01/10/2023
নৱ-জীৱনৰ উশাহবোৰ...
উশাহেই জীয়ন
নৱ জীৱনৰ।
চিৰিলি-চিৰিলি পাতৰ গছে
আলিবাটবোৰ শুৱাইছিল
মাজে মাজে এজাৰবুলীয়া ৰঙে পোহাৰ মেলিছিল
কেঁচা চাহপাতৰ গোন্ধত
মতলীয়া হৈ
গুণগুণাই বৈ আহিছিল গীত।
নতুন জীৱন এটাৰ পাতনিতে সুবৰ্ণ ৰং ...
ঊষা নগৰীত সেইদিনা প্ৰাণ প্ৰতিষ্ঠা হৈছিল প্ৰেমৰ পঁজাটিৰ।
তাৰপিছত পাৰ হৈছিল এটি- এটিকৈ সোণালী -ৰূপালী দিন।
উশাহেই জীয়ন।
যি উশাহত ঘ্ৰাণিত হৈছিল
মান-অভিমান, সন্দেহ -বিতৃষ্ণা,বাদ-বিবাদ।
প্ৰেমৰ জোলোঙাটোত বিষ ,মাজে মাজে অমৃতৰ সোৱাদত লুভীয়া হৃদয়।
তথাপিও সেইদিনা গাৰুত মুখগুজি
উশাহবোৰ ঘনঘনকৈ কঁপি উঠিছিল।
নিৰ্বিবাদে সহিব পাৰি
প্ৰেমৰ যন্ত্ৰণা ।
আস্ চিত্ৰলেখা উদ্যানত
ঊষা-অনিৰুদ্ধ।
চকুত চকু থৈ কোৱা
কথাবোৰ হৈছিল শ্যায়েৰী।
ৰাতিবোৰ জোনে কাঢ়ি লৈ বুকুত থাপিছিল।
তাৰপিছত পাৰ হৈছিল
এটি- এটিকৈ সোণালী -ৰূপালী মাহৰ গণনা।
এবছৰ, দুবছৰ,তিনি ,চাৰি...
কোন সাজে শুৱাব আজি তোমাক
কোন সাজে সাজিব তোমাৰ ৰাধাই
এয়া যে উষা নগৰীৰ
উশাহৰ জীয়ন।
বৰষুণৰ ৰিমঝিমত তিতা হোৱা নাছিল সিদিনা
মুষলধাৰ বৰষুণ নামিছিল।
চকুৰ তন্ময়তা গুচাই নাছিল
বৰষুণে চিৰাচিৰ কৰিছিল
হৃদয়ৰ সমস্ত।
তথাপিও জীয়ন আজিও সেই উশাহতে।
সেই উশাহতে হেঁপাহ পলুৱাই
কান্দিব পাৰি মুখ লুকুৱায়
হাঁহিৰে নিজকে নিচুকাবও পাৰি
নতুন জীৱনৰ ৰং এয়া
সেউজীয়া প্ৰেমৰ সম্পৰ্ক এয়া।
উশাহবোৰ টনিকৰ দৰে
কঠোৰ হৈয়ো নৰম
কেতিয়াবা নৰম হৈয়ো কঠোৰ।
হৃদয় যন্ত্ৰ নহয়
হৃদয়খন কেঁচা ৰঙা তেজেৰেই আৱেশিত ।
সেইদিনা দলংখন খহি নগ'ল
কতবাৰ খহিব খোজে।
তথাপিও অটুট বন্ধন
এই জীয়ন উশাহৰ জীয়ন
জোনৰ পোহৰৰ দৰে নিৰ্মল।
দোকমোকালি শৰত
নিয়ৰৰ আহিন
কঁহুৱাৰ সতে কি নিবিড় সম্বন্ধ
এই উশাহৰ জীয়নৰ!
বুজিব পাৰিনে
অনিৰুদ্ধ
কবিতাৰ ভাষাৰে ,
তুমি কানাই হৈ ৰাধাৰ বুকুত সঁপিছিলা মন।
আজি বিহ্বল ৰাধাৰ হৃদয় চুই
বাৰে বাৰে আওৰাইছা
সেই কথা...
যি কথা খোদিত হৈ ৰ'ল
হিয়াৰ কোণে-কোণে
কোনেও নজনাকৈয়ে।
কথাবোৰ প্ৰতিশ্ৰুতি হয়
প্ৰতিশ্ৰুতিবোৰো এৰালধৰা
এৰাব নোৱাৰা
নিকপকপীয়া
এয়া প্ৰেমৰ জলঙাৰে আকাশ চোৱাৰ কথা,
ভাঙো বুলিও নাভাঙে
উশাহেই জীয়ন
জীয়নেই উশাহৰ দৰে কথাবোৰ।
এতিয়া এই উশাহ
নিজৰ হ'ল
নিজৰ হ'ল সেই চকু
যি চকুত প্ৰেম আছে
ঘৃণা আছে
সন্দেহ আছে
আছে অসহায় অনুভৱ
আৰু আছে নিজক হেৰুৱাই পেলোৱাৰ
কি এক তীব্ৰ বাসনা
আৰ্তনাদ
আৰু যে কত দন্দ্ব-খৰিয়াল।
তথাপিও আজি সেই দিন
মিলনৰ লগন উকলি নোযোৱা সময়ৰ দিন।
সেই দিন আজি,
যেতিয়া শব্দত তিতিছিল দেহ আৰু মন ।
সেই দিন আজি
সেই দিন
যিদিনা হাঁহি আৰু কান্দোনৰ যোৰ বান্ধিছিল
জোনে আৱৰিছিল জোনাক
ফুলে হাঁহিছিল
কেঁচা চাহপাতৰ ফুৰফুৰীয়া গোন্ধে আলিবাটক আদৰিছিল।
চোৱা, হৃদয়খন আজিও অক্ষত হৈয়ে আছে
তোমাৰো ,মোৰো
ঊষা -অনিৰুদ্ধ
কানাই -ৰাধাৰো।
দুয়ো - দুয়োৰে জীয়ন এতিয়া।
ঊষাৰ নগৰীৰ উশাহবোৰে টনিক হৈয়ে আছে আজিও।
পোহৰ পোহৰ জীৱন এয়া
নৱ জীৱনৰ পাতনিৰ পুনৰ এটা দিনৰ শুভকামনাৰে... তোমাৰ...।