Barada Talukdar New

Barada Talukdar New Expression of my thoughts with factual observations.

08/11/2025

জনসংখ্যাৰ হিচাপত নিউয়ৰ্ক চহৰ আমেৰিকাৰ আটাইতকৈ ডাঙৰ চহৰ ৷ আমেৰিকাৰ এই আটাইতকৈ ডাঙৰ চহৰখনৰে মেয়ৰ নিৰ্বাচিত হৈছে ভাৰতীয় মূলৰ জোহৰান মামদানী ৷ জোহৰান মামদানী নিউয়ৰ্কৰ মেয়ৰ নিৰ্বাচিত হোৱা ঘটনাটো আমেৰিকাৰ ইতিহাসৰ এক ঐতিহাসিক ঘটনা হিচাপে পৰিগণিত হৈছে ৷

অদম্য ইচ্ছাশক্তিয়ে এগৰাকী ব্যক্তিক ক’ৰ পৰা ক’লৈ লৈ যাব পাৰে, মামদানীও তাৰেই এটা উদাহৰণ ৷ নিৰ্বাচনৰ আগত শূন্য স্কোৰৰ পৰা এশ শতাংশ স্কোৰ লাভ কৰা মামদানীৰ উত্থান ডণাল্ড ট্ৰাম্পৰ বাবেও মূৰৰ কামোৰণ হৈ পৰিছে, মামদানীয়ে ডণাল্ড ট্ৰাম্পক মুকলিকৈয়ে এক প্ৰকাৰ প্ৰত্যাহ্বান জনাইছে ৷

বয়স মাত্ৰ ৩৪ বছৰ, ২০১৮ চনত আমেৰিকাৰ নাগৰিকত্ব লাভ কৰা জোহৰান মামদানী ডেম’ক্ৰেটিক পাৰ্টি আৰু আমেৰিকাৰ ডেম’ক্ৰেটিক ছ’চিয়েলিষ্টৰ সদস্য হিচাপে ২০২১ চনৰ পৰাই নিউয়ৰ্ক ষ্টেট এছেম্বলীৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি কুইন্স চুবুৰী এষ্ট’ৰিয়াক প্ৰতিনিধিত্ব কৰি আহিছে আৰু এতিয়া তেওঁ নিজৰ দক্ষতাৰ ফলত আমেৰিকাৰ আটাইতকৈ ডাঙৰ চহৰখনৰ মেয়ৰ হিচাপে নিৰ্বাচিত হ’ল ৷

২০২৫ চনৰ পিউ ৰিচাৰ্চ চেণ্টাৰৰ এক অধ্যয়ন অনুসৰি নিউয়ৰ্কৰ জনসংখ্যাৰ ৫৭ শতাংশই খ্ৰীষ্টান আৰু মুছলিম জনসংখ্যা মাত্ৰ ৯ শতাংশ ৷ বাকীখিনি জনসংখ্যা অন্যন্য ৷ খ্ৰীষ্টান ভোট অবিহনে অকল ৯ শতাংশ মুছলিমৰ ভোটেৰে নিৰ্বাচন জয়ী হোৱাটো মামদানীৰ বাবে সম্ভৱ আছিলনে ? ইয়াতেই নিউয়ৰ্কবাসীৰ প্ৰগতিশীল মনৰ এটা পৰিচয় পোৱা গৈছে, নিউয়ৰ্কৰ স্বাৰ্থতে হয়তো এটা প্ৰগতিশীল চিন্তা চৰ্চাৰে তেওঁলোকৰ অধিকাংশই জাতি ধৰ্মৰ উৰ্দ্ধত গৈ জোহৰান মামদানীৰ পক্ষত ভোট দান কৰিছিল যাৰ ফলত তেওঁ মুঠ ৫০.৪ শতাংশ ভোট পাবলৈ সক্ষম হৈছিল ৷ মুছলমান ভোট পুৰা ৯ শতাংশ পোৱা বুলি ধৰি ল’লেও আচলতে জোহৰান মামদানীয়ে ৪১.৪ শতাংশ অমুছলমান ভোট লাভ কৰিহে মেয়ৰ নিৰ্বাচনত জয়ী হৈছিল ৷ আনহাতে ডনাল্ড ট্ৰাম্পৰ ৰিপাবলিকান দলৰ প্ৰাৰ্থী কাৰ্টিছ এন্থনী স্লিৱাই কেৱল মাত্ৰ ৭.১ শতাংশ ভোটহে লাভ কৰিছিল ৷ এইখিনিতে এখন উন্নত দেশৰ মানুহৰ চিন্তাৰ পাৰ্থক্যটো ওলাই পৰে, তেওঁলোকৰ নিজৰ জাতি বা ধৰ্মৰ হ’লেই যে ভোট দিব লাগিব তেনে কথা নহয় ৷ ডনাল্ড ট্ৰাম্পৰ পুঁজিবাদী আৰু ফেচিষ্ট কিছুমান নীতিৰ ওপৰত খৰ্গহস্ত হৈয়ে হয়তো নিউয়ৰ্কবাসীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷

ডণাল্ড ট্ৰাম্প দ্বিতীয়বাৰ আমেৰিকাৰ নিৰ্বাচিত হোৱাৰ পিছৰ পৰাই আমেৰিকাস্থিত ভাৰতীয়সকল কিছু ভভীতিগ্ৰস্ত হৈ পৰিছিল,ডণাল্ড ট্ৰাম্পৰ কিছু নীতিয়ে আমেৰিকাস্থিত ভাৰতীয়সকলৰ বাবে কিছু অশনি সংকেট কঢ়িয়াই আনিছিল ৷ এনেকুৱা এক সময়তে ভাৰতীয় মূলৰ মামদানী নিউইৰ্কৰ মেয়ৰ নিৰ্বাচিত হোৱা এই ঐতিহাসিক ঘটনাটোৱে এক বিশেষ তাৎপৰ্য বহন কৰিছে আৰু নিউয়ৰ্কস্থিত ভাৰতীয় সকলৰ বাবে এটা আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে যেন লাগিছে, আশাকৰো মামদানীৰ আগমণত নিউয়ৰ্কস্থিত ভাৰতীয়সকলে কিছু সকাহ লাভ কৰিব ৷

ট্ৰাম্পে মামদানীক কমিউনিষ্ট বুলি ইতিকিঙ কৰাও দেখা গৈছে ৷ কৰাটোৱে স্বাভাৱিক যিহেতু ট্ৰাম্প নিজে এগৰাকী পুঁজিপতি ৷ কিন্তু মামদানীয়ে নিজে এগৰাকী Democratic Socialist (গণতান্ত্ৰিক সমাজবাদী ) বুলিহে চিনাকি দিয়ে ৷

সকলো দেশতে পুঁজিবাদৰ উত্থানৰ গতিটো কিছু ৰোধ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে যাতে সাধাৰণ মানুহেও এটা মৰ্যাদাপূৰ্ণ জীৱন যাপন কৰাৰ সুযোগ কৰিব পাৰে ৷ যিমানে পুঁজিবাদৰ উত্থান হ’ব, সিমানে সৰ্বসাধাৰণ শ্ৰেণটোৱে প্ৰাপ্যৰ পৰা বঞ্চিত হ’ব, ট্ৰাম্পৰ শাসনকালতো আমেৰিকাত সেইটোৱা হোৱা দেখিবলৈ পোৱা গৈছে ৷ ৰজা যেতিয়া বেপাৰী হয়, সেই দেশৰ জনতা এদিন ভিক্ষাৰী হোৱাটো খাটাং, সেই দেশ উন্নত দেশেই হওঁক বা অনুন্নত দেশেই হওঁক বা উন্ননয়নশীল দেশেই হওঁক ৷ যোৱা কেইবছৰমানৰ ভিতৰত আমাৰ দেশ ভাৰততো পুঁজিবাদৰ উত্থানে বৰ বেয়াকৈ শিপাইছে ৷

20/08/2025

প্ৰতিভাৰ বিকাশ :

প্ৰতিভাৰ বিকাশ কেনেকৈ কৰিব লাগে, সেইটো সৰুৰে পৰা শিকা নহ’ল, সেই সময়ত কোনেও বেলেগ প্ৰতিভাৰ বিকাশ ঘটাবৰ বাবে চেষ্টা কৰিব লাগে বুলিও কোনেও শিকোৱা নাছিল ৷ এইটো আঁচলতে শিকাবলগীয়া কথাও নহয় ৷ যাৰ সঁচা প্ৰতিভা থাকে, সেই প্ৰতিভাৰ বিকাশ নিজে নিজে হয় । কেৱল মা-দেউতাই এটা কথাই শিকাইছিল যে পঢ়ি শুনি মানুহ আমাক খুৱাব নালাগে, কেৱল কাৰো ওচৰত নিৰ্ভৰশীল নোহোৱাকৈ নিজে খাব পৰা হ’ব লাগে ৷ আৰু স্কুলীয়া জীৱনত এটা কথা প্ৰায়ে কৈছিল যে যাতে নিজৰ পজিছনটো যাতে ক্লাছত সলনি নহয় ৷ প্ৰতি বছৰে বছৰেকীয়া পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ দিনা স্কুলৰ ওচৰত গৈ মোৰ পিতৃ দেৱতাই ৰখি থাকিছিল আৰু মোক দেখি কৈছিল প্ৰথম হৈছা দে ৷ অৱশ্যে তেখেতৰ এই কথাটো মই স্কুল যোৱা দিন ধৰি মেট্ৰিকৰ আগৰ টেষ্ট পৰীক্ষাৰ ৰিজাল্টলৈকে ধাৰাবাহিকভাৱে ৰাখিব পাৰিছিলো ৷ কিন্তু মোৰ হস্তাক্ষৰ লৈ বৰ চিন্তিত আছিল ৷ মোৰ হাঁহঠেঙীয়া হস্তাক্ষৰ বহুত চেষ্টা কৰিও ভাল কৰিব নোৱাৰিলো ৷

কোনো পিতৃ-মাতৃয়ে সন্তানৰ পৰা বিশেষ একো আশা নকৰে ৷ কেৱল নিজৰ সন্তান স্বাৱলম্বী হোৱাটো কামনা কৰে ৷ সন্তানৰ পৰা একো আশা নকৰাকৈয়ে পিতৃ-মাতৃয়ে সন্তাক ডাঙৰ দঘল কৰাৰ পৰা পঢ়াই শুনাই মানুহ কৰালৈকে সকলো কৰে, সন্তানৰ কাৰণে জীৱনৰ সৰ্ব্বোচ্চ উজাৰি দিয়ে ৷ ইমান খিনিৰ পিছতো আজিৰ সমাজত একাংশ সন্তানে নিজৰ পিতৃ-মাতৃক অৱহেলা কৰা খবৰ প্ৰায়ে ওলাই থাকে ৷ আধুনিক সভ্য সমাজৰ একাংশ শিক্ষিত মানুহৰ মাজত পিতৃ-মাতৃক অৱহেলা কৰা এই প্ৰতিভাটোৰ নতুনকৈ বিকাশ হৈছে যিটো অন্য প্ৰতিভাতকৈ সম্পূৰ্ণ পৃথক ৷

আজিকালি সকলো মানুহৰে কিবা নহয় কিবা প্ৰতিভা থাকে ৷ সামাজিক মাধ্যমেও মানুহৰ প্ৰতিভা বিকাশত যথেষ্ট সহায় কৰিছে, সেই প্ৰতিভা লাগে দৰকাৰী বা অদৰকাৰীয়েই হওক, ভাল বা বেয়াই হওক, সমাজৰ বাবে উপকাৰী বা অপকাৰীয়েই হওঁক ৷ মই নিজৰ তাত কিন্তু একো প্ৰতিভা একেবাৰেই বিচাৰি নাপাওঁ ৷

প্ৰতিভাক আমি দুইধৰণে চাব পাৰো ৷ পেছাদাৰী প্ৰতিভা আৰু অপেছাদাৰী প্ৰতিভা ৷

পেছাদাৰী প্ৰতিভাই দক্ষতা, ক্ষমতা আৰু অন্তৰ্নিহিত গুণৰ সংমিশ্ৰণক বুজায় যিয়ে ব্যক্তিক নিজৰ নিৰ্বাচিত বৃত্তিত ফলপ্ৰসূভাৱে প্ৰদৰ্শন কৰিবলৈ আৰু নিজৰ ক্ষেত্ৰখনত উল্লেখযোগ্য অৰিহণা যোগাবলৈ সক্ষম কৰে। ইয়াত কঠিন দক্ষতা, যেনে কাৰিকৰী বিশেষজ্ঞতা, আৰু কোমল দক্ষতা, যেনে যোগাযোগ আৰু দলীয় কামৰ লগতে অধিক বিকশিত কৰিব পৰা স্বাভাৱিক প্ৰতিভা বা যোগ্যতা দুয়োটাকে সামৰি লোৱা হৈছে ৷ নিজৰ জীৱিকাৰ লগত জড়িত প্ৰতিভাকে পেছাদাৰী প্ৰতিভা বুলি কব পাৰি ৷ যেনে কোনোবাই গান গোৱা প্ৰতিভাটোকে নিজৰ জীৱিকাৰ পথ হিচাপে বাছি লৈছে, সেইটোৰেই নিজৰ কেৰিয়াৰ গঢ়িছে ৷ কোনোবাই ভাল অভিনয় কৰে, সেইটোকে তেওঁলোকে নিজৰ জীৱিকাৰ পথ হিচাপে বাচি লৈ নিজৰ কেৰিয়াৰ গঢ়িছে ৷

অপেছাদাৰী প্ৰতিভাই এনে দক্ষতা আৰু ক্ষমতাক বুজায় যিবোৰ সাধাৰণতে কোনো নিৰ্দিষ্ট পেছা বা কেৰিয়াৰৰ সৈতে জড়িত নহয়। এই প্ৰতিভাসমূহ বৈচিত্ৰময় হ’ব পাৰে আৰু আনুষ্ঠানিক প্ৰশিক্ষণ বা নিয়োগৰ বাহিৰত বিকশিত হোৱা কোমল দক্ষতা, চখ, আৰু ব্যৱহাৰিক ক্ষমতাকে ধৰি বিভিন্ন ক্ষেত্ৰ সামৰি ল’ব পাৰে। যেনে মানুহে বেলেগ কিবা জীৱিকাৰ পথ হিচাপে লোৱাৰ পিছতো ভাল সাহিত্য চৰ্চা কৰে, লেখা-মেলা কৰে, গান গায়, ভাল বক্তৃতা দিয়ে, ভাল আবৃত্তি কৰে, ভাল তাৰ্কিক হয়, অভিনয় কৰে, বাদ্যযন্ত্ৰ বজাই ইত্যাদি ৷

আজিকালি ৰীল বনোৱা প্ৰতিভাটোও এটা সাংঘাটিক প্ৰতিভা হৈ পৰিছে ৷ আনকি ভালকৈ পঢ়া-শুনা নকৰা বহু মানুহৰো ৰীল বনোৱা দক্ষতা দেখিলে হতচকিত হ’ব লগা হয় ৷ সেই প্ৰতিভাটোকে তেওঁলোক বহুতে জীৱিকাৰ উপায় হিচাপেও ব্যৱহাৰ কৰিছে, তাৰ পৰা সমাজৰ কি লাভ বা লোকচান হৈছে, সেইটোলৈ কোনো ভ্ৰুক্ষেপ নায় ৷ আনকি বহু শিক্ষিত মানুহেও এইটোক লৈ ভ্ৰুক্ষেপ নকৰা হৈছে ৷

তৈলমৰ্দ্দন আৰু তোষামোদৰ জৰিয়তে অনবৰতে undue advantage ল’ব পৰাটোও বৰ্তমান সময়ত একোটা ডাঙৰ প্ৰতিভা হৈ পৰিছে ৷ এই শ্ৰেণীটোৱে নিজৰ নিজৰ জীৱনত যথেষ্ট উন্নতিও কৰিছে ৷ এই শ্ৰেণীটোৱে সমাজৰ মূল ইচ্ছুবোৰত মৌন হৈ থাকি য’ত নিজৰ লাভ দেখে, তাতে তেওঁলোক অতি সক্ৰিয় হৈ পৰে, সামাজিক মাধ্যমতে হওঁক বা সুবিধা পালে সংবাদ মাধ্যমতেই হওঁক ৷

নিজৰ ন্যস্ত স্বাৰ্থ সিদ্ধিৰ বাবে মেৰুদণ্ড বেকা কৰি য’তে ত’ত আঠু ল’ব পৰটোও এটা বিশেষ প্ৰতিভা ৷ এই প্ৰতিভাটো বিশেষকৈ অসমৰ একাংশ নেতাৰ মাজত বিৰাজমান ৷ সুবিধা বুজি তেওঁলোকে য’তে ত’তে, যাৰে, তাৰে ওচৰত হালি দিবলৈ অকনো কুণ্ঠাবোধ নকৰে কিন্তু তেওঁলোকেই আৰু আনক জ্ঞানৰ পাঠ পঢ়াই ৷ এইসকল নেতাই আনৰ ওচৰত মেৰুদণ্ড বেকা কৰি কৰিয়ে নিজৰ জীৱনত পদবীকে ধৰি আৰু বহুত কিবা কিবি আদায় কৰি ল’লে ৷ গতিকে মেৰুদণ্ডহীনতা একপ্ৰকাৰ তেওঁলোকৰ পেছাদাৰী প্ৰতিভা ৷

এই যে মই আৰম্ভণীতে কলো যে কাৰো বাৰ সঁচা প্ৰতিভা থাকিলে নিজে নিজে বিকাশ হয় ৷ মোৰ যিহেতু সৰুৰে পৰা একো বিশেষ প্ৰতিভা নাছিলেই, গতিকে প্ৰতিভা নিজে নিজে বিকাশ হোৱাৰ কথাটোও মোৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় ৷

ওপৰত কৈ অহা প্ৰতিভাবোৰলৈ চালে মই মোৰ নিজৰ তাত একো এটা প্ৰতিভায়ে দেখা নাপাওঁ ৷ না মই গান গাব জানো, না মই কিবা বাদ্যযন্ত্ৰ বজাব জানো, না বক্তৃতা দিব পাৰো, না মই আবৃত্তি কৰিব পাৰো, না মই তাৰ্কিক হয়, না মই কিবা সাহিত্য চৰ্চা কৰো, না ৰীল বনাব জানো, না অভিনয় কৰিব জানো, না কাৰোবাক তৈলমৰ্দ্দন আৰু তোষামোদ কৰিব জানো, না কাৰোবাৰ ওচৰত মেৰুদণ্ড বেকা কৰিব পাৰো ৷ একোৱে প্ৰতিভা নাই, ধিক আমাৰ জীৱন ৷ কিবাকৈ মাত্ৰ চাকৰিটো কৰি পৰিয়ালটোক দুবেলা দুমুঠি ভৰণ-পোষণ দি আছো ৷ ইমানতেই আমাৰ জীৱনধাৰা সীমিত আৰু স্থবিৰ হৈ ৰৈ গৈছে ৷

18/08/2025

গুৱাহাটী মেডিকেল কলেজ হাস্পাতালত নৱজাতক শিশু এটিৰ মৃত্যুৰ ঘটনাটো হেলিকপ্টাৰ বা গাড়ীৰ দূৰ্ঘটনাৰ লগত তুলনা কৰা কথাটো অতি দূৰ্ভাগ্যজনক, কোনো কাৰণতে এনেকুৱা কথা গ্ৰহণযোগ্য নহয়, এনেকুৱা দায়িত্বজ্ঞানহীন মন্তব্য অতি গৰিহণাৰ যোগ্য ৷

কাৰোবাৰ negligence ৰ কাৰণে দেৱ শিশু এটাই পৃথিৱীৰ মুখ দেখিয়েই পিতৃ-মাতৃক কন্দুৱাই আকৌ পৃথিৱী এৰি গুছি যাব ল’গা হ’ল ৷ এনেকুৱা ঘটনা যাৰ লগত হয়, তেওঁলোকেহে সেই মৰ্মান্তিক বেদনা উপলব্ধি কৰে ৷ এনেকুৱা ঘটনা এটা নিজৰ লগত হ’লে কেনেকুৱা লাগিব, সেইটো চিন্তা কৰিহে দায়িত্বশীল পদবীত থকা মানুহে মন্তব্য কৰা উচিত ৷

ছিৰিয়াচ কথাবোৰো আজিকালি দায়িত্বশীল পদবীত থকা মানুহে ইমাই স্বভাৱসুলভভাৱে সহজতে ল’ব পাৰে, সেইটো ভাৱিহে বৰ দুখ লাগে, তেওঁলোকৰ কোনো অনুশোচনা নাই, এনেকুৱা কথাবোৰত তেওঁলোক কেতিয়াও অনুতপ্ত নহয় ৷

অনা অসমীয়া ব্যক্তি এগৰাকীক অসমৰ স্বাস্থ্যমন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে ৷ অসমীয়া মানুহৰ যেন স্বাস্থ্যমন্ত্ৰী হোৱাৰ যোগ্যতা নাই, কি যোগ্যতাৰ ভিত্তিত তেওঁক স্বাস্থ্যমন্ত্ৰী পতা হ’ল ? বেপাৰীক ৰজা পাতিলও কথা-বতৰা ৰজাৰ দৰে নহয়, বেপাৰীৰ দৰেই হৈ থাকিব ৷ সেইকাৰণে তেওঁ বেপেৰুৱা সুৰত কৈছে, “এখন মডেল চিকিৎসালয়ত আৰু কিমান ডাক্তৰ লাগ, ডাক্তৰ বজাৰত নাপাই নহয় ৷“

তেওঁ আৰু এখোপ ওপৰলৈ গৈ কৈছে যে নাই নাই বুলি কোৱা প্ৰৱণতাটো বন্ধ কৰিব লাগিব ৷ তেওঁ নিজে বাহিৰৰ পৰা আহি অসমভূমিত যে সকলো পাই আছে, সেইকাৰণে আনে নাই নাই বুলি কোৱা কথাতো হজমনো ক’ত হ’ব ? বেপাৰীক ৰজা পতাটো বন্ধ কৰিব নোৱাৰিলে অসমীয়া মানুহৰ দূৰ্দশা সদায় এনেকুৱাই হৈ থাকিব ৷

মহাশয়, এগৰাকী দায়িত্বশীল মন্ত্ৰী হিচাপে আপুনি জনা উচিত যে ডাক্তৰ বজাৰত পোৱা পণ্য সামগ্ৰী নহয়, ডাক্তৰ উৎপন্ন কৰিব লাগিব ৷ ভাল ডাক্তৰ উৎপন্ন কৰিবলৈ আপুনি আপোনাৰ কাৰ্যকালত কি কি কৰিছে, এবাৰ নিজক সুধি চাওঁক নে অসমৰ মাটি য’তে ত’তে অধিগ্ৰহণ কৰি পুত্ৰৰ লগত কেৱল অট্টালিকা বনোৱাতেই ব্যস্ত আছে ৷

এই কথাবিলাক অসমীয়া মানুহে কেতিয়া বুজি পাব যে আমাৰ অকৰ্মন্যতাৰ সুযোগ বেলেগে লৈ আছে আৰু সেই বেলেগসকলৰ অকৰ্মন্যতাৰ কুফল অসমীয়া মানুহে ভুগিবলগীয়া হৈছে যাৰ বাবে তেওঁলোকে অসমৰ বায়ু পানী সেৱন কৰি থাকিও অসমীয়া মানুহকে নাই নাই বুলি কোৱা প্ৰৱণতাটো বন্ধ কৰিব লাগিব বুলি পৰোক্ষভাৱে ধমকি দিছে ৷ ডাঙৰীয়া, জনসংখ্যা অনুসৰি আদৰ্শ চিকিৎসক আৰু ৰোগীৰ অনুপাত কিমান হ’ব লাগে, আপুনি জানেনে ?

বিশ্ব স্বাস্থ্য সংস্থাৰ পৰামৰ্শমতে প্ৰাথমিক চিকিৎসা কভাৰেজৰ বাবে প্ৰতি ১০০০ লোকৰ বাবে নূন্যতম ২.৫ জন দক্ষ স্বাস্থ্যকৰ্মী (চিকিৎসক, নাৰ্ছ আৰু ধাত্ৰী) থাকিব লাগে ।

অকল যদি আদৰ্শ চিকিৎসক আৰু ৰোগীৰ অনুপাত ধৰা হয়, সাধাৰণতে ১:১,০০০ বুলি ধৰা হয়। কিন্তু স্বাস্থ্যসেৱাৰ পৰিৱেশৰ প্ৰকাৰ, ৰোগীৰ তীক্ষ্ণতা, আৰু সমাজৰ নিৰ্দিষ্ট প্ৰয়োজনীয়তাৰ দৰে কাৰকৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ ভিন্নতা থাকিব পাৰে ৷ বিশ্ব স্বাস্থ্য সংস্থাই (WHO) প্ৰতি ১০০০ লোকৰ বিপৰীতে নূন্যতম এজন চিকিৎসকৰ পৰামৰ্শ দিয়ে ৷

তাৰ পিছতো উন্নত দেশসমূহে সাধাৰণতে প্ৰতি ১০০০ লোকৰ বিপৰীতে প্ৰায় ৩.৫ৰ পৰা ৫ জন চিকিৎসকৰ অনুপাতৰ লক্ষ্য ৰাখে ৷

এই অনুপাত এটা সাধাৰণ নিৰ্দেশনা মাত্ৰ ৷ জনসংখ্যা, জনগাঁথনি আৰু ৰোগৰ বোজাৰ দৰে আদি কাৰককে ধৰি এটা সম্প্ৰদায়ৰ নিৰ্দিষ্ট প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি এই অনুপাত ভিন্ন হ’ব পাৰে ।

10/08/2025

বৰ্তমান সময়ত যুৱ প্ৰজন্মৰ মাজত ধনী হোৱাৰ প্ৰৱণতা বহুত বেছি ৷ যেনেকৈ নহওঁক ধনী হ’ব লাগে ৷ ধনী হওঁ বুলি জানো মানুহ ধনী হ’ব পাৰে ৷ ধনী হোৱাটো ইমান সহজ কথা হোৱা হ’লে দেশৰ আশী কোটি মানুহ এতিয়াও দৰিদ্ৰ সীমা ৰেখাৰ তলত বাস কৰি নাথাকিলহতেন ৷ সঁচা অৰ্থত ধনী হোৱাটো এটা অতি কষ্টকৰ প্ৰক্ৰিয়া ৷

সেয়েহে ধনী হোৱাৰ প্ৰতিযোগিতাখনৰ পিছত দৌৰি নুফুৰি নিজৰ কৰ্মত মনোনিবেশ কৰি আগবাঢ়ি যোৱাটোহে ডাঙৰ কথা ৷ মোৰ মতে ধনীৰ সংজ্ঞাটো অলপ বেলেগ ধৰণৰ, ধনী মানে মই বুজো...

০০ নোপোৱাখিনিৰ বাবে দৌৰি হাবাথুৰি খোৱাতকৈ, পোৱাখিনিক লৈ সন্তুষ্ট থাকিব পৰাজনেই আটাইতকৈ ধনী মানুহ কাৰণ নোপোৱাখিনি কাৰো পৰা আমি আজুৰি আনিব নোৱাৰো ৷

০০ জীৱনকালত আনৰ ওচৰত হাত নপতাকৈ চলিব পৰাজনেই ধনী মানুহ ৷

০০ জুৱা খেলি থকাখিনি হেৰুৱাই ভিক্ষাৰী হ’বলগা নোহোৱাজনেই ধনী মানুহ ৷

০০ মানুহে থকাখিনি বা পোৱাখিননি নেহেৰুৱাকৈ ধৰি ৰাখিব পৰাজনেই ধনী মানুহ ৷ তাৰ পিছত সৎপথত থাকি, কষ্ট কৰি কিমান বেছি কৰিব পৰা যাই, সেইটো বাৰু পিছৰ কথা ৷

কোনোবা কিবা উপায়েৰে ধনী হৈছে মানে মইও ধনী হ’ব লাগিব, এই কথাটোত মই কেতিয়াও বিশ্বাস নকৰো ৷ আনৰ লগত তুলনা কৰি কোনেও ধনী হ’ব নোৱাৰে ৷ আদানী আৰু আম্বানীও নিশ্চয় আনৰ লগত তুলনা কৰি আজিৰ এই পৰ্যায় পোৱা নাই, নিজে কাম কৰিছে আৰু হয়তো ভাগ্যই লগ দিছে ৷

মই ভাবো মানুহে সদায় নিজক নিজৰ লগত তুলনা কৰিব লাগে, যোৱা কালি মই কি আছিলো, আজি মই কি হৈছো আৰু অহাকালি মই কি হ’ব পাৰিম ৷ আনৰ লগত তুলনা কৰি মানুহ কেতিয়াও সুখী বা সন্তুষ্ট হ’ব নোৱাৰে ৷ আনৰ লগত তুলনাই মানুহৰ জীৱনলৈ সুখৰ পৰিৱৰ্তে দুখহে কৰি আনে ৷

আজিৰ অসমীয়া সমাজখনতে একাংশ যুৱক-যুৱতী আৰু মহিলা-পুৰুষে অসভ্য আৰু ব্যভিচাৰী ৰীল বনাই টকা উপাৰ্জনৰ সহজ ৰাস্তা বিচাৰি লৈছে, সেইটোও তুলনাৰ পৰাই সৃষ্টি হৈছে ৷ কোনোবাই এইটো কৰি যদি আইফোন লৈছে, বাইক লৈছে, মইনো কিয় নোৱাৰো ৷ মইনো কিয় নোৱাৰো নোৱাৰো কথাটো এতিয়া এনেকুৱা পৰ্যায় পাইছেগৈ যেঅসমীয়া ছোৱালী মহিলা কিছুমানে মান সন্মান কাটি কৰি থৈ ৰীলত কাপোৰ খুলি নিজৰ নগ্নতা প্ৰদৰ্শন কৰিবলৈ পাৰা হৈ গৈছে ৷ এইটোও তুলনাৰ পৰাই আহিছে, তাই যদি পাৰিছে, মই কিয় নোৱাৰিম ৷

ৰীল বনোৱাটো বেয়া কথা নহয়, যোগাত্মক ৰীল বনাই সুস্থ সমাজ গঠণ প্ৰক্ৰিয়াত অৱদান যোগোৱা কাম কৰক ৷ তাত অলপ ভিউজ বা লাইক কমেই আহকচোন, দুটকা কমেই পাওঁকচোন, সমাজখনটো ভাল হৈ থাকিব ৷

আজিৰ অসমত নেতা হোৱা আৰু ৰীল বনাই ভাইৰেল হোৱাৰ প্ৰতিযোগিতাখনলৈ চাওঁকচোন, কি পৰ্যায় পাইছেগৈ ৷ নেতা হৈ দাবী ধমকী দি চাণ্ডা তুলি টকা উপাৰ্জন কৰা আৰু অসভ্য, অশ্ৰাব্য, অশ্লীল গালি গালাজ কৰি ৰীল বনাই দুপইচা উপাৰ্জন কৰা সহজ ৷ তাৰ বিনিময়ত কাৰ কিমান বেয়া কথা শুনিবনগীয়া হৈছে, কোনে কাৰ মাক-বাপেকক ধৰি গালি পাৰিছে, কোনে কাক জুটাৰে পিটিম বুলি কৈছে, তাৰ কোনো হিচাব নাই ৷

মানুহ কিছুমান কিমান নিলাজ হ’লে এনেকৈ টকা উপাৰ্জন কৰাৰ কথা ভাবিব পাৰে ৷ অসমীয়া মানুহ কিছুমানৰ স্তৰ কিমান তললৈ গৈছে, সেই কথাতো ৰীলত পাৰা গালি-গালাজৰ পৰাই গম পোৱা হৈছে ৷ তাতকৈ ডাঙৰ কথা দায়িত্বশীল সংবাদ মাধ্যম কিছুমানেও নিজৰ সামাজিক দায়বদ্ধতাৰ কথা পাহৰি সেই অসভ্য ৰীলবোৰ বজাই বজাই সামাজিক বাতবৰণ বিনষ্ট কৰাটোহে চিন্তনীয় বিষয় হৈ পৰিছে ৷

সেই নেতাসকলক বা ৰীল ৰজা আৰু ৰাণীসকলক মানুহে যিমান বেয়াকৈ নকলেও লাজ নাপাই, তাৰ কাৰণটো হ’ল টকা যে নেতাগিৰি আৰু ৰীলগিৰি বাদ জীৱন নিৰ্বাহৰ বাবে লাগতিয়ালখিনি পুৰণ কৰাটো বৰ কষ্টসাধ্য কাম ৷ সেয়েহে সহজলভ্য ধন ঘটাৰ উৎস হিচাপে অসমত নেতাৰ আৰু ৰীল ৰজা-ৰাণীসকলৰ ভিৰ বাঢ়িছে ৷ যোৱা কেইদিন মানত তথাকথিত জাতীয়তাবাদী নেতা কিছুমানক অতীষ্ঠ হৈ সাধাৰণ মানুহে যেনেধৰণে গালি-গালাজ কৰিছে, কোনোবা আত্মসন্মান আৰু আত্মমৰ্যাদা থকা মানুহে ইমান বেয়া কথা শুনি শুনি নেতা হৈ থাকিব পাৰিবনে ? এই সকলোবোৰ তুলনাৰ পৰাই আহিছে, সি যদি গালি খাই নেতা হৈ থাকি সহজতে ধন ঘটিব পাৰিছে, মই কিয় নোৱাৰিম ৷ তাই বা সি যদি অশ্লীল আৰু অসভ্য ৰীল বনাই টকা ঘটিছে, আমিনো কিয় নোৱাৰিম ?

গতিকে এইবোৰৰ পিছত দৌৰি নুফুৰি অৰ্হতা আৰু যোগ্যতা থকা মানুহে নিষ্ঠা আৰু সততাৰে কিবা এটা কৰ্ম কৰিও নিজৰ প্ৰয়োজনখিনি পুৰণ কৰিব পাৰে ৷ আমি নিজেও সেইটোৱে কৰি নিজৰ প্ৰয়োজন পুৰণ কৰি আছো ৷ একোৰে পিছত দৌৰি লাভ নাই, কিবাৰ পিছত দৌৰি ফুৰিলেই একো বস্তু কাৰো ওচৰলৈ নাহে, সেইকাৰণে একোৰে পিছত নৌদোৰি নিজৰ কৰ্ম নিষ্ঠা আৰু সততাৰে কৰি যাব লাগে, তেতিয়া আমাক লগাখিনিয়ে আমাৰ পিছত এনেয়ে দৌৰিব ৷ মই এইটোতহে বেছি বিশ্বাস কৰো ৷ মই এটা কথা ভালকৈ জানো যে নোপোৱাখিনি কেতিয়াও আনৰ পৰা আজুৰি আনিব নোৱাৰি, কেৱল পোৱাখিনি হেৰাই যাবলৈ দিব নালাগে ৷ সেইকাৰণে কথাতে কোৱা হয় ভগৱানে আমাক দিও চাই আৰু নিও চাই ৷

26/07/2025

অগতানুগতিক নেতা আৰু অগতানুগতিক নেতৃত্ব (Unconventional leaders and unconventional leadership) :

নিজৰ কৰ্মব্যস্ততাৰ সমান্তৰালকৈ সামাজিক সতৰ্কতা আৰু দায়বদ্ধতাও অতি জৰুৰী ৷ সেয়েহে তাৰে ওপৰত অলপ আলোকপাত কৰিবলৈ চেষ্টা কৰিলোঁ ৷

বৰ্তমান সময়ত আমাৰ দেশত অগতানুগতিক নেতা আৰু অগতানুগতিক নেতৃত্বৰ অভাব ৷ এনেকুৱা নেতা আৰু নেতৃত্বৰ অভাৱত গঢ় লৈ উঠা বৰ্তমানৰ ব্যৱস্থাটোৱে সততাৰ অপমৃত্যু ঘটাইছে ৷ এই প্ৰচলিত ব্যৱস্থাই সৎ মানুহক জীয়াই থাকিবলৈ নিদিয়া এটা পৰিবেশ গঢ়ি তুলিছে ৷

অলপতে বঙাইগাঁও জিলাত পি ডব্লিউ ডি বিভাগৰ এগৰাকী যুৱতী সহকাৰী সৎ অভিযন্তাই সতাতাৰ পক্ষত থাকি দুজন জ্যেষ্ঠ বিষয়াৰ তীব্ৰ মানসিক হাৰাশাস্তিৰ বাবে আত্মহত্যাৰ নিচিনা চৰম পন্থা ল’ব লগা হ’ল ৷ অতি মৰ্মান্তিক আৰু হৃদয়বিদাৰক ঘটনা ৷ কোনোবা শক্তিশালী ঠিকাদাৰৰ আধৰুৱা আৰু অনিয়মিত কামৰ বিলত চহী কৰিবলৈ জ্যেষ্ঠ বিষয়া দুগৰাকী হেঁচা প্ৰয়োগ কৰি থকাৰ ফলতে অসহায় অৱস্থাৰ সন্মুখীন হৈ যুৱতী অভিযন্তাগৰাকীয়ে এই চৰম পন্থা বাচি ল’ব লগা হ’ল ৷ যুৱতীগৰাকীৰ লগতে তেওঁৰ পৰিয়ালটোৰ সপোন নিমিষতে ধূলীৰ লগত মিহলি হৈ গ’ল ৷ এনেকুৱা ঘটনা অসমত এইটোৱে প্ৰথম নহয়, আগতে আৰু বহুত হৈছে ৷

এই ঘটনাটোৰ পৰা সৃষ্টি হোৱা আটাইতকৈ চিন্তনীয় বিষয়টো হ’ল যে এতিয়াৰে পৰা শিক্ষানুষ্ঠানৰ লগতে পিতৃ-মাতৃসকলেও নিজৰ ল’ৰা-ছোৱালীক আৰম্ভণিৰে পৰা অসাধু আৰু অসৎ হ’বলৈ শিকাব লাগিব নেকি ? কাৰণ সৎ আৰু সাধু হ’বলৈ শিকালেতো তেওঁলোকে বৰ্তমানৰ এই ব্যৱস্থাটোৰ লগত মোকাবিলা কৰি survive কৰিব নোৱাৰিব ৷ সৎ যুৱতী সহকাৰী অভিযন্তাগৰাকীৰ আত্মহত্যাই তাকেই প্ৰমাণ কৰিলে, সততাৰ বাবে তেওঁক জীয়াই থাকিবলৈ নিদিলে ৷

এই কথাবোৰ দেখি শুনিও সমাজ এখনে যিমানেই নীৰৱতা অবলম্বন কৰিব, সিমানেই ৰাজহুৱা আৰু সামাজিক ব্যৱস্থাবোৰ বেছি অসাধু হৈ গৈ থাকিব আৰু সততাৰ অপমৃত্যু ঘটিয়েই থাকিব ৷

এনেকুৱা কথাবোৰা মূল কাৰণ কি ? কিবোৰ কথাই মানুহক অসাধু হ’বলৈ বা অসাধু ব্যৱস্থা এটাৰ লগা মিলি যাবলৈ উদগনি যোগাই, উৎসাহিত কৰে, তাৰ মূল কাৰণ আমাৰ সমাজেও বিচাৰ বিচাৰ চাব লাগিব ৷

কোনো গতানুগতিক নেতাই বৰ্তমান সময়ত প্ৰচলিত এই অসাধু ব্যৱস্থাৰ পৰিবৰ্তন সাধিব নোৱাৰে কাৰণ তেওঁলোকে নিজেও সেই ব্যৱস্থাটোৰ লগত মিলি থাকে ৷ গতিকে এনেকুৱা এটা অসাধু ব্যৱস্থাৰ পৰিবৰ্তন সাধন কৰিবলৈ হ’লে আমাক অগতানুগতিক নেতা আৰু অগতানুগতিক নেতৃত্বৰ প্ৰয়োজন যিটো বৰ্তমান সময়ত বিৰল ৷

কিনো এই অগতানুগতিক নেতা আৰু অগতানুগতিক নেতৃত্ব ?

অগতানুগতিক নেতাৰ লগত অগতানুগতিক পদ্ধতিৰে নেতৃত্ব দিয়াটো জড়িত হৈ থাকে ৷ কেৱল কৰ্তৃত্ব বা স্তৰভিত্তিক গাঁথনিৰ ওপৰত নিৰ্ভৰ নকৰি মানৱতা, নৈতিকতা আৰু উদ্দেশ্যবোধৰ প্ৰবলতাৰে নেতৃত্ব দিয়াত তেওঁলোকে বিশ্বাস কৰে, যথাৰ্থ অৱস্থাক প্ৰত্যাহ্বান জনোৱাৰ ইচ্ছাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷

অগতানুগতিক নেতৃত্বৰ কেইটামান মূল বৈশিষ্ট্য হ’ল-

১) মানৱতা আৰু নৈতিকতাৰ ওপৰত গুৰুত্ব দিয়া : সমাজৰ সকলো স্তৰৰ মানুহৰ মংগল আৰু বিকাশক অগ্ৰাধিকাৰ দিয়া, উদ্দেশ্যবোধ গঢ়ি তোলা, আৰু সততাৰে কাম কৰা ৷

২) যথাৰ্থ অৱস্থাক প্ৰত্যাহ্বান জনোৱা: গতানুগতিক জ্ঞানক প্ৰশ্ন কৰা, উদ্ভাৱনক উৎসাহিত কৰা আৰু কেলকুলেটেড ৰিস্ক লোৱা ৷

৩) আনক শক্তিশালী কৰা: কৰ্তৃত্ব প্ৰদান কৰা, সহযোগিতাক লালন-পালন কৰা, আৰু সমাজৰ সকলো শ্ৰেণীৰ মানুহৰ মূল্য অনুভৱ কৰা আৰু নিজৰ সৰ্বোত্তম অৰিহণা যোগাব পৰা পৰিৱেশ সৃষ্টি কৰা ৷

৪) বিফলতাৰ পৰা শিকিব পৰা: বিফলতা যে শিক্ষণ প্ৰক্ৰিয়াৰ এটা অংশ, সেই কথা স্বীকাৰ কৰি ইয়াক বৃদ্ধিৰ সুযোগ হিচাপে ব্যৱহাৰ কৰা।

৫) উদ্দেশ্যৰ সৈতে নেতৃত্ব দিয়া: কামটো কিয় গুৰুত্বপূৰ্ণ, সেই বিষয়ে স্পষ্ট দৃষ্টিভংগী আৰু শক্তিশালী জ্ঞান থকা, সামগ্ৰীক লক্ষ্যত উপনীত হোৱাৰ বাবে আনকো অৰিহণা যোগাবলৈ অনুপ্ৰাণিত কৰা ৷

বিশ্বৰ বহুকেইগৰাকী ঐতিহাসিক ব্যক্তিৰ অগতানুগতিক নেতা হিচাপে আৱিৰ্ভাব ঘটিছিল, প্ৰায়ে অনন্য দৃষ্টিভংগীৰ জৰিয়তে মহানতা লাভ কৰিছিল আৰু যথাৰ্থ অৱস্থাক প্ৰত্যাহ্বান জনাবলৈ সক্ষম হৈছিল । তেনেকুৱা কেইগৰাকীমান মহান ঐতিহাসিক নেতা হ’ল মহাত্মা গান্ধী, নেলছন মেণ্ডেলা, মাৰ্টিন লুথাৰ কিং জুনিয়ৰ আদি, যিয়ে অহিংস প্ৰতিৰোধৰ জৰিয়তে সামাজিক পৰিৱৰ্তনৰ বাবে আন্দোলনৰ নেতৃত্ব দিছিল ৷ আব্ৰাহাম লিংকনৰ দৰে ৰাজনৈতিক ব্যক্তিয়ে আমেৰিকাৰ গৃহযুদ্ধৰ সময়ত অগতানুগতিক শক্তি আৰু সংকল্প প্ৰদৰ্শন কৰিছিল। আনকি প্ৰযুক্তিৰ ওপৰত বৈপ্লৱিক প্ৰভাৱৰ বাবে পৰিচিত ষ্টিভ জবছৰ দৰে ব্যক্তিয়েও ব্যৱসায়িক জগতৰ ভিতৰত অগতানুগতিক নেতৃত্বৰ শৈলী ব্যৱহাৰ কৰিছিল ৷

এনেকুৱা উদাহৰণ বৰ্তমান সময়ত পাবলৈ বিৰল যাৰ ফলত সমাজত অসাধু ব্যৱস্থা কিছুমান গঢ় লৈ উঠিছে যাৰ বলি হৈছে সেই সৎ যুৱতী সহকাৰী অভিযন্তাগৰাকী ৷ একেকুৱা ঘটনাৰ আৰু পুনৰাবৃত্তি নঘটক, সততা জীয়াই থকাৰ এক পৰিবেশ গঢ়ি উঠক ৷ অন্যথা আৰু বহুত সৎ মানুহ প্ৰচলিত অসাধু ব্যৱস্থাৰ বলি হ’ব ৷

15/06/2025

বৰ্তমান সময়ত গ্ৰীষ্মকালীন সময়খিনি মানৱ জাতিৰ বাবে বৰ অসহনীয় হৈ পৰিছে ৷ তাপৰ তীব্ৰতা বছৰে বছৰে বাঢ়িব ধৰিছে ৷ কেতিয়াবা এনেকুৱা অনুভৱ হয় যেন যোৱাকালিতকৈ আজি উষ্ণতাৰ প্ৰখৰতা বেছি ৷ আজি অফিচ চুটিৰ পিছত কুৱেটতৰ সময়মতে আবেলি তিনিতা বজাত যেতিয়া গাড়ীত বহি গাড়ীখন start কৰো, উষ্ণতা ৰেকৰ্ডাৰে বাহিৰৰ উষ্ণতা ৫১ ডিগ্ৰী চেলছিয়াছ বুলি দেখুৱালে ৷ আবেলি তিনিটা বজাত যদি তাপমান ৫১ ডিগ্ৰি চেলছিয়াছ হয়, দুপৰীয়া ১২ টা বজাত নিশ্চয় ইয়াতকৈ বেছি আছিল ৷ ইয়াতে আৰ্দ্ৰতা কম কাৰণে অসহনীয় যেন লাগিলেও সহনীয় হৈয়ে থাকে ৷

ছটা আন্তঃৰাষ্ট্ৰীয় তথ্যৰ ভিত্তিত বিশ্ব বতৰ বিজ্ঞান সংস্থাই (The World Meteorological Organization) নিশ্চিত কৰিছে যে ২০২৪ চনটো অভিলেখৰ আটাইতকৈ উষ্ণ বছৰ আছিল ৷ প্ৰাক-ঔদ্যোগিক সময়তকৈ এই বছৰটোত উষ্ণতা প্ৰায় ১.৫৫ ডিগ্ৰী চেলছিয়াছ ওপৰত আছিল ৷ কিন্তু ২০২৫ বৰ্ষৰ গ্ৰীষ্মকাল ২০২৪ বৰ্ষৰ গ্ৰীষ্মকালতকৈও কিছু বেছি প্ৰখৰ যেন অনুভৱ হৈছে ৷ লগতে যোৱা ২০১৫-২০২৪ দশকটো অভিলেখৰ আটাইতকৈ উষ্ণ দশক আছিল বুলিও কোৱা হৈছে ৷

গোলকীয়া উষ্ণতা বৃদ্ধিৰ প্ৰভাৱেই হ’ল ইয়াৰ অন্যতম প্ৰধান কাৰণ ৷ সামগ্ৰিকভাৱে ঔদ্যোগিক বিপ্লৱৰ পিছৰ পৰা পৃথিৱীৰ বাৰ্ষিক উষ্ণতা অলপ বেছিকৈ বৃদ্ধি পাবলৈ ধৰিছে, বছৰি প্ৰায় ১ ডিগ্ৰী চেলছিয়াছ মানকৈ উষ্ণতা বাঢ়িছে যদিও বিশ্বৰ গড় উষ্ণতা বছৰি ১ ডিগ্ৰী চেলছিয়াছ বৃদ্ধি হোৱা নাই আৰু এই বৃদ্ধি সমানে বিতৰণ কৰাও হোৱা নাই ৷

পৃথিৱীৰ উষ্ণতা বৃদ্ধিৰ এই ধাৰাবাহিকতাটো যদি অব্যাহত থাকে, তেনেহ’লে বেছি দূৰলৈ নোযোৱাকৈয়ে অহা দহ বছৰৰ কথা চিন্তা কৰি চাওঁকচোন মানৱ জাতি জীয়াই থকাটো কিমান কঠিন হ’ব, সূৰ্য্যটো একেবাৰে আমাৰ মূৰৰ ওপৰতে লৈ ফুৰা যেন নালাগিব নে ?

কাৰ্বন ডাই অক্সাইড (CO2) হৈছে গোলকীয় উষ্ণতা বৃদ্ধিত অৰিহণা যোগোৱা প্ৰাথমিক সেউজ গৃহ গেছ ৷ ই হৈছে মানৱ উৎপাদিত আটাইতকৈ উল্লেখযোগ্য সেউজ গৃহ গেছ, যিয়ে মানুহৰ কাৰ্যকলাপৰ পৰা উষ্ণতা বৃদ্ধিৰ সৰ্বাধিক অংশ গ্ৰহণ কৰে ৷ জীৱাশ্ম ইন্ধন (কয়লা, তেল, আৰু প্ৰাকৃতিক গেছ) জ্বলোৱাৰ ফলত কাৰ্বন ডাই অক্সাইড বৃহৎ পৰিমাণে নিৰ্গত হয়, যিটো শক্তি উৎপাদন আৰু ব্যৱহাৰৰ এক প্ৰধান উৎস।

বাহনসমূহে কাৰ্বন ডাই অক্সাইড (CO2), মিথেন (CH4), আৰু নাইট্ৰাছ অক্সাইড (N2O)ৰ দৰে সেউজ গৃহ গেছৰ লগতে কাৰ্বন মনোক্সাইড (CO), নাইট্ৰজেন অক্সাইড (NOx), অস্বাভাৱিক জৈৱ যৌগ (VOCs), আৰু কণাযুক্ত পদাৰ্থ (PM) আদি অন্যান্য ক্ষতিকাৰক প্ৰদূষকসমূহকে ধৰি বিভিন্ন ধৰণৰ গেছ নিৰ্গত কৰে। এই নিৰ্গমনসমূহে জলবায়ু পৰিৱৰ্তন আৰু বায়ু প্ৰদূষণ দুয়োটাতে অৰিহণা যোগায় ৷

গছবোৰে সালোক সংশ্লেষণৰ জৰিয়তে বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড শোষণ কৰে, চাৰিওফালৰ পৰিৱেশ ঠাণ্ডা কৰি ছাঁ প্ৰদান কৰি আৰু বাষ্পীভৱনৰ জৰিয়তে জলীয় বাষ্প মুক্ত কৰি গোলকীয় উষ্ণতা হ্ৰাস কৰাত সহায় কৰে, যাৰ শীতল প্ৰভাৱো আছে ৷ এই কামবোৰ গছে কেনেকৈ সম্পন্ন কৰে, তাকেই অলপ চোৱা যাওঁক ৷

কাৰ্বন ডাই অক্সাইড শোষণ:

সালোক সংশ্লেষণৰ সময়ত গছবোৰে কাৰ্বন ডাই অক্সাইড নামৰ এটা প্ৰধান সেউজ গৃহ গেছ শোষণ কৰি অক্সিজেনলৈ ৰূপান্তৰিত কৰে। এই প্ৰক্ৰিয়াই বায়ুমণ্ডলত CO2 ৰ ঘনত্ব হ্ৰাস কৰাত সহায় কৰে, যিটো গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰধান কাৰক ৷

শ্বেডিং:

গছৰ পাতৰ চালিয়ে ছাঁ দিয়ে, যাৰ ফলত মাটিত সৌৰ বিকিৰণৰ পৰিমাণ কমি যায়। বিশেষকৈ চহৰ অঞ্চলত এইটো গুৰুত্বপূৰ্ণ য’ত কংক্ৰিট আৰু অন্যান্য পৃষ্ঠই তাপ শোষণ কৰে আৰু নগৰীয়া তাপ দ্বীপ প্ৰভাৱত অৰিহণা যোগায়।

ট্ৰেন্সপিৰেচন:

গছবোৰে পাতৰ যোগেদি বতাহলৈ জলীয় বাষ্প নিৰ্গত কৰে, যিটো প্ৰক্ৰিয়াক বাষ্পীভৱন বোলা হয় ৷ এই প্ৰক্ৰিয়াই চাৰিওফালৰ বায়ুৰ উষ্ণতা শীতল কৰে, ঘামে মানুহৰ শৰীৰক যেনেকৈ ঠাণ্ডা কৰে ৷

তাপ দ্বীপৰ প্ৰভাৱ হ্ৰাস কৰা:

ছাঁ প্ৰদান কৰি আৰু আৰ্দ্ৰতা মুক্ত কৰি গছে নগৰীয়া তাপ দ্বীপৰ প্ৰভাৱ কমোৱাত সহায় কৰে, য’ত মানুহৰ কাৰ্যকলাপ আৰু আন্তঃগাঁথনিৰ বাবে চহৰসমূহ চাৰিওফালৰ গ্ৰাম্য অঞ্চলতকৈ যথেষ্ট উষ্ণ হৈ থাকে

ইয়াৰ উপৰিও গছে মাটিৰ খহনীয়া ৰোধ কৰাত সহায় কৰে, বন্যপ্ৰাণীৰ বাবে বাসস্থান প্ৰদান কৰে আৰু বায়ুৰ গুণাগুণ উন্নত কৰে ৷

পৃথিৱীৰ উষ্ণতা বৃদ্ধিৰ ধাৰাবাহিকতা আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰতি লক্ষ্য নাৰাখি বৰ্তমান সময়ত গছ কটাটো কিমান ডাঙৰ মহাপাপ হ’ব পাৰে বাৰু ? গুৰুজনাই পাঁচশ বছৰ আগতেই “এক বৃক্ষ দশ পুত্ৰসম“ বুলি কৈ গৈছিল যিটো পাঁচশ বছৰ পিছতো আধুনিক সভ্যতাত বাস কৰা মানৱে উপলব্ধি কৰিব পৰা নাই ৷ এতিয়া মানুহে সন্তান কমকৈ জন্ম দি গছ বেছিকৈ ৰোপণ কৰিলেহে জন্ম দিয়া সন্তানসকলে গোলকীয় উষ্ণতা বৃদ্ধিৰ পৰা পৰিত্ৰাণ পাই এই পৃথিৱীত জীয়াই থকাৰ বাবে এটা আশাৰ ৰেঙণি দেখা পাব ৷

09/06/2025

ভাৰতত গৱেষণাৰ পৰা দেখা গৈছে যে বছৰি প্ৰায় ২৭৫ গৰাকী স্বামীক পত্নীৰ দ্বাৰা হত্যা কৰা হয়, আনহাতে গড়ে ২২৫ গৰাকী পত্নীক স্বামীৰ দ্বাৰা হত্যা কৰা হয় ৷

বৰ্তমান আমাৰ ভাৰতবৰ্ষৰ জনসংখ্যা প্ৰায় ১.৪৫ বিলিয়ন। এই বিস্তৃত জনসংখ্যাৰ ভিতৰত দৈনিক, মাহেকীয়া আৰু বছৰি অসংখ্য অপৰাধ সংঘটিত হয় ৷ অৱশ্যে কিছুমান বিশেষ অনৰাধে জনসাধাৰণৰ দৃষ্টি বেছিকৈ আকৰ্ষণ কৰে ।

ঐতিহাসিকভাৱে টেলিভিছন, মোবাইল ফোন, ইণ্টাৰনেট বা ছ’চিয়েল মিডিয়াৰ পৰা বঞ্চিত যুগতো স্বামী-স্ত্ৰীয়ে ঠাট্টা-মস্কৰা আৰু বিভিন্ন পাৰিবাৰিক বিবাদত লিপ্ত হৈছিল। কিন্তু তেতিয়া সেই পৰিস্থিতিবোৰ হত্যাকাণ্ডৰ দৰে ভয়ানক ঘটনালৈ পৰিণত হোৱা নাছিল ৷ যিমান বাদ-বিবাদ হ’লেও স্বামী-স্ত্ৰীৰ মাজত সহিষ্ণুতা আছিল, আন্তৰিকতাপূৰ্ণভাৱ আছিল আৰু তেওঁলোকৰ মাজত কৃত্ৰিমতাই স্থান নাপাইছিল ৷

বৰ্তমান সময়ত টেলিভিছন, মোবাই ফোন, ইণ্টাৰনেট বা ছ’চিয়েল মিডিয়াসমূহ আশীৰ্বাদৰ লগতে সমানেই অভিশাপো হৈ পৰিছে ৷ অপৰাধ জগতখনো যেন মানুহৰ হাতৰ মুঠিত সোমাই পৰিছে ৷ এই বিলাকৰ জৰিয়তে সদায় বিভিন্ন অপৰাধমূলক ঘটনা কিছুমান দেখি দেখি একাংশ মানুহৰ মনো অপৰাধ প্ৰৱণ হৈ পৰাৰ লগে লগে তেনেকুৱা অপৰাধ কৰিবলৈ মানুহে ভয় নকৰা হৈছে ৷ বিশেষকৈ একাংশ ছোৱালী মহিলাৰ সস্তীয়া বিলাসী জীৱনৰ প্ৰৱণতাই পৰিয়াল আৰু সমাজত ঘটি থকা বহু অপ্ৰীতিকৰ ঘটনাৰ কাৰণ হৈ পৰিছে ৷

গতিকে এনেকুৱা বিভিন্ন কাৰণতে পাৰিবাৰিক মতানৈক্যবোৰ বহুত বেছি ভয়ংকৰ পৰিস্থিতিলৈ পৰিণত হৈছে ৷ দম্পতীয়ে এতিয়া কেৱল কঠোৰ শব্দৰ আদান-প্ৰদান কৰাতেই নিজক সীমাবদ্ধ কৰি ৰখা নাই, তেওঁলোক কৰুণ বাতৰিৰ বিষয়বস্তুও হৈ পৰিছে ৷ ড্ৰাম, ফ্ৰীজ, ছুটকেছ, আলমিৰা, হোটেলৰ কোঠা, হানিমুন স্পট আদিতো স্বামী বা স্ত্ৰীৰ মৃতদেহ পোৱা গৈছে ৷

কোনে কাক বিশ্বাস কৰি কাৰ লগত যাব যদি নৱবিবাহিত দম্পতীয়ে ইজনে সিজনক বিশ্বাস কৰি হনিমুনলৈ যাব নোৱাৰে, হনিমুন কৰিবলৈ যোৱা স্থানকো যেতিয়া নৱবিবাহিত পত্নীৰ দ্বাৰা পূৰ্বপৰিকল্পিত হত্যাৰ স্থান হিচাপে নিৰ্ধাৰণ কৰি থোৱা হয় ৷

মেঘালয়লৈ হনিমুনৰ বাবে অহা ইন্দোৰৰ ৰাজা ৰঘুবংশী আৰু ছোনম ৰঘুবংশীৰ সেই অভিশপ্ত হনিমুৰ ঘটনাটোৰ ৰহস্য মেঘালয় আৰক্ষীৰ তৎপৰাতত ফাদিল হ’ল ৷ হনিমুনৰ সময়তে পেছাদাৰী হত্যাকাৰীৰ হতুৱাই স্বামীক হত্যা কৰি আত্মগোপন কৰা পত্নী ছোনম ৰঘুবংশীক হত্যাকাৰী কেইজনৰ সৈতে পুলিচে উত্তৰ প্ৰদেশৰ গাজীপুৰত গ্ৰেপ্তাৰ কৰিলে ৷

যদি ঘটনাবোৰ এনেকুৱাই হয়, মাক-দেউতাকে জন্মৰ পৰা বিয়াৰ বয়সলৈ ইমান কষ্ট কৰি, ত্যাগ স্বীকাৰ কৰি ডাঙৰ দীঘল কৰা ল’ৰাটোকে বা ছোৱালীজনীকে কি বিশ্বাস কৰি কাৰোবাৰ হাতত অৰ্পণ কৰিব ৷ হনিমুনৰ সময়তো মাক-দেউতাকেনো কেনেকৈ নিজৰ ল’ৰা-ছোৱালীৰ লগত গৈ ৰক্ষণাবেক্ষণ দিব ৷ এই সামাজিক ব্যাধিবোৰৰ পৰা মানুহে পৰিত্ৰাণ পোৱাৰ উপায় মানুহক কোনে দিব যদি জীৱশ্ৰেষ্ঠ মানুহেই এনেকুৱা কাম কৰে ৷ নৱবিবাহিত স্বামীক হত্যাই যদি কৰিব লাগে, বিবাহপাশত আৱদ্ধ কি কাৰণে হৈছিলা, কি এনেকুৱা বাধ্যবাধকতা বা স্বাৰ্থ জড়িত আছিল ?

08/06/2025

মৃত্যু এটা কিন্তু ৰহস্য হাজাৰটা ৷ মানে নম্ৰতা বৰা নামৰ ছোৱালীজনীৰ ৰহস্যজনক মৃত্যু ৷ কাৰোবাৰ মৃত্যু মানেই অতি দুখদায়ক আৰু অসহ্যকৰ মৃতকৰ পৰিয়ালৰ বাবে, আত্মীয় স্বজনৰ বাবে ৷ কিন্তু সেই মৃত্যু যেতিয়া আহে ৰহস্যময় হৈ, সমাজৰ বাবে চিন্তাৰ বিষয় সেইটোহে হৈ পৰে ৷

মৃত্যু কেতিয়াবা কাৰোবালৈ অজানিতে আহে যিটো কাৰো নিয়ন্ত্ৰণত নাথাকে ৷ তেনেকুৱা মৃত্যুৰ খবৰ বেছি চৰ্চিত নহয় ৷ কিন্তু মৃত্যুক যেতিয়া নিজে মাতি অনা হয়, তেতিয়া সেই মৃত্যু বিভিন্ন মাধ্যমত চৰ্চাৰ বিষয় হৈ পৰে ৷

উশৃংখল আৰু আত্মনিয়ন্ত্ৰণহীন জীৱনশৈলীয়ে হ’ল নম্ৰতা বৰা নামৰ ছোৱালীজনীৰ অস্বাভাৱিক মৃত্যুৰ কাৰণ ৷ ৰাতি ১:৪০ বজাত নিজে থকা ঠাইৰ পৰা একচাম উদণ্ড আৰু উশৃংখল বন্ধু-বান্ধৱীৰ লগত ওলাই যোৱাটোৱে নম্ৰতা বৰাৰ উশৃংখল জীৱন যাপনৰ প্ৰমাণেই ডাঙি ধৰে ৷

গুৱাহাটীৰ বাহিৰৰ পৰা অহা বহু ল’ৰা-ছোৱালী আৰু যুৱক-যুৱতীয়ে যেতিয়া বিভিন্ন কাৰণত আহি গুৱাহাটীত থাকিবলৈ লয়, তেতিয়া তেওঁলোকে নিজক আৰু পৰিয়ালৰ মানুহৰ কথা পাহৰি আত্মহাৰা হৈ যাই ৷

তাৰোপৰি মহানগৰীৰ আধুনিক আৰু বিলাসী জীৱন দেখি সেইটোত তেওঁলোকে নিজকে উটুৱাই দিবলৈ উত্ৰাৱল হৈ পৰে যাৰ ফলত তেওঁলোকে সহজলভ্য আৰু সস্তীয়া বিলাসী জীৱন ধাৰণৰ বাবে কিছুমান অসামাজিক উপায় ল’বলগীয়া হয় যিটোৱে তেওঁলোকক বেয়া লগ-সংগ কিছুমানৰ সান্নিধ্যলৈ লৈ যায় ৷ তাৰোপৰি ঘৰৰ পৰা দূৰত থকা বাবে সন্তানৰ ওপৰত পেৰেন্টছৰো সিমান ভিজিলেন্স নাথাকে ৷

তাতে যিসকল ল’ৰা-ছোৱালীয়ে ঘৰৰ পৰা বাহিৰ ওলাই অহাৰ পিছতো নিজৰ লগতে পৰিয়ালৰ মানুহৰ কথা চিন্তা কৰি আগবাঢ়ে, তেওঁলোকে এটা শৃংখলাবদ্ধ জীৱন যাপন কৰি নিজৰ ওপৰত নিয়ন্ত্ৰণ ৰাখে ৷ তেনেকুৱা ল’ৰা-ছোৱালীৰ সংখ্যা আজিকালি দিনক দিনে কমি আহিছে ৷

গতিকে উঠি অহা প্ৰজন্মৰ ল’ৰা-ছোৱালীসকলে পঢ়া-শুনাৰ বাবেই হওঁক বা যি কাৰণতেই নহওঁক, যেতিয়া পৰিয়াল আৰু ঘৰৰ পৰা দূৰত অকলে থাকে, তেওঁলোকে সদায় নিজৰ লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি, জন্মদাতা পিতৃ-মাতৃৰ কথা চিন্তা কৰি, তেওঁলোকৰ দিহা-পৰামৰ্শৰ কথা সাৰোগত কৰি নিজক এটা নিয়ন্ত্ৰণাধীন আৰু শৃংখলাবদ্ধ জীৱন শৈলীৰ মাজত আৱদ্ধ কৰি ৰাখি চলিবলৈ শিকিব লাগে ৷ সফলতা সদায় ভাল ৰাস্তাত থাকি আঁজুৰি আনিবলৈ চেষ্টা কৰিব লাগে ৷ সকোলোৱে যে সমানে সফল হ’ব লাগিব, তেনেকুৱাও কোনো কথা নাই ৷

বৰ্তমান সময়ত আটাইতকৈ ডাঙৰ কথাটো হ’লে উঠি অহা বহুত ল’ৰা-ছোৱালীয়ে মাক-দেউতাকৰ কথাবোৰ বা পৰামৰ্শবোৰক শত্ৰু জ্ঞান কৰে ৷ তেওঁলোকৰ মনত এনেকুৱা এটা ধাৰণা সোমাই গৈছে যে মাক-দেউতাকে যেন তেওঁলোকৰ অহিত চিন্তা কৰি কথা কয়, যাৰ বাবে তেওঁলোকৰ মনত মাক-দেউতাকৰ পৰামৰ্শমূলক ইতিবাচক কথা-বাৰ্তাৰ সলনি উটনুৱা বন্ধু-বান্ধৱীৰ নেতিবাচক কথাই বেছি প্ৰাধান্য পাই ৷ তেওঁলোকৰ উশৃংখল জীৱন যাপনত আটাইটকৈ বেছি অৰিহণা যোগোৱা কাৰকটোৱে হৈছে এইটো যিটোৰ পৰা তেওঁলোকে ওলাই আহিব পৰাকৈ নিজক পৰিপক্ক কৰি তুলিব লাগে ৷

কোনো ভাল বা শুভাকাংক্ষী বন্ধু-বান্ধৱীয়ে কেতিয়াও কোনো বন্ধু-বান্ধৱীকে ৰাতি ২ টা বজাত মাক-দেউতাকৰ অজানিতে ঘৰৰ পৰা ওলাই যাবলৈ লগ নধৰে ৷ তেনেকুৱা বন্ধু-বান্ধৱী কেতিয়াও কোনো বন্ধু-বান্ধৱীৰে শুভচিন্তক আৰু শুভাকাংক্ষী হ’বই নোৱাৰে ৷ এই কথাটোৱে নতুন প্ৰজন্মৰ ল’ৰা-ছোৱালীসকলে উপলব্ধি কৰি নিজক শৃংখলাবদ্ধ কৰি ৰাখিবলৈ শিকিব লাগে ৷ নিজৰ পিতৃ-মাতৃতকৈ শুভচিন্তক আৰু শুভাকাংক্ষী এই পৃথিৱীত আন কোনোৱে হ’ব নোৱাৰে ৷ এই কথাটোৱে আজিকালি নতুন প্ৰজন্মৰ ল’ৰা-ছোৱালীসকলে অলপ কমকৈ হৃদয়ঙ্গম কৰে ৷

06/06/2025

যোৱা কেইদিন মানৰ ভিতৰতে দুজনকৈ সহকৰ্মীৰ হাৰ্ট ব্লকেজ ধৰা পৰিছে ৷ আগৰ পৰা বিশেষ একো indication নথকাকৈয়ে এনেকুৱা ঘটনাবোৰ হ’বলৈ ধৰিছে ৷ তেওঁলোকৰ এজন প্ৰায় আমাৰ সমবয়সৰ হ’ব আৰু এজন আমাতকৈ সৰু হ’ব ৷ ইয়াৰ আগতেও আমাৰ সমসাময়িক আৰু আমাতকৈ অলপ ডাঙৰ বহুতৰে এনেকুৱা হৈছে ৷

অনবৰত শাৰীৰিক ব্যায়াম কৰা, খেলা-ধূলা কৰি থকা সুস্বাস্থ্যৰ অধিকাৰী মানুহে যদি এনেকুৱা হৃদৰোগজনিত কাৰণত কম বয়সতে ভুগিবলগীয়া হয়, কথাটো আমাৰ কাৰণেও এটা চিন্তনীয় বিষয় হৈ পৰিছে যিহেতু আমাৰ সকলোৰে কৰ্ম প্ৰকৃতি আৰু জীৱনশৈলী প্ৰায় একে, কম বেছি পৰিমাণে এটা মানসিক চাপযুক্ত জীৱন (Stressful Life) যিটোৰ পৰা আমি কোনো মুক্ত নহয় ৷

আগৰ দিনত মানুহৰ জীৱন যাপন আজিৰ তুলনাত সহজ আছিল ৷ সেইদৰে প্ৰত্যাহ্বান আৰু মানুহৰ অসন্তুষ্টিও আগৰ দিনৰ মানুহৰ ক্ষেত্ৰত কম আছিল, মানুহৰ জীৱনশৈলীও অতি সহজ সৰল আৰু সন্তুষ্টিৰে ভৰা আছিল, পৰিয়ালৰ সদস্যসকলৰ মাজতো অসন্তুষ্টি কম আছিল যিটোৱে মানুহৰ মানসিক চাপ বহুত কমাই ৰাখিছিল ৷

কিন্তু বৰ্তমান সময়ৰ আধুনিক জীৱন ধাৰাত কথাটো বহু বেলেগ ৷ সকলোৰে জীৱনটো কম বেছি পৰিমাণে প্ৰত্যাহ্বানমূলক, জীৱন আৰু জীৱিকাও আগতকৈ বহু কঠিন, জীৱন ধাৰণৰ প্ৰণালী বহু বেলেগ ৷ মানুহৰ প্ৰয়োজন আৰু প্ৰত্যাশাও আগতকৈ বহু বেছি ৷ সেয়েহে একেটা পৰিয়ালৰ সদস্যসকলৰ মাজতে অসন্তুষ্টিও বেছি ৷ সৰু সৰু কিছুমান প্ৰয়োজন পুৰণ নহ’লেই মানুহ অসন্তুষ্ট হৈ পৰে, অসহিষ্ণু হৈ পৰে ৷ ফলত মানুহে নিজৰ পৰিয়াল বা ঘৰখনৰ ভিতৰতে এটা মানসিক চাপত থাকিবলগীয়া হয ৷ ইয়াৰ উপৰিও মানুহৰ ওপৰত professional আৰু financial চাপবোৰটো থাকেই ৷ এই সকলোবোৰ মিলি মানুহে এটা মানসিক চাপযুক্ত জীৱন অতিবাহিত কৰিবলগীয়া হয় ।

এতিয়া কথাটো হ’ল মানসিক চাপযুক্ত জীৱন হৃদৰোগৰ কাৰণ হ’ব পাৰে নেকি ৷ খাদ্যভাস আৰু জীৱনশৈলীকে ধৰি হৃদৰসগৰ কাৰণ বিভিন্ন হ’ব পাৰে ৷ অধয়ণ কৰি গম পোৱা গৈছে যে এই সকলোবোৰৰ উপৰি মানসিক চাপযুক্ত জীৱনো হৃদৰোগৰ এটা অন্যতম কাৰণ হ’ব পাৰে ? সেই বিষয়ে অলপ তলত আলোচনা কৰিবলৈ চেষ্টা কৰিলো ৷

মানসিক চাপযুক্ত জীৱনে হৃদৰোগ সৃষ্টি হোৱাত অৰিহণা যোগাব পাৰে। দীৰ্ঘদিনীয়া চাপৰ ফলত প্ৰদাহ আৰু ৰক্তবাহী নলীৰ বেৰ পৰিৱৰ্তন হ’ব পাৰে, যাৰ ফলত প্লেক জমা হোৱা আৰু বন্ধ হোৱাৰ সম্ভাৱনা থাকে ৷ ইয়াৰ উপৰিও মানসিক চাপে বেয়া খাদ্য, ধূমপান, মদ্যপান আদি অস্বাস্থ্যকৰ আচৰণৰ সূচনা কৰিব পাৰে যিয়ে হৃদৰোগৰ সম্ভাৱনা আৰু অধিক বৃদ্ধি কৰে ৷

অত্যাধিক মানসিক চাপে মানুহৰ শৰীৰত কেনেধৰণৰ প্ৰভাৱ পেলাব পাৰে…

১) প্ৰদাহ আৰু প্লেক বিল্ড-আপ:

মানসিক চাপে শৰীৰত প্ৰদাহ বৃদ্ধি কৰিব পাৰে, যাৰ ফলত ৰক্তবাহী নলীৰ বেৰ ক্ষতিগ্ৰস্ত হ’ব পাৰে। এই ক্ষতিৰ ফলত প্লেক জমা হ’ব পাৰে, চৰ্বি, কলেষ্টেৰল আৰু অন্যান্য পদাৰ্থ জমা হৈ ধমনীবোৰ সংকুচিত কৰি তেজৰ সোঁত বাধা দিব পাৰে ৷

২) মানসিক চাপৰ হৰম'ন আৰু তেজৰ গোট:

মানসিক চাপৰ সময়ত শৰীৰে এড্ৰিনেলিনৰ দৰে মানসিক চাপৰ হৰম’ন নিৰ্গত কৰে। এই হৰম’নবোৰৰ ফলত ৰক্তবাহী নলীবোৰ সংকুচিত হৈ তেজ জমা হোৱা বৃদ্ধি পায়, যাৰ ফলত ৰক্তবাহী নলীবোৰ বন্ধ হৈ যোৱাত আৰু অধিক অৰিহণা যোগাব পাৰে ৷

৩) অস্বাস্থ্যকৰ মোকাবিলা ব্যৱস্থা:

যেতিয়া মানুহে মানসিক চাপত থাকে, তেতিয়া তেওঁলোকে ধূমপান, অতিমাত্ৰা খাদ্য খোৱা বা অত্যধিক মদ্যপানৰ দৰে অস্বাস্থ্যকৰ মোকাবিলা ব্যৱস্থাৰ ফালে ঢাপলি মেলিব পাৰে ৷ এই আচৰণবোৰে হৃদৰোগৰ আশংকাকাৰী কাৰক যেনে উচ্চ কলেষ্টেৰল, উচ্চ ৰক্তচাপ, মেদবহুলতা আৰু বেয়া কৰি তুলিব পাৰে ৷

৪) মানসিক চাপ আৰু ইস্কেমিয়া:

মানসিক চাপে হৃদযন্ত্ৰৰ তেজৰ সোঁত গ্ৰহণৰ ক্ষমতাকো প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰিব পাৰে ৷ হাৰ্ভাৰ্ড হেল্থৰ প্ৰতিবেদন অনুসৰি এক অধ্যয়নত দেখা গৈছে যে মানসিক চাপৰ ফলত হৃদযন্ত্ৰৰ পেশীলৈ তেজৰ সোঁত কমি যাব পাৰে, যিটো অৱস্থাক ইস্কেমিয়া বুলি কোৱা হয়, যিয়ে হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে ৷

মানসিক চাপৰ পৰা মানুহে কেনেকৈ নিজক মুক্ত কৰি ৰাখিব পাৰে ? প্ৰত্যাহ্বানমূলক জীৱন সংগ্ৰামত কোনেও নিজক ১০০ শতাংশ মানসিক চাপমুক্ত কৰি ৰখাটো সম্ভৱ নহয় ৷ তাৰ পৰা কিছু পৰিত্ৰাণৰ উপায় উলিয়াই মানসিক চাপ যিমান পাৰি কম কৰিবলৈ চেষ্টা কৰাৰ বাহিৰে বেলেগ উপায় নাই ৷

মানৱ জীৱনত মানসিক চাপ ফলপ্ৰসূভাৱে এৰাই চলিবলৈ আমি কি কি কৰিব পাৰো...

০০ নিয়মীয়া ব্যায়ামৰ অগ্ৰাধিকাৰ দিয়ক

০০ সুষম খাদ্য বজাই ৰাখক আৰু পৰ্যাপ্ত টোপনি লওক ৷

০০ গভীৰ উশাহ বা ধ্যান-ধাৰণাৰ দৰে শিথিলতা কৌশলৰ অভ্যাস কৰক ৷

০০ মনৰ অসন্তুষ্টি কমাবলৈ চেষ্টা কৰক ৷ যিটো পাইছে তাতেই সন্তুষ্ট হ’বলৈ চেষ্টা কৰক ৷ সহিষ্ণুতা বজাই ৰাখক ৷

০০ নিজে ভাল পোৱা কাৰ্য্যকলাপৰ বাবে সময় উলিয়াওক, ইতিবাচক সামাজিক সংযোগ গঢ়ি তোলক ৷

০০ সামাজিক আৰু আৱেগিক মঙ্গল সাধনৰ লগতে সুস্থ সামাজিক সংযোগ ৰাখিবলৈ চেষ্টা কৰক ৷ অসন্তুষ্টিৰ মনোভাৱ দূৰ কৰি পৰিয়ালৰ সদস্যসকলৰ মাজত সুস্থ সম্পৰ্ক বজাই ৰাখক ৷ কমতে সন্তুষ্ট হ’ব পাৰিলে মানুহ সদায় সুখী হয় যিটোৱে মানুহৰ মানসিক চাপ হ্ৰাস কৰাত সহায় কৰে ৷

০০ সামাজিক সমৰ্থন মানসিক চাপৰ বিৰুদ্ধে এক শক্তিশালী বাফাৰ হ’ব পাৰে ৷

০০ সদায় ইতিবাচক দৃষ্টিভংগী ৰাখক ৷ কৃতজ্ঞতাৰ অভ্যাস কৰক আৰু আপোনাৰ জীৱনৰ ভাল কামবোৰত মনোনিৱেশ কৰক।

০০ গ্ৰহণযোগ্যতাৰ অভ্যাস কৰক ৷ সকলো নিয়ন্ত্ৰণ কৰিব নোৱাৰে বুলি মানি লওক আৰু যি পাৰে তাত মনোনিৱেশ কৰক ৷

oo যিমান পাৰে হাঁহি থাকিবলৈ চেষ্টা কৰক ৷ হাঁহিলে মানসিক চাপৰ হৰম’ন হ্ৰাস কৰি আপোনাৰ মেজাজ বৃদ্ধি কৰিব পাৰে ৷ দুখৰ দিনতো যদি কোনোবাই হাঁহি থাকিব পাৰিছে, সেইসকলৰ জীৱনত মানসিক চাপে বেছি কুপ্ৰভাৱ পেলাব নোৱাৰে ৷ কিন্তু এইটো কোৱাধৰণে বাস্তৱত সম্ভৱ নহয় ৷

০০ জীৱন মানেই প্ৰত্যাহ্বান ৷ সন্মুখত অহা প্ৰতিটো প্ৰত্যাহ্বান যদি হেলাৰঙে গ্ৰহণ কৰি আগবাঢ়ি যাব পৰা যাই, সেই মানসিক শক্তিটোৱে মানুহক চাপমুক্ত কৰি ৰখাত সহায় কৰিব পাৰে ৷ সেয়ে মানসিকভাৱে শক্তিশালী হ’বলৈ শিকাটোও অত্যন্ত দৰকাৰী কথা ৷

Address

Guwahati
Guwahati

Website

Alerts

Be the first to know and let us send you an email when Barada Talukdar New posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share