ViralNest

ViralNest নতুন চিন্তাধাৰাৰে কিছু ব্যতিক্ৰম

22/06/2025

ভাগিনে মামাক ক'লে 'ছাৰ আপোনাৰ ঘৰলৈ যাম' ।
তাৰ পাছতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সুন্দৰকৈ ভাগিনক সঁহাৰি জনাই এনেকৈয়ে দিলে ফোন নম্বৰ।

 ... পিতৃলৈ whatsappত এটা মেছেজ দি পৃথিৱীৰ পৰা বিদায় ল'লে ইপ্সিতা দাসে, ইপ্সিতাৰ মৃত্যুৰ বাবে কিয় পৰিয়ালৰ লোকে আনিছে দূৰ...
19/06/2025

... পিতৃলৈ whatsappত এটা মেছেজ দি পৃথিৱীৰ পৰা বিদায় ল'লে ইপ্সিতা দাসে, ইপ্সিতাৰ মৃত্যুৰ বাবে কিয় পৰিয়ালৰ লোকে আনিছে দূৰ সম্পৰ্কীয় মোমায়েকৰ বিৰুদ্ধে এই অভিযোগ?

মহানগৰীত পুনৰ এগৰাকী যুৱতীৰ ৰহস্যজনক মৃত্যু। ভঙাগড়ৰ চিলাৰায় পথৰ নিজৰ ঘৰত উদ্ধাৰ হৈছে ইপ্সিতা দাস নামৰ ২১ বছৰীয়া যুৱতীগৰাকীৰ মৃতদেহ। প্ৰেমিকৰ মানসিক নির্যাতনৰ বলি হৈ চৰমপন্থা লোৱাৰ সন্দেহ পৰিয়ালৰ লোকৰ। চিন্টু কলিতা নামৰ এজন যুৱকৰ বিৰুদ্ধে এই অভিযোগ পৰিয়ালৰ । অভিযোগ অনুসৰি ৩৮ বছৰীয়া চিন্টু কলিতা আছিল ইপ্সিতাৰ দূৰ সম্পৰ্কীয় মোমায়েক, দূৰ সম্পৰ্কীয় মোমায়েকেই ইপ্সিতাক প্ৰেমৰ জালত পেলাই ধন সম্পত্তি দাবী কৰাৰো অভিযোগ পৰিয়ালৰ ।

ইপ্সিতাৰ লগত প্ৰেমৰ সম্পৰ্কত থকাৰ পাছতো আন এগৰাকী যুৱতীৰ সৈতে বিবাহ ঠিক কৰিছিল চিন্টুৱে এই কাৰণতেই মানসিকভাৱে ভাঙি পৰি চৰম পন্থা লোৱাৰ সন্দেহ পৰিয়ালৰ লোকৰ, চানমাৰি পিয়লি ফুকন পথত ঘৰ ইপ্সিতাৰ পৰিয়ালে অভিযুক্ত বুলি দাবী কৰা চিন্টু কলিতাৰ ।

মৃত্যুৰ পূৰ্বে ইপ্সিতাই পিতৃলৈ হোৱাটএপছ যোগে প্ৰেৰণ কৰিছিল এক বিশেষ মেছেজ। ইপ্সিতাই লিখিছিল 'পাপা মই দুঃখিত, মই এয়া কৰিবলগীয়া আছিল। সঁচাকৈয়ে মোৰ হাতত আন কোনো উপায় নাছিল। ইয়াৰ বাবে মই কাকো দোষ নিদিওঁ, সকলো মোৰ দোষ। আৰু সকলোৰে বিৰুদ্ধে যুঁজিবলৈ বহুত চেষ্টা কৰিছিলোঁ কিন্তু আৰু নোৱাৰো, মই যুঁজি ভাগৰি পৰিছো। I am just a loser papa... মই জানো এতিয়া মা সুখী হ'ব, মায়ে নহয়, তেওঁৰ আপোন মানুহবোৰো সুখী হ'ব। মায়েটো এনেও বিচাৰিছিলে মই মৰি যোৱাটো, মায়েটো এনেও কৈছিলে যে মই জন্ম পোৱাৰ লগে লগে মোক মাৰি পেলাব লাগছিল, মই মৰি গ'লেও মাৰ কোনো আপচোছ নহয় বুলি কৈয়ে দিছিল। বেলেগ একো নাই মই মাত্ৰ বিচাৰো তেওঁ সুখী হোৱাটো। মোৰ কাৰণে বহুত অশান্তি পাইছে মায়ে, মোৰ কাৰণে লাজ পাইছে, মোৰ কাৰণে মানুহৰ আগত মুখ দেখাব নোৱাৰা হৈছে গতিকে মই সকলোবোৰ সলনি কৰি দিছোঁ। সঁচাকৈয়ে তোমাৰ বেয়া ছোৱালী আছিল পাপা। মই যি ভাল পাইছিলো অকল সেইটোৱে কৰিছিলো কাৰো কথা নুশুনিচিলো কিন্তু, মায়ে অকল এটাই বিচাৰিছিল যে মই যাতে অকল মাৰ হিচাপত চলো, কিন্তু নোৱাৰু মই মাৰ হিচাপত চলিব। মোৰ হাতত আন কোনো অন্য উপায় নাছিল। এইটোৱেই একমাত্র উপায়, এতিয়া সবেই সুখী হ'ব। ক্ষমা কৰিবা পাপা মই আৰু এইটো সহ্য কৰিব নোৱাৰো। সঁচাকৈয়ে তুমি মোতকৈ ভাল কন্যাৰ যোগ্য, মই এই পৃথিৱীৰ আটাইতকৈ বেয়া ছোৱালী। তুমি কিবা আগৰ জন্মত পাপ কৰিছিলা চাগে, সেই কাৰণে মোৰ দৰে ছোৱালী এজনী পাইছা। ক্ষমা কৰিব পাপা, সঁচাকৈয়ে সঁচাকৈয়ে ক্ষমা কৰিবা। মোৰ কেতিয়াও জন্ম নহ'লে ভাল আছিল। মই তোমাক ভাল পাওঁ পাপা
আৰু মই দুখ পাইছো যে মই নিজৰ বাবে যুঁজিব পৰাকৈ শক্তিশালী হ'ব পৰা নাছিলো। ক্ষমা কৰিবা। মোৰ বহুত কথা আপোনাক ক'বলগীয়া আছিল যদিও ক'ব পৰা নাছিলো আৰু এতিয়া কথাবোৰ ক'বলৈ বহু পলম হৈ গ'ল। গতিকে মাত্র মোক যাবলৈ দিয়া এইটো সকলোৰে বাবে ভাল হ'ব। আৰু অনুগ্ৰহ কৰি তেওঁক মোৰ বিষয়ে জনাবা, মোৰ প্ৰতিটো মুহূর্ততে তেওঁক উপস্থিত থাকিব দিবা। মই পাপা জীয়াই থাকিব বিচাৰিছিলো, কিন্তু সিহঁতে মোক শান্তিৰে জীয়াই থাকিবলৈ নিদিলে। গতিকে নিজৰ শান্তি মই নিজে বাছি লৈছো ।

19/06/2025
ডিম্পু বৰুৱা ওপৰত এশাৰী লিখক।
18/06/2025

ডিম্পু বৰুৱা ওপৰত এশাৰী লিখক।

🚨 ইউটিউবাৰ ৰাব্বানী স্বয়ামৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ👉 মহানগৰীৰ ছয়মাইলত ব্যৱসায়ীক চু*ৰি*কাঘাতৰ ঘটনা 👉 ফলমূলৰ দোকানীক আ*ক্ৰম...
17/06/2025

🚨 ইউটিউবাৰ ৰাব্বানী স্বয়ামৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

👉 মহানগৰীৰ ছয়মাইলত ব্যৱসায়ীক চু*ৰি*কাঘাতৰ ঘটনা

👉 ফলমূলৰ দোকানীক আ*ক্ৰমণ কৰাৰ অভিযোগ ৰাব্বানী বিৰুদ্ধে

👉 এই ঘটনা কৰিয়েই পলায়ন কৰাৰ অভিযোগ ইউটিউবাৰগৰাকীৰ বিৰুদ্ধে

17/06/2025

ৰাজা ৰঘুবংশীক হত‍্যা কৰি দ ‘ খাৱৈত পেলাই দি অহা ৩ নৰপিশাচৰ ঘন অৰণ‍্যৰ যাত্ৰা কেমেৰাত বন্দী ।

17/06/2025

জনতাৰ ওপৰত একাংশ আৰক্ষী বিষয়াৰ উদণ্ড ৰূপ! স্থান - জালুকবাৰী

🔷শিৱসাগৰৰ গৌৰৱ প্ৰত্যাশা কলিতা🔷শিৱসাগৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী প্ৰত্যাশা কলিতাই ৯ জুনত গুগলৰ (Google) গুৰুত্বপূৰ...
17/06/2025

🔷শিৱসাগৰৰ গৌৰৱ প্ৰত্যাশা কলিতা
🔷শিৱসাগৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী প্ৰত্যাশা কলিতাই ৯ জুনত গুগলৰ (Google) গুৰুত্বপূৰ্ণ পদত যোগদান কৰে।
🔷শিৱসাগৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তথা ৰূদ্ৰসাগৰ নিবাসী ড° প্রফুল্ল চন্দ্ৰ কলিতা আৰু গৌৰীসাগৰ উচ্চতৰ মাধ্যমিক ইণ্ডাষ্ট্রিয়েল ইন্সটিটিউটৰ বিজ্ঞান শিক্ষয়িত্রী বেবী কলিতাৰ জ্যেষ্ঠ কন্যা প্রত্যাশা কলিতাৰ সাফল্যই সমগ্ৰ শিৱসাগৰ জিলাবাসীক উৎফুল্লিত কৰিছে। প্রত্যাশাই বিশ্বৰ আগশাৰীৰ কোম্পানী গুগলত পাঁচটা পৰ্যায়ত অনুষ্ঠিত হোৱা সাক্ষাৎকাৰত সফলতাৰে উত্তীৰ্ণ হৈ আয়াৰলেণ্ডত SWE III (চফ্‌টৱেৰ ইঞ্জিনিয়াৰ) পদত নিযুক্তি পাবলৈ সক্ষম হৈছে। আয়াৰলেণ্ডত এমাজন কোম্পানীত আঢ়ৈ বছৰে SDE-I (চফ্‌টৱেৰ ডেভেলপমেন্ট ইঞ্জিনিয়াৰ) পদত সফলতাৰে সেৱা আগবঢ়োৱা প্রত্যাশাই শেহতীয়াকৈ গুগলত লাভ কৰা নিযুক্তিয়ে শিৱসাগৰ বিশ্ববিদ্যালয়ৰ পৰিয়ালৰ লগতে জিলাবাসীক আনন্দিত কৰি তুলিছে।

গুৰুতৰভাৱে অসুস্থ প্ৰবীণ অভিনেতা জয়ন্ত ভাগৱতী । গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অভিনেতাগৰাকী। চিকিৎসালয়ৰ ব...
17/06/2025

গুৰুতৰভাৱে অসুস্থ প্ৰবীণ অভিনেতা জয়ন্ত ভাগৱতী । গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অভিনেতাগৰাকী। চিকিৎসালয়ৰ বিছনাৰ পৰাই অভিনেতাজনে বিচাৰিছে ৰাইজৰ আশীৰ্বাদ

15/06/2025


এইবাৰ কেদাৰনাথত হেলিকপ্তাৰ দুৰ্ঘটনা৷ ৫জনৰ মৃত্যু

Address

Guwahati

Website

Alerts

Be the first to know and let us send you an email when ViralNest posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share