06/06/2026
#মালবাহী বাহনত যাত্ৰা নকৰিবলৈ চাহ শ্ৰমিকসকলক আহ্বান AASAA মৰঙি আঞ্চলিক সমিতিৰ।
#সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (AASAA) মৰঙি আঞ্চলিক সমিতিয়ে চাহ শ্ৰমিকসকলক মালবাহী বাহনত উঠি যাত্ৰা নকৰিবলৈ আহ্বান জনাইছে। সমিতিয়ে কয় যে মালবাহী বাহনত যাত্ৰা কৰাটো অত্যন্ত বিপদজনক আৰু ইয়াৰ ফলত দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।
সমিতিৰ বিষয়ববীয়াসকলে জানিবলৈ দিয়ে যে বিভিন্ন সময়ত শ্ৰমিকসকলে কৰ্মস্থলীলৈ অহা-যোৱা কৰাৰ সময়ত মালবাহী বাহন ব্যৱহাৰ কৰাৰ ঘটনা পৰিলক্ষিত হয়। এনে কাৰ্যই নিজৰ জীৱন-সুৰক্ষাক বিপদত পেলোৱাৰ লগতে আইন উলংঘনৰো সমান।
#সেয়েহে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা মৰঙি আঞ্চলিক সমিতিয়ে সকলো চাহ শ্ৰমিক, বাগিছা কৰ্তৃপক্ষ আৰু সচেতন নাগৰিকক নিৰাপদ আৰু বৈধ যাতায়াত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে। লগতে জীৱনৰ মূল্য উপলব্ধি কৰি মালবাহী বাহনত যাত্ৰা কৰাৰ দৰে বিপদজনক অভ্যাস পৰিহাৰ কৰিবলৈও আহ্বান।