PB Breaking News

PB Breaking News Official page of PB Breaking News.
24×7 Assamese News Page.

25/09/2025

অৱশেষত মুখ খুলিছে শ্যামকানু মহন্তই।
অজ্ঞাত স্থানৰ পৰা ফেচবুকযোগে জুবিন গাৰ্গৰ মৃত্যুক লৈ শ্যামকানুৱে দিলে স্পষ্টীকৰণ।

পঞ্চভূতত বিলীন হ'ল জুবিন গাৰ্গৰ নশ্বৰ দেহ.....
23/09/2025

পঞ্চভূতত বিলীন হ'ল জুবিন গাৰ্গৰ নশ্বৰ দেহ.....

চেঁচা চেঁচা আঙুলি এয়াতো নহয় তুমি গধূলি গোলাপ মোৰ শুই থকা জননী ...........আজিও শিশু মই গোৱা তুমি সেই গান এখুজি দুখুজি হাত...
21/09/2025

চেঁচা চেঁচা আঙুলি এয়াতো নহয় তুমি
গধূলি গোলাপ মোৰ শুই থকা জননী ...........

আজিও শিশু মই গোৱা তুমি সেই গান
এখুজি দুখুজি হাত ধৰি ধৰি
চকু মুদি চকু নেমেলিলা
নাচালা মোলে নিদিয়া সঁহাৰি।।

আজি মানুহেই প্রমাণ.......আপুনি যে ভগৱান.......
21/09/2025

আজি মানুহেই প্রমাণ.......আপুনি যে ভগৱান.......

▶️ছিংগাপুৰত জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাসম্পন্ন।▶️জুবিন গাৰ্গৰ সহযোগী শ্বেখৰ গোস্বামী, সন্দীপন গাৰ্গ আৰু মেনেজাৰ সিদ্ধা...
20/09/2025

▶️ছিংগাপুৰত জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা
সম্পন্ন।
▶️জুবিন গাৰ্গৰ সহযোগী শ্বেখৰ গোস্বামী, সন্দীপন গাৰ্গ আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক গতাই দিয়া হয় জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ।
▶️ভাৰতীয় দূতাবাসৰ বিষয়াসকলৰ উপস্থিতিত গতাই দিয়া হয় জুবিনৰ নশ্বৰ দেহ।

19/09/2025

ছিংগাপুৰত জুবিন গাৰ্গে গোৱা অন্তিমটো গীত

🟥সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীত দেশৰ সকলো ৰাজ্যৰে প্ৰায়বোৰ কাকতত স্থানীয় ভাষাত প্ৰকাশ হৈছে প্ৰধানমন্ত্ৰী নৰ...
08/09/2025

🟥সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীত দেশৰ সকলো ৰাজ্যৰে প্ৰায়বোৰ কাকতত স্থানীয় ভাষাত প্ৰকাশ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটা বিশেষ লেখা।
🟥সম্পূৰ্ণ লেখাটো পঢ়ক.........


ভূপেন দালৈ শ্রদ্ধাঞ্জলি
✍️নৰেন্দ্ৰ মোদী

আজি ৮ ছেপ্টেম্বৰৰ দিনটো, ভাৰতীয় সংস্কৃতি আৰু সংগীতৰ প্ৰতি অনুৰাগী প্ৰতিগৰাকী ব্যক্তিৰ বাবে এক অতি বিশেষ দিন। বিশেষকৈ, অসমৰ মোৰ ভাই-ভনীসকলৰ বাবে এই দিনটো আৰু অধিক গুৰুত্বপূৰ্ণ। কাৰণ, ভাৰতৰ অন্যতম অসাধাৰণ কণ্ঠ ড° ভূপেন হাজৰিকাৰ আজি জন্মবার্ষিকী। আপোনালোক সকলোৱে জানে যে চলিত বৰ্ষতে তেওঁৰ জন্ম শতবার্ষিকী উদ্যাপনৰ শুভাৰম্ভণি হৈছে। এয়া ভাৰতীয় কলাত্মক প্রকাশ আৰু জন সচেতনতাৰ প্ৰতি তেওঁৰ অসাধাৰণ অৱদানক স্মৰণ কৰাৰ এক সুযোগ।

ভূপেন দাই আমাক যি দিলে, সেয়া সংগীততকৈ অধিক সূদূৰপ্ৰসাৰী। তেওঁ ৰচনাৰাজিত কেবল সুৰকে নহয়, আবেগকো মূৰ্ত কৰি তুলিছিল। কেবল এক কণ্ঠতকৈ তেওঁ আছিল ৰাইজৰ হৃদস্পন্দন। কেইবাটাও প্রজন্ম তেওঁৰ গীত শুনি ডাঙৰ হৈছে, যাৰ গীতৰ প্ৰতিটো শব্দতে মমতা, সামাজিক ন্যায়, ঐক্য আৰু গভীৰ শিপা নিহিত হৈ আছে।

অসমৰ পৰা এনে এক কণ্ঠৰ আবিৰ্ভাৱ হৈছিল, যাৰ কণ্ঠস্বৰ ভৌগোলিক সীমা আৰু সংস্কৃতি অতিক্রমী, মানৱতাৰ আত্মাক লগত লৈ কালজয়ী বোঁৱতী নদীৰ দৰেই বৈ গৈছিল। ভূপেন দাই সমগ্র বিশ্ব ভ্ৰমণ কৰিছিল, সমাজৰ সকলো শ্ৰেণীৰ দিগ্ধজক লগ পাইছিল, তথাপি তেওঁ অসমৰ শিপাৰ প্ৰতি গভীৰভাৱে আকৃষ্ট হৈ আছিল। অসমৰ চহকী মৌখিক পৰম্পৰা, লোকগীত আৰু সমুদায়ৰ কাহিনী কোৱাৰ প্ৰথাই তেওঁৰ শৈশৱক গভীৰভাবে গঢ় দিছিল। এই অভিজ্ঞতাই তেওঁৰ কলাত্মক শব্দ ভাণ্ডাৰৰ আধাৰ গঢ়ি তুলিছিল। তেওঁ সদায় নিজৰ লগত অসমৰ খিলঞ্জীয়া পৰিচয় আৰু জনসাধাৰণৰ নীতি-নিয়মক কঢ়িয়াই লৈ ফুৰিছিল।

ভূপেন দাৰ প্ৰতিভা অতি কম বয়সতে স্পষ্ট হৈ পৰিছিল। মাত্র পাঁচ বছৰ বয়সতে ৰাজহুৱা অনুষ্ঠানত গীত গাই পলকতে অসমীয়া সাহিত্যৰ ৰূপকাৰ লক্ষ্মীনাথ বেজবৰুৱাৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছিল। কৈশোৰ কালতে তেওঁ প্রথমটো গীত বাণীবদ্ধ কৰিছিল। কিন্তু সংগীত তেওঁৰ ব্যক্তিত্বৰ এটা অংশহে আছিল। ভূপেন দা আছিল অন্তৰত এজন বুদ্ধিজীবী... কৌতূহলী, স্পষ্টবাদী আৰু পৃথিৱীখনক বুজি পোৱাৰ এক অতৃপ্ত হেঁপাহৰ দ্বাৰা পৰিচালিত ব্যক্তি। জ্যোতিপ্রসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ দৰে সাংস্কৃতিক কিংবদন্তিয়ে তেওঁৰ মনত গভীৰ ছাপ পেলোৱাৰ লগতে অনুসন্ধিৎসু মনোভাব গাঢ় কৰি তুলিছিল।

শিকাৰ এই আগ্ৰহৰ বাবে তেওঁ কটন কলেজ, বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত পাৰদৰ্শিতা দেখুওৱাই নহয়, এই উদ্যমে তেওঁক আমেৰিকালৈ লৈ গৈছিল, য'ত তেওঁ সেই সময়ৰ আগশাৰীৰ শিক্ষাবিদ, চিন্তাবিদ আৰু সংগীতজ্ঞসকলৰ সৈতে মত বিনিময় কৰিছিল। তেওঁ মহান শিল্পী তথা নাগৰিক অধিকাৰৰ নেতা পল ৰবছনক লগ পাইছিল। ৰবছনৰ গীত 'অল মেন ৰিভাৰ' ভূপেন দাৰ বহুল সমাদৃত 'বিস্তীর্ণ পাৰৰে' গীতটিৰ সৃষ্টিত প্ৰেৰণা হৈ পৰিছিল। আমেৰিকাৰ প্ৰাক্তন ফার্স্ট লেডী এলিন'ৰ ৰুছভেল্টে ভাৰতীয় লোকসংগীত পৰিৱেশনৰ বাবে তেওঁক সোণৰ পদক প্রদান কৰিছিল।

ভূপেন দাই আমেৰিকাত থকাৰ সুযোগ পাইছিল যদিও ভাৰতলৈ উভতি আহি সংগীতৰ মাজত নিজকে বিলীন কৰি দিছিল। ৰেডিঅ'ৰ পৰা থিয়েটাৰ, চলচ্চিত্ৰৰ পৰা শিক্ষামূলক তথ্যচিত্রলৈকে এই সকলো মাধ্যমতে তেওঁ পাকৈত আছিল। তেওঁ যি ঠাইলৈকে গৈছিল, তাতেই যুৱ প্রতিভাক উৎসাহিত কৰাত গুৰুত্ব দিছিল। তেওঁৰ ৰচনাসমূহ গীতিময় হোৱাৰ লগতে তাত সামাজিক বার্তাও আছিল, যিয়ে দুখীয়াৰ ন্যায়, গ্রামোন্নয়ন, সাধাৰণ নাগৰিকৰ ক্ষমতা ইত্যাদি বিষয় সামৰি লৈছিল। সংগীতৰ জৰিয়তে তেওঁ নাৱৰীয়া, চাহ বাগিচাৰ শ্রমিক, মহিলা, কৃষক আদিৰ আকাংক্ষাক ফুটাই তুলিছিল। পুৰণি স্মৃতি সতেজ কৰাৰ লগতে ভূপেন দাৰ ৰচনাসমূহ আধুনিকতাক চোৱাৰ এক শক্তিশালী মাধ্যম হৈ পৰিছিল। বিশেষকৈ সামাজিকভাৱে পিছপৰা শ্ৰেণীৰ বহু লোকে তেওঁৰ সংগীতৰ পৰা শক্তি লাভ কৰাৰ লগতে আশাৰ ৰেঙনি দেখিছিল।

ভূপেন হাজৰিকাৰ জীবন যাত্ৰাত 'এক ভাৰত, শ্রেষ্ঠ ভাৰত'ৰ মনোভাবৰ এক শক্তিশালী দিশ পৰিস্ফুট হৈছিল। তেওঁৰ ৰচনাসমূহে ভাষিক আৰু আঞ্চলিক সীমা অতিক্ৰম কৰি সমগ্ৰ দেশৰ মানুহক একত্রিত কৰিছিল। তেওঁ অসমীয়া, বাংলা আৰু হিন্দী ভাষাৰ ছবিৰ বাবে সংগীত ৰচনা কৰিছিল। তেওঁ অসমক ভাৰতৰ বাকী অংশৰ বাবে দৃশ্যমান আৰু ইয়াৰ কণ্ঠ শুনিবলৈ যোগ্য কৰি তুলিছিল। ৰাজ্যবাসী আৰু সমগ্র বিশ্বতে সিঁচৰতি হৈ থকা অসমীয়া উভয়ৰে বাবে আধুনিক অসমৰ সাংস্কৃতিক পৰিচয় গঢ় দিয়াত তেওঁ অৰিহণা যোগাইছিল বুলি ক'লেও অত্যুক্তি কৰা নহ'ব।
ভূপেন দা এজন ৰাজনৈতিক ব্যক্তি নাছিল যদিও, জনসেৱাৰ জগতখনৰ সৈতে সংযুক্ত হৈ থাকিল। ১৯৬৭ চনত তেওঁ অসমৰ নাওবৈচা সমষ্টিৰ পৰা নিৰ্দলীয় বিধায়ক হিচাপে নির্বাচিত হোৱাত তেওঁৰ ৰাজহুৱা ব্যক্তিত্ব জনসাধাৰণৰ আস্থাত কিমান গভীৰভাৱে শিপাই আছিল সেয়া স্পষ্ট হৈ পৰিছিল। যদিও তেওঁ কেতিয়াও পেছাদাৰী ৰাজনীতিবিদ নাছিল, তথাপিও আনৰ সেৱাৰ প্ৰতি তেওঁৰ আৱেগ অত্যন্ত প্রভাৱশালী আছিল।

ভাৰতৰ জনসাধাৰণ আৰু চৰকাৰে বিগত বছৰবোৰত তেওঁৰ অপৰিসীম অৱদানক স্বীকৃতি দি আহিছে। পদ্মশ্রী, পদ্মভূষণ, পদ্মবিভূষণ, দাদা চাহেব ফাল্কে বঁটাকে ধৰি কেইবাটাও বঁটাৰে তেওঁক সন্মানিত কৰা হয়। ২০১৯ চনত আমাৰ কাৰ্যকালত তেওঁক ভাৰতৰত্ন সন্মান প্ৰদান কৰাটো মোৰ ব্যক্তিগতভাৱে তথা এন ডি এ চৰকাৰৰ বাবেও এক সন্মানৰ কথা আছিল। সমগ্র বিশ্বৰ মানুহে, বিশেষকৈ অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলে তেওঁক প্রদান কৰা এই সম্মানত আনন্দিত হৈছিল। এই সম্মানে ভূপেন দাই হৃদয়ৰ নিভৃত কোণত ৰখা নীতিক উদ্যাপন কৰিছিল, যিটো হৈছে সংগীতে সত্যৰ ওপৰত ভিত্তি কৰি সকলো বাধা অতিক্রম কৰিব পাৰে। কিয়নো এটা গীতে এটা জনগোষ্ঠীৰ সপোনৰ ওজন বহন কৰিব পাৰে আৰু সমগ্র বিশ্বৰে হৃদয় স্পর্শ কৰিব পাৰে।

২০১১ চনত ভূপেন দাৰ মৃত্যুৰ সময়ৰ স্মৃতি মোৰ মনত আছে। টেলিভিছনত দেখিছিলোঁ তেওঁৰ অন্ত্যেষ্টিক্রিয়াত কেনেদৰে লাখ লাখ জনতাই অংশ লৈছিল। সেই সময়ত প্ৰতিগৰাকী ব্যক্তিৰ চকু সেমেকি উঠিছিল। মৃত্যুৰ সময়তো তেওঁৰ বৰ্ণিল জীৱনৰ দৰেই সমগ্র জনতাক একত্ৰিত কৰিছিল। ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ জালুকবাৰীৰ পাহাৰৰ দাঁতিত তেওঁক সৎকাৰ কৰাটো উপযুক্ত স্থান হিচাপে বিবেচিত হৈছে, কিয়নো এই নদীখন তেওঁৰ সংগীত, উপমা আৰু স্মৃতিৰ জীৱনৰেখা আছিল। যুৱক-যুৱতীসকলৰ মাজত তেওঁৰ জীৱন যাত্ৰাক জনপ্ৰিয় কৰি তোলাৰ বাবে কাম কৰা ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ কাম-কাজত অসম চৰকাৰে সহযোগিতা আগবঢ়োৱাটো আনন্দৰ কথা।

ভূপেন হাজৰিকাৰ জীৱনে আমাক সহানুভূতিৰ শক্তি, জনতাৰ কণ্ঠ শুনাৰ শক্তি আৰু আমাক আমাৰ শিপাৰ লগত সংযুক্ত হৈ থকাৰ শক্তিৰ বিষয়ে শিকাইছে। তেওঁৰ গীতবোৰ আজিও শিশুৰ পৰা বৃদ্ধলৈ সকলোৱেই গাই আহিছে। তেওঁৰ সংগীতে আমাক দয়ালু আৰু সাহসী হ'বলৈ শিকাইছে। এই গীতবোৰে আমাক আমাৰ নদী, আমাৰ শ্রমিক, আমাৰ চাহ বাগিচা, আমাৰ নাৰী শক্তি আৰু আমাৰ যুৱ শক্তিক স্মৰণ কৰিবলৈ অনুপ্রাণিত কৰে। এই গীতবোৰে আমাক বৈচিত্র্যতাৰ মাজত ঐক্যত বিশ্বাস কৰিবলৈ উৎসাহিত কৰে।

ভূপেন হাজৰিকাক লৈ ধন্য ভাৰত। আহক, তেওঁৰ জন্ম শতবর্ষ আৰম্ভ হোৱাৰ এই শুভক্ষণত তেওঁৰ বাৰ্তা দূৰ-দূৰণিলৈ প্ৰচাৰ-প্ৰসাৰৰ সংকল্প পুনৰ দৃঢ় কৰোঁ। এই সংকল্পই লগতে আমাক সংগীত, শিল্প আৰু সংস্কৃতিৰ প্ৰসাৰৰ বাবে যুৱ প্ৰতিভাক উৎসাহিত কৰাৰ লগতে ভাৰতক সৃষ্টিশীলতা আৰু শিল্পকলাৰ উৎকৰ্ষতাৰ আখৰা থলী হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈও অনুপ্রাণিত কৰিব বুলি আশা কৰিলোঁ।

ভাৰতৰ অন্যতম উল্লেখযোগ্য আন্তঃগাঁথনি প্রকল্প ধলা-শদিয়া সংযোগী দলংখনে ভূপেন হাজৰিকাৰ নাম বহন কৰাটো অতি উপযুক্ত হৈছে। তেওঁৰ গীতসমূহে যিদৰে অঞ্চলসমূহৰ হৃদয়ক সংযোগ কৰে, এই দলংখনে ভূমি আৰু মানুহক সংযোগ কৰে।

⏺️অৱশেষত আদালতত জামিন পালে অভিনেত্ৰী নন্দিনী কাশ্যপে⏺️হিট এণ্ড ৰানৰ গোচৰত নন্দিনী কাশ্যপৰ জামিন লাভ⏺️নন্দিনী কাশ্যপৰ বাহ...
08/09/2025

⏺️অৱশেষত আদালতত জামিন পালে অভিনেত্ৰী নন্দিনী কাশ্যপে
⏺️হিট এণ্ড ৰানৰ গোচৰত নন্দিনী কাশ্যপৰ জামিন লাভ
⏺️নন্দিনী কাশ্যপৰ বাহনৰ খুন্দাত নিহত হৈছিল ছামিউল হক নামৰ এজন যুৱকৰ

🔴বিজেপিত ১০ বছৰ সম্পূৰ্ণ হিমন্ত বিশ্ব শৰ্মাৰ📦কংগ্ৰেছত ৰাজনৈতিক জীৱনৰ ২২ বছৰীয়া যাত্ৰাৰ অন্ত পেলাই ২০১৫ চনৰ ২৩ আগষ্টত গেৰ...
23/08/2025

🔴বিজেপিত ১০ বছৰ সম্পূৰ্ণ হিমন্ত বিশ্ব শৰ্মাৰ

📦কংগ্ৰেছত ৰাজনৈতিক জীৱনৰ ২২ বছৰীয়া যাত্ৰাৰ অন্ত পেলাই ২০১৫ চনৰ ২৩ আগষ্টত গেৰুৱা বসন পিন্ধি ভাৰতীয় জনতা পাৰ্টীত আনুষ্ঠানিকভাৱে যোগদান কৰিছিল হিমন্ত বিশ্ব শৰ্মাই
📦২০২১ চনৰ ১০ মে’ত ৰাজ্যৰ ১৫ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত লৈছিল হিমন্ত বিশ্ব শৰ্মাই।
📦বৰ্তমান সমগ্ৰ দেশতেই হিমন্ত বিশ্ব শৰ্মা এক শক্তিশালী কণ্ঠ
📦শিশুৰ পৰা বৃদ্ধলৈ সকলোৰে মাজত মামা হিচাপে অতি জনপ্ৰিয় হিমন্ত বিশ্ব শৰ্মা

🟥জি এম চি এইচৰ আন্দোলনকাৰী নাৰ্ছক মুখ্যমন্ত্ৰীৰ কঠোৰ সমালোচনা🟥সতীৰ্থৰ বেদনা ডাঙৰ নে মাতৃত্বৰ বেদনা ডাঙৰ?
22/08/2025

🟥জি এম চি এইচৰ আন্দোলনকাৰী নাৰ্ছক মুখ্যমন্ত্ৰীৰ কঠোৰ সমালোচনা
🟥সতীৰ্থৰ বেদনা ডাঙৰ নে মাতৃত্বৰ বেদনা ডাঙৰ?

16/11/2024

🟥পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীৰ কণমানি শিক্ষাৰ্থীসকলৰ দ্বাৰা গুৰুজনাৰ গুণানুকীৰ্তনৰ নাম পৰিৱেশন।
🟥সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শ্বেয়াৰ কৰিছে এই ভিডিঅ'।

🔳ৰাজ্যৰ উচ্চ শিক্ষিত নিবনুৱাক চৰকাৰৰ উপহাস।🔳ডিগ্রীসহ ইউ জি চিৰ অৰ্হতা থকা এগৰাকী ইংৰাজীৰ অধ্যাপকৰ চাকৰিৰ দৰমহা মাত্ৰ ৫ হ...
16/11/2024

🔳ৰাজ্যৰ উচ্চ শিক্ষিত নিবনুৱাক চৰকাৰৰ উপহাস।
🔳ডিগ্রীসহ ইউ জি চিৰ অৰ্হতা থকা এগৰাকী ইংৰাজীৰ অধ্যাপকৰ চাকৰিৰ দৰমহা মাত্ৰ ৫ হাজাৰ টকা।
🔳শেহতীয়াকৈ চৰকাৰে প্ৰকাশ কৰা এটা বিজ্ঞাপনক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি।

Address

Guwahati

Alerts

Be the first to know and let us send you an email when PB Breaking News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to PB Breaking News:

Share