W7S News

W7S News W7S News is a North-East based News Agency leading by Some well-established lady reporter

26/09/2025

গুৱাহাটী প্ৰেছ ক্লাবত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি

সদা ব্যস্ত সাংবাদিকেও স্মৰণ কৰিলে প্রিয় শিল্পীক

যদি জুবিন গাৰ্গে ন্যায় নাপায় তেতিয়া ২০২৬ চনৰ নিৰ্বাচনত ৰাইজে উচিত প্ৰত্যুতৰ দিব-পদ্মনাভ বৰদলৈ

W7s news গুৱাহাটী: গুৱাহাটী প্ৰেছ ক্লাবত শুকুৰবাৰে মহানায়ক জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱা হয়। অসমৰ হিয়াৰ আমঠু শিল্পীজনৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন এই অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি সুষ্মিতা গোস্বামী, সাধাৰণ সম্পাদক সঞ্জয় ৰায়, যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ খুড়ায়েক মনোজ কুমাৰ বৰঠাকুৰ, শিল্পী পদ্মনাভ বৰদলৈ প্ৰমুখ্যে জ্যেষ্ঠ কনিষ্ঠ সাংবাদিক সকলে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনায়। সাংবাদিক হেমন্ত শর্মাই আঁতধৰা অনুষ্ঠানত গুৱাহাটী প্ৰেছ ক্লাবত সভাপতি আৰু সম্পাদকে একোখনকৈ জুবিন গাৰ্গৰ প্ৰতিচ্ছবি মনোজ কুমাৰ বৰঠাকুৰ আৰু পদ্মনাভ বৰদলৈক প্ৰদান কৰে। ভাষণত মনোজ কুমাৰ বৰঠাকুৰে অশ্ৰুসিক্ত নয়নেৰে কয়-জুবিন গাৰ্গ সৰ্বস্তৰৰ ৰাইজৰ অন্তৰত সুমাই গৈছে। আমি ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আমি সকলোৱে জুবিনক জীয়াই ৰাখিব লাগিব। তেওঁ জীৱনকালত যথেষ্ট কষ্ট কৰিছিল। তেওঁ কৰা সংগ্ৰাম মই নিজ চকুৰে প্ৰত্যক্ষ কৰিছিলোঁ।' ভাষণত শিল্পী পদ্মনাভ বৰদলৈয়ে কয়-আমি প্রিয় শিল্পী জুবিন গাৰ্গক হেৰুৱাই ম্ৰিয়মান। বিগত ৭ দিনে আমি খাব পৰা নাই, শুব পৰা নাই। আমি
যদি জুবিন গাৰ্গে ন্যায় নাপায় তেতিয়া ২০২৬ চনৰ নিৰ্বাচনত ৰাইজে উচিত প্ৰত্যুতৰ দিব। আমি জুবিন গাৰ্গৰ বাবে ন্যায় বিচৰাটো অত্যন্ত দুৰ্ভাগ্যজনক, লজ্জাজনক। তথাপিও মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক পুনৰ অনুৰোধ জনাইছোঁ যাতে আমাক সুবিধচাৰ দিয়ে। এইবাৰ আমি ৰাজনীতি বিচৰা নাই।'
অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক পুলিন সাহাই কয়-জুবিন গাৰ্গ এজন সহজ সৰল ব্যক্তি আছিল। এই সৎ ব্যক্তি জনৰ মৃত্যুৰ আমাক উচিত তদন্ত লাগিব।' এই অনুষ্ঠানত ক্লাবৰ উপ-সভাপতি অলকা বৰুৱা, সাংবাদিক পদ্মিনী হাজৰিকা, অনুপমা ডেকা, দৃষ্টিৰূপা বৰদলৈ প্ৰমুখ্যে উপস্থিত জ্যেষ্ঠ-কনিষ্ঠ সাংবাদিকসকলে সমবেত কণ্ঠত জুবিন গাৰ্গৰ 'মায়াবিনী ৰাতিৰ বুকুত' পৰিবেশন কৰি হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনায়। উল্লেখ‍্য, সদা ব্যস্ত সাংবাদিকেও হৃদয়ত প্রিয় শিল্পীৰ মৃত্যুৰ যন্ত্ৰণা লৈ ফুৰি নিজ কৰ্তব্যত নিয়োজিত হৈ থাকিব লগীয়া হৈছিল। তাৰমাজত একাংশই স্মৰণ কৰিলে প্রিয় শিল্পীজনক।

https://www.w7snews.com/2025/09/blog-post_19.html
19/09/2025

https://www.w7snews.com/2025/09/blog-post_19.html

W7s news গুৱাহাটী: বৃহস্পতিবাৰে গুৱাহাটীৰ ৰেডিচন ব্লুত অনুষ্ঠিত হৈ যায় উত্তৰ-পূব বেম্বু কনক্লেভ ২০২৫। এই অনুষ্ঠানত দ.....

https://www.w7snews.com/2025/09/blog-post_26.html
15/09/2025

https://www.w7snews.com/2025/09/blog-post_26.html

উত্তৰ পূৰ্বাঞ্চলৰ ৩০ টাৰো অধিক জনগোষ্ঠী-সম্প্ৰদায়ৰ ৭০ তথ্য চলচ্চিত্ৰৰ অংশগ্ৰহণ W7s news গুৱাহাটী ঃ সমাজৰ বিভিন্ন স্ত...

https://www.w7snews.com/2025/09/blog-post_14.html
14/09/2025

https://www.w7snews.com/2025/09/blog-post_14.html

W7s news গুৱাহাটী: উত্তৰ-পূৰ্বাঞ্চলৰ গৌৰৱৰ প্ৰতীক বি. বৰুৱা কলেজৰ শনিবাৰে ৮৩তম প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। ১৯৪৩ চনৰপৰা...

https://www.w7snews.com/2025/09/blog-post_90.html
13/09/2025

https://www.w7snews.com/2025/09/blog-post_90.html

W7s news গুৱাহাটী : তৰুণ প্ৰজন্মৰ জনপ্ৰিয় লেখিকা তাপশ্ৰী বৰুৱাৰ তৃতীয়খন ইংৰাজী ভাষাৰ গ্ৰন্থ 'উইথ লাভ ফ্ৰম আছাম''(With Love, From ...

https://www.w7snews.com/2025/09/blog-post_87.html
12/09/2025

https://www.w7snews.com/2025/09/blog-post_87.html

ভাৰতৰ দ্ৰুততম আৰু প্ৰথম হাইপাৰ স্পৰ্ট স্কুটাৰ • খণ্ডটোৰ সৰ্বোচ্চ এক্সেলেৰেচন: ৬.৩ ছেকেণ্ডত ০-৬০ কিলোমিটাৰ/ঘণ্টা .....

https://www.w7snews.com/2025/09/heureka.html
09/09/2025

https://www.w7snews.com/2025/09/heureka.html

অসমত শৈক্ষিক ক্ষেত্ৰ বৃদ্ধিৰ পৰিকল্পনাৰ সম্প্ৰসাৰণ W7s news গুৱাহাটী : দেশৰ আগশাৰীৰ প্ৰিস্কুল শৃংখল ইউৰোকিডছে হাৰ্ভ....

https://www.w7snews.com/2025/09/blog-post_42.html
09/09/2025

https://www.w7snews.com/2025/09/blog-post_42.html

W7s news গুৱাহাটীঃ গুৱাহাটীৰ ছাত্ৰীবাৰী দেৱপূজাস্হান সমিতিৰ কালিমন্দিৰৰ বাকৰিত ৫ ছেপ্তেম্বৰৰ পৰা ৭ ছেপ্তেম্বৰলৈ তি...

https://www.w7snews.com/2025/09/blog-post_9.html
09/09/2025

https://www.w7snews.com/2025/09/blog-post_9.html

W7s news গুৱাহাটী: পাৰ্কিনছন ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত ক্ৰমবৰ্ধমান উন্নতিৰ মাজত ডিপ ব্ৰেইন ষ্টিমুলেচন (ডিবিএছ) এতিয়াও .....

Address

Guwahati
Guwahati
781006

Alerts

Be the first to know and let us send you an email when W7S News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to W7S News:

Share