Gohpur Buzz

Gohpur Buzz GOHPUR BUZZ---"Real News. Real Fast."
(1)

20/08/2026
■■বিশ্বনাথ আৰক্ষীৰ গুৰুত্বপূৰ্ণ পদক্ষেপ।
19/08/2026

■■বিশ্বনাথ আৰক্ষীৰ গুৰুত্বপূৰ্ণ পদক্ষেপ।

19/08/2026

■■গহপুৰত পুনৰ সংঘটিত হৈছে গৰু চুৰি ঘটনা।
■■গহপুৰৰ হাৱাজান আৰক্ষী চকীৰ অন্তৰ্গত কামদেৱালত এইবাৰ চুৰে লৈ গ'ল এখন ঘৰৰে তিনিটাকৈ গৰু।
■■এহাল বলধ আৰু এজনী চেউৰী গাই লৈ গ'ল চুৰে। ■■কামদেৱালৰ অসীম বৰাৰ গোহালীৰ পৰা তিনিওটা গো-ধন লৈ উধাও‌ হয় চুৰ।
■■ইতিমধ্যে হাৱাজান আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

18/08/2026

📌শিৱসাগৰৰ নিমাইজানৰ বানবিধ্বস্ত ৰাইজৰ কাষত গহপুৰৰ চাও চেং স্বেচ্ছাসেৱী সংগঠনৰ কাৰ্যকৰ্তা সকলৰ একাংশ..

17/08/2026

■■বৰ দুখঃলগা!শিৱসাগৰৰ নিমাইজানৰ পৰিবেশ।বানে সকলো শেষ কৰি থৈ গ'ল!

বাবাই সকলোৰে মঙ্গল কৰক।
17/08/2026

বাবাই সকলোৰে মঙ্গল কৰক।

◼️গহপুৰৰ আশিস শৰ্মাৰ ডক্টৰেট ডিগ্ৰী লাভ।◼️গহপুৰ সমজিলাৰ গহপুৰ পৌৰসভাৰ অন্তৰ্গত ৰূপনগৰৰ মেধাৱী ছাত্ৰ আশিস শৰ্মাই সন্মানীয...
16/08/2026

◼️গহপুৰৰ আশিস শৰ্মাৰ ডক্টৰেট ডিগ্ৰী লাভ।

◼️গহপুৰ সমজিলাৰ গহপুৰ পৌৰসভাৰ অন্তৰ্গত ৰূপনগৰৰ মেধাৱী ছাত্ৰ আশিস শৰ্মাই সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰি কৃতিত্ব অৰ্জন কৰিছে। উত্তৰ পূব পাৰ্বত্য বিশ্ববিদ্যালয়ত ইতিহাস বিষয়ত গৱেষণা কৰা আশিস শৰ্মাই অধ্যাপক এ.কে ঠাকুৰৰ তত্বাৱধানত গৱেষণা কৰিছিল। তেওঁৰ গৱেষণাৰ বিষয়বস্তু আছিল "Slavery in Pre-Colonial and Colonial Assam"।ড° আশিস শৰ্মা গহপুৰ ছোৱালী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক জগদীশ শৰ্মা আৰু কনিবড়ি প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী অৱন্তী বৰঠাকুৰৰ একমাত্ৰ সন্তান। তেওঁৰ এই কৃতিত্বৰ বাবে গহপুৰৰ বৌদ্ধিক আৰু শিক্ষানুৰাগী ৰাইজে আন্তৰিক অভিনন্দন আৰু শুভকামনা জ্ঞাপন কৰিছে।

16/08/2026

📌শংকৰদেৱ শিক্ষা নিকেতন, গহপুৰত অনুস্থিত হয় স্নাতক মহলাৰ নৱ মিলন অনুষ্ঠান।

15/08/2026

📌প্ৰতিশ্ৰুতিৰ উদ্যোগত গহপুৰত কৰ্কট ৰোগী সকলক বিনামূলীয়া চিকিৎসা আৰু পৰামৰ্শ প্ৰদান
📌স্বাধীনতা দিৱস উপলক্ষে গহপুৰত প্ৰতিশ্ৰুতি কেন্সাৰ এণ্ড পেলিয়েটিভ ট্ৰাষ্টৰ উদ্যোগত গহপুৰৰ বিধায়ক উৎপল বৰা আৰু গহপুৰ প্ৰশাসনৰ সহযোগত বিনামূলীয়াকৈ কৰ্কট ৰোগী সকলক চিকিৎসা আৰু পৰামৰ্শ প্ৰদানৰ ব্যৱস্থা কৰা হয়।
📌ৰাজ্যৰ কেইবাগৰাকীও অভিজ্ঞ চিকিৎসকে গহপুৰৰ শতাধিক ৰোগীক কি দৰে কৰ্কট ৰোগৰ সৈতে যুজঁ দি জয়ী হব পাৰি লগতে বিনামূলীয়ালৈ ঔষধ আৰু কিছু আৰ্থিক সাহায্য প্ৰদান কৰা পৰিলক্ষিত হয়।

15/08/2026

📌গহপুৰত দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন।

Address

Gohpur

Telephone

+18638215979

Website

Alerts

Be the first to know and let us send you an email when Gohpur Buzz posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Gohpur Buzz:

Shortcuts

Share