24/07/2026
🙏 শিমলুগুৰিৰ বানপীড়িত ৰাইজৰ বাবে কাতৰ অনুৰোধ 🙏
মানুহবোৰ জীয়াই আছে।কিন্তু মানুহৰ বাহিৰে বহুতৰে ঘৰ-দুৱাৰ, গৰু-গাই বুলিবলৈ একো নাই।পিন্ধা কাপোৰ কেইটাই আছে মাত্ৰ।
শিৱসাগৰ জিলাৰ শিমলুগুৰি অঞ্চলৰ বহু গাঁও - লোণপুৰীয়া ভুটৰবাৰী, ৰামুগাঁও, গুমোঠা, দৰিকিয়াল, মাউত গাঁওৰ বহু অঞ্চল এতিয়াও পানীত আবদ্ধ।
বানত সৰ্বস্ব হেৰুৱাই পেলোৱাসকলৰ চকুলো আমি মছিব নোৱাৰো।কিন্তু এই বিপদৰ সময়ত তেওঁলোকৰ কাষত এটা পৰিয়াল হিচাপে আমি সকলোৱে থিয় দিব পাৰোঁ। যিসকল বন্ধু, দাদা, শুভাকাংক্ষীয়ে অভিযানত নামি সাহস দিছে, তেওঁলোকক অন্তৰৰ পৰা অশেষ ধন্যবাদ।
এতিয়া আটাইতকৈ জৰুৰী:
খাদ্য | কাপোৰ | দৰৱ | আৰ্থিক সাহাৰ্য।
সামগ্ৰী জমা দিবলৈ যোগাযোগ:
📞 ফোন: 6000514550
📍 ঠিকনা: গুৱাহাটী
এই বিপদৰ সময়ত আমাক সহায় কৰা বাবে আপোনালোকৰ ওচৰত আমি চিৰদিন কৃতজ্ঞ হৈ ৰ’ম।
অনুগ্ৰহ কৰি সহায়ৰ হাত আগবঢ়াওক।
(বহু লোকে যোগাযোগ কৰি কাপোৰ, দৰৱ, প্ৰয়োজনীয় খাদ্য সামগ্ৰী দিবলৈ যোগাযোগ কৰিছে৷ তেওঁলোকৰ পৰা মই সংগ্ৰহ কৰি আছো৷ বহুকেইজন বন্ধু, দাদাই নিজে অভিযানত নামি পৰিছে৷তেওঁলোকক অশেষ ধন্যবাদ)
এই বাৰ্তাটো অধিক শ্বেয়াৰ কৰক 🙏
#শিৱসাগৰ #শিমলুগুৰি