BJP Agomani Mandal

BJP Agomani Mandal Bharatiya Janata Party, The World's Largest, Political Party, On a Mission to empower 1.4 billion Indian's for building a by 2047..✓🇮🇳

আজি "স্বাধীনতা দিৱস" ৰ শুভক্ষণত আগমনী  মণ্ডলৰ উদ্যোগত শান্তি, প্ৰগতি আৰু স্বাভিমানৰ প্ৰতীক জাতীয় পতাকাখন উত্তোলন কৰিলোঁ!...
15/08/2026

আজি "স্বাধীনতা দিৱস" ৰ শুভক্ষণত আগমনী মণ্ডলৰ উদ্যোগত শান্তি, প্ৰগতি আৰু স্বাভিমানৰ প্ৰতীক জাতীয় পতাকাখন উত্তোলন কৰিলোঁ!

স্বাধীনতা দিৱস হৈছে ভাৰতবাসীৰ বাবে এক সৰ্বশ্ৰেষ্ঠ গৌৰৱৰ দিন। স্বাধীনতা সংগ্ৰামী, নেতা তথা অগণন সাধাৰণ মানুহে মুক্ত ভাৰতৰ সপোন পূৰণৰ বাবে নিজৰ প্ৰাণ, সপোন আৰু আশা-আকাংক্ষা ত্যাগ কৰিছিল।

গতিকে আহক, আজিৰ এই দিনটোতে আমি সকলোৱে অধিক ন্যায়সংগত আৰু সমতাপূৰ্ণ সমাজ এখন নিশ্চিত কৰিবলৈ একত্ৰে কৰ্মসম্পাদন কৰিবৰ বাবে প্ৰতিজ্ঞাবদ্ধ হওঁ।

জয় হিন্দ
বন্দে মাতৰম
BJP Assam Pradesh
BJP Agomani Mandal

মনে-প্ৰাণে ত্ৰিৰংগা, ঘৰে-ঘৰে ত্ৰিৰংগা।"দেশৰ গৌৰৱোজ্জ্বল ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে যোৱাকালি ভাৰতীয় জনতা পাৰ্টি, ধ...
14/08/2026

মনে-প্ৰাণে ত্ৰিৰংগা, ঘৰে-ঘৰে ত্ৰিৰংগা।"

দেশৰ গৌৰৱোজ্জ্বল ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে যোৱাকালি ভাৰতীয় জনতা পাৰ্টি, ধুবুৰী জিলাৰ আগমনী মণ্ডলৰ উদ্যোগত আয়োজিত বিশাল "ত্ৰিৰংগা যাত্ৰা"ত মণ্ডল সভাপতি সন্মানীয় মনোৰঞ্জন ৰায় ডাঙৰীয়াৰ উপস্থিতিত অংশগ্ৰহণ কৰি দেশপ্ৰেম আৰু ৰাষ্ট্ৰীয় একতাৰ এক অনন্য পৰিৱেশৰ আমি সকলোৱে সাক্ষী হ'ব পৰিলোঁ! লগতে মণ্ডলৰ অন্তৰ্গত প্ৰত্যেকটো বুথ'ত হৰ ঘৰ ত্ৰিৰংগা পতাকা লগোৱাৰ কাৰ্যসূচী ৰূপায়ন প্ৰক্ৰিয়া অব্যাহত আছে!

হাতত ত্ৰিৰংগা, হৃদয়ত দেশপ্ৰেম আৰু কণ্ঠত ভাৰত মাতৃৰ জয়ধ্বনিৰে মুখৰিত হৈ উঠিল সমগ্ৰ পৰিৱেশ। এই ত্ৰিৰংগা যাত্ৰাই আমাৰ মাজত দেশৰ প্ৰতি থকা শ্ৰদ্ধা, ভালপোৱা আৰু ঐক্যৰ ভাব অধিক সুদৃঢ় কৰি তুলিছে।

স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগ আৰু আত্মবলিদানক শ্ৰদ্ধাৰে স্মৰণ কৰি, দেশৰ অখণ্ডতা, সাৰ্বভৌমত্ব আৰু গৌৰৱ অক্ষুণ্ণ ৰখাৰ সংকল্পৰে "ঘৰে-ঘৰে ত্ৰিৰংগা, মনে-প্ৰাণে ত্ৰিৰংগা"ৰ বাৰ্তা প্ৰতিজন নাগৰিকৰ মাজলৈ লৈ যোৱাই হল আমাৰ প্ৰয়াস।

জয় হিন্দ! 🇮🇳
ভাৰত মাতা কি জয়!

📍 আজি ১২ আগষ্ট ২০২৬,ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ১২ বছৰৰ পূৰ্ণতা সু-শাসন, আৰু অহা ১৫ আগষ্ট...
12/08/2026

📍 আজি ১২ আগষ্ট ২০২৬,
ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ১২ বছৰৰ পূৰ্ণতা সু-শাসন, আৰু অহা ১৫ আগষ্টৰ প্ৰতি লক্ষ্য ৰাখি বিশ্বাস, বিকাশ, আৰু জনকল্যাণৰ স্বচ্ছতা অভিযান কাৰ্যসূচী, ভাৰতীয় জনতা পাৰ্টী আগমনী মণ্ডল আৰু মণ্ডলৰ সকলো মৰ্চাৰ যৌথ উদ্যোগত বিভিন্ন চৰকাৰী, বেচৰকাৰী, শিক্ষানুষ্ঠান, মঠ মন্দিৰত আদি প্ৰতিষ্ঠানত স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচী অনুষ্ঠিত কৰা হয়!

BJP Agomani Mandal

অসমত শেহতীয়া বানপৰিস্থিতিৰ ফলত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সহায়ৰ উদ্দেশ্যে ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ উদ্যোগত মুখ্য...
30/07/2026

অসমত শেহতীয়া বানপৰিস্থিতিৰ ফলত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সহায়ৰ উদ্দেশ্যে ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ উদ্যোগত মুখ্যমন্ত্ৰী সাহায্য পূজিলৈ বানপীড়িত ৰাইজক সহায়ৰ হাত আগবঢ়াবলৈ ওলাইছোঁ। আগমনী মণ্ডলৰ অন্তৰ্গত সকলো স্তৰৰ সন্মানীয় কাৰ্যকৰ্তাই যিয়ে যেনেকৈ পাৰে, অলপ হ’লেও সহায় কৰাৰ চেষ্টা কৰক!
এই দুৰ্যোগত ইতিমধ্যে বহু লোকে নিজৰ অমূল্য প্ৰাণ হেৰুৱাইছে। তেখেতসকলৰ আত্মাই চিৰশান্তি লাভ কৰক। 🕉️ শান্তি।

আৰু এতিয়াও বহু মানুহ পৰিয়ালহীন, ঘৰ-বাৰীহীন অৱস্থাত কষ্টেৰে দিন কটাই আছে আহক, আমি সকলোৱে একেলগে তেওঁলোকৰ কাষত থিয় হওঁ।
"মানৱ সেৱাই মানুহৰ মূল ধৰ্ম"

📍 আগমনী, ধুবুৰী, গুৱাহাটী

নীটৰ প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ শূন্য সহনশীল নীতি। ফ্ৰাষ্টট্ৰেক আদালতৰ জড়...
23/07/2026

নীটৰ প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ শূন্য সহনশীল নীতি। ফ্ৰাষ্টট্ৰেক আদালতৰ জড়িয়তে অপৰাধীক দ্ৰুত আৰু কঠোৰ শাস্তি প্ৰদান কৰাৰ নিৰ্দেশ।

BJP Agomani Mandal

অতি দুখ আৰু বেদনাৰে আপোনালোকক অৱগত কৰিব বিছাৰিছোঁ!আজি আগমনী মণ্ডলৰ অন্তুভূৰ্ত সত্ৰসাল গাঁও পঞ্চায়তৰ অন্তৰ্গত ১১১ নম্বৰ ...
18/07/2026

অতি দুখ আৰু বেদনাৰে আপোনালোকক অৱগত কৰিব বিছাৰিছোঁ!
আজি আগমনী মণ্ডলৰ অন্তুভূৰ্ত সত্ৰসাল গাঁও পঞ্চায়তৰ অন্তৰ্গত ১১১ নম্বৰ বুথ'ৰ ভাৰতীয় জনতা পাৰ্টীৰ বুথ সভাপতি শ্ৰী ধৰ ৰায় পৰলোক প্ৰাপ্তি হয়!
তেওঁ এজন দলৰ নিষ্ঠাবান কৰ্মী আছিল বিগত দিনবোৰৰ তেওঁ ৰাইজৰ সেৱা আগবঢ়াইছিল আৰু তেওঁৰ নেতৃত্বত দলৰ কাৰ্যক্ৰম সততাৰে আগুৱাই লৈ গৈছিল!
নেদেখাজনৰ ওচৰত তেওঁৰ বিদেহি আত্মাৰ চিৰ শান্তি কামনা কৰিলোঁ আৰু পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ!
ওঁম শান্তি ওঁম
BJP Assam Pradesh
BJP Agomani Mandal
Dilip Saikia
Aswini Ray Sarkar
Bijil Ray

10/07/2026

মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত হোৱা অভূতপূৰ্ব উন্নয়নে নতুন দিগন্তৰ সূচনা কৰিছে।
BJP Agomani Mandal

ভাৰত মাতাৰ গৌৰৱময় সুসন্তান, প্ৰখৰ ৰাষ্ট্ৰনায়ক, শিক্ষাবিদ তথা ভাৰতীয় জন সংঘৰ প্ৰতিষ্ঠাপক ড° শ্যামা প্ৰসাদ মুখাৰ্জীদেৱৰ...
06/07/2026

ভাৰত মাতাৰ গৌৰৱময় সুসন্তান, প্ৰখৰ ৰাষ্ট্ৰনায়ক, শিক্ষাবিদ তথা ভাৰতীয় জন সংঘৰ প্ৰতিষ্ঠাপক ড° শ্যামা প্ৰসাদ মুখাৰ্জীদেৱৰ পবিত্ৰ জন্মজয়ন্তীত তেখেতলৈ ভাৰতীয় জনতা পাৰ্টী আগমনী মণ্ডল কমিটিৰ তৰফৰ পৰা সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ।

তেখেতৰ মহান চিন্তা-চেতনা আৰু আদৰ্শ অনুসৰণ কৰি এক শক্তিশালী, আত্মনিৰ্ভৰ, উন্নত আৰু সমৃদ্ধ ভাৰত তথা অসম গঢ়াৰ সংকল্প পুনৰ দৃঢ় কৰোঁ।
BJP Agomani Mandal

ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি, প্ৰখৰ ৰাষ্ট্ৰবাদী, শিক্ষাবিদ, আমাৰ প্ৰাতঃস্মৰণীয় মাৰ্গদৰ্শক, ভাৰত কেশৰী ড০ শ্যামাপ্ৰ...
06/07/2026

ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি, প্ৰখৰ ৰাষ্ট্ৰবাদী, শিক্ষাবিদ, আমাৰ প্ৰাতঃস্মৰণীয় মাৰ্গদৰ্শক, ভাৰত কেশৰী ড০ শ্যামাপ্ৰসাদ মুখাৰ্জীদেৱৰ আজি পবিত্ৰ ১২৫ সংখ্যক জয়ন্তীত শতকোটি প্ৰণিপাত জনাইছোঁ।

এখন দেশত দুখন সংবিধান, দুখন পতাকা আৰু দুজন প্ৰধান থাকিব নোৱাৰে বুলি দেশৰ একতা আৰু অখণ্ডতাৰ বাবে নিজৰ সৰ্বোচ্চ বলিদান দিয়া ড০ শ্যামাপ্ৰসাদ মুখাৰ্জীদেৱৰ অদম্য সাহস,দেশপ্ৰেম, আদৰ্শ চিৰকাললৈ আমাৰ বাবে প্ৰেৰণাৰ অম্লান উৎস হৈ থাকিব।
BJP Agomani Mandal

“পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহা অভিযান”ৰ অংশ হিচাপে আজি গোলকগঞ্জ বিধানসভা সমষ্টিৰ আগমনী মণ্ডলত অনুষ্ঠিত প্ৰশিক্...
03/07/2026

“পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহা অভিযান”ৰ অংশ হিচাপে আজি গোলকগঞ্জ বিধানসভা সমষ্টিৰ আগমনী মণ্ডলত অনুষ্ঠিত প্ৰশিক্ষণ শিৱিৰৰ অন্তিমটো দিন!

এই প্ৰশিক্ষণ শিৱিৰে দলীয় কৰ্মীসকলৰ সাংগঠনিক দক্ষতা, আদৰ্শ আৰু জনসেৱাৰ মানসিকতা অধিক শক্তিশালী কৰি তুলিব বুলি মোৰ দৃঢ় বিশ্বাস। সকলো অংশগ্ৰহণকাৰী আৰু আয়োজকক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনালোঁ।

শেষত পুনৰবাৰ সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ!
BJP Agomani Mandal
Aswini Ray Sarkar

Address

Dhubri
Golakganj
783335

Website

Alerts

Be the first to know and let us send you an email when BJP Agomani Mandal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share