B TV

B TV Only for Truth News

07/09/2026
24/08/2026

BHASKAR BARMA SETU DHARNA

কুমাৰ ভাস্কৰ বৰ্মা সেতুত এইবাৰ অভিনব প্ৰতিবাদ

সুৰজীৎ ৰাজবংশী নামৰ এগৰাকী কলেজীয়া মেধাবী ছাত্ৰৰ সন্ধান নোহোৱাত ভৰলুৰ ভাস্কৰ বৰ্মা সেতুৰ পথৰ ওপৰত আৰম্ভ কৰিছে অনশন ।

দুমাহ পুৰ্বে দোভাগ নিশা ঘৰৰ পৰা সন্ধানহীন হৈছিল ।

ভৰলু আৰক্ষীয়ে প্ৰতিবাদকাৰী দুই পিতৃ মাতৃক সানুনয়ে অনশনৰ পৰা থানালৈ নিয়ে ।

সুৰেন ৰাজবংশীৰ অভিযোগ তিনিজনীয়া গেঙে সুৰজীতক কুমাৰ ভাস্কৰ বৰ্মা সেতুলৈ আনি হত্যা কৰিছিল ।

পুত্ৰৰ ন্যায় বিছাৰি ৰাজপথত হিয়া ঢাকুৰি কান্দিছে সুৰজীৎৰ মাতৃয়ে ।

18/08/2026

*Mobile phone broker seized is at jalukbari adil shah goli*

জালুকবাৰী আদিল শ্বাহ গলিত উদঘাত মোবাইল চোৰৰ ভয়ংকৰ বেহা।

সন্দেহ জনক লোকৰ বসতি স্থলীত পৰিণত হোৱা জালুকবাৰীৰ আদিল শ্বাহ গলিত চলা জালুকবাৰী আৰক্ষীৰ এক অভিযানৰ পম খেদি চুৰি মোবাইল সহ আটক হয় চক্ৰটোৰ এগৰাকী ব্যক্তি।

আপোনাৰ তথা মোৰ মোবাইল ফোন সমূহ চোৰে চুৰ কৰি আনি জমা দিয়ে ধৃত ব্যক্তি গৰাকীৰ তাত।

আৰু অতি কম মূল্যত ব্যক্তি গৰাকীয়ে ফোন সমূহ কিনি ৰাখে চোৰৰ পৰা।

তাৰ পিছত মোবাইলৰ পাৰ্ট সমূহ ভাগ ভাগকৈ বিক্ৰি কৰে মোবাইলৰ দোকানত।

বহু বছৰ ধৰি এই বেহা চলাই আছিল ধৃত ব্যক্তি গৰাকীয়ে।

চুৰি মোবাইলৰ বেহা চলাই থকা ব্যক্তি গৰাকীৰ নাম জেহেৰুল শ্বেখ।

ঘৰ পশ্চিংম বংগত বুলি জানিবলৈ দিয়ে।

জেহেৰুল শ্বেখে তেওঁৰ দ্বিতীয় পত্নীৰ লগত মিলি ভাতৰ হোটেল চলাই আছিল আৰু হোটেলৰ পৰাই চুৰি মোবাইলৰ ৰমৰমীয়া বেহা চলাই আছিল।

বৰ্তমান জেহেৰুল শ্বেখ জালুকবাৰী আৰক্ষীৰ জিম্মাত।

জেহেৰুল শ্বেখৰ হোটেলত আৰু ঘৰত ভালে সমূহ চুৰি ভঙা মোবাইলৰ জব্দ কৰা হয়।

লগতে খুচুৰা পইচাৰ দুটি টোপোলাও জব্দ কৰা হয়।

18/08/2026

Breking

পাণ্ডু মহাবিদ্যালয়ৰ ৰাসায়ন বিজ্ঞান বিভাগৰ অধ্যাপকৰ ৰহস্যজনক ভাবে মৃতদেহ উদ্ধাৰ ।।

শিক্ষক জনৰ নাম প্ৰাঞ্জল ভূঞা বুলি জানিব পৰা গৈছে।

পাণ্ডু মহাবিদ্যালয় Boy's Hostel Superintendent আছিল প্ৰাঞ্জল ভূঞা।।

তেওঁৰ চৰকাৰী আৱাসত চিপজৰী লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ কৰে আৰক্ষীয়ে।

প্ৰাঞ্জল ভূঞা
ৰাসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক হিচাপে কৰ্মৰত আছিল পাণ্ডু মহাবিদ্যালয়ত।

ঘটনা স্থলীত উপস্থিত জালুকবাৰী আৰক্ষীৰ দল।

Address

Guwahati
781014

Website

Alerts

Be the first to know and let us send you an email when B TV posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share