বুনিয়াদ শক্তিশালী ৰূপত গঢ়ি তুলিবলৈ অৰ্থনীতিবিদসকলে পৰামৰ্শ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় – মোৰ দৃঢ় বিশ্বাস আমি অৰ্থনৈতিক দিশটো পুনৰ টনকিয়াল কৰিব পাৰিম৷

ইফালে সাংবাদিকে সোধা প্ৰশ্নত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- যিবোৰ ছেক্টৰত ব্যয় কৰিব লাগে তাত প্ৰায়’ৰিটী ভিত্তিত ব্যয়ৰ পৰামৰ্শ দিছে৷ বাণিজ্য আৰম্ভ কৰাৰ পৰামৰ্শ দিছে৷ মানুহৰ হাতলৈ পইচা আহিব লাগিব। এই ক্ষেত্ৰত বিভিন্ন ক্ষেত্ৰত কাম কৰাৰ বাবে সুযোগ পাব লাগিব। মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে এই সময়ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু চন্দ্ৰমোহন পাটোৱাৰী।

দেশৰ অৰ্থ ব্যৱস্থাক লৈ চিন্তা কৰিব নালাগে, এতিয়াও সুস্থিৰ আৰ্থিক স্থিতিঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকোভিড-১৯ ক লৈ দেশৰ ব...
27/04/2020

দেশৰ অৰ্থ ব্যৱস্থাক লৈ চিন্তা কৰিব নালাগে, এতিয়াও সুস্থিৰ আৰ্থিক স্থিতিঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

কোভিড-১৯ ক লৈ দেশৰ বিভিন্ন ৰাজ্যৰ শেহতীয়া পৰিস্থিতি আৰু লকডাউনৰ বাবে যাৱতীয় ব্যৱস্থাগ্ৰহণৰ সন্দৰ্ভত সোমবাৰে ৯ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ কনফাৰেন্সিং যোগে অনুষ্ঠিত হয় এখনি আলোচনা চক্ৰ। এই আলোচনাতে প্ৰধানমন্ত্ৰীয়ে ইংগিত প্ৰদান কৰে যে, ৩ মে’ৰ পাছতো দেশত লকডাউন অব্যাহত থাকিব পাৰে। তাৰ বাবে নিজাববীয়াকৈ সকলোৱে নীতি তৈয়াৰ কৰক।’
আলোচনাত ভাগ লোৱা ৯খন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ ভিতৰত ৫জনে আৰ্থিক স্থিতিক পুনৰ স্বাভাৱিক কৰি তোলাৰ স্বাৰ্থত লকডাউন খোলাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়। আনহাতে বাকীকেইজন মুখ্যমন্ত্ৰীয়ে কোৰোনাৰ সংক্ৰমণ যাতে আৰু ভয়াৱহ হ’ব নোৱাৰে তাৰ বাবে লকডাউন বৃদ্ধি কৰা উচিত বুলি মন্তব্য দাঙি ধৰে। মুখ্যমন্ত্ৰীসকলৰ মতামত শুনাৰ পাচত প্ৰধানমন্ত্ৰীয়ে কয়, দেশৰ অৰ্থ ব্যৱস্থাক লৈ চিন্তা কৰাৰ প্ৰয়োজন নাই। দেশৰ আৰ্থিক স্থিতি এতিয়াও সুস্থিৰ অৱস্থাতে আছে।’ এক সূত্ৰ উধৃতি দি ৰাষ্ট্ৰীয় সংবাদ মাধ্যম এনডিটিভিত প্ৰকাশ কৰা হৈছে এই খবৰ।

Address


Alerts

Be the first to know and let us send you an email when Sadin posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Sadin:

  • Want your business to be the top-listed Media Company?

Share