06/09/2025
Content Monitaization পোৱাৰ পিছত কৰিব লগা কাম বহুত থাকে ৷ প্ৰথমতে আপুনি কি Content দিব মানে কি বিষয়বস্তুৰ ওপৰত পোষ্ট কৰিব সেইটো সঠিক কৰক । আনক দেখি শাক খোৱা ভাত খোৱা অশ্লীলতা যি টি কাম নকৰিব । কোনোবাই এইবোৰ বহুত লাইক কমেণ্ট ভিউজ পোৱাৰ বাবে আপুনিও সেইটো পন্থা নল’ব । কাৰোবাৰ নিজস্বতা নাথাকিলে বাবে, আত্মসন্মান নাথাকিলে নিজেও নিজক হেৰাব নিদিব ৷ ছচিয়েল মাধ্যমত নিজৰ Privacy Maintain কৰাটো বহুত জৰুৰী । কাম কৰক কিন্তু এটা সীমাত থাকি । ফেচবুকত নিজৰ সৰু ঘৰখনতকৈ আপোনাৰ বাস্তৱৰ ঘৰখনক সদায় প্ৰাধান্য দিয়ক । ফেচবুকৰ এই কি’বা অলপ টকাৰ বাবে যাতে আপোনাৰ সংসাৰখন থানবান হৈ নাযায়। আনক দেখি উটিভাঁহি নুফুৰিব । ছচিয়েল মিডিয়াত দেখা সকলো কথা সঁচা নহয় । টকাৰ লোভত বহুতে বহু তললৈ নামি গৈছে যিটো ভাল কথা কেতিয়াও নহয় । ফেচবুকৰ চেলেঞ্জ সম্পূৰ্ণ কৰিবলৈ গৈ যাতে নিজৰ জীৱনটোৰ চেলেঞ্জবোৰ হেৰাই নাযায় । কেইজনমান আছে ফেচবুকত অমুক তমুক কৰিলে ইনকাম বেছি হ’ব বুলি কৈ আপোনালোকক বুৰ্বক বনাই নিজৰ Followers বঢ়াই নিজে টকা লুটি আছে । সোণৰ গহণা দেখালে টকা বেছি আহে । এইটো কথাৰ কি’বা Sense আছে ? ফেচবুকে Reach, Engagement, Views এইবোৰ পৰীক্ষা কৰি কি’বা অলপ দিয়ে । তাতে সোণৰ বস্তু দেখাই আপোনালোকে দেখোন চুৰ ডকাইতবোৰক নিজে সুবিধা দিছে ৷ ফেচবুকে সহজতে টকা নিদিয়ে । বহুত নীতি নিয়ম বান্ধি দিছে ৷ অলপ ওলটপালট কৰিলে টকা দিয়া বন্ধ কৰি দিয়ে ৷ আটাইতকৈ জৰুৰী Payout Method টো শুদ্ধকৈ বনোৱা । য’ত নাম বেংকৰ তথ্য সঠিক হোৱাটো প্ৰয়োজন ৷
এই যে এচামৰ ভাষাত ফুলৰ মৰম মানে Star এইটোক লৈ লাগি থাকে । এইটোৰ বিষয়ে কেতিয়াবা সঠিককৈ জানে নে ? Starৰ পৰা উপাৰ্জন কিমান হয় জানে নে ? ফেচবুকে আঁভুৱাভাৰি আছে ৷
ফেচবুকৰ পৰা টকা সকলোৱে উপাৰ্জন কৰক । কিন্তু সময় দিব লাগিব । ফেচবুকে আপোনাক টকা দিয়াৰ বিনিময়ত আপোনালোকৰ পৰাও লুটি আছে । সেইটো হয়টো বুজি উঠা নাই । ভাল concept লৈ ভাল Content বনাব চেষ্টা কৰা মানুহ কম ৷ কাৰণক বহুতকে একেদিনাই এটা মাহতে টকা লাগে ৷ ইমান সহজ নহয় । ফেচবুক হয় আঁচনি নহয় যে Content Monitaization পালে টকাই টকা পাব । ধনাত্মকভাৱে কামবোৰ কৰক ৷ শুভেচ্ছা থাকিল...
Trending Assam