NationTalks24

NationTalks24 A digital news web portal from Northeast India both in Assamese and English.

গুলাব চান্দ কাটাৰিয়াই অসমৰ ৩১ সংখ্যক ৰাজপালৰ দায়িত্ব গ্ৰহন। শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়...
22/02/2023

গুলাব চান্দ কাটাৰিয়াই অসমৰ ৩১ সংখ্যক ৰাজপালৰ দায়িত্ব গ্ৰহন। শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সন্দীপ মেহতাই শপত বাক্য পাঠ কৰোৱাই।
ৰাজস্থানৰ প্ৰাক্তণ গৃহ মন্ত্ৰী আছিল কাটাৰিয়া ।

"২৬ জুলাইত শাহুৱেকক মাৰি তিনি টুকুৰা কৰি ২৭ জুলাইৰ পুৱা মেঘালয়ৰ চেৰাপুঞ্জীৰ এটা অঞ্চলত পেলোৱাৰ পিছত১৭ আগষ্টত স্বামীক মা...
21/02/2023

"২৬ জুলাইত শাহুৱেকক মাৰি তিনি টুকুৰা কৰি ২৭ জুলাইৰ পুৱা মেঘালয়ৰ চেৰাপুঞ্জীৰ এটা অঞ্চলত পেলোৱাৰ পিছত১৭ আগষ্টত স্বামীক মাৰি ৫ টুকুৰা কৰি ১৮ আগষ্টত মেঘালয়ৰ ডাউকিত পেলাই থৈ আহে।":আৰক্ষী আয়ুক্ত।

নৃশংস হত্যাকাণ্ড কাৰ্য কৰি বন্দনা কলিতাই যোৱা সাত মাহে অকলে অথবা বন্ধু আৰু পৰিয়ালৰ সৈতে মন্দিৰ, নামঘৰ, দুৰ্গাপূজা প্ৰতিযোগিতা আদিত অংশ লৈ আনন্দ কৰি ফুৰি আছিল। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত বন্দনাৰ কোনো অনুসূচনা নাই।

ইতিমধ্যে শাহুৱেক শংকৰী দে'ৰ মৃতদেহৰ কিছু অংগ উদ্ধাৰ হোৱাৰ পিছত আজি অভিযানৰ বাবে মেঘালয়লৈ লৈ যোৱা বন্দনা কলিতা হঠাৎ অসুস্থ হয় বুলি কোৱা হৈছিল ! সেই সময়ত বন্দনাৰ সহযোগী অৰূপ ডেকা আৰু ধনটী ডেকাৰ স্বীকাৰোক্তিৰ ভিত্তিত মেঘালয়ত আৰক্ষীৰ অভিযান চলাইছিল। ৭/৮ টা স্থান দেখুৱাই উদ্ধাৰ হয় দুটা টোপোলা। এই টোপোলা দুটা স্বামী অমৰ জ্যোতিৰ মৃতদেহৰ অংগ বুলি সন্দেহ কৰা হৈছে।




দেশৰ নতুন উপ ৰাষ্ট্ৰপতি হিচাবে নিৰ্বাচিত হৈছে জগদীপ ধনকড়। আজি হোৱা নিৰ্বাচনত মুঠ ভোটদান হয় ৭২৫টা ইয়াৰে ৭১০ টা ভোট বৈধ হয়...
06/08/2022

দেশৰ নতুন উপ ৰাষ্ট্ৰপতি হিচাবে নিৰ্বাচিত হৈছে জগদীপ ধনকড়। আজি হোৱা নিৰ্বাচনত মুঠ ভোটদান হয় ৭২৫টা ইয়াৰে ৭১০ টা ভোট বৈধ হয়। ধনকড়ে লাভ কৰে ৫২৮টা ভোট আৰু বিৰোধী প্ৰাৰ্থী মাৰ্গেৰেট আলভাই পাই ১৮২ টা ভোট। অহা ১১ আগষ্টত শপত লব নতুন উপ ৰাষ্ট্ৰপতি গৰাকীয়ে।

বাৰ্মিংহামত ইতিহাস ৰচিলে এগৰাকী অসমীয়াই৷ লনবলৰ দলীয় শাখাত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে জয়লাভ কৰি স্বৰ্ণজয় কৰিলে অসমকন্যা নয়...
02/08/2022

বাৰ্মিংহামত ইতিহাস ৰচিলে এগৰাকী অসমীয়াই৷ লনবলৰ দলীয় শাখাত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে জয়লাভ কৰি স্বৰ্ণজয় কৰিলে অসমকন্যা নয়নমণি শইকীয়াই৷

কমনৱেলথ গেমছত প্ৰথম স্বৰ্ণ জয়ী অসমীয়া সৰুপথাৰৰ নয়নমনি শইকীয়া।
কমনৱেলথ গেমছত লন বলত স্বৰ্ণ জয় ভাৰতীয় মহিলা দলৰ। দলৰ অন্যতম সদস্য অসমৰ নয়নমনি শইকীয়া।

কমনৱেল্‌থ গেম্‌ছৰ ইতিহাসত পদক বিজয়ী প্ৰথমগৰাকী অসমীয়া হিচাপে পৰিগণিত হ’ল অসমকন্যা নয়নমণি শইকীয়া ৷ আজি লনবলৰ দলীয় শাখাত দেশক প্ৰতিনিধিত্ব কৰি বাৰ্মিংহামত জিলিকি উঠিছে ধনশিৰিপৰীয়া নয়নমণি ৷

উল্লেখ্য যে নয়নমণি শইকীয়া নগাঁও চিকনিস্থিত অসম দ্বিতীয় বন সুৰক্ষা বাহিনীত কৰ্মৰত।

প্ৰাক্তন মন্ত্ৰী তথা বৰ্ষীয়ান ৰাজনীতিক অৰ্ধেন্দু কুমাৰ দে’ ৰ দেহাৱসান। যোৱা নিশা ১.৩০ বজাত চিকিৎসাধীন অৱস্থাত গুৱাহাটী চ...
27/07/2022

প্ৰাক্তন মন্ত্ৰী তথা বৰ্ষীয়ান ৰাজনীতিক অৰ্ধেন্দু কুমাৰ দে’ ৰ দেহাৱসান। যোৱা নিশা ১.৩০ বজাত চিকিৎসাধীন অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে । দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা বৰ্ষীয়ান ৰাজনীতিকগৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল ৮৪ বছৰ ।
আজি তেওঁৰ নশ্বৰ দেহ হোজাইলৈ লৈ যোৱা হ’ব । উল্লেখ যে ১৯৯১ চনৰ পৰা ২০২১ চনলৈ তেওঁ কংগ্ৰেছ দলৰ নেতা আছিল । ১৯৯১ চনৰ পৰা ২০০৬ চনলৈ সুদীৰ্ঘ সময় তেওঁ হোজাইৰ বিধায়ক আছিল । ২০১১ চনৰ পৰা ২০১৬ লৈ পুনৰ হোজাইৰ বিধায়ক নিৰ্বাচিত হৈছিল । তৰুণ গগৈ চৰকাৰৰ দিনত মন্ত্ৰী আছিল অৰ্ধেন্দু দে’ ।
২০২১ চনত অৰ্ধেন্দু দে’ই কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল । তেওঁৰ মৃত্যুত ৰাজ্যৰ ৰাজনীতিত শোকৰ ছাঁ পৰিছে ।

বিশিষ্ট সাহিত্যিক অতুলানন্দ গোস্বামীৰ দেহাৱসান। পুৱতি নিশা ৪.৪০ বজাত শেষ নিশ্বাস ত্যাগ। GMCHত চিকিৎসাধীন হৈ আছিল বিশিষ্ট...
27/07/2022

বিশিষ্ট সাহিত্যিক অতুলানন্দ গোস্বামীৰ দেহাৱসান। পুৱতি নিশা ৪.৪০ বজাত শেষ নিশ্বাস ত্যাগ। GMCHত চিকিৎসাধীন হৈ আছিল বিশিষ্ট সাহিত্যিকগৰাকী। ৮৭ ব‍ছৰ বয়সত শেষ নিশ্বাস ত্যাগ নামঘৰীয়া স্ৰষ্টাজনৰ।
অসমীয়া সাহিত্যত গল্পকাৰ, ঔপন্যাসিক, অনুবাদক হিচাপে পৰিচিত গোস্বামীদেৱৰ ‘হামদৈ পুলৰ জোন’, ‘চেনেহ জৰীৰ গাঁথি’‘ৰাজপাট’, ‘পলাতক’, ‘আশ্রয় আদি অপূৰ্ব সৃষ্টি।
চেনেহ জৰীৰ গাঁথি’ৰ বাবে ২০০৬ চনত ‘সাহিত্য অকাডেমী বঁটা’ লাভ কৰিছিল গোস্বামীদেৱে। ২০১৩ চনত লাভ কৰিছিল ‘অসম উপত্যকা সাহিত্য বঁটা’ ।
‘নামঘৰীয়া’ৰ বাবে অসম সাহিত্য সভাৰ অম্বিকাগিৰি ৰায়চৌধুৰী বঁটা , কুমাৰ কিশোৰ সোঁৱৰণী বঁটা , ‘বলিয়া হাতী’ৰ বাবে ১৯৯২ চনত ‘কথা’ বঁটা লাভ কৰিছিল গোস্বামীয়ে। গোস্বামীৰ দেহাৱসানত ৰাজ্যৰ সাহিত্য জগতত শোকৰ ছাঁ ।

ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল দ্ৰৌপদী মূৰ্মুবিজেপি নেতৃত্বাধীন এনডিএ মিত্ৰজোঁটৰ সমন্বিত প্ৰাৰ্থী দ্ৰৌপদী মূৰ্মুৱে কংগ্ৰেছ তথা...
21/07/2022

ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল দ্ৰৌপদী মূৰ্মু
বিজেপি নেতৃত্বাধীন এনডিএ মিত্ৰজোঁটৰ সমন্বিত প্ৰাৰ্থী দ্ৰৌপদী মূৰ্মুৱে কংগ্ৰেছ তথা সহযোগী বিৰোধী দলৰ প্ৰাৰ্থী যশোৱন্ত সিনহাক পৰাস্ত কৰি দেশৰ পঞ্চদশ ৰাষ্ট্ৰপতি হিচাবে নিৰ্বাচিত হয় । দ্ৰৌপদী মূৰ্মুৱে লাভ কৰা ভোটৰ সংখ্যা হৈছে ২১৬১, যাৰ মূল্য ৫,৭৭,৭৭৭ টা । আনহাতে, যশোৱন্ত সিনহাই লাভ কৰে ১০৫৮ সংখ্যক ভোট, যাৰ মূল্য হয় ২,৬২,০৬২ টা ।

নতুনকৈ দায়িত্ব দিয়া জিলা উপায়ুক্তসহ অন্যান্য বিষয়াসকলকাছাৰ জিলাৰ উপায়ুক্ত কীৰ্তি জলীক বদলি কামৰূপৰ নতুন উপায়ুক্তৰূপে বদল...
12/07/2022

নতুনকৈ দায়িত্ব দিয়া জিলা উপায়ুক্তসহ অন্যান্য বিষয়াসকল

কাছাৰ জিলাৰ উপায়ুক্ত কীৰ্তি জলীক বদলি
কামৰূপৰ নতুন উপায়ুক্তৰূপে বদলি কীৰ্তি জলীক
বৰপেটাৰ উপায়ুক্ত তেজ প্ৰসাদ ভূষালক বদলি
গৃহ বিভাগৰ অতিৰিক্ত সচিবৰ দায়িত্ব ভূষালক
গোৱালপাৰাৰ উপায়ুক্ত মীনাক্ষি দাস নাথক বদলি
সাংস্কৃতিক বিভাগৰ সঞ্চালকৰ দায়িত্ব মীনাক্ষি দাস নাথক
গোৱালপাৰাৰ নতুন উপায়ুক্ত হ’ব খনীন্দ্ৰ চৌধুৰী
নগাঁৱৰ উপায়ুক্ত এইচ এন গৌতমক বদলি
হাইলাকান্দিৰ উপায়ুক্তৰূপে বদলি এইচ এন গৌতমক
বাক্সাৰ উপায়ুক্ত আয়ুস গাৰ্গক বদলি
বৰপেটাৰ উপায়ুক্তৰূপে বদলি আয়ুস গাৰ্গক
চিৰাঙৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহক বদলি
নগাঁৱৰ উপায়ুক্তৰূপে বদলি নৰেন্দ্ৰ কুমাৰ শ্বাহক
চিৰাঙৰ নতুন উপায়ুক্ত হ’ব পি বিজয়া ভাস্কৰ ৰেড্ডী
বাক্সাৰ নতুন উপায়ুক্ত হ’ব এম এম পাৰ্টিন
হাইলাকান্দিৰ উপায়ুক্ত ৰোহন কুমাৰ ঝাক বদলি
কাছাৰৰ উপায়ুক্তৰূপে বদলি ৰোহন কুমাৰ ঝাক
ডঃ আশিস কুমাৰ ভূটানীক ARIASৰ প্ৰকল্প সঞ্চালক পদৰপৰা অব্যাহতি
IAS বিষয়া ভূটানীক ARIASৰ অধ্যক্ষ পদৰ অতিৰিক্ত দায়িত্ব
PHEৰ আয়ুক্ত সচিব আকাশ দীপক পাৰিপাৰ্শ্বিক-বন বিভাগলৈ বদলি
পাৰিপাৰ্শ্বিক-বন বিভাগৰ আয়ুক্ত সচিবৰূপে বদলি আকাশ দীপক
কৃষি, পাৰিপাৰ্শ্বিক-বনৰ আয়ুক্ত সচিব ডঃ ওম প্ৰকাশক বদলি
সৰ্বশিক্ষাৰ প্ৰকল্প সঞ্চালকৰূপে নিযুক্ত ডঃ ওম প্ৰকাশ
সৰ্বশিক্ষাৰ প্ৰকল্প সঞ্চালক ৰোশনী অপৰাঞ্জি ক’ৰাটিক বদলি
ৰোশনী অপৰাঞ্জি ক’ৰাটিক কৃষি বিভাগৰ সচিব নিযুক্তি
ৰোশনী ক’ৰাটিক ARIASৰ প্ৰকল্প সঞ্চালকৰ অতিৰিক্ত দায়িত্ব

আকৌ চলিল বুলড'জাৰ!বৈদুল্লা খান আৰু ছামছুল্লা খানৰ ঘৰত প্ৰশাসনৰ বুলড’জাৰ। ডিব্ৰুগড়ৰ বিনীত বাগাৰিয়াৰ আত্মহত্যাৰ গোচৰত অভ...
12/07/2022

আকৌ চলিল বুলড'জাৰ!
বৈদুল্লা খান আৰু ছামছুল্লা খানৰ ঘৰত প্ৰশাসনৰ বুলড’জাৰ। ডিব্ৰুগড়ৰ বিনীত বাগাৰিয়াৰ আত্মহত্যাৰ গোচৰত অভিযুক্ত আছিল বৈদুল্লা আৰু ছামছুল্লা। অনুমতি নোলোৱাকৈ অবৈধভাৱে নিৰ্মাণ কৰিছিল গৃহটো। ৮ জুলাইত জাননী দিছিল প্ৰশাসনে।


Dibrugarh district Administration demolished the residence of Baidulla Khan at Ghoramara. As per the notice dated 8th July, hanged by the district administration outside the said building, the two storey building was illegally constructed violating all the norms.

এইবাৰ ঈদত কোৰবানি নিষিদ্ধ ঘোষণাগৰু, উট আদিৰ কোৰবানি সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে ৰাজ্য চৰকাৰে জাৰি কৰিছে এই গুৰুত্বপূৰ্...
08/07/2022

এইবাৰ ঈদত কোৰবানি নিষিদ্ধ ঘোষণা
গৰু, উট আদিৰ কোৰবানি সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে
ৰাজ্য চৰকাৰে জাৰি কৰিছে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা
ইতিমধ্যে প্ৰতিখন জিলাৰ উপায়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰিছে চৰকাৰে

বিবাহপাশত আৱদ্ধ হ'ল পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান। চণ্ডীগড়স্থিত বাসগৃহত কইনা ডাঃ গুৰপ্ৰীত কৌৰৰ সৈতে বিবাহপাশত আৱদ্ধ হ...
07/07/2022

বিবাহপাশত আৱদ্ধ হ'ল পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান। চণ্ডীগড়স্থিত বাসগৃহত কইনা ডাঃ গুৰপ্ৰীত কৌৰৰ সৈতে বিবাহপাশত আৱদ্ধ হ'ল মুখ্যমন্ত্ৰীগৰাকী। উল্লেখ্য যে, ভগৱন্ত মানৰ হৈছে এয়া দ্বিতীয় বিবাহ। ২০১৫ত প্ৰথমা পত্নী ইন্দ্ৰপ্ৰীত কৌৰৰ সৈতে ভগৱন্ত মানৰ হৈছিল বিবাহ বিচ্ছেদ।

কৰ্ণাটকৰ সিনি সদানন্দ শেট্টীক মিছ ইণ্ডিয়া ২০২২ৰে খিতাপেৰে সন্মানিত কৰা হয় । ২১ বছৰীয়া বিউটি কুইনগৰাকীৰ জন্ম মুম্বাইত হ...
04/07/2022

কৰ্ণাটকৰ সিনি সদানন্দ শেট্টীক মিছ ইণ্ডিয়া ২০২২ৰে খিতাপেৰে সন্মানিত কৰা হয় । ২১ বছৰীয়া বিউটি কুইনগৰাকীৰ জন্ম মুম্বাইত হৈছিল আৰু তেওঁৰ একাউণ্টিং আৰু ফাইনেন্সত স্নাতক ডিগ্ৰী আছে । বৰ্তমানে তেওঁ চিএফএ নামৰ এটা বৃত্তিমূলক পাঠ্যক্ৰম কৰি আছে । সিনি এগৰাকী প্ৰশিক্ষিত ভাৰতনাট্যম নৃত্যশিল্পী ।
ফেমিনা মিছ ইণ্ডিয়াৰ প্ৰথম ৰানাৰ-আপ হয় ৰাজস্থানৰ ৰুবাল শ্বেখাৱত।
দ্বিতীয় ৰানাৰ আপৰ মুকুট লাভ কৰে উত্তৰ প্ৰদেশৰ জীয়ৰী শিনাতা চৌহানে।

Address

Sixmile
Guwahati
781037

Opening Hours

Monday 9am - 8pm
Tuesday 9am - 9pm
Wednesday 9am - 8pm
Thursday 9am - 9pm
Friday 9am - 8pm
Saturday 9am - 9pm
Sunday 9am - 7pm

Telephone

+917099672464

Alerts

Be the first to know and let us send you an email when NationTalks24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to NationTalks24:

Share