20/09/2025
জুবিন দাৰ কথাৰে,,,
সেই সৰু কালতেই শুনিছিলো,,
তুমি ইউকেলিপ্তচ গছৰ দৰে ওখ হব বিচাৰিছিলা, আকাশ চুব বিচাৰিছিলা' আজি তুমি সেই আকাশকে গাত মেৰিয়াই সাগৰ তলিত শুই পৰিলা ন,, কতনা সাগৰ সিঁচি মাণিক বিচাৰিছিবলৈ আকৌ নাহা ন তুমি,, তুমিয়ে কৈছিলা এন্ধাৰ হব নোখোজোঁ বুলি কিন্তু আজি অস্ত বেলিৰ শেষ পোহৰত জীৱনৰ চাকিগছি নুমোৱাই মায়বিনী ৰাতিৰ বুকুত বিলীন হৈ গ'লা,,, মই ভগৰা নাই বুলি কৈও কিয় ভাগৰি পৰিলা বাৰু,,, সেই বাঁহীৰ সুৰৰ আঁচল ধৰি বহুদূৰ গুচি গ'লা,,, তুমিয়েই কৈছিলা যে দেহৰ ভৰসা নাই তোমাক বাৰু আমি যন্ত্ৰ দৰে ব্যৱহাৰ কৰিলোঁ নেকি যাৰ বাবে ইমান সোনকালে যে তুমি আমাৰ পৰা মুক্তি বিচাৰিলা,,, ???
সোনেৰে সজোৱা পঁজাটো আজি জহি সহি গ'লঅ,, শিকলি ছিঙি যাব নোৱাৰা বুলি কৈও তুমি ছিঙি দিলা,,,সঁচাকৈয়ে তুমি বুজাই দিলা যে এই সকলোবোৰ কেৱল মায়া,,, আজিৰ পৰা তোমাক জালুকবাৰীতে হওঁক, NE TV তে হওঁক ক'তো দেখা নাপাওঁ অ,, তোমাৰ প্ৰতিটো শব্দ ত মুগ্ধ হিয়া আমাৰ,,
মন গ'লে আমাৰ কাষলৈ আহিবা এদিন, কি দৰে শুও কি দৰে খাওঁ চাই যাবাহি, ৰ'দৰ চিঠিত তোমাৰ খবৰ লম,,, একবিংশ শতিকাৰ কাহিনীটো ৰুমালৰ ভাঁজতে ৰাখি থম,,
সকলোৰে লগত তোমাৰ হিয়াৰ পৰিচয় আছিল সেয়ে তুমি প্ৰতিজন অসমীয়াৰ বাবে ধুমুহাৰ সৈতে যুঁজিব পৰা এজন নায়ক আছিলা অ,,, আৰু সেয়ে বুকু ডাঠ কৰি ক'ব পাৰো তুমি প্ৰতিজন অসমবাসীৰ হৃদয়ত জীয়াই থাকিবা,,, চিৰদিন,,, চিৰন্তন,,,
Luv you Zubeen da and Miss You,,💔
(যাৰ গীত শুনি সেই বুজা নুবুজা সময়তে গীত ভাল পাবলৈ শিকিছিলোঁ, গীতৰ মাজত নিজকে বিলীন কৰিবলৈ শিকিছিলোঁ,,, ফুৰ্তি লাগিলেও যিজনৰ গীত বিচাৰিছিলোঁ, এখোটা কান্দিব মন গলেও যাৰ কণ্ঠক বিচাৰিছিলোঁ, নাচিব মন গলেও যাৰ গীতবোৰ বজাইছিলোঁ,,, আধ্যাত্মিক ভাৱত নিজক বিলীন কৰিব মন গলেও যিজনৰ সুৰবোৰ শুনিছিলোঁ,,, সেইজন আছিলা তুমি জুবিন দা তোমাৰ কণ্ঠক বাদ দি সঁচাকৈয়ে আমাৰ যেন একো সত্তায়ে নাই অ,,, আমি যেন সকলো হেৰুৱালো আজি,,, )
✍️লিপা দাস
শিৱসাগৰ