15/05/2026
এইবাৰৰ Cannes Film Festival-ত Aimee Baruah-ক দেখি সঁচাকৈয়ে গৌৰৱ অনুভৱ কৰিলোঁ। বিশেষকৈ তেওঁৰ সাজ-পোছাকখিনিয়ে মন একেবাৰে জয় কৰি লৈছে। আজিকালি বহুতে আন্তঃৰাষ্ট্ৰীয় মঞ্চত নিজকে আধুনিকতাৰ নামত সম্পূৰ্ণ পশ্চিমীয়া ৰূপত উপস্থাপন কৰে, কিন্তু আইমী বৰুৱাই নিজৰ মাটিৰ গোন্ধ, নিজৰ সংস্কৃতি আৰু নিজৰ পৰিচয়ক লগত লৈ বিশ্বদৰবাৰত উপস্থিত হোৱা কথাটোৱেই আটাইতকৈ বিশেষ লাগিল। ❤️
তেওঁ পিন্ধা অসমৰ কাৰ্বি সম্প্ৰদায়ৰ পৰম্পৰাগত সাজযোৰ কেৱল এটা পোছাক নহয়, সেইয়া আছিল অসমৰ সংস্কৃতি, ঐতিহ্য আৰু স্বাভিমানৰ এক সুন্দৰ প্ৰতিফলন। কাপোৰযোৰৰ ৰং, অলংকাৰ —সকলোবোৰত এক অসাধাৰণ সৌন্দৰ্য্য আছিল। ইমান ডাঙৰ এখন আন্তঃৰাষ্ট্ৰীয় ফেষ্টিভেলত নিজৰ শিপাক এনেদৰে গৌৰৱৰে উপস্থাপন কৰাটো সঁচাকৈয়ে প্ৰশংসনীয়।
আৰু বিশেষকৈ “অসম” লিখা বেগটো দেখি মনটো বেছি ভাল লাগি গ’ল। সৰু যেন লাগিলেও এনে বস্তুবোৰে বহুত ডাঙৰ বাৰ্তা বহন কৰে। সেইটো যেন কেৱল এটা বেগ নাছিল, বৰঞ্চ সমগ্ৰ অসমৰ পৰিচয় বিশ্বৰ আগত গৌৰৱৰে তুলি ধৰা এক অনুভৱ আছিল।
এনে মুহূৰ্তবোৰ দেখি বুজা যায়—নিজৰ সংস্কৃতি, নিজৰ ভাষা, নিজৰ পৰম্পৰাৰ সৌন্দৰ্য্য কেতিয়াও কম নহয়। বিশ্বৰ যিকোনো মঞ্চত যদি আত্মবিশ্বাসেৰে নিজৰ পৰিচয় লৈ আগবাঢ়ি যোৱা যায়, তেন্তে সেইটোৱেই আটাইতকৈ ডাঙৰ সৌন্দৰ্য্য।
সঁচাকৈয়ে, এইবাৰ Aimee Baruah-এ কেৱল নিজকে নহয়, সমগ্ৰ অসমকেই গৌৰৱান্বিত কৰিলে। তেওঁৰ সাজ-পোছাকে সকলোৰে মন একেবাৰে জয় কৰি লৈছে। আজিকালি বহুতে আন্তঃৰাষ্ট্ৰীয় মঞ্চত নিজকে আধুনিকতাৰ নামত সম্পূৰ্ণ পশ্চিমীয়া ৰূপত উপস্থাপন কৰে, কিন্তু আইমী বৰুৱাই নিজৰ মাটিৰ গোন্ধ, নিজৰ সংস্কৃতি আৰু নিজৰ পৰিচয়ক লগত লৈ বিশ্বদৰবাৰত উপস্থিত হোৱা কথাটোৱেই আটাইতকৈ বিশেষ লাগিল। ❤️
তেওঁ পিন্ধা অসমৰ কাৰ্বি সম্প্ৰদায়ৰ পৰম্পৰাগত সাজযোৰ কেৱল এটা পোছাক নাছিল, সেইয়া আছিল অসমৰ সংস্কৃতি, ঐতিহ্য আৰু স্বাভিমানৰ এক সুন্দৰ প্ৰতিফলন। কাপোৰযোৰৰ ৰং, অলংকাৰ, —সকলোবোৰত এক অসাধাৰণ সৌন্দৰ্য্য আছিল। ইমান ডাঙৰ এখন আন্তঃৰাষ্ট্ৰীয় ফেষ্টিভেলত নিজৰ শিপাক এনেদৰে গৌৰৱৰে উপস্থাপন কৰাটো সঁচাকৈয়ে প্ৰশংসনীয়।
আৰু বিশেষকৈ “অসম” লিখা বেগটো দেখি মনটো বেছি ভাল লাগি গ’ল। সৰু যেন লাগিলেও এনে বস্তুবোৰে বহুত ডাঙৰ বাৰ্তা বহন কৰে। সেইটো যেন কেৱল এটা বেগ নাছিল, বৰঞ্চ সমগ্ৰ অসমৰ পৰিচয় বিশ্বৰ আগত গৌৰৱৰে তুলি ধৰা এক অনুভৱ আছিল।
এনে মুহূৰ্তবোৰ দেখি বুজা যায়—নিজৰ সংস্কৃতি, নিজৰ ভাষা, নিজৰ পৰম্পৰাৰ সৌন্দৰ্য্য কেতিয়াও কম নহয়। বিশ্বৰ যিকোনো মঞ্চত যদি আত্মবিশ্বাসেৰে নিজৰ পৰিচয় লৈ আগবাঢ়ি যোৱা যায়, তেন্তে সেইটোৱেই আটাইতকৈ ডাঙৰ সৌন্দৰ্য্য।
সঁচাকৈয়ে, এইবাৰ Aimee Baruah য়ে কেৱল নিজকে নহয়, সমগ্ৰ অসমকেই গৌৰৱান্বিত কৰিলে। Aimee Baruah so proud of you ❤️👌