Democratic ASSAM

Democratic ASSAM News & Infotainment website concerning THE INTEREST OF THE PEOPLE AT FIRST - UDYAM Regd-AS-26-0013792
(3)

28/05/2026

অসম বিধান সভাত পাৰিত হোৱা সম নাগৰিক সংহিতা (UCC) সন্দৰ্ভত পীযুষ হাজৰিকাৰ মন্তব্য।

সুসাহিত্যিক উপেন্দ্ৰনাথ বৰকটকীক অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সাহিত্য সন্মান প্ৰদান*প্ৰদান কৰিলে উপ-সভাপতি পদুম ৰাজখোৱা...
28/05/2026

সুসাহিত্যিক উপেন্দ্ৰনাথ বৰকটকীক অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সাহিত্য সন্মান প্ৰদান*

প্ৰদান কৰিলে উপ-সভাপতি পদুম ৰাজখোৱা আৰু প্ৰধান সম্পাদক দেৱজিৎ বৰাই ।

সন্মান গ্ৰহণ কৰি পৰম আহ্লাদিত উপেন্দ্ৰনাথ বৰকটকী

"সমাজৰ যিসকল গুণী ব্যক্তিয়ে নিজৰ কৰ্ম আৰু সৃষ্টিৰে অসমীয়া জাতীয় জীৱনক সমৃদ্ধ কৰিছে, অসমীয়া ভাষা সাহিত্যৰ ভঁৰাল চহকী কৰিছে, তেওঁলোকক এটা স্বী কৃতি দিয়া, তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা নিৱেদন কৰা আদি কামবোৰ সকলোৰে এটা সামাজিক দায়িত্ব । আজি সেই দায়িত্ব পালন কৰিয়েই নগাঁৱৰ বিশিষ্ট সাহিত্যিক, চিন্তাবিদ উপেন্দ্ৰনাথ বৰকটকীক অসম সাহিত্য সভাৰ ২০২৫-২৬ বৰ্ষৰ সভাপতিৰ বিশেষ সাহিত্য সন্মান প্ৰদান কৰে অসম সাহিত্য সভাই।

উল্লেখ্য কেইদিনমান পূৰ্বে গুৱাহাটীত অসম সাহিত্য সভাই আয়োজন কৰিছিল গাম্ভীৰ্যপূৰ্ণ সন্মান প্ৰদান অনুষ্ঠান । কিন্তু স্বাস্থ্যজনিত কাৰণত উপেন্দ্ৰনাথ বৰকটকী সন্মান প্ৰদান অনুষ্ঠানলৈ যাব নোৱৰাত আজি বৃহস্পতি বাৰে অসম সাহিত্য সভাৰ উপ-সভাপতি পদুম ৰাজখোৱা আৰু প্ৰধান সম্পাদক দেৱজিৎ বৰাৰ নেতৃত্বত স্থায়ী বিত্তীয় নিধিৰ আহ্বায়ক গোৱিন্দ কলিতা, কুঁহি উপ-সমিতিৰ আহ্বায়ক প্ৰশান্ত শইকীয়া, কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল বৰ্মন, নগাঁও আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক ৰেৱত হাজৰিকা, নগাঁও জিলা সাহিত্য সভাৰ সম্পাদক ৰাজীৱকুমাৰ হাজৰিকা, কবি মনোজকুমাৰ শৰ্মা, সাংগঠনিক সম্পাদক কুমুদ বৰা, অধৰ ঠাকুৰীয়া, কাৰ্যালয় সহায়ক দীপাংকৰ শইকীয়াসহ এটা সঁজাতি দলে তেখেতৰ ঘৰত উপস্থিত হৈ তেখেতক সভাপতিৰ বিশেষ সাহিত্য সন্মান প্ৰদান কৰে । এই বটাঁত আছে গামোচা, ফুলাম জাপি, কিতাপৰ টোপোলা, স্মাৰক, সভাৰ প্ৰতীকপট আৰু মানপত্ৰ । অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত গোস্বামীয়ে কিছু সময় অনুষ্ঠানত দূৰভাষযোগে উপস্থিত থাকি সাহিত্যিকগৰাকীক শ্ৰদ্ধা নিবেদন কৰে ।

28/05/2026

হাজোৰ দলৈতোলা ঈদগাহ ময়দানত পবিত্ৰ ঈদ উল আজহা'ৰ সমূহীয়া নামাজ আদায়

28/05/2026

নগাঁও জিলাত পবিত্ৰ ঈদ-উল-আজহা উদযাপনঃ সমূহীয়া নামাজ, বিশ্ব শান্তিৰ বাবে বিশেষ প্ৰাৰ্থনা

নগাঁও জিলাৰ ঈদগাহ সমূহত ইছলাম ধৰ্মাৱলম্বী লোকে সমূহীয়াভাৱে ঈদৰ নামাজ আদায় কৰা হয়। জিলা খনৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁও চহৰৰ ঐতিহ্যমণ্ডিত টাউন আঞ্জুমানে ঈদগাহ ময়দানত আয়োজিত সমূহীয়া নামাজত কেইবা সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে। এই সমূহীয়া নামাজত অংশগ্ৰহণ কৰে ধুবুৰীৰ সাংসদ তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে।

28/05/2026

👉প্রেম ভাতৃত্ব বোধ, বিশ্ব শান্তিৰ বাণী লৈ ইছলাম ধৰ্মালম্বী লোক সকলে পালন কৰে পবিত্ৰ ঈদ উল জোহা। সমগ্ৰ বিশ্বৰ লগতে দেশজুৰি ইছলাম ধৰ্মালম্বী লোক সকলে উদযাপন কৰে পবিত্ৰ ঈদ।
👉গুৱাহাটীৰ সাতগাও জামে মছজিদ প্ৰাঙ্গনতো আজি পুৱা কেইবাশতাধিক লোকে সমূহীয়াকৈ আদায় কৰে ঈদৰ নামাজ, লগতে বিশ্ব শান্তিৰ বাবে আল্লাৰ ওচৰত দোৱা কৰে। সোমবাৰ পুৱা ৭:৩০ বজাৰ পৰা আৰম্ভ হোৱা সমূহীয়া নামাজ।
👉মছজিদৰ নামাজ স্থলীৰ পৰা ৰাজ্যবাসীৰ লগতে সমগ্ৰ বিশ্বৰ মঙ্গল কামনা কৰি সকলোৰে মাজত শান্তি সম্প্ৰীতিৰ এনাজৰী ডাল অটুট থকাৰ বাবে আল্লাহৰ ওচৰত সমূহীয়া দোৱা কৰে ইছলাম ধৰ্মী লোক সকলে।

27/05/2026

🚨কোনো পিতৃ-মাতৃয়ে নিজৰ দিল্লীত থকা ১৮ বছৰীয়া সন্তানক লিভ ইনত থকাটো নিবিচাৰে। 🚨প্ৰথম তিনিজনী পত্নীৰ অনুমতি অবিহেন ৪ নম্বৰ জনী বিয়া কৰোৱাৰ নিয়ম পৃথিৱীত নাই। 🚨 সদনত UCCৰ সমৰ্থনত পীযুষ হাজৰিকাৰ মন্তব্য।

27/05/2026

ঈদৰ সময়ত গোধন কোৰবানি পৰিহাৰ কৰি অসমৰ ৮০০ৰো অধিক ঈদগাহ সমিতিয়ে আবেদন কৰিছে। অসমৰ সনাতনী সভ্যতাৰ প্ৰতি সন্মান জনাই ঈদগাহ সমিতিসমূহে লোৱা এই পদক্ষেপ সঁচাকৈয়ে প্ৰশংসনীয়। বিশ্বাস আৰু সামাজিক সম্প্ৰীতি ৰক্ষাৰ বাবে আমাৰ প্ৰতিশ্ৰুতি অব্যাহত থাকিব ।মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা Video Courtesy : Cm Facebook

তামিলনাডুৰ মুখ্যমন্ত্ৰী জোচেফ বিজয়ে  নতুন দিল্লী ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
27/05/2026

তামিলনাডুৰ মুখ্যমন্ত্ৰী জোচেফ বিজয়ে নতুন দিল্লী ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

27/05/2026

শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ কনফাৰেন্স হলত সংবাদমেল ।

শিৱসাগৰ নাজিৰা মাদুৰী ম'লা গাঁৱত যোৱা সোমবাৰে আৰক্ষী আৰু সন্দেহজনক আলফা স্বাধীনৰ সদস্যৰ মাজত হোৱা গুলীচালনা সন্দৰ্ভত সংবাদমেল সম্বোধন।

IGP (ER) সত্যৰাজ হাজৰিকাৰ সংবাদমেল সম্বোধন ।

27/05/2026

অসমত সম নাগৰিক সংহিতা (ইউ চি চি) গৃহীত হ'ল। Video Courtesy : Assam Legislative Assembly

27/05/2026

👉UCC বিধান সভাত UCC আইন গৃহীত হোৱাৰ লগে লগে মুখ্যমন্ত্ৰী ধন্যবাদ জ্ঞাপন আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ।

👉UCC আইনক লৈ পূৰ্ণ সমৰ্থন আদিবাসী কল্যান আৰু উন্নয়ন পৰিষদ।

👉নিৰ্বাচনৰ পূৰ্বে প্ৰতিশ্ৰুতি মতে মুখ্যমন্ত্ৰীয়ে বিধান সভাৰ অধিবেশনত UCC বিল প্ৰস্তাৱ কৰাক লৈ মুখ্যমন্ত্ৰী বিশেষ ভাবে ধন্যবাদ জ্ঞাপন কৰিলে আদিবাসী কল্যান আৰু উন্নয়ন পৰিষদৰ।

👉আদিবাসী কল্যান আৰু উন্নয়ন পৰিষদৰ উপ মুখ্য কাৰ্যবাহী পিতাৰ দাঙৰ হৈ কৰ্তব্যৰত বিষয়া ৰোগেশ্বৰ খন্দোৱালে মুখ্যমন্ত্ৰীক ধন্যবাদ জনালে।

Address

Guwahati

Alerts

Be the first to know and let us send you an email when Democratic ASSAM posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Democratic ASSAM:

Share