26/10/2025
সকলো ৰাইজলৈ কাতৰ অনুৰোধ জনাইছে এটি পৰিয়ালে
গহপুৰ বালিজান বিলতীয়া গাৱঁৰ যুৱক অতি দৰিদ্ৰ সীমা ৰেখাৰ তলত বসবাস কৰা টুটু(ৰঞ্জিত ফুকন) ক কোনো অচিনাকাক্ত বাহনে খুন্দিয়াই থৈ যায়। বৰ্তমান দুৰ্ঘটনাত পতিত হৈ জীৱন মৃত্যুৰে চিকিৎসালয়ত যুঁজি আছে। ব্ৰেইনত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হৈছে। অৱস্থা অতি শোচনীয়। জটিল অস্ট্ৰোপ্ৰচাৰৰ প্ৰয়োজন। সেয়ে অৰ্থৰ যথেষ্ট প্ৰয়োজন হৈছে। ট্ৰেক্টৰৰ ড্ৰাইভাৰ কৰি চলাইছিল পৰিয়াল। সেয়ে সকলোৱে এই বিপদৰ সময়ত পৰিয়ালটিক অকনমান আৰ্থিক ভাৱে সহায় কৰি উপকাৰ কৰে যেন।কাৰন দৰিদ্ৰ পৰিয়ালটিৰ হাতত এতিয়া অৰ্থ শূণ্য। যদি কিবা দি সহায় কৰে যুৱকজনে নতুন এটা জীৱন পাব।
বি:দ্ৰ: টুটুৰ ভাতৃ সঞ্জীৱ ফুকনৰ QR টো দিয়া হৈছে।
বি:দ্ৰ: চৰকাৰী ভাৱে সহায় পাবলৈ তেওঁৰ আধাৰ কাৰ্ডো আজিলৈকে উলিয়াব নোৱাৰিলে। শেষ ভৰষা ৰাইজৰ সহায়েই হৈ পৰিছে।