Mindhar Barman YouTube

  • Home
  • Mindhar Barman YouTube

Mindhar Barman YouTube ॐ नमो भगवते वासुदेवाय नम:
11:11
📍Assam
I like to explore new places.
(1)

মই ভাগৰা নাইজীৱন হেৰুওৱা নাই ।
07/11/2025

মই ভাগৰা নাই
জীৱন হেৰুওৱা নাই ।

I want this guy in the Indian Army 🇮🇳
02/11/2025

I want this guy in the Indian Army 🇮🇳

আজিও যে নুবুজোঁ একোকে 🥹
28/10/2025

আজিও যে নুবুজোঁ একোকে 🥹

এতিয়া বহু দূৰত তুমিসাগৰক ভাল পোৱা যে..সাগৰকে আঁকোৱালি ল’লা ...একো নাই তোমাৰ স্মৃতিবোৰ লৈ জীয়াই থাকিম ।মন গ’লে তোমাৰ ওচৰল...
26/10/2025

এতিয়া বহু দূৰত তুমি
সাগৰক ভাল পোৱা যে..
সাগৰকে আঁকোৱালি ল’লা ...
একো নাই তোমাৰ স্মৃতিবোৰ লৈ জীয়াই থাকিম ।

মন গ’লে তোমাৰ ওচৰলৈ যাব নোৱাৰিম
এই পৃথিৱীখনৰ মানুহবিলাক বৰ জটিল জানা..
মই জনাত তুমিতো জটিল নাছিলা !

©️মিনধৰ

সকলোতে মাথো তুমি 🥲🙏সৰু ল'ৰা এজনৰ হাতৰ পৰশত জুবিন দা । চেষ্টা কৰিছে সি ।
22/10/2025

সকলোতে মাথো তুমি 🥲🙏
সৰু ল'ৰা এজনৰ হাতৰ পৰশত জুবিন দা । চেষ্টা কৰিছে সি ।

আজিও একো লিখিব মন যোৱা নাই । ভগৱানক ক’বলগীয়া খিনি কৈছো । যোৱা মাহটোত কেতিয়া খাইছো, কেতিয়া শুইছো তাৰ কোনো ঠিকনা নাই । আনৰ...
19/10/2025

আজিও একো লিখিব মন যোৱা নাই । ভগৱানক ক’বলগীয়া খিনি কৈছো । যোৱা মাহটোত কেতিয়া খাইছো, কেতিয়া শুইছো তাৰ কোনো ঠিকনা নাই । আনৰ ঘৰত দুই এসাঁজ খাবলৈ পালে খুবেই ভাল পাওঁ । কাৰণ ৰুমত গৈ নিজে ৰন্ধা নহয় । এই সময়খিনি এনেকুৱা হৈছে যে, কাৰো কথা শুনিব মন নাযায় । মোৰ মৃত্যুৰ সময়লৈকে তেওঁ গোৱা আটাইবোৰ গীত শুনি শেষ কৰিব যে নোৱাৰিম এইটো সত্য । আগৰপৰাই এটা অভ্যাস আছে যে ভাল কথা সম্বলিত গীত সমূহ শুনো । যিমান ট্রেণ্ডিং গান নহওঁক মোৰ শুনিবলৈ মন নাযায়, যদি গীতৰ কথা ভাল নহয় । তেওঁ লিখা গানসমূহ এতিয়া বাৰে বাৰে শুনো আৰু বুজিব চেষ্টা কৰোঁ, যেনেকৈ ভূপেনদাৰ গীতসমূহ শুনো আৰু বুজিব চেষ্টা কৰোঁ ।

আজি তেওঁ নোহোৱা হোৱা ত্ৰিশ টা দিন সম্পূৰ্ণ হ’ল । কিছুমান প্ৰশ্নই মনত সদায় খুন্দিয়াই থাকে ।

📌চিংগাপুৰ যোৱা আগত তেওঁ কৈছিল নেকি - এহ মোৰ যাবলৈ মন নাই । যদি সঁচাকৈয়ে মন নাছিল, কিয় তেওঁক জোৰ কৰি নিয়া হৈছিল ?
📌১৯ চেপ্তেম্বৰৰ ৰাতিপুৱা কেইবজাত য়ট যাত্ৰা আৰম্ভ হৈছিল ?
📌তেওঁৰ শুই থাকিব মন গৈছিল নেকি হোটেলত ?
📌জোৰ জবৰদস্তি বিছনাৰ পৰা উঠাই লৈ যোৱা হৈছিল নেকি ?
📌সাঁতোৰাৰ সময়ত সহায়ৰ বাবে তেওঁ মাতিছিল নেকি আৰু নুশুনাৰ ভাও জুৰিছিল নেকি কোনোবাই ?
📌কেইবজাত উদ্ধাৰ কৰিছিল তেওঁৰ মৃতদেহ ?
📌কিমান সময় পানীত আছিল ?
📌কেই ঘণ্টা চিকিৎসা দিছিল ?
📌দুৰ্ঘটনাৰ সময়ত ডাক্তৰক কোৱা হৈছিল নে যে এওঁ এজন অসমৰ বিশেষ ব্যক্তি । নে সাধাৰণ মানুহৰ দৰে ব্যৱহাৰ কৰা হৈছিল ?

“সময়ে কাকো নেৰে” । প্ৰতিজন অসমীয়াৰ হৃদয়ত থকা ‘জুবিন’ নামৰ মহান আত্মাটোক যেনেকৈ আমাৰ বুকুৰ মাজৰ পৰা কাঢ়ি লৈ যোৱা হ’ল, ঠিক তেনেদৰে সময়ে আপোনালোকক ও উচিত মূল্য দিব ।

Address

Guwahati

781014

Website

Alerts

Be the first to know and let us send you an email when Mindhar Barman YouTube posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

  • Want your business to be the top-listed Media Company?

Share