04/09/2025
এখন গেলামালৰ দোকানত বাটাৰ আৰু কণী কিনিবলৈ গৈছো ৷ কাষতে এজন মানুহ সৰু ল’ৰা এটা লৈ দোকানলৈ আহিল। মানুহজন চাগে শ্ৰমিক বা ৰিক্সা চালক। মানুহ জনৰ কষ্ট কৰি কৰি স্বাস্থ্যৰ অবস্থা একেবাৰে বেয়া ডিঙিৰ হাড় ওলাই গৈছে। অভাৱ অনাটনে তেওঁক জৰাজীৰ্ণ কৰি পেলাইছে।তেওঁৰ লৰাটোৰো একেই অৱস্থা। মানুহজনে দোকানত ২৫০ গ্ৰাম তেল আৰু নিমখ কিনিবলৈ আহিছে। বাচ্চাটোৱে ৰ' লাগি chocolate ৰ টেমা টোলৈকে চাই আছে। বেচেৰাই খুজিবলৈ সাহস কৰা নাই। দেউতাকে সেইটো বুজি পাইছে।
কিন্তু দৰিদ্ৰতাই কেতিয়াবা চকুত নিৰ্লজ্জ টিনৰ চশমা পিন্ধাই দিয়ে। সেই তথাকথিত "চচমা"ৰ আঁৰত পুতেকৰ মায়াভৰা মুখখন দেখি দেউতাকে মৰম ভৰা মাতেৰে ক'লে, " কিবা লবি?"
ল’ৰাটোৱে লাজুক ভাৱে কথা নোকোৱাকৈ আঙুলি তুলি দেখালে। দেউতাকে হাঁহি চকলেটৰ বয়ামটো খুলি এটা চকলেট এটা উলিয়াই ল'ৰাটোক বৰ মৰমেৰে ক'লে, "তিনিৰ ঘৰৰ নেওঁতাটো কোৱা চোন।"
এইবুলি কৈ মানুহজনে চকু দুটা সৰু কৰি সকলোৰে ফালে এবাৰ চকু ফুৰালে। তেওঁৰ সেই চাৱনিত এক প্ৰকাৰৰ চেপা উত্তেজনা। যদি নোৱাৰে? সকলোৱে দেখোন চাই আছে!
কণীৰ টোপোলাটো হাতত লৈ মইও চাই আছো ল’ৰাটোৰ ফালে।
দোকানীজনেও সংকীৰ্ণ চকুৰে তালৈ চাই আছে। এই সৰু ল'ৰা! নাকৰ পৰা টোপাল টোপালকৈ পানী বৈ আছে, সি ক’ব তিনিৰ ঘৰৰ নেওঁতা! এই কংকালৰ দৰে ল'ৰাটোৱে তিনি তিনিয়ে কিমান হয় সেইটোৱেই কিজানি নাজানে!
লৰাৰ হাতত চকলেট । সি চকলেট টো ইহাত সিহাত কৰিছে। দেউতাকে তাৰ ফালে এক দৃষ্টিত চাই আছে। দেউতাকৰ চকুলৈ এবাৰ চাই সি স্পৰ্টছ কাৰৰ বেগেৰে ক’বলৈ ধৰিলে,
"তিনি একগুণ তিনি, তিনি দুগুন ছয়, তিনি তিনি গুণ ন, তিনি চাৰি গুণ বাৰ...."
একদম সুৰ লগাই গানৰ ছন্দত মূৰ লৰাই লৰাই সি কৈ গৈছে। দেউতাকৰ চকুত যেন নেওঁতাৰ পৃষ্ঠাটো আবদ্ধ হৈ আছে, সি মাথোঁ চাই আছে আৰু পঢ়ি আছে।
নেওঁতা শেষ হ’ল ত্ৰিশ চল্লিশ চেকেণ্ডত। শেষ কৰি সি চকলেট টো মুখত দিলে। হাঁহি মুখেৰে দেউতাকক ক'লে, "দেউতা, চাৰিৰ ঘৰৰটোও পৰো। ক'ম??"
মানুহজনে কাম কৰি চাগে প্ৰতিদিনে পৰ্যাপ্ত টকা নাপায়। পাঁচ টকা বেছি ৰিক্সা ভাড়া খুজিলে কিমান #গালি খায়, কোনোবাই কিজানি মাৰেও।
সেই গাল ভঙা কুঁজা হৈ যোৱা মানুহজনে প্ৰতিদিনেই হাৰে। সমাজৰ আগত, সংসাৰৰ আগত, পিতৃত্বৰ আগত।
আজি তেওঁ হাৰা নাই। আজি তেওঁৰ বৰ আনন্দ। সকলোৰে সন্মুখত ল'ৰাই তেওঁৰ মুখ উজ্জ্বল কৰিছে। এইবাৰ তেওঁ চকু সৰুকৈ নহয়, পূর্ণ দৃষ্টিত আমাৰ সকলোলৈ চালে। তেওঁৰ চকুত গর্বৰ চকুলো, আনন্দৰ চকুলো।
এইবোৰ মানুহ কেৱল পৰাজিত হয়, আমাৰ দৃষ্টিত, আচলতে তেওঁলোক পৰাজিত নহয়। তেওঁলোক আচলতে বহুত ডাঙৰ যোদ্ধা। আমাতকৈ বহুত বেছি সাহসী। আমি যুদ্ধৰ আগতে বিভিন্ন পৰিকল্পনা কৰোঁ, কিমান কৌশল, কাক তললৈ নমাই আনিম কাক ভৰিৰে গচকি আমি উঠিব পাৰিম।
কিন্তু এই মানুহবোৰে কাকো ভৰিৰে মোহাৰি ওপৰলৈ উঠিব নিবিচাৰে, নিশ্চিত পৰাজয় জানিও প্রাণপণ যুদ্ধ কৰি যায়।
যি চিৰি বগাই আমি ওপৰলৈ উঠি যাও, আমি জানোনে তেওঁলোকেই কান্ধৰ ওপৰত কঢ়িয়াই লৈ ফুৰে সেই চিৰি!
মানুহজনে আজি সাহস পাইছে। তিনিৰ ঘৰৰ নেওঁতাটো কেৱল নেওঁতা নহয়, ই এক সাহস, এজন পিতৃৰ শক্তিশালী কান্ধ, এটা সমৰ্থন। তিনিৰ ঘৰৰ নেওঁতাটো এই দুখীয়া মানুহজনৰ সপোন পূৰণৰ উপাখ্যান।
মানুহজনে তেওঁৰ ল'ৰাক কোলাত তুলি ল'লে। তেওঁ সুখতে প্ৰায় কান্দিয়েই পেলাইছে। এই মুহূৰ্ততে দোকানীজনে ডিপফ্ৰীজ খুলি এটা আইচক্ৰীম ল'ৰাটোৰ হাতত দিলে,
"ছাব্বাছ বেটা"! ডাক্তৰ ইঞ্জিনি়য়াৰ হৈ দেখুৱাই দিবি সকলোকে! ল, আইচক্ৰীম খা। বেছি নাখাবি, ডিঙি ফুলি গলে কথা ক'ব নোৱাৰিবি।"
ল’ৰাটোৱে আনন্দ মনে আইচক্ৰীমটো ল'লে। বাপেক পুতেক গুচি গ’ল। মই সিহঁতৰ ফালে চাই আছো।
দোকানীজনে মোক ক'লে, "মই কল্পনাও কৰিব পৰা নাছিলো। লৰাটোৱে কেনেকৈ সল সলীয়াকৈ নেওঁতা কৈ দিলে! দেখিলে কাৰবাৰটো!". দোকানীজনৰ চকুতো চকুলো! আচলতে যিসকলে ভোকৰ বেদনা বুজি পায়, তেওঁলোকৰ এজনৰ মনৰ লগত আন এজনৰ মন একেটা সূতাৰে গাঁথা থাকে। এজনৰ বেদনা আনজনে বুজি পায়, আকৌ আনন্দবোৰো স্পর্শ কৰে গভীৰভাৱে।
আৰু আমি?? কৌটি টকাৰ সপোনত বিভোৰ আৰু প্ৰতিযোগিতাৰ উন্মাদনাৰ মাজত আমি পাহৰি যাওঁ আচলতে আমি কোন!!
হাতত বাটাৰ কণী লৈ অকলে খোজ কাঢ়ি গৈ আছোঁ আৰু কৈছোঁ "তিনি একগুণ তিনি, তিনি দুইগুণ ছয়..."
মোকো প্ৰভাৱিত কৰিছে তেওঁলোকৰ জয়ৰ আনন্দই..
:অনুবাদিত।
ভাল লাগিলে share কৰিব 🙏🏼
#সংগৃহীত