News Desk Northeast

News Desk Northeast নিৰ্ভীক, নিৰপেক্ষ আৰু সত্যনিষ্ঠ বাতৰি পৰিৱেশনৰ লগতে বিশ্বৰ জনা-নজনা অলেখ তথ্য যোগানৰ প্ৰয়াসেৰে, আমি আছো ৰাইজৰ বাবে, ৰাইজৰ পক্ষত...
News Desk Northeast

News Desk Northeast is a dedicated newsroom, which produces investigative and analytical reporting covering all the latest news from Assam and North-Eastern states.

অসমীয়া সংগীতৰ বৰ্ণিল ক্ষেত্ৰখনত শেহতীয়াভাৱে সংযোজন ঘটা এটি মনপৰশা অসমীয়া আধুনিক গীত “ফাগুন বলিছে”ৰ দৃশ্য-শ্ৰাব্য সংস্কৰণ...
13/05/2025

অসমীয়া সংগীতৰ বৰ্ণিল ক্ষেত্ৰখনত শেহতীয়াভাৱে সংযোজন ঘটা এটি মনপৰশা অসমীয়া আধুনিক গীত “ফাগুন বলিছে”ৰ দৃশ্য-শ্ৰাব্য সংস্কৰণ মুকলি কৰা হয় যোৱা ১৩ মে’ত গুৱাহাটীস্থিত লহৰ ডিজিটেল ষ্টুডিঅ’ত অনুষ্ঠিত হোৱা এখনি অনাড়ম্বৰপূৰ্ণ অনুষ্ঠানত৷ উন্মোচনী অনু্ঠানত উপস্থিত থাকে সংগীত পৰিচালক মানস হাজৰিকা, গায়ক চাজু, সম্পাদক আৰু গীতিটিৰ ভিডিঅ’ পৰিচালক তিৰাপ সীমান্ত মেধি, গায়িকা সুৰভী সোনমনি, সাংস্কৃতিক কৰ্মী মৃদুল হাজৰিকা আদি।
ইউটিউব’ত মুক্তিৰ পিছতেই দৰ্শকৰ আশাপ্ৰদ সঁহাৰি লাভ কৰিবলৈ সক্ষম হোৱা “এটি এটি কথা”ৰ পিছত এই বেলি গহপুৰৰ প্ৰতিভা সম্পন্ন কণ্ঠশিল্পী সুৰভী সোনমনি হাজৰিকাই “ফাগুন বলিছে” নামৰ নতুন ৰোমান্টিক গীতটিত কণ্ঠ নিগৰাইছে প্ৰতিভাশালী কণ্ঠশিল্পী ৰূপম ভূঞাৰ সৈতে। ৰূপম ভূঞা অসমীয়া সংগীত ক্ষেত্ৰখনৰ এটা জনপ্ৰিয় নাম।
ফাগুনক লৈ আজিকোপতি সৃষ্টি হৈছে বহু গীতৰ। ফাগুন মানেই যেন আকাশে-বতাহে সৰাপাতৰ মৃদু গুঞ্জন। ফাগুনৰ বতাহজাকেই অশান্ত৷ সেইজাক বতাহেই লৈ আহে প্ৰেমময় বাৰ্তা। পলাশৰ ৰঙেৰে উপচি পৰে এই অভিমানী ভালপোৱাবোৰ।
ফাগুন বুলিলেই যে হৃদয়বোৰত অহৰহ বাজে প্ৰেমৰ গান, নাচি উঠে মন, চঞ্চল হৈ পৰে হৃদয়। ঠিক এনে এক শ্বাশ্বত প্ৰেমৰ অনুভূতিয়েই গীতটিত প্ৰকাশ কৰিবলৈ বিচৰা হৈছে।
প্ৰিয়জনৰ সৈতে ভগাই লোৱা এটা আবেলিত শুনিবলৈ গীতটিক মুকলি কৰি দিয়া হৈছে এছ এছ প্ৰডাকচনৰ দ্বাৰা ইউটিউব চেনেলত। হিয়া জুৰ পেলোৱা নতুন উপস্থাপনা শৈলীৰ আবেদনময়ী “ফাগুন বলিছে” গীতটি কথা আৰু সুৰেৰে সজাইছে সুৰভী সোনমনিয়ে। কণ্ঠশিল্পী হোৱাৰ সামান্তৰালকৈ গীতিকাৰ আৰু সুৰকাৰ হিচাপেও সুৰভী সোনমনি সু-পৰিচিত। গীতটিত ৰূপম ভূঞা আৰু সুৰভী সোনমনিৰ গায়কীয়ে ইজনে সিজনক নিখুঁতভাৱে পৰিপূৰক কৰি তুলিবলৈ সক্ষম হৈছে৷ সাৱলীল শব্দৰে ভৰা গীতটিৰ অনুভূতি আৰু প্ৰকাশক জনপ্ৰিয় সংগীত পৰিচালক পলাশ গগৈৰ সাৱলীল সংগীত পৰিচালনাই অধিক শ্ৰুতিমধুৰ কৰি তুলিছে। গীতটিৰ ভিডিঅ’ পৰিচালনা আৰু সম্পাদনা কৰিছে তিৰাপ সীমান্ত মেধিয়ে। ভিডিঅ’ৰ দৃশ্যগ্ৰহণ কৰিছে অম্লান জ্যোতি ৰাজখোৱাই। আনহাতে, গীতটিত সুন্দৰ অভিনয়ৰ সৈতে আৰু অধিক সুন্দৰ কৰি তুলিছে অমিত কুমাৰ বৰা আৰু প্ৰীয়ম পল্লবীয়ে। গীতটিৰ মিক্সিং আৰু মাষ্টাৰিং’ৰ কাম কৰে মানশ হাজৰিকা (ষ্টুডিঅ' লহৰ) আৰু পিংকু দাসে ( AV Studio)।


অলপতে গুৱাহাটীৰ অ’ডিটেক ষ্টুডিঅ’ত এটি নতুন নিভাঁজ আৰু মিঠা অসমীয়া দৃশ্য-শ্ৰাব্য গীত “এটি এটি কথা” মুকলি কৰা হয়। গহপুৰৰ প...
26/03/2025

অলপতে গুৱাহাটীৰ অ’ডিটেক ষ্টুডিঅ’ত এটি নতুন নিভাঁজ আৰু মিঠা অসমীয়া দৃশ্য-শ্ৰাব্য গীত “এটি এটি কথা” মুকলি কৰা হয়। গহপুৰৰ প্ৰতিভাসম্পন্ন কণ্ঠশিল্পী সুৰভী সোনমনি হাজৰিকাৰ শ্ৰুতিমধুৰ কণ্ঠৰে ৰোমান্টিক গীতটি উন্মোচন কৰে বিশিষ্ট শিল্পী শান্তা উজীৰে। উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট সংগীতজ্ঞ মানস হাজৰিকা, জনপ্ৰিয় সংগীত পৰিচালক পলাশ গগৈ, সংগীতকাৰ দ্বীপ ৰাজবংশী, গায়ক চাজু আদিকে ধৰি সংগীত জগতৰ গণ্য-মান্য ব্যক্তিসকল।
এগৰাকী নাৰীৰ সীমাহীন ভালপোৱাৰ এক অনুভূতি গীতটিত প্ৰকাশ কৰিব বিচৰা হৈছে আৰু এই অনুভূতিত পোৱা-নোপোৱাৰ সুখ-দুখৰ প্ৰতিফলন ঘটিছে। অপূৰ্ব কথা, সুৰ আৰু কণ্ঠৰ সংমিশ্ৰণে অনন্য মাত্ৰা প্ৰদান কৰা “এটি এটি কথা” শীৰ্ষক দৃশ্য-শ্ৰব্য গীতটোত কণ্ঠশিল্পী সুৰভী সোনমনি হাজৰিকাই কণ্ঠদান কৰাৰ লগতে সুৰ আৰু ৰচনা কৰিছে। সাৱলীল শব্দৰে ভৰা গীতটিয়ে শিল্পী সুৰভী সোনমনি হাজৰিকাক তেওঁৰ গায়নশৈলীত পূৰ্ণতা প্ৰকাশ কৰাত সহায় কৰিছে।
গীতটিৰ অনুভূতি আৰু প্ৰকাশক জনপ্ৰিয় সংগীত পৰিচালক পলাশ গগৈৰ সাৱলীল সংগীত পৰিচালনাই অধিক শ্ৰুতিমধুৰ কৰি তুলিছে। গীতটিৰ ভিডিঅ’ পৰিচালনা আৰু সম্পাদনা কৰিছে অপুৰাজ গগৈয়ে। গীতটিত ভিডিঅ’ৰ ৰূপ দিছে চিনেমাটোগ্ৰাফাৰ অম্লান জ্যোতি ৰাজখোৱাই। আবেদনময়ী আৰু নিভাঁজ দৃশ্য-শ্ৰাব্য গীতটিত অভিনয় কৰিছে দীপাংকৰ মহন্ত, জুনু নাথ, অনুষ্কা কাশ্যপ, আমাইৰা দিত্য আৰু সুৰভী সোনমনি হাজৰিকাই ।
এছ এছ প্ৰডাকচনৰ দ্বাৰা নিবেদিত “এটি এটি কথা” গীতটি ইতিমধ্যে ইউটিউব চেনেল https://youtu.be/At4QHNmwtYw?si=4EPAjO2Dd0neHB0u যোগে সংগীতপ্ৰেমীসকলৰ বাবে মুকলি কৰি দিয়া হৈছে ।



অসমৰ সংগীত জগতৰ বাবে ইতিবাচক খবৰ। আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত উজলি উঠিল এটি অসমীয়া গীত! যোৱা ৯ মাৰ্চ তাৰিখে কলকাত...
12/03/2025

অসমৰ সংগীত জগতৰ বাবে ইতিবাচক খবৰ। আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত উজলি উঠিল এটি অসমীয়া গীত! যোৱা ৯ মাৰ্চ তাৰিখে কলকাতাৰ স্বামী বিবেকানন্দ প্ৰেক্ষাগৃহত পঞ্চম আন্তঃৰাষ্ট্ৰীয় ষ্টাৰ চলচ্চিত্ৰ মহোৎসৱ (5th International Star Film Festival) অনুষ্ঠিত হয়। এই মহোৎসৱত এইবাৰ বিশিষ্ট সঙ্গীত পৰিচালক সলিল চৌধুৰীৰ শতবাৰ্ষিকী হিচাপে উদযাপন কৰি বটা প্ৰদান কৰাৰ লগতে তেখেতৰ সোণসেৰীয়া গীতৰ অনুষ্ঠান আৰু নৃত্য প্ৰদৰ্শনেৰে প্ৰেক্ষাগৃহ মুখৰিত কৰি তোলে। এই মহোৎসৱত মুঠ ৬৫ খন দেশে যোগদান কৰে। ৪০টা শিতানত ২৯০টা বঁটা প্ৰতিযোগিতাত প্ৰদান কৰা হয়। অতি আনন্দৰ কথা যে ড০ অপৰ্ণা বুজৰবৰুৱাৰ কথা, সুৰ, সঙ্গীত পৰিচালনা আৰু সঙ্গীত ব্যৱস্থাপনাত তৈয়াৰ কৰি উলিওৱা “ৰুণ জুণ জুণ” – নামৰ গীতটোৱে শ্ৰেষ্ঠ ‘মিউজিক ভিডিঅ’ৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে। ড০ অপৰ্ণা বুজৰবৰুৱাক শ্ৰেষ্ঠ সঙ্গীত পৰিচালক হিচাপে সন্মানীয় ‘সলিল চৌধুৰী বঁটা’ আগবঢ়োৱা হয়। ই অসমৰ বাবে অতি গৌৰৱৰ কথা। গীতটোত কন্ঠদান কৰে ড০ সঙ্গীতা কাকতিয়ে আৰু মেঘৰঞ্জনী মেধিয়ে তেওঁৰ সুন্দৰ নৃত্যৰে অভিনয় কৰে। ভিডিঅ' পৰিচালনা কৰে অন্তৰীপ হাজৰিকাই। এই মিউজিক ভিডিঅটোৱে বৰ্তমানলৈকে চাৰিটা পুৰষ্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। ড০ অপৰ্ণা বুজৰবৰুৱা কটন কলেজৰ এগৰাকী উদ্ভিদ বিজ্ঞান বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপিকা, সাহিত্যিক, গীতিকাৰ, সুৰকাৰ, আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰথম আৰু একমাত্ৰ মহিলা সঙ্গীতকাৰ। সঙ্গীত পৰিচালক গৰাকীয়ে এই স্বীকৃতি অসমৰ সংগীত জগতৰ বাবে অত্যন্ত আশাপ্ৰদ খবৰ বুলি মত প্ৰকাশ কৰে৷


স্বনামধন্য সংগীত পৰিচালক, সংগীতজ্ঞ, শব্দযন্ত্ৰী শ্ৰদ্ধাৰ প্ৰয়াত ভূপেন উজীৰ দেৱৰ ৭২ সংখ্যক জন্মদিনটো অহা ৫ এপ্ৰিল, ২০২৫ ই...
28/02/2025

স্বনামধন্য সংগীত পৰিচালক, সংগীতজ্ঞ, শব্দযন্ত্ৰী শ্ৰদ্ধাৰ প্ৰয়াত ভূপেন উজীৰ দেৱৰ ৭২ সংখ্যক জন্মদিনটো অহা ৫ এপ্ৰিল, ২০২৫ ইং তাৰিখ শনিবাৰে “ভূপেন উজীৰ স্মৃতি ৰক্ষা সমিতি’’ৰ উদ্যোগত বিশেষভাৱে উদ্যাপন কৰিবলৈ মনস্থ কৰা হৈছে৷ তেখেতৰ জন্মদিনৰ লগত সংগতি ৰাখি তেখেতৰ সুন্দৰ চিৰসেউজ কেইটিমান নিৰ্বাচিত গীতৰ এখন Online প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে৷ প্ৰতিযোগিতা দুটা শাখাত অনুষ্ঠিত হ’ব৷ ‘ক’ শাখা ১৪ বছৰৰ অনুৰ্ধৰ আৰু ‘খ’ শাখা ১৪ বছৰৰ উৰ্ধৰ৷ দুয়োটি শাখাতে তিনিটাকৈ বঁটা থাকিব৷ প্ৰতিযোগিতাৰ নিয়মাৱলী তথা গীতসমূহ ইতিমধ্যেই ভূপেন উজিৰ স্মৃতি ৰক্ষা সমিটিৰ ফেচবুক পেজত (Bhupen Uzir Smriti Raksha Samiti) প্ৰকাশ কৰা হৈছে৷ প্ৰতিযোগীসকলে ২৫ মাৰ্চ, ২০২৫ ইং তাৰিখৰ ভিতৰত গীতৰ Video আমাৰ WhatsAhp নম্বৰত অথবা ইমেইল যোগে প্ৰৰণ কৰিব লাগিব৷ বিজয়ী প্ৰতিযোগীক ট্ৰফীৰ লগতে নগদ ধন আৰু মানপত্ৰ প্ৰদান কৰা হ’ব৷ প্ৰয়াত শিল্পীজনাৰ জন্মদিনটিত, অৰ্থাৎ অহা ৫ এপ্ৰিল, ২০২৫ তাৰিখে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত মাধৱদেৱ প্ৰক্ষাগৃহত “হিয়া ভৰা শুভকামনাৰে ২০২৫’’ শীৰ্ষক এক অন্তৰংগ সুৰৰ সন্ধিয়াৰ আয়োজন কৰা হৈছে৷ য’ত অসমৰ প্ৰতিষ্ঠিত আৰু ন-প্ৰজন্মৰ শিল্পীয়ে গীত পৰিৱেশন কৰাৰ লগতে প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ প্ৰতিযোগীক গীত পৰিৱেশন কৰিবলৈ দিয়া হ’ব৷ লগতে পুৰস্কৃত প্ৰতিযোগীক বঁটা প্ৰদান কৰা হ’ব৷ লগতে উক্ত অনুষ্ঠানতে জীৱনজোৰা সাধনাৰ বাবে তিনিজন বাদ্যযন্ত্ৰী আৰু শব্দযন্ত্ৰীক বিশেষ ভাৱে সন্মানীত কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ অনুষ্ঠানত সংগীতানুৰাগী ৰাইজৰ সহায়-সহযোগিতা আয়োজক সমিতিয়ে কামনা কৰিছে৷ উল্লেখযোগ্য যে অনুষ্ঠানটিত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগিতাৰ আশ্বাস পোৱা গৈছে।


যোৱা ৫ জানুৱাৰীত মহানগৰীৰ পূৱ-শৰণীয়াস্থিত পবিত্ৰ কুমাৰ ডেকা আৰ্কাইভ চৌহদত অনুষ্ঠিত এক অনাড়ম্বৰপূৰ্ণ অনুষ্ঠানত বিশিষ্ট ...
13/01/2025

যোৱা ৫ জানুৱাৰীত মহানগৰীৰ পূৱ-শৰণীয়াস্থিত পবিত্ৰ কুমাৰ ডেকা আৰ্কাইভ চৌহদত অনুষ্ঠিত এক অনাড়ম্বৰপূৰ্ণ অনুষ্ঠানত বিশিষ্ট সাংবাদিক, লেখক তথা ৰূপকাৰ আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক পবিত্ৰ কুমাৰ ডেকাৰ স্মৃতিত প্ৰদান কৰা সন্মানীয় ৰূপকাৰ বঁটা বিশিষ্ট চিত্ৰ সমালোচক তথা ৰাষ্ট্ৰীয় বঁটা বিজয়ী উৎপল দত্তক ২০২৩ আৰু বিশিষ্ট চলচ্চিত্ৰ পৰিচালক তথা মঞ্চ-চলচ্চিত্ৰ অভিনেতা সঞ্জীৱ হাজৰিকাক ২০২৪ বৰ্ষৰ বাবে ‘ৰূপকাৰ বঁটা’ প্ৰদান কৰা হয়।
২০১১ চনৰ পৰা পবিত্ৰ কুমাৰ ডেকা আৰ্কাইভৰ দ্বাৰা প্ৰৱৰ্তন কৰা 'ৰূপকাৰ বঁটা' অনুষ্ঠানত বহু বিশিষ্ট লোকৰ উপস্থিতিত বিশিষ্ট চিত্ৰশিল্পী চন্দন চুতীয়াই দুয়ো গৰাকী বঁটা প্ৰাপককে ৰূপকাৰ বঁটা প্ৰদান কৰে।
“বহু বিশিষ্ট লেখকৰে পৰিৱেস্তিত হৈ থকাৰ পাছতো পবিত্ৰ কুমাৰ ডেকাই আমাৰ দৰে নতুন ডেকাবোৰক মাতি আনি ৰূপকাৰ’ত লিখাৰ বাবে উদগনি দিছিল। ‘ৰূপকাৰ’ এখন আলোচনীয়েই নহয়, আমাৰ বাবে ৰূপকাৰ আছিল সাংস্কৃতিক সাংবাদিকতা শিকাৰ বিদ্যালয়,” ৰূপকাৰ বঁটা গ্ৰহণ কৰি এই মন্তব্য কৰে লেখক চলচ্চিত্র নিৰ্মাতা উৎপল দত্তই।
বঁটা গ্ৰহণ কৰি অন্যতম বঁটা প্ৰাপক চলচ্চিত্র পৰিচালক সঞ্জীৱ হাজৰিকাই সাংবাদিক পবিত্ৰ কুমাৰ ডেকাই কিদৰে ৰূপকাৰত লিখিবলৈ উৎসাহিত কৰিছিল তাৰ স্মৃতিচাৰণ কৰে। চিত্ৰ সাংবাদিক বিদ্যুৎ কুমাৰ ভূঞাই সঞ্চালনা কৰা বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকি অসম বাণী কাকতৰ সম্পাদক দিলীপ চন্দনে ছাত্ৰাৱস্থাত পবিত্ৰ কুমাৰ ডেকাৰ সান্নিধ্যলৈ আহি কিদৰে চিত্ৰ সাংবাদিক হিচাপে সাংবাদিকতাৰ জীৱন আৰম্ভ কৰিছিল তাৰ স্মৃতিচাৰণ কৰি তেওঁৰ প্ৰথমখন উপন্যাস ‘মাজুলিত এতিয়া গধূলি’ ৰূপকাৰত প্ৰকাশ পোৱাৰ কথাও ব্যক্ত কৰে।
অনুষ্ঠানত মুকাভিনেতা মইনুল হকে তেওঁ আৰু প্ৰয়াত অভিনেতা জয়ন্ত দাসে কিদৰে জীৱনত ভাল মানুহ হোৱাৰ বাবে পবিত্ৰ কুমাৰ ডেকাৰ কাষ চাপিছিল ৰসিকতা কৰি কয়। নাট্য কৰ্মী নয়ন প্ৰসাদে পবিত্ৰ কুমাৰ ডেকাৰ সান্নিধ্যলৈ আহি কিদৰে লিখিবলৈ ললে, সাংবাদিক মৃণাল কুমাৰ বৰাই পবিত্ৰ ডেকাৰ সান্নিধ্যলৈ আহি কেনেকৈ বহু বিখ্যাত লোকৰ ওচৰ চাপিবলৈ সাহস পাইছিল স্মৃতিচাৰণ কৰি কয়।
অনুষ্ঠানত ৰাণা ডেকা, নয়ন প্ৰসাদ, ম‌ইনুল হক, হেমন্ত কুমাৰ দাস, নম্ৰতা দত্ত, দিলীপ চন্দন, মৃণাল কুমাৰ বৰা, মণ্টু শইকীয়া, অমৰদ্বীপ গগৈ, হেমন্ত দেৱনাথ, জিতুমণি বৰা, ৰ'জি বৰা, ধনজিত দাস, হেমচন্দ্ৰ পাঠক প্ৰমুখ্যে ভালেমান গণ্য-মান্য লোক উপস্থিত থাকে।


'শেৱালী তুমি ফুলিছা শাৰদী ৰাতি' গীতৰ শুভমুক্তিযোৱা তিনিটা দশক ধৰি অসমৰ সংগীত প্ৰেমীৰ মাজত এজন কণ্ঠশিল্পী, সুৰকাৰ হিচাপে ...
06/01/2025

'শেৱালী তুমি ফুলিছা শাৰদী ৰাতি' গীতৰ শুভমুক্তি

যোৱা তিনিটা দশক ধৰি অসমৰ সংগীত প্ৰেমীৰ মাজত এজন কণ্ঠশিল্পী, সুৰকাৰ হিচাপে অতি চিনাকি নাম মুনীন্দ্ৰ শইকীয়া। অসমৰ সংগীতপ্ৰেমীৰ বাবে সুখবৰ যে অলপতে এটি সুন্দৰ গীত 'শেৱালী তুমি ফুলিছা শাৰদী ৰাতি' মুনীন্দ্ৰ শইকীয়াৰ কণ্ঠত অসমৰ ৰাইজৰ বাবে মুকলি কৰি দিয়া হয়। গীতৰ কথা অসমৰ প্ৰখ্যাত তবলা বাদক আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ শিল্পী প্ৰয়াত পুষ্পকান্ত বৰাৰ। সুৰ আৰু কণ্ঠ মুনীন্দ্ৰ শইকীয়াৰ, সংগীতেৰে সজাইছে চিৰপৰিচিত সংগীত পৰিচালক অভিজিত বৰ্মনে।মনোমোহা হোৱা এই গীতটিৰ কথাৰ লগতে সুৰৰ সংমিশ্ৰণ অতি সুন্দৰ হৈছে। গীতটি মুনীন্দ্ৰ শইকীয়াৰ কণ্ঠত প্ৰাণ পাই উঠিছে। গীতটিত অসমৰ বহুকেইজন বিশিষ্ট বাদ্যযন্ত্ৰীয়ে অংশগ্ৰহণ কৰি সহায়ৰ হাত আগবঢ়ায়। তেখেতসকল হ'ল তবলাবাদক দিলীপ মজুমদাৰ আৰু ভাষ্কৰ ওজা, বিশিষ্ট বাঁহীবাদক পৰমেশ্বৰ বসুমতাৰী লগতে গীতাৰ সঙ্গত কৰিছে অসমৰ বিশিষ্ট গীতাৰবাদক তপন দাসে৷ গীতটি নিশ্চয় অসমৰ ৰাইজে আদৰি ল'ব৷ মুনীন্দ্ৰ শইকীয়াই অসমৰ সংগীতৰ ক্ষেত্ৰখনত বহুকেইজন বিশিষ্ট গীতিকাৰৰ গীতত সুৰ সংযোজন কৰি অসমৰ ৰাইজক উপহাৰ দিবলৈ সক্ষম হৈছে৷ শইকীয়াই যিসকল গীতিকাৰৰ গীতত সুৰ আৰু কণ্ঠদান কৰিছে তাৰ ভিতৰত বনকোঁৱৰ আনন্দিৰাম দাস, কবি, গীতিকাৰ হীৰেণ ভট্টাচাৰ্য, সাহিত্যিক, গীতিকাৰ ড॰ নিৰ্মলপ্ৰভা বৰদলৈ, গীতিকাৰ কৌস্তভমণি শইকীয়া, গীতিকাৰ কেশৱ দত্ত, গীতিকাৰ মনোহৰ কলিতা, গীতিকাৰ মধু পাটোৱাৰী, ডাঃ মৃণাল চৌধুৰী, গীতিকাৰ ড॰ অৰবিন্দ দেৱনাথ, গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী, কণ্ঠসূৰ্য্য জিতেন ডেকা, গীতিকাৰ উপানন্দ তালুকদাৰ, গীতিকাৰ হীৰেণ গোস্বামী আদি উল্লেখযোগ্য৷ মুনীন্দ্ৰ শইকীয়াৰ লগতে তেখেতৰ গীত সমূহত কণ্ঠদান কৰিছে তেখেতৰ সহধৰ্মিনী ড০ অনামিকা ডেকা, সবিতা বৰ্মন, অনিতা বৰঠাকুৰ আদি৷ মুনীন্দ্ৰ শইকীয়াই অসমৰ বিশিষ্ট বিহুগীতৰ শিল্পী বিমান বৰুৱাৰ পৰিচালনাত বিহুগীতো বাণীবদ্ধ কৰিছে৷ মুনীন্দ্ৰ শইকীয়াই বৰ্তমান অসমৰ আপুৰুগীয়া সম্পদ বনগীতসমূহৰ প্ৰচাৰত বিশেষভাৱে উদ্যোগ লৈছে৷ তেখেতে বনকোঁৱৰ আনন্দিৰাম দাসৰ ৰচিত বনগীতসমূহ প্ৰচাৰ আৰু সংৰক্ষণৰ কাৰণে অসমৰ বিভিন্ন ঠাইত কৰ্মশালাৰ আয়োজন কৰি নতুন প্ৰজন্মৰ মাজত প্ৰচাৰৰ ব্যৱস্থা কৰি আহিছে৷ তেখেতে বৰ্তমান অসমৰ অগ্ৰণী অনুষ্ঠান যুৱতীৰ্থ, কণ্ঠশিল্পী জিতেন ডেকা সোৱৰণী মঞ্চ, ৰাসিক, সদৌ অসম শিল্পী সমাজৰ লগত জড়িত হৈ অসমৰ সংগীত ক্ষেত্ৰখনত যথেষ্ট বৰঙণি আগবঢ়াই আহিছে৷ তেখেতে এতিয়ালৈ অসমৰ ৰাইজক উপহাৰ দিয়া শ্ৰাৱ্য সফুৰা সমূহ হ’ল – ৰানুমাই, অনুৰাগ, তই কোন বিৰিখৰ পক্ষী, আবেগৰ বা, ভদীয়া লুইতৰ ধল, সোণৰ সোলেং, স্বচ্ছ ভাৰত ভিত্তিত শ্ৰাব্য সফুৰা, ৰংঘৰৰ বাকৰি, জীৱনৰে পণ, মই ঘূৰাই আনিব খোজো, আহিন অহা বাটে, বৰনৈ শুৱনি, ধনপুৰ অ মন পুৰ অ, এজাক চৰাই, কথাৰে তোমাক, আজি শাওণৰ, তুমি নতুন পুৰুষ, হৈয়া দৈয়াং, সন্ধিয়া বেলিকা, বিৰুবালা ৰাভা ওপৰত গীত আদি বহুতো৷ লগতে তেখেতে বনগীতৰ প্ৰচাৰ আৰু সংৰক্ষণৰ কামৰ বাবে যোৱা ২০১৯ চনত দিল্লীৰ ৰাজেন্দ্ৰ ভৱনত ভাৰতৰ প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী বাবু জগজীৱন ৰাম ৰাষ্ট্ৰীয় সমন্বয় পদক ২০১৯ লাভ কৰে৷ ২০০২ চনৰ ২০ জুনত সমন্বয় ফাউণ্ডেচনে শইকীয়াক বিষ্ণুৰাভা দিৱসত 'কলাগুৰু বিষ্ণুৰাভা' বঁটা প্ৰদান কৰে৷ মুনীন্দ্ৰ শইকীয়াৰ দ্বাৰা অসমৰ সংগীত জগতখন আৰু বহুতো চহকী হওঁক তাকে কামনা কৰিলোঁ৷


ৰাতিপুৱা ১০.০৩ বজাত মৃদু ভূমিকম্পই কঁপালে অসম। ৰিখটাৰ স্কেলত ভূমিকম্পৰ মাপ আছিল ৪.১। পুনৰ ভূমিকম্পৰ জোকাৰণিৰ আশংকা।     ...
03/01/2025

ৰাতিপুৱা ১০.০৩ বজাত মৃদু ভূমিকম্পই কঁপালে অসম। ৰিখটাৰ স্কেলত ভূমিকম্পৰ মাপ আছিল ৪.১। পুনৰ ভূমিকম্পৰ জোকাৰণিৰ আশংকা।


খাৰঘূলিত পুনৰ জলবিষ্ফোৰণ: জনতাৰ হাহাকাৰখাৰঘূলি এলেকাত জাইকা পানী যোগান প্ৰকল্পৰ পাইপ ফাটি সংঘটিত হোৱা জলবিষ্ফোৰণৰ ঘটনাৰ ...
02/01/2025

খাৰঘূলিত পুনৰ জলবিষ্ফোৰণ: জনতাৰ হাহাকাৰ

খাৰঘূলি এলেকাত জাইকা পানী যোগান প্ৰকল্পৰ পাইপ ফাটি সংঘটিত হোৱা জলবিষ্ফোৰণৰ ঘটনাৰ মাহচেৰেক পাছতেই ইয়াৰ দ্বিতীয় সংস্কৰণ দেখিবলৈ পোৱা গ'ল আজি ২ জানুৱাৰী, ২০২৫ বৰ্ষ, বৃহস্পতিবাৰে। ৰাতিপুৱা প্ৰায় ০৯:৫০ত হোৱা এই বিষ্ফোৰণে সমগ্ৰ অঞ্চলবাসীক সচকিত কৰি তোলে। উল্লেখযোগ্য যে, বিগত বৰ্ষতো গুৱাহাটীৰ ঠায়ে ঠায়ে পাইপ ফাটি হোৱা জলবিষ্ফোৰণৰ খবৰে বাতৰিৰ শিৰোনাম দখল কৰিছিল। তাৰোপৰি, এই খাৰঘূলি এলেকাতেই ২৫ মে', ২০২৩ তাৰিখে পানীৰ পাইপ ফাটি অঞ্চলবাসীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। কিন্তু, অতি পৰিতাপৰ বিষয় যে ইমানৰ পাছতো বিভাগীয় কৰ্তৃপক্ষই এইক্ষেত্ৰত এক আটিল ব্যৱস্থা গ্ৰহণৰ কথা ভাবিবলৈ ১ শতাংশ শক্তি খৰচ নকৰিলে। পানীৰ পাইপ বিষ্ফোৰণৰ ঘটনাক এনেদৰে উলাই কৰি দিয়া হ'ল যেন এয়া কোনো সমস্যাই নহয়। আজিৰ ঘটনাৰ পৰৱৰ্তী সময়ত সংশ্লিষ্ট বিষয়াৰে ঠাইখণ্ড ভৰি পৰে যদিও সেইপৰ্যন্ত সংঘটিত হোৱা ক্ষতি প্ৰতিৰোধৰ কোনো অৱকাশ নাথাকে, যাৰ ফলত বহুকেইটা ঘৰ, কেবাখনো গাড়ীৰ লগতে দোকান-পোহাৰ তচনচ হৈ যায়। কৰ্তৃপক্ষৰ হেমাহি, মানুহৰ জীৱনক মূল্যহীন কৰি চলোৱা কাম-কাজে এতিয়া অঞ্চলটোৰ ৰাইজক বাৰুকৈ আমনি দিবলৈ লৈছে। তাৰেই প্ৰতিফলন ঘটাই স্থানীয় ৰাইজে 'জাইকাৰ পানী নালাগে' বুলি চিঞৰি চিঞৰি ক'বলৈ কুণ্ঠাবোধ কৰা নাই। অতি হাস্যকৰভাৱে, সমগ্ৰ প্ৰকল্পটোৰ সৈতে জড়িত হৈ থকা জল বোৰ্ডে আজিৰ এই কাণ্ডক এক দুৰ্ভাগ্যজনক ঘটনা বুলি নিৰ্লজ উপমা দিয়াৰ সাহস কৰিছে। এনেধৰণৰ কৈয়েই দায় সৰা স্বভাৱ নাকৰ আগত ৰাখি কাম কৰা মনোভাৱৰ বাবেই ৰাইজক যাতনা দিয়া ঘটনাবোৰৰ ভিন ভিন সংস্কৰণ সময়ে সময়ে দেখিবলৈ পোৱা যায়। ঘটনাৰ পৰিপ্ৰেক্ষিতত জনৈক নেতাই 'পানীৰ চাপৰ বাবে বিষ্ফোৰণ হৈছে' বুলি মন্তব্য প্ৰকাশ কৰাৰ তথ্য পোহৰলৈ আহিছে। প্ৰশ্ন হয়, এনেধৰণৰ মন্তব্য প্ৰকাশৰ দ্বাৰা ওপৰ মহলে সাধাৰণ ৰাইজক কেৱল জ্ঞানেই দি থাকিব নে এনে ঘটনা পুনৰ নঘটিবলৈ কাৰ্যপন্থাও হাতত ল'ব? কিয়নো, কেৱল জ্ঞানেই সমস্যাৰ সমাধান কৰাহেতেন পূৰ্বতে একে অঞ্চলতে হৈ যোৱা একে ঘটনা আজি পুনৰ সংঘটিত নহ'লহেতেন। ৰাইজৰ তেজ শুহি ৰাইজকেই বুঢ়া আঙুলি দেখুৱাই কৰা কামৰ ফল কেতিয়াও ভাল হ'ব নোৱাৰে। আজিৰ এই জলবিষ্ফোৰণৰ ঘটনাৰ ক্ষেত্ৰত পৰৱৰ্তী সময়ত বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব।



৬ ডিচেম্বৰৰ পৰা ৮ ডিচেম্বৰলৈ মালিগাঁও বৰিপাৰাৰ কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত অভিনয় আৰু সংগীত প্ৰতিষ্ঠান ‘গন্ধৰ্ব...
11/12/2024

৬ ডিচেম্বৰৰ পৰা ৮ ডিচেম্বৰলৈ মালিগাঁও বৰিপাৰাৰ কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত অভিনয় আৰু সংগীত প্ৰতিষ্ঠান ‘গন্ধৰ্ব’ই বিংশতিতম বৰ্ষপূৰ্তিত আয়োজন কৰা দুদিনীয়া গন্ধৰ্ব নাট মহোৎসৱ, জীৱন শিল্পী আদ্য শৰ্মা সোঁৱৰণী চিত্ৰাঙ্কণ প্ৰতিযোগিতা আৰু ৮ ডিচেম্বৰত চতুৰ্দশ বাৰ্ষিক সদৌ অসম ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ সফল সামৰণি পৰিছে৷
দ্বিতীয় বাৰ্ষিক গন্ধৰ্ব নাট মহোৎসৱৰ ৬ ডিচেম্বৰৰ নাট্য সন্ধিয়াৰ মঞ্চ উদ্বোধন কৰি বিশিষ্ট শিক্ষাবিদ, নাট্যকাৰ, পৰিচালক, অধ্যাপক নৰেন পাটগিৰিয়ে তেওঁৰ চমু ভাষণত নাটকৰ সমাজ সংস্কাৰত থকা ভূমিকাৰ বিষয়ে ব্যাখ্যা দাঙি ধৰে৷ উদ্বোধকগৰাকীয়ে লেখক, নাট সমালোচক অতুল মজুমদাৰৰ ‘নাট্য প্ৰবাহ’ শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰি লেখকগৰাকীয়ে দীৰ্ঘদিন ধৰি কৰি অহা গৱেষণামূলক তথ্যানুসন্ধানী কৰ্মৰ ভূয়সী প্ৰশংসা কৰে৷ নাট্য সন্ধিয়াটিত ৬.৩০ বজাত হিমজ্যোতি বৈশ্য ৰচিত, ধ্ৰুৱজ্যোতি কুমাৰ পৰিচালিত আৰু অখিলেশ হাজাৰী, প্ৰদ্যুৎ বিকাশ দাস, দীপান্বিতা দাস আৰু পাৰ্থ প্ৰতিম পাঠক অভিনীত, গন্ধৰ্বৰ স্ব-প্ৰযোজনাৰ নাট ‘দৃষ্টান্ত’ সফলতাৰে মঞ্চস্থ কৰা হয়৷ ‘দৃষ্টান্ত’ নাটখনিৰ জৰিয়তে বৰ্তমান সময়ৰ সাংস্কৃতিক (বিশেষকৈ সংগীত) ক্ষেত্ৰখনত ঘটি থকা অৱক্ষয়ৰ প্ৰতিচ্ছবিখন ব্যঙ্গৰ মাজেৰে হুবহু ৰূপত দাঙি ধৰি শেষত কেন্দ্ৰীয় চৰিত্ৰৰ মুখত দিয়া সংলাপৰ জৰিয়তে দৰ্শক ৰাইজৰ চেতনা জাগ্ৰত কৰাৰ যি প্ৰয়াস কৰা হৈছে, সি সঁচাকৈ প্ৰসংশনীয়৷ উপস্থিত দৰ্শকৰ তাৎক্ষণিক সঁহাৰিয়ে সময়োপযোগী বিষয়বস্তুৰ উপস্থাপনৰ জৰিয়তে দৰ্শকৰ মনোজগতত ৰেখাপাত কৰিবলৈ নাট্যদলটি যে সক্ষম হৈছে সেই কথা প্ৰতীয়মান হৈছে৷ সন্ধিয়া ৭:৩০ বজাত মঞ্চস্থ কৰা নৰেন পাটগিৰি ৰচিত-পৰিচালিত তথা চাংকু নিৰঞ্জন আৰু নম্ৰতা দাস অভিনীত ভাৰতীয় গণ নাট্য সংঘৰ গুৱাহাটী শাখাৰ নাট ‘প্ৰিয়বন্ধু’ৰ মাজেৰে প্ৰকাশ পোৱা অৰ্থপূৰ্ণ বক্তব্যই দৰ্শকক আপ্লুত কৰে৷ ৭ ডিচেম্বৰৰ সন্ধিয়া মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে উদ্বোধন কৰাৰ পিছতে বিছমিল্লা খাঁ বঁটা বিজয়িনী নৃত্যাঙ্গনা ডিম্পী বৈশ্যৰ সত্ৰীয়া নৃত্যৰ পৰিবেশনাই দৰ্শকক মুগ্ধ কৰে৷ নৃত্যানুষ্ঠানৰ পিছতে নটসূৰ্য, গুৱাহাটীৰ দ্বাৰা পৰিবেশিত অভিজিৎ ৰঞ্জন ভট্টাচাৰ্য ৰচিত, মন্মথ বৰুৱা পৰিচালিত, অমিতাভ ৰাজখোৱা, মন্মথ বৰুৱা, বিজিত দেৱ চৌধুৰী, মীনা ইংতি, মনোজ দাস, ধনজিৎ শৰ্মা আৰু হাৰাধন চৰকাৰ অভিনীত ব্যঙ্গ নাট ‘হালধীয়া মানুহ’ৰ হাস্য-ব্যঙ্গ উপস্থাপনাৰ মাজেৰে সামাজিক অৱক্ষয়ৰ এখন নিভাজ ছবি দাঙি ধৰা হৈছে৷
নাট্যানুষ্ঠানৰ আগেয়ে অনুষ্ঠিত জীৱনশিল্পী আদ্য শৰ্মা সোঁৱৰণী চিত্ৰাঙ্কণ প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান অধিকাৰ কৰি বঁটা লাভ কৰে যথাক্ৰমে ৰোহন কাশ্যপ (পূৰ্ণকান্ত দাস সোঁৱৰণী বঁটা), সৃষ্টি ধৰ (কমলাকান্ত দাস সোঁৱৰণী বঁটা) আৰু মৃদুল শইকীয়া (বিমল চন্দ্ৰ হাজৰিকা সোঁৱৰণী বঁটা)। ৮ ডিচেম্বৰৰ ৰাতিপুৱা গন্ধৰ্বৰ চতুৰ্দশ বাৰ্ষিক সদৌ অসম ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা আৰম্ভ হোৱাৰ আগেয়ে ‘গন্ধব’ৰ পতাকা উত্তোলন কৰে বিশিষ্ট সংগীত শিল্পী ৰসানন্দ গগৈয়ে৷ প্ৰতিযোগিতাৰ মঞ্চ মুকলি কৰে আন এগৰাকী বিশিষ্ট সংগীত শিল্পী কমল কটকীয়ে৷ প্ৰায় চাৰিকুৰি প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত ‘ক’ শাখাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান অধিকাৰ কৰি বঁটা পাবলৈ সক্ষম হয় যথাক্ৰমে গুৱাহাটীৰ শাশ্বত দত্ত (যুগমায়া বৈশ্য সোঁৱৰণী বঁটা), নগাঁৱৰ আয়ুশ্ৰী দাস (হৰেকৃষ্ণ কুমাৰ সোঁৱৰণী বঁটা) আৰু সৰুপেটাৰ শ্ববনম য়াচমিনা ৰহমান (সভাপ্ৰিয়া বৈশ্য সোঁৱৰণী বঁটা)৷ ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ ‘খ’ শাখাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান অধিকাৰ কৰি বঁটা পাবলৈ সক্ষম হৈছে যথাক্ৰমে বিশ্বনাথ চাৰিআলিৰ সম্ৰাজ্ঞী কাশ্যপ (আইকণ ডেকা সোঁৱৰণী বঁটা), নলবাৰীৰ জেনিফাৰ আহমেদ (পুতুল চন্দ্ৰ দাস সোঁৱৰণী বঁটা) আৰু গুৱাহাটীৰ ভাস্বতী ৰাজবংশী (বনফুল ভূঞা সোঁৱৰণী বঁটা)৷ ভূপেন্দ্ৰ সংগীতৰ বিচাৰকৰ আসন শুৱনি কৰে বিশিষ্ট সংগীত শিল্পীদ্বয় বসানন্দ গগৈ আৰু কমল কটকীয়ে৷ গন্ধৰ্ব নাট মহোৎসৱ, জীৱন শিল্পী আদ্য শৰ্মা সোঁৱৰণী চিত্ৰাংকণ প্ৰতিযোগিতা আৰু ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী সমূহ শিল্পীলৈ গন্ধৰ্বৰ সভাপতি গৌতম কুমাৰ আৰু সম্পাদক ধ্ৰুৱজ্যোতি কুমাৰে শলাগৰ শৰাই আগবঢ়ায়৷ সভাপতি আৰু সম্পাদক দুয়োগৰাকীয়ে সহৃদয় দৰ্শক আৰু বিচাৰক মণ্ডলীৰ আন্তৰিকতাপূৰ্ণ সহযোগৰ বাবেও কৃতজ্ঞতা জনায়৷


‘‘গানৰ মাজৰ মিঠা সোৱাদটো বৰ্তমান সময়ত ক’ৰবাত যেন হেৰাই গৈছে ৷ যিটো প্ৰয়োজনীয়৷” অলপতে গুৱাহাটী প্ৰেছ ক্লাবত তনুজা চেতীয়াৰ...
28/10/2024

‘‘গানৰ মাজৰ মিঠা সোৱাদটো বৰ্তমান সময়ত ক’ৰবাত যেন হেৰাই গৈছে ৷ যিটো প্ৰয়োজনীয়৷” অলপতে গুৱাহাটী প্ৰেছ ক্লাবত তনুজা চেতীয়াৰ কণ্ঠৰ ‘‘কবিতা কবিতা লগা গান’’ শীৰ্ষক শ্ৰুতিমধুৰ গীতটিৰ দৃশ্য-শ্ৰাব্য সংস্কৰণ এটি উন্মোচন কৰি প্ৰখ্যাত কণ্ঠশিল্পী মনীষা হাজৰিকাই আবেগিকভাৱে এইদৰে ব্যক্ত কৰে। লগতে সংগীতৰ শ্ৰুতিমধুৰতাৰ যি ধাৰা সেয়া ‘কবিতা কবিতা লগা গান’ শীৰ্ষক গীতটিয়ে সুন্দৰভাৱে ধৰি ৰাখিবলৈ সক্ষম হোৱাৰ বাবে গীতটিৰ সংগীতকাৰ, গীতিকাৰ, সুৰকাৰ মানস হাজৰিকা, ভিডিঅ’ পৰিচালনা তথা সম্পাদনাৰ কাম কৰা অন্তৰীপ হাজৰিকা তথা গীতটি সাৱলীল অভিনয়েৰে প্ৰাণময় কৰি তোলা নীল দাস আৰু মেঘৰঞ্জনী মেধি আদিকো মনীষা হাজৰিকাই ভূয়সী প্ৰশংসা কৰে৷
একেধাৰে বিশিষ্ট ফেশ্বন ডিজাইনাৰ, ৰেইকিৰ গ্ৰেণ্ডমাষ্টাৰ তথা কণ্ঠশিল্পী তনুজা চেতীয়াই জনোৱা মতে, গীতটি মুক্তি পোৱাৰ ১৪ বছৰ পাছত ভিডিঅ’ ৰূপ পোৱা কথাটোৱে শিল্পীগৰাকীৰ এটি দীৰ্ঘদিনীয়া সপোন দিঠকত পৰিণত কৰিছে৷ এটা মধুৰ, সুবাসিত সোঁৱৰণ, এটা মিঠা স্মৃতি এই গীতটিৰ দ্ধাৰা সুন্দৰকৈ প্ৰকাশ পাইছে। অনুষ্ঠানটিৰ মাজতে বিশেষ ব্যস্ততাৰ বাবে উপস্থিত থাকিব নোৱৰা কণ্ঠশিল্পী জে.পি. দাসেও এটি ভিডিঅ’ ক্লিপযোগে গীতটিৰ শিল্পী আৰু কলা-কুশলীসকললৈ শুভেচ্ছা আৰু আশিষ জনায়৷ দৃশ্য-শ্ৰাব্য সংস্কৰণটিৰ চিনেমাট’গ্ৰাফাৰ ছাজ্জাদ হুছেইন, মেকআপত আছে ৰেচমিনা য়েছমিন, সন্ধ্যা বড়ো আৰু মিনতি ডেকা৷ গীটাৰত ড॰ মৃণাল দাস৷ ‘কবিতা কবিতা লগা গান’ৰ মিক্সিঙৰ কাম কৰিছে লহৰ ডিজিটেলে৷
অনুষ্ঠানটিত গীতটিৰ সৈতে জড়িত কলা-কুশলীসকলৰ উপৰিও সমাজকৰ্মী অঞ্জু গগৈ, কণ্ঠশিল্পী চাজু আহমেদ আৰু ভয়চ অৱ ইণ্ডিয়াৰ বিজয়ী মানসী চহৰীয়া উপস্থিত থাকে৷ মনমৰমী মহন্তই আঁতধৰা অনুষ্ঠানটিক অধিক জীপাল কৰি তোলে মানসী চহৰীয়া কণ্ঠৰ ড॰ ভূপেন হাজৰিকাৰ এটি গীতে৷
https://youtu.be/P4y_UHgaz_A?si=NZvreoZmc-GsAPUo



সংগীত খনিকৰ পুৰুষোত্তম দাস স্মৃতি ৰক্ষা সমিতি, গুৱাহাটী, শিৱসাগৰ জিলাৰ আমগুৰি পূবেৰুণ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আৰু অসম...
27/11/2023

সংগীত খনিকৰ পুৰুষোত্তম দাস স্মৃতি ৰক্ষা সমিতি, গুৱাহাটী, শিৱসাগৰ জিলাৰ আমগুৰি পূবেৰুণ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আৰু অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত সংগীত খনিকৰ পুৰুষোত্তম দাস দেৱৰ ১০৬তম জয়ন্তী ১৫ নৱেম্বৰ ২০২৩ তাৰিখ বুধবাৰে আমগুৰি আউনীআটী হেমচন্দ্ৰ দেৱ উচ্ছতৰ মাধ্যমিক বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়৷ বিদ্যালয়ৰ অধ্যক্ষ অমৰজ্যোতি বৰঠাকুৰে বন্তি প্ৰজ্বলন কৰি চমু ভাষণ আগবঢ়াই৷ পুৰুষোত্তম দাস দেৱৰ প্ৰতিকৃতিত পুষ্পাঞ্জলি তৰ্পন কৰে স্মৃতিৰক্ষা সমিতিৰ এগৰাকী উপদেষ্টা, বিশিষ্ট সংগীত পৰিচালক, সুৰকাৰ ৰমেন চৌধুৰী দেৱে৷ ইয়াৰ পিছতে পূবেৰুণ সাংস্কৃতিক গোষ্ঠীৰ সভাপতি ইন্দ্ৰ কমল ফুকনে স্মৃতিৰক্ষা সমিতিৰ উপদেষ্টা ৰমেন চৌধুৰীক, সভাপতি কুমাৰ দীপক দাস, কাৰ্যকৰী সভাপতি অৱনী ৰঞ্জন পাঠক, সাংস্কৃতিক সম্পাদক বিপুল বৰুৱা, সাংস্কৃতিক সভাপতি ডিম্বেশ্বৰ দাস, বঁটা প্ৰাপক উমানন্দ দুৱৰা, সম্পাদকদ্বয় কৃপাময় দাস, কবীন দাস, কোষাধ্যক্ষ বিশ্বজিৎ ওজা, ধৃতিশ্ৰী দেৱী আৰু নিমন্ত্ৰিত অতিথি ক্ৰমে যোগেশ কিশোৰ ফুকন, প্ৰশান্ত শৰ্মা আদি বিশিষ্ট ব্যক্তিসকলক মঞ্চলৈ আদৰণি জনোৱাৰ লগতে পূৱেৰুণ সাস্কৃতিক গোষ্ঠীৰ সদস্যসকলে আটাইকে এখনি ফুলাম গামোচাৰে সম্বদ্ধৰ্না জ্ঞাপন কৰে৷
স্মৃতি ৰক্ষা সমিতিৰ সভাপতি, ৰাজ্য সভাৰ সংসদ, সু-গায়ক কুমাৰ দীপক দাসে সভাপতিত্ব কৰা এই অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে সমিতিৰ এগৰাকী সম্পাদক কবীন দাসে৷
বিশিষ্ট অভিনেতা, নাট্য পৰিচালক প্ৰশান্ত শৰ্মাই মুখ্য অতিথিৰ ভাষণত পুৰুষোত্তম দাসৰ জীৱনৰ বিভিন্ন দিশ সামৰি সাৰুৱা মন্তব্য আগঢ়াই৷ বিশিষ্ট অতিথিৰ ভাষণ আগবঢ়াই স্মৃতি ৰক্ষা সমিতিৰ উপদেষ্টা, পুৰুষোত্তম দাসৰ এসময়ৰ সহকৰ্মী ৰমেন চৌধুৰী দেৱে৷
স্মৃতি ৰক্ষা সমিতিৰ কাৰ্যকৰী সভাপতি, আকাশ বাণী কেন্দ্ৰ গুৱাহাটীৰ প্ৰাক্তন সঞ্চালক, পুৰুষোত্তম দাস দেৱৰ এসময়ৰ সহকৰ্মী অৱনী ৰঞ্জন পাঠক, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ জ্যেষ্ঠ সংগীত ব্যৱস্থাপক, স্মৃতি ৰক্ষা সমিতিৰ সাংস্কৃতিক সম্পাদক বিপুল বৰুৱা, গীতিকাৰ সু-গায়ক, অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অৱসৰপ্ৰাপ্ত উপ-সঞ্চালক ডিম্বেশ্বৰ দাসে পুৰুষোত্তম দাস দেৱৰ সৈতে কটোৱা অন্তৰংগ মুহূৰ্তবোৰ সুঁৱৰি নিজৰ নিজৰ বক্তব্যবোৰ দাঙি ধৰে৷
পুৰুষোত্তম দাসৰ সুৰ আৰু কথাৰে আমগুৰি নবীন পুথিভঁড়ালৰ শিল্পীসকলৰ এটি সমবেত সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত বিপুল বৰুৱা, জিম্বেশ্বৰ দাস, প্ৰণতি বৰুৱা, ধৃতিশ্ৰী দেৱী, কবীন দাস, সভাপতি কুমাৰ দীপক দাস আৰু উমানন্দ দুৱৰাদেৱে পুৰুষোত্তম দাসৰ কালজয়ী গীতবোৰ পৰিবেশন কৰে৷
এই অনুষ্ঠানতে পুৰুষোত্তম দাস ৰচিত, কবীন দাস আৰু ধৃতিশ্ৰী দেৱীৰ কণ্ঠত বাণীবদ্ধ হোৱা এটি দৃশ্য শ্ৰাব্য গীত উন্মোচন কৰে আমগুৰি নিবাসী, বিশিষ্ট সাহিত্যিক যোগেশ কিশোৰ ফুকনে৷
২০২৩ চনৰ বঁটা প্ৰাপক উমানন্দ দুৱৰা দেৱক স্মৃতি ৰক্ষা সমিতিৰ কৰ্মকৰ্তাসকলে এখনি ফুলাম গামোচা, চেলেং চাদৰ, শৰাই, নগদ ধন আৰু মানপত্ৰৰ দ্বাৰা সম্বদ্ধৰ্না জ্ঞাপন কৰে৷ উক্ত অনুষ্ঠানতে দুৱৰাদেৱে তেখেতে সংৰক্ষণ কৰা বহুকেইখন গ্ৰামেফোন ৰেকৰ্ড বজাই উপস্থিত দৰ্শকক আপ্লুত কৰে৷ সু-অভিনেতা তথা কোষাধ্যক্ষ বিশ্বজৎ ওজাই আঁত ধৰা অনুষ্ঠানটি সভাপতি কুমাৰ দীপক দাসৰ বহুমূলীয়া ভাষণেৰে সামৰণি পৰাৰ আগতে সমিতিৰ আন এজন সম্পাদক কৃপাময় দাসে শলাগৰ শৰাই আগবঢ়ই আৰু অনুষ্ঠানৰ সামৰণি ঘোষণা কৰে৷



সত্তৰৰ দশকত সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাৰ দ্বাৰা ৰচিত আৰু সুৰাৰোপিত ‘অটোৰিক্সা চলাও আমি দুয়ো ভাই’ শীৰ্ষক গীতটো অতি জনপ্ৰিয় ...
07/11/2023

সত্তৰৰ দশকত সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাৰ দ্বাৰা ৰচিত আৰু সুৰাৰোপিত ‘অটোৰিক্সা চলাও আমি দুয়ো ভাই’ শীৰ্ষক গীতটো অতি জনপ্ৰিয় হৈছিল৷ আজিও গীতটো সকলো প্ৰজন্মৰ শ্ৰোতাৰ মাজত জনপ্ৰিয়তা অক্ষুণ্ণ আছে৷ এইচ এম ভিৰ লং প্লেয়িঙ ৰেকৰ্ডযোগে প্ৰস্তুত কৰা গীতটোত কণ্ঠ নিগৰাইছিল ভূপেন হাজৰিকাৰ সৈতে তেওঁৰ ভাতৃ জয়ন্ত হাজৰিকাদেৱে৷ খুব সম্ভৱত এইটোৱে আছিল দুই ভাতৃ কণ্ঠশিল্পীয়ে দ্বৈত কণ্ঠ নিগৰোৱা সৰ্বাধিক জনপ্ৰিয় গীত৷ সুখবৰ যে এই অতি জনপ্ৰিয় গীতটি নতুন প্ৰজন্মৰ এগৰাকী উদীয়মান মিউজিক ভিডিঅ’ পৰিচালক অশোক বৰাই দৃশ্য-শ্ৰাব্য মাধ্যমত সুন্দৰকৈ পৰিচালনা কৰি উলিয়াইছে৷ ভূপেন হাজৰিকাৰ সংগীতৰ গুণমুগ্ধ এগৰাকী ব্যক্তি প্ৰণৱজ্যোতি নেওগৰ প্ৰযোজনা আৰু পৰিকল্পনাৰে গীতটি নিৰ্মিত হৈছে৷ গীতটিৰ অডিঅ’ ৰেকৰ্ডিং আগতে বিশিষ্ট সংগীতজ্ঞ ৰূপম তালুকদাৰৰ সংগীত পৰিচালনাত নতুনকৈ প্ৰস্তুত কৰা হৈছে৷ গীতটিৰ নব্য সংস্কৰণত কণ্ঠ নিগৰাইছে অগতানুগতিক গায়নশৈলীৰে ছ’চিয়েল মিডিয়াত যথেষ্ট জনপ্ৰিয়তা লাভ কৰা উদীয়মান কণ্ঠশিল্পী খনিন্দ্ৰ হাজৰিকাই৷ লগত সহযোগ কৰিছে মেঘদীপে৷ গীতটিৰ ভিডিঅ’ সংস্কৰণ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ দ্বাদশ মৃত্যুবাৰ্ষিকীলৈ শ্ৰদ্ধাঞ্জলি জনাই যোৱা ৫ নৱেম্বৰত গুৱাহাটী প্ৰেছ ক্লাবত আনুষ্ঠানিকভাৱে মুকলি কৰা হয়৷ গীতটি মুকলি কৰা সভাত উপস্থিত থাকে বিশিষ্ট লেখিকা-সাহিত্যিক লীনা শৰ্মা, অসম চৰকাৰৰ পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়া আৰু কণ্ঠশিল্পী ড॰ মৌচুমী চহৰীয়া¸৷ ‘ডিগ্নিটী অব্ লেবাৰ’ [Dignity of Labour] শীৰ্ষক ভিডিঅ’ৰ ক’ভাৰ ছংৰূপে অভিহিত কৰা গীতটিৰ ভিডিঅ’ পৰিচালনা, শিল্পীসকলৰ অভিনয়, তৰুণ কণ্ঠশিল্পী দুগৰাকীৰ সুন্দৰ গায়কীত আপ্লুত হৈ পৰা বুলি গীতটিৰ উন্মোচক লীনা শৰ্মাই মন্তব্য কৰে৷ উন্মোচনী ভাষণত লীনা শৰ্মাই কয় যে অসমীয়া শিক্ষিত যুৱসমাজক সকলো শ্ৰেণীৰ কৰ্ম কৰিবলৈ, সকলো শ্ৰমকে মৰ্যাদা দিয়াত উদ্বুদ্ধ কৰিবলৈ এই গীতটি ভূপেন হাজৰিকাই ৰচনা কৰিছিল৷ হাজৰিকাই শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলক তেওঁলোকৰ শৈক্ষিক সাফল্যৰ প্ৰতি গুৰুত্ব নিদিয়াকৈ স্ব-নিযুক্তিৰ পথ বিচাৰিবলৈ অনুপ্ৰাণিত কৰিবলৈ চেষ্টা কৰিছিল৷ উল্লেখ্য ভূপেন হাজৰিকাৰ সংগীত পৰিচালনাত ভূপেন হাজৰিকাৰ সৈতে জয়ন্ত হাজৰিকাই কণ্ঠ নিগৰোৱা গীতটি অতি জনপ্ৰিয় হৈছিল৷ আস্থা ক্ৰিয়েশ্যনছৰ বেনাৰত নিৰ্মিত ভিডিঅ’ গীতটিত অভিনয় কৰিছে– অচিন্তৰাজ কাশ্যপ, ৰূপান্তৰ দাস, ৰুণুমী শইকীয়া, বৈদূৰ্য চাংমাই আৰু শিৱৰাজ দেৱনাথে৷ ভিডিঅ’গ্ৰাফী পৃথ্বীৰাজ দত্তৰ৷ ৰুপসজ্জা পিজুমণি শৰ্মাৰ৷ অনাগত দিনতো ভূপেন হাজৰিকাৰ কালজয়ী গীতবোৰ আজিৰ প্ৰজন্মৰ আকৰ্ষণীয়কৈ দৃশ্য-শ্ৰাব্য মাধ্যমত নতুনকৈ সৃষ্টি হওক৷ তৰুণ পৰিচালক সকললৈ এই আহ্বান থাকিল৷ গানটো সম্প্ৰতি ‘Youtube’ত উপলব্ধ হৈছে৷

Address

Guwahati
Guwahati

Website

Alerts

Be the first to know and let us send you an email when News Desk Northeast posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to News Desk Northeast:

Share