05/07/2026
মাধ্যমিক স্নাতক শিক্ষকৰ দৰমহা বিসংগতি সংশোধনৰ দাবী।
সদৌ অসম মাধ্যমিক স্নাতক শিক্ষক মঞ্চৰ কামৰূপ জিলা সমিতিৰ এখনি গুৰুত্বপূৰ্ণ সাধাৰণ সভা আজি দিনৰ ১১.০০ বজাত 'আদৰ্শ বিদ্যালয়' চাংসাৰিত অনুষ্ঠিত হৈ হয়। মঞ্চৰ কামৰূপ জিলা সমিতিৰ সাধাৰণ সম্পাদক শ্ৰীৰজনীকান্ত দাসে আঁত ধৰা অনুষ্ঠানটিত সভাপতিত্ব কৰে জিলা সমিতিৰ সভাপতি শ্ৰীযুত লক্ষ্মীপ্ৰসাদ দাসে। সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে বিদ্যালয়খনৰ অধ্যক্ষা শ্ৰীমতী ৰিতুমনি নাথে। শ্ৰীমতী নাথে ২০১৭ চনৰ মাৰ্চ মাহৰ পিচত অসম চৰকাৰৰ অধীনত নিযুক্তি লাভ কৰা মাধ্যমিক স্নাতক শিক্ষকসকলৰ লগত হোৱা মূল দৰমহাৰ বিসংগতি দূৰ কৰি সংশোধিত হাৰত দৰমহা প্ৰদান কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ প্ৰতি আহ্বান জনায়। এই সভাতেই উপস্থিত থাকে সদৌ অসম মাধ্যমিক স্নাতক শিক্ষক মঞ্চৰ সাধাৰণ সম্পাদক ইছফাকুৰ ৰহমান। ৰহমানে বিতংভাৱে সমস্যাসমূহ শিক্ষক শিক্ষয়িত্ৰী সকলৰ আগত বৰ্ণনা কৰে। উল্লেখ্য যে বিভাগীয় ভুলৰ বাবে ২০১৭ চনৰ মাৰ্চ মাহৰ পিছত নিযুক্তি লাভ কৰা মাধ্যমিক স্নাতক শিক্ষক সকলে ROP ২০১৬ ত নিৰ্ধাৰিত কৰা Pay in the Pay Band ১৮৪৪০ টকাৰ পৰিবৰ্তে ১৪০০০ টকাহে লাভ কৰি আহিছে। মাধ্যমিক স্নাতক (High School Graduate Treachr) শিক্ষক সকলৰ Grade Pay ৮৭০০ ধৰি মূল দৰমহা হ'ব লাগিছিল ২৭১৪০ টকা। কিন্তু ২০১৭ চনৰ মাৰ্চ মাহৰ পিচত নিযুক্তিপ্ৰাপ্ত মাধ্যমিক স্নাতক শিক্ষক সকলে কিন্তু আৰম্ভণিৰ মূল দৰমহা ২২৭০০ টকাহে লাভ কৰি আছে। তাৰ বিপৰীতে ২০১৭ চনৰ মাৰ্চ মাহৰ আগৰ মাধ্যমিক স্নাতক শিক্ষকসকলে ২৭১৪০ টকা মূল দৰমহা লাভ কৰিবলৈ সক্ষম হৈছে। সেই হিচাপে একে কেডাৰৰ চাকৰিত মকৰল হোৱা ২০১৬ আৰু ২০১৭ ৰ দুজন শিক্ষকৰ মাজত দৰমহাৰ বৃহৎ ব্যৱধান দেখা গৈছে। এইবুলি তেওঁ কয়। মঞ্চক আগুৱাই নিবলৈ সদস্যতাৰ প্ৰয়োজন সম্পৰ্কে সুন্দৰকৈ বাখ্যা আগবঢ়াই মঞ্চৰ সহকাৰী সাধাৰণ সম্পাদক হাতিম খানে। এই সভাতেই শতাধিক শিক্ষক শিক্ষয়িত্ৰীয়ে মঞ্চৰ সদস্যতা গ্ৰহণ কৰি মঞ্চৰ কেন্দ্ৰীয় তথা জিলা সমিতিৰ বিষয়ববীয়াসকলৰ পদক্ষেপ সমূহৰ শলাগ লয়। এই সভাতে ইতিপূৰ্বেই সদস্যতা গ্ৰহণ কৰা প্ৰায় তিনি শতাধিক শিক্ষক শিক্ষয়িত্ৰীলৈ সদস্যতা পত্ৰ বিতৰণ কৰা হয় বুলি মঞ্চৰ কামৰূপ জিলা সমিতিৰ সাধাৰণ সম্পাদক ৰজনীকান্ত দাস স্বাক্ষৰিত এক বিবৃতিৰ জৰিয়তে জানিবলৈ দিয়ে।
All Assam Secondary Graduate Teachers' Forum
TET Qualified Forum, Assam
HKS Digital
Abinash Baruah
Himanta Biswa Sarma
Ranoj Pegu
काश्यप शुभांकर
Hks Maestro