Assamese Information

Assamese Information কিছু জানক, কিছু শিকক
Through "Assamese Information" we are trying to give you various life changing "Motivational quotes" & "Motivational Speech".

We will also try to give "Information" on various topics.

মুখ্যমন্ত্ৰীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ESZ ৰ পৰিসীমা ১ কিলোমিটাৰলৈ হ্ৰাস কৰাৰ সপক্ষে ফেচবুকত এটা পোষ্ট দিছে। কিন্তু ...
18/08/2026

মুখ্যমন্ত্ৰীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ESZ ৰ পৰিসীমা ১ কিলোমিটাৰলৈ হ্ৰাস কৰাৰ সপক্ষে ফেচবুকত এটা পোষ্ট দিছে। কিন্তু ইয়াত কমেণ্ট কৰা এশ শতাংশ লোকেই কাজিৰঙাৰ পৰিবেশ সংবেদনশীল এলেকা ১ কিলোমিটাৰলৈ হ্ৰাস কৰাটো বিছৰা নাই। কাজিৰঙা যেনেকৈ আছে, তেনেকৈ থাকিবলৈ দিয়ক বুলি কমেণ্ট দিছে। অৰ্থাৎ ৰাইজ প্ৰকৃতিৰ লগত আছে।

উজনিৰ জলপ্ৰলয়ৰ কাৰণ সন্দৰ্ভত মুখত সোপা দি থকা চৰকাৰী প্ৰকৃতিপ্ৰেমীসকলে চৰকাৰী লোভ সম্বৰণ কৰি এতিয়া ৰাইজৰ হৈ মাত মতা উচিত।

মুখ্যমন্ত্ৰীয়েও আকোৰগোজ হৈ নাথাকি জনতাৰ ক্ষোভ হৃদয়ংগম কৰা ভাল।‌

মুখ্যমন্ত্ৰীয়ে মনত ৰখা উচিত, হিটলাৰৰো পতন হৈছিল।

সংবাদমেলত মুখ্যমন্ত্ৰীয়ে বিভ্ৰান্তিকৰ বাখ্যা আগবঢ়াইছিল যে, Arup Kalita ৰ এই তথ্য সমৃদ্ধ ৰচনাখনেই প্ৰমাণ।

ইক’ ছেনজিটিভ জ’ন : কাজিৰঙাৰ আচল খেল কি ?


কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল এলেকাৰ দূৰত্ব ১০ কিলোমিটাৰৰ পৰা ১ কিলোমিটাৰলৈ হ্ৰাস কৰা হ’ব ৷ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰী কৰাৰ লগে লগে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

বিষয়টোৰ স্পষ্টীকৰণ দি মুখ্যমন্ত্ৰীয়ে কৈছে এইদৰে ,’’ উচ্চতম ন্যায়ালয়ে কৈছে যে ইক’ ছেনজিটিভ জ’ন ১ কিলোমিটাৰতেই থাকিব ৷ হ্ৰাস কৰাৰ কথাই নাহে ৷ কিলোমিটাৰটোৱেই সীমা ৷ যেতিয়ালৈকে চৰকাৰে ইক’ ছেনজিটিভ জ’ন বনাই নিদিয়ে , তেতিয়ালৈকে ১০ কিলোমিটাৰেই থাকিব ৷ চৰকাৰে ইক’ ছেনজিটিভ জ’ন বনাই দিয়াৰ লগে লগে এয়া ১ কিলোমিটাৰলৈ হ্ৰাস পাব ৷ যদি ১০ কিলোমিটাৰ আমি কাজিৰঙাৰ চাৰিওদিশৰ পৰা বনাবলৈ যাও , তেতিয়াটো কলিয়াবৰ , ডবকা , বোকাখাত , জখলাবন্ধা সকলো শেষ হৈ যাব ৷ উচ্চতম ন্যায়ালয়ে কৈছে যে এটা বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা ইক’ ছেনজিটিভ জ’ন সাধাৰণতে ১ কিলোমিটাৰ হ’ব আৰু যদি কৰবাত প্ৰয়োজন হয় ৩ কিলোমিটাৰলৈ বৃদ্ধি কৰিব পাৰি ৷ ১ কিলোমিটাৰেই হৈছে মানদণ্ড ৷ ‘


সোমবাৰে কাজিৰঙাৰ ইক’ ছেনজিটিভ জ’ন হ্ৰাস কৰাৰ চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছে ৰূপায়ন কৰিছে প্ৰতিবাদী কাৰ্যসূচী ৷ এই কাৰ্যসূচী সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৷ তেওঁ নিজৰ স্থিতিত অটল থাকি ঘোষণা কৰিছে যে কলিয়াবৰ , বোকাখাতৰ ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনাইহে ইক’ ছেনজিটিভ জ’নৰ সীমা ১ কিলোমিটাৰলৈ হ্ৰাস কৰিবলৈ লোৱা হৈছে ৷ কাজিৰঙাৰ ইক’ ছেনজিটিভ জ’নৰ সীমা ১০ কিলোমিটাৰ থাকিলে নুমলীগড় শোধানাগাৰ বন্ধ কৰি দিব লাগিব ৷ গহপুৰ , বিশ্বনাথ চাৰিআালি একোৱেই নাথাকিব ৷ মুখ্যমন্ত্ৰীৰ মন্তব্য , ‘কাজিৰঙাক ৰক্ষা কৰে কাজিৰঙাৰ ৰাইজে ৷যদি ৰাইজক কাজিৰঙাৰ পৰা উলিয়াই দিয়ে ,তেনেহ’লে কাজিৰঙাখন ক’ত থাকিব ?’


মুখ্যমন্ত্ৰীয়ে ইক’ ছেনজিটিভ জ’নৰ সীমা ১ কিলোমিটাৰলৈ হ্ৰাসৰ প্ৰসংগত উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ প্ৰসংগ আৰু স্থানীয় ৰাইজৰ জীৱিকাৰ যুক্তি আগবঢ়াইছে ৷ এনে প্ৰেক্ষাপটতে দুয়োটা বিষয় চালি জাৰি চোৱাৰ প্ৰয়োজন আছে ৷

ইক’ ছেনজিটিভ জ’ন কি ?

ইক’ ছেনজিটিভ জ’নৰ পোনপটীয়া অসমীয়া অৰ্থ হ’ব – পৰিৱেশ সংবেদনশীল অঞ্চল ৷ বন্যপ্ৰানী অভয়াৰণ্য , ৰাষ্ট্ৰীয় উদ্যান আদিৰ সমীপৰ পৰিৱেশত যাতে মানুহৰ ব্যাপক হস্তক্ষেপ নচলে , প্ৰকৃতি সুৰক্ষিত হৈ থাকে আৰু বন্যজীৱ- মানুহৰ সংঘাত হ্ৰাস কৰিব পৰা যায় , তাৰ বাবে এটা নিৰ্দিষ্ট অঞ্চলক ইক’ ছেনজিটিভ জ’ন হিচাপে ঘোষণা কৰা হয় ৷

১৯৮৬ চনৰ পৰিৱেশ সুৰক্ষা আইনৰ অধীনত ২০০২ চনত নেচনেল ব’ৰ্ড ফ’ৰ ৱাইল্ডলাইফে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ৷ এই সিদ্ধান্ত অনুসৰি , সংৰক্ষিত অঞ্চলৰ চাৰিওফালে এক বাফাৰ জ’ন ঘোষণা কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। ইয়াৰ পাছত ২০১১ চনত বন আৰু পৰিৱেশ মন্ত্ৰালয়ে নেচনেল ৱাইল্ডলাইফ একশ্যন প্লেন (২০০২-২০১৬)ৰ অংশ হিচাপে, ৰাজ্য চৰকাৰসমূহক ESZৰ বাবে স্থান-নিৰ্দিষ্ট প্ৰস্তাৱ দাখিল কৰিবলৈ নিৰ্দেশ দিছিল ৷ ইয়াৰ লগত এটা সাধাৰণ নিৰ্দেশনা দিয়া হৈছিল যে ESZ সংৰক্ষিত অঞ্চলৰ পৰিধিৰ পৰা ১০ কি.মি. পৰ্যন্ত হ’ব লাগে।

এই ইক’ ছেনজিটিভ জ’নৰ অধীনত কেতবোৰ নিষিদ্ধ আৰু নিৰ্ধাৰিত কাৰ্যকলাপৰ নিৰ্দেশনা আছে ৷

নিষিদ্ধ কাৰ্যকলাপ সমূহ হৈছে –
ক) বাণিজ্যিক খনন
খ) প্ৰদূষণ সৃষ্টি কৰা উদ্যোগ
গ) কাঠৰ মিল
ঘ) ডাঙৰ জলবিদ্যুৎ প্ৰকল্প
ঙ) কাঠৰ বাণিজ্যিক ব্যৱহাৰ ইত্যাদি

অনুমোদিত কাৰ্যকলাপসমূহ হৈছে –
ক) কৃষি
খ) জল সংৰক্ষণ
গ) জৈৱিক কৃষি
ঘ) পুনৰ নৱীকৰণযোগ্য শক্তিৰ ব্যৱহাৰ
ঙ) সেউজ প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ ইত্যাদি


‘নূন্যতম’ ১ কিলোমিটাৰহে সীমা : ২০২২ চনৰ উচ্চতম ন্যায়ালয়ৰ ৰায়

২০২২ চনৰ ৩ জুনত ইক’ ছেনজিটিভ জ’ন (ESZ) ক জ’নক লৈ উচ্চতম ন্যায়ালয়ে এটা অতি গুৰুত্বপূৰ্ণ ৰায়দান কৰিছিল ৷ এই ৰায়ৰ মূল কেইটামান সিদ্ধান্ত আছিল এনেধৰণৰ -
ক) প্ৰত্যেক সংৰক্ষিত বনাঞ্চল, অৰ্থাৎ ৰাষ্ট্ৰীয় উদ্যান বা বন্যপ্ৰাণী অভয়াৰণ্যৰ চিহ্নিত সীমাৰ পৰা ন্যূনতম এক কিলোমিটাৰ পৰ্যন্ত এক ESZ (পৰিৱেশ সংবেদনশীল মণ্ডল/ইক’ চেনছিটিভ জ’ন) থাকিব লাগিব ৷ য’ত ৯ ফেব্ৰুৱাৰী , ২০১১ৰ নিৰ্দেশনাৱলীত উল্লেখ কৰা নিষিদ্ধ আৰু নিৰ্ধাৰিত কাৰ্যকলাপসমূহ কঠোৰভাৱে পালন কৰিব লাগিব।

খ) যদিহে আইন অনুসৰি ইতিমধ্যে এক কিলোমিটাৰ বাফাৰ জ’নৰ সীমা অতিক্ৰম কৰি ESZ নিৰ্ধাৰিত হৈছে, তেন্তে সেই অধিক বহল পৰিসীমাই ESZ হিচাপে কাৰ্যকৰী হ’ব। যদি কোনো বিশেষ ৰাষ্ট্ৰীয় উদ্যান বা বন্যপ্ৰাণী অভয়াৰণ্যৰ বাবে কোনো বিধিগত উপকৰণৰ অধীনত এক কিলোমিটাৰৰ বাহিৰলৈ এনে বহল বাফাৰ জ’ন প্ৰস্তাৱিত হৈছে আৰু সেই সম্পৰ্কত চূড়ান্ত সিদ্ধান্তৰ বাবে অপেক্ষা কৰি আছে, তেনেহ’লে চূড়ান্ত সিদ্ধান্ত নোহোৱালৈকে প্ৰস্তাৱিত এক কিলোমিটাৰৰ বাহিৰৰ অঞ্চল সামৰি থকা ESZ বজাই ৰখা হ’ব।

গ) যিবোৰ অভয়াৰণ্য বা ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰত কোনো ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলে প্ৰস্তাৱ দিয়া নাই, সেইবোৰৰ ক্ষেত্ৰত আদালতে ৪ ডিচেম্বৰ ২০০৬ তাৰিখে গোৱা ফাউণ্ডেশ্বন গোচৰত প্ৰদান কৰা আদেশত উল্লেখ কৰা আৰু ৯ ফেব্ৰুৱাৰী ২০১১ৰ নিৰ্দেশনাৱলীতো অন্তৰ্ভুক্ত থকা ১০ কিলোমিটাৰ বাফাৰ জ’নক ESZ হিচাপে কাৰ্যকৰী কৰা হ’ব। সেই অঞ্চলৰ ভিতৰত ESZ সম্পৰ্কীয় সকলো নিষেধাজ্ঞা চূড়ান্ত সিদ্ধান্ত নোহোৱালৈকে প্ৰযোজ্য হ’ব।

এই ৰায়ত উচ্চতম ন্যায়ালয়ে স্পষ্ট ভাষাৰে সংৰক্ষিত অঞ্চলৰ পৰিধিৰ ‘নূন্যতম ১ কিলোমিটাৰ অঞ্চল ইক’ ছেনজিটিভ জ’ন (ESZ) হিচাপে উল্লেখ কৰিছে ৷ ১ কিলোমিটাৰেই সীমা নহয় ৷ ৰজ্য চৰকাৰসমূহে নূন্যতম ১ কিলোমিটাৰ অঞ্চলৰ বাহিৰলৈ গৈও ইক’ ছেনজিটিভ জ’ন (ESZ) ঘোষণা কৰিব পাৰে ৷

১০ কিলোমিটাৰো সীমা হ’ব পাৰে !২০২৩ ৰ উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ সংশোধন

২০২২ চনত বন্যপ্ৰানী অভয়াৰণ্য , ৰাষ্ট্ৰীয় উদ্যানৰ পৰা নূন্যতম ১ কিলোমিটাৰ অঞ্চলক ইক’ ছেনজিটিভ জ’ন (ESZ) হিচাপে ঘোষণা কৰা হৈছিল ৷ কিন্তু সমগ্ৰ দেশত এই এটা মানদণ্ডৰ অধীনত ইক’ ছেনজিটিভ জ’ন (ESZ) ঘোষণা কৰাত জটিলতা আহি পৰে ৷ যাৰ বাবে ২০২৩ চনৰ ২৬ এপ্ৰিলত উচ্চতম ন্যায়ালয়ে পূৰ্বৰ ৰায় সংশোধন কৰে ৷ নতুনকৈ দিয়া সংশোধনীত ন্যায়ালয়ে উল্লেখ কৰে এইদৰে -
ক) ইক’ ছেনজিটিভ জ’ন (ESZ) হিচাপে ঘোষণা কৰিবলগীয়া সকলো এলেকা একক ৰূপৰ (uniform ) হ’ব নোৱাৰে আৰু ই সংৰক্ষিত অঞ্চল-নিৰ্দিষ্ট (Protected Area specific)হ’ব। কিছুমান ক্ষেত্ৰত ই এফালে ১০ কিলোমিটাৰ আৰু আনফালে ৫০০ মিটাৰ হ’ব পাৰে। কিছুমান ক্ষেত্ৰত আন্তঃৰাজ্যিক সীমা বা সংৰক্ষিত অঞ্চলৰ এফালৰ বাহিৰত সাগৰ বা নদী থকাৰ বাবে একক ৰূপত নূন্যতম এলেকা ৰখা সম্ভৱ নহ’বও পাৰে।কিন্তু যিকোনো ক্ষেত্ৰতে, ১৯৮৬ চনৰ নিয়মাৱলীৰ নিয়ম ৫-ত নিৰ্ধাৰিত বিশদ প্ৰক্ৰিয়া মানি চলিব লাগিব।

খ) ১৯৮৬ চনৰ নিয়মাৱলীৰ নিয়ম ৫ৰ উপ-নিয়ম (৩) অনুসৰি, কোনো চূড়ান্ত জাননী প্ৰকাশ কৰাৰ আগতে, এখন খচৰা জাননী অফিচিয়েল গেজেটত আৰু কেন্দ্ৰীয় চৰকাৰে প্ৰয়োজনীয় বুলি বিবেচনা কৰা অন্যান্য মাধ্যমত প্ৰকাশ কৰিব লাগে। তেনে খচৰা জাননীৰ বিৰুদ্ধে আপত্তি দাখিল কৰিবলৈ আগ্ৰহী যিকোনো ব্যক্তিয়ে খচৰা জাননী প্ৰকাশৰ তাৰিখৰ পৰা ৬০ দিনৰ ভিতৰত আপত্তি দাখিল কৰিব পাৰে। কেন্দ্ৰীয় চৰকাৰক খচৰা জাননীৰ ব্যাপক প্ৰচাৰ কৰিবলৈ নিৰ্দেশ দিব পৰা যায় যাতে সকলো আগ্ৰহী ব্যক্তিয়ে তেনে খচৰা জাননীৰ বিষয়ে জানিব পাৰে।

উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ সম্যক অধ্যয়নৰ পৰা এইটো বুজিব পাৰি যে ১ কিলোমিটাৰেই ESZ ৰ পৰিসীমা নহয় ৷ ২০২২ ৰ ৰায়ত ESZ ৰ ‘নূন্যতম’ সীমা ১ কিলোমিটাৰ হ’ব লাগিব বুলি কোৱা হৈছে ৷ ইয়াৰ সংশোধনী হিচাপে ২০২৩ ৰ ৰায়ত একক ৰূপৰ ESZ ৰ সলনি কিছুমান ক্ষেত্ৰত ই এফালে ১০ কিলোমিটাৰ আৰু আনফালে ৫০০ মিটাৰ হ’ব পাৰে বুলিও কোৱা হৈছে ৷ অৰ্থাৎ পৰিস্থিতিসাপেক্ষে ইক’ চেনজিটিভ জ’নৰ পৰিসীমা সলনিও হ’ব পাৰে ৷ তদুপৰি , ২০২২ আৰু ২০২৩ চনৰ দুয়োটা ৰায়তেই ইক’ চেনজিটিভ জ’নৰ পৰিসীমা সৰ্ব্বোচ্চ ৩ কিলোমিটাৰ হ’ব পাৰে বুলিও কোনো উল্লেখ নাই ৷

আইনৰ বিশেষজ্ঞ সকলে এই বিষয়ত সঠিক বাখ্যা কৰিব পাৰিব ৷ কিন্তু এবাৰ ইক’ ছেনজিটিভ জ’ন ঘোষণা কৰাৰ লগে লগে ইয়াৰ সীমা নিজে নিজে ১ কিলোমিটাৰলৈ হ্ৰাস পাব বুলি মুখ্যমন্ত্ৰীয়ে যি বাখ্যা আগবঢ়াই আহিছে , সেয়া সঠিক নহয় ৷ তদুপৰি , ৩ কিলোমিটাৰ উৰ্ধ্বতম সীমাৰো উল্লেখ ন্যায়ালয়ৰ ৰায়ত পোৱা নগ’ল ৷


হোটেল নিৰ্মাণৰ বাবেই ESZ ৰ পৰিসীমা হ্ৰাস নেকি ?

ইক’ ছেনজিটিভ জ’নৰ পৰিসীমা হ্ৰাসক লৈ মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণাৰ পাছতেই বিভিন্ন মাধ্যমত প্ৰশ্ন উঠিছে – স্থানীয় লোকৰ জীৱন – জীৱিকাৰ স্বাৰ্থত নে বিলাসী হোটেল নিৰ্মাণৰ তাগিদাত এই সিদ্ধান্ত ল’বলৈ লোৱা হৈছে ?
কাজিৰঙাৰ কহৰা আৰু হাতখুলীত দুখনকৈ বিলাসী হোটেল নিৰ্মাণৰ বাবে ইতিমধ্যে অসম চৰকাৰৰ সৈতে জেনিপ্ৰ’ হোটেল প্ৰাইভেট লিমিটেড আৰু ইণ্ডিয়ান হোটেল কোম্পানী লিমিটেডৰ সৈতে চুক্তি স্বাক্ষৰ হৈছ ৷ সংবাদ মাধ্যমত এই বাতৰি প্ৰকাশ পোৱাৰ পাছতেই নিজাববীয়া গোচৰ ৰুজু কৰিছিল ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে ৷ এই গোচৰৰ শুনানিকালত অসম চৰকাৰে কয় যে

ক) ইংলে পথাৰৰ প্ৰস্তাৱিত হোটেলৰ স্থান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা প্ৰায় ৭.১৭১ কিলোমিটাৰ দূৰৈত ৷

খ) প্ৰস্তাৱিত ভূমি এনিমেল ক’ৰিডৰৰ অন্তৰ্ভুক্ত নহয় ৷ নিকটৱৰ্তী হালধিবাৰী এনিমেল ক’ৰিডৰৰ পৰা ইয়াৰ দূৰত্ব প্ৰায় ১.১৭১ কিলোমিটাৰ ৷

গ) হাতিখুলীৰ প্ৰস্তাৱিত হোটেল নিৰ্মাণৰ স্থান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সংৰক্ষিত অঞ্চলৰ পৰা প্ৰায় ২.২০১ কিলোমিটাৰ দূৰৈত ৷

ঘ) নিকটৱৰ্তী হালধিবাৰী এনিমেল ক’ৰিডৰৰ পৰা ইয়াৰ দূৰত্ব প্ৰায় ৪.৩০৬ কিলোমিটাৰ ৷

অসম চৰকাৰে ন্যায়াধীকৰণক এইবুলিও জানিবলৈ দিয়ে যে হোটেল নিৰ্মাণকাৰী প্ৰতিষ্ঠানে এতিয়াও ডিটেইল প্ৰজেক্ট ৰিপ’ৰ্ট দাখিল কৰা নাই ৷ সম্পূৰ্ণ প্ৰতিবেদন লাভ কৰাৰ পাছত সেয়া তন্ন তন্নকৈ উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ আধাৰত পৰীক্ষা কৰা হ’ব ৷

অসম চৰকাৰৰ প্ৰতিবেদনৰ আধাৰতে গোচৰটো ‘প্ৰি মেচিউৰ’ বুলি কৈ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে নিষ্পত্তি কৰে ৷ কিন্তু ন্যায়ালয়ক দিয়া তথ্যৰ পৰা স্পষ্ট হৈ পৰে যে প্ৰস্তাৱিত দুয়োখন হোটেলেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ১০ কিলোমিটাৰ সীমাৰ ভিতৰত পৰে ৷ এতিয়াও যিহেতু ইক’ন’মিক চেনজিটিভ জ’ন ঘোষণা কৰি কোনো অধিসূচনা জাৰি কৰা হোৱা নাই , গতিকে ১০ কিলোমিটাৰৰ বাফাৰ জ’ন আজিও প্ৰযোজ্য হৈ আছে ৷ য’ত পঞ্চতাৰকা হোটেল নিৰ্মাণ অসম্ভৱ ৷ হোটেল নিৰ্মাণৰ কাম ত্বৰাণ্বিত কৰিবৰ বাবেই ১ কিলোমিটাৰৰ সীমা নিৰ্ধাৰণ কৰি অসম চৰকাৰে কাজিৰঙাৰ ইক’ চেনজিটিভ জ’ন ঘোষণাৰ তৎপৰতা চলাইছে নেকি ? এই প্ৰশ্ন স্বাভাৱিকতেই উত্থাপণ হৈছে ৷

কাজিৰঙা এৰিব লাগিব নেকি স্থানীয় ৰাইজে ?

মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ইক’ ছেনজিটিভ জ’নৰ সীমা হ্ৰাস কৰাৰ পক্ষত যুক্তি আগবঢ়াই কৈছে যে কাজিৰঙাৰ পৰা স্থানীয় লোকসকলক উলিয়াই দিলে কাজিৰঙা কেনেকৈ থাকিব ? ইক’ ছেনজিটিভ জ’ন সঁচাকৈ কি স্থানীয় লোকসকলে পৰিত্যাগ কৰিব লাগিব নেকি ?

২০২৪ চনৰ ২২ জুলাইত ইক’ ছেনজিটিভ জ’নৰ সম্পৰ্কীয় এক প্ৰশ্নৰ উত্তৰ দি বন আৰু পৰিৱেশ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী কীৰ্তি বৰ্ধন শৰ্মাই এইদৰে কয় ,’ ইক’-চেন্সিটিভ জ’নসমূহ নিষেধাজ্ঞামূলক নহয় , বৰং নিয়ন্ত্ৰণমূলক প্ৰবৃত্তিৰহে , জাননীত প্ৰয়োজন অনুসৰি এইসমূহ সুনিৰ্দিষ্ট কৰা হৈছে। ইক’-চেন্সিটিভ জ’নৰ ঘোষণাই তাৰ ভিতৰত বাস কৰা স্থানীয় সম্প্ৰদায়ৰ বৃত্তি বা জীৱিকাৰ ওপৰত কোনো নিষেধাজ্ঞা আৰোপ নকৰে, যেনে - কৃষি কাৰ্য , ঘৰ নিৰ্মাণ আদি ।‘


ইক’ ছেনজিটিভ জ’নৰ ঘোষণাৰ বাবে স্থানীয় লোকে ঘৰ- বাৰী এৰাৰ কোনো প্ৰয়োজন নাই ৷ কিন্তু ডাঙৰ নিৰ্মাণ , ব্যৱসায়িক প্ৰতিষ্ঠান আদিৰ ক্ষেত্ৰত কিছু অতিৰিক্ত অনুমতি লোৱাৰ প্ৰয়োজন আছে ৷ উচ্চতম ন্যায়ালয়ৰ ৰায় আৰু তাৰ সংশোধনীয়ে অন্তত: এটা দিশ বুজি পোৱাত সহায় কৰে যে ইক’ ছেনজিটিভ জ’নৰ পৰিসীমা ১ কিলোমিটাৰেই হ’ব লাগিব কোনো নিৰ্দিষ্ট নিয়ম নাই ৷ গতিকে অসম চৰকাৰে পৰিৱেশৰ সুৰক্ষা , পাৰিপাৰ্শ্বিক প্ৰভাৱ আৰু স্থানীয় লোকৰ জীৱন- জীৱিকাৰ প্ৰতি লক্ষ্য ৰাখি ইক’ ছেনজিটিভ জ’নৰ সীমা নিৰ্ধাৰণ কৰাৰ আইনী সুযোগ আছে ৷ এইক্ষেত্ৰত বিভ্ৰান্তিতকৈ বাস্তৱ আলোচনা আৰু বিতৰ্কৰহে প্ৰয়োজন।

মূল লিখনিঃ Diganta Saharia

সকলোলৈ দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা
15/08/2026

সকলোলৈ দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা

📌প্ৰায় ২৫ ফুট দীঘল গামোচা 📌গামোচাখনত আছে জুবিন গাৰ্গৰ ৯ টাকৈ গীত 📌মৰাণৰ শিপিনী ডালিমী লাহন গগৈয়ে বৈ উলিয়াইছে গামোচাখন...
10/08/2026

📌প্ৰায় ২৫ ফুট দীঘল গামোচা
📌গামোচাখনত আছে জুবিন গাৰ্গৰ ৯ টাকৈ গীত
📌মৰাণৰ শিপিনী ডালিমী লাহন গগৈয়ে বৈ উলিয়াইছে গামোচাখন


উজনিৰ বানাক্ৰান্তৰ কাষত থিয় হৈ গৰিমা শইকীয়া গাৰ্গৰ মন্তব্য
09/08/2026

উজনিৰ বানাক্ৰান্তৰ কাষত থিয় হৈ গৰিমা শইকীয়া গাৰ্গৰ মন্তব্য



06/08/2026

👉তিনিবাৰৰ সাংসদ, দুবাৰকৈ বিধায়ক হোৱা পিতৃতুল্য ব্যক্তি এজনক "আজমল বাবা" বুলি সম্বোধন
👉জাতীয়তাবাদী নেতা আকাশ শইকীয়াৰ এই লেকামহীন ভাষাক লৈ আপুনি কি কয়...


"গজনী" ছবিৰ জৰিয়তে দেশজুৰি সমাদৰ লাভ কৰা জনপ্ৰিয় অভিনেতা প্ৰদীপ সিং ৰাৱাট আৰু নাই।
05/08/2026

"গজনী" ছবিৰ জৰিয়তে দেশজুৰি সমাদৰ লাভ কৰা জনপ্ৰিয় অভিনেতা প্ৰদীপ সিং ৰাৱাট আৰু নাই।




04/08/2026

"অখিল গগৈয়ে বানত সাঁতুৰিলে, কিন্তু তেওঁ কাক উদ্ধাৰ কৰিলে? নিজে ফটো উঠিলে, ৰীল বনালে।" মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা





04/08/2026

বিধায়ক অখিল গগৈৰ ক্ষোভ





📌দ্বিতীয় বিবাহ কৰিবলৈ ভাবি থকাসকল সাৱধান!📌দ্বিতীয় বিৱাহ কৰি বিপদত আৰক্ষী কনিষ্টবল 📌চাকৰিৰ পৰা বৰ্খাস্ত কনিষ্টবল হাবিবুল...
03/08/2026

📌দ্বিতীয় বিবাহ কৰিবলৈ ভাবি থকাসকল সাৱধান!
📌দ্বিতীয় বিৱাহ কৰি বিপদত আৰক্ষী কনিষ্টবল
📌চাকৰিৰ পৰা বৰ্খাস্ত কনিষ্টবল হাবিবুল ইছলামক

Address

Chandmari
Guwahati
781003

Alerts

Be the first to know and let us send you an email when Assamese Information posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Assamese Information:

Shortcuts

Share