
13/04/2025
Prayuktam Publication and Media ৰ অন্তৰ্গত " সাপ্তাহিক নৱবাৰ্তা" ৰ ১০ বছৰ আৰু Digital Media ৰ অন্তৰ্গত News Front 24 ৰ এবছৰ সম্পূৰ্ণ হোৱা তথা হেপাঁহৰ ৰঙালীক আদৰাৰ বাবে গুৱাহাটীৰ শিল্পগ্ৰামত আজি দিনজোৰা কাৰ্য্যসূচীৰে এক সুন্দৰ অনুস্থানৰ আয়োজন হৈ যায় । আজিৰ অনুষ্ঠানটোৰ বন্তি প্ৰজল্বনৰে শুভাৰম্ভ কৰে Prayuktam Publication and Media ৰ CMD ৰশ্মিতা গগৈ উজীৰে । আৰম্ভনি ভাষন প্ৰদান কৰে CEO দীপক সিনহাই । এটি বিহু হুঁছৰি দলেৰে সকলো অতিথিক আদৰণি জনোৱা হয় । মূখ্য অতিথি হিছাপে উপস্থিত থাকে NEIDC ৰ Chair person শৈলেন্দ্ৰ প্ৰতাপ সিং ডাঙৰীয়া,বিশিষ্ট অতিথি হিছাপে অসম গণ পৰিষদৰ উপ-সভাপতি অপূৰ্ব ভটাচাৰ্য্য ডাঙৰীয়া,ভাৰতীয় জনতা পাৰ্টীৰ জিতু তালুকদাৰ ডাঙৰীয়া,বিশিষ্ট সংগীত পৰিচালক আলাপ দুদুল শইকীয়া,লোক সংস্কৃতিৰ সাধক বিজু দাস,North East Transport Association ৰ সভাপতি হৰপ্ৰীত সিং,অসম উন্নয়ন পৰিষদৰ সভাপতি মৌচুম কুমাৰ উজীৰ,Deori People Justice Forum ৰ সভাপতি সণ্ডীৱ দেউৰী,সমাজকৰ্মী জিন্তু ডেকা ৰ লগতে বহুতো বিশিষ্ট ব্যক্তি উপস্থিত আছিল । সকলোকে অশেষ ধন্যবাদ ।